সাধনা
কেলেই? মতা মানুহৰ কি ঠিক আছে, এফালে ওলাই গলে ঘৰলৈ আহিবলৈ জানো মনত থাকে। আহক যেতিয়াই আহে। আহে যদি যাবা, নাহে যদি ইয়াতে থাকিবা। মোৰ ঘৰক তোমাৰ নিজৰ বুলিয়েই ভাবিবাচোন।”
ৰম্ভাই ভালকৈ একোকে বুজিব নোৱাৰিলে। মনতে নানা প্ৰশ্ন আৰু উত্তৰ কৰি আব্দুলৰ আগমনলৈ অপেক্ষা কৰি থাকিল। লাহে লাহে সন্ধ্যা হৈ আহিল, কিন্তু আব্দুলৰ প্ৰত্যাবৰ্ত্তনৰ কোনো আশা দেখা নগ’ল। ৰম্ভা কিছু অধীৰ হৈ তেওঁক ঘৰলৈ পঠিয়াই দিবৰ নিমিত্তে মানুহজনীক ক'লে। মানুহজনীয়ে ক'লে—“তুমি ইমান বিতত হৈছা কেলেই। আব্দুল আৰু নাহে, তুমি যি ঘৰত আছিল। সি এতিয়া শুদা। ইয়াতে থকাৰ বাহিৰে আৰু তোমাৰ আন উপায় নাই।”
ৰম্ভা কঁপি উঠিল, কিন্তু কি কৰিব ক’ব নোৱাৰিলে। ৰম্ভাই মনে মনে ভাবিছিল তেওঁ আব্দুলক প্ৰৱঞ্চনা কৰাত কৃতকাৰ্য্য হৈছে, কিন্তু এতিয়া তেওঁৰ ভুল বুজিব পাৰিলে। আচলতে আব্দুলে তেওঁৰ সকলো কথাকেই জানে, তথাপি ৰম্ভাক হাত কৰিবৰ মনেৰে নজনাৰ ভাও জুৰিছিল। ৰম্ভাৰ প্ৰতি আব্দুলৰ আগৰ অনুৰাগ মুঠেই নাছিল, মাত্ৰ তেওঁৰ ধনখিনি উদ্ধাৰ কৰাৰ আশাতহে ৰম্ভাক তেনেকৈ বুজিবলৈ দিছিল। এতিয়া ৰম্ভাক সেই ঘৰতে এৰি মাল-বস্তু সোপাকে লৈ তেওঁ তাৰ পৰা উঠি গ'ল।
মানুহজনীয়ে ক'লে,—“আইটি, তুমি বেজাৰ কৰি নাথাকিবা। নিৰাশ্ৰয়া তিৰোতাক আশ্ৰয় দিবৰ নিমিত্তেই মোৰ এই ঘৰ। তুমি ইয়াতে মহাসুখেৰে থাকিব পাৰিবা। তোমাৰ দৰে কত জনীয়ে আপুনি আহি ইয়াত আশ্ৰয় লৈছে!”
ৰম্ভাই সন্দিগ্ধচিত্তেৰে প্ৰশ্ন কৰিলে—“সিহঁতে ইয়াত কি কৰে?”
-৩৭৪-