পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োদশ অধ্যায়

প্ৰভাৰ শিক্ষয়িত্ৰী-জীৱন

 প্ৰভাৱতী যিটো ঘৰত আছিল, এতিয়াও তাত আছে, মাত্ৰ তাৰ কেৰেয়া স্কুলৰ ভঁৰালৰ পৰা দিয়াৰ ঠিক হৈছে। ওচৰতে এডোখৰ চৰকাৰী মাটিত স্কুল ঘৰ সাজিবৰ নিমিত্তে জিলাৰ বৰ চাহাবৰ অনুমতিও পোৱা হৈছে; কিন্তু সেই কাম হৈ উঠিবলৈ এতিয়াও পলম আছে। এতিয়া অস্থায়ীভাবে ‘থিয়েটাৰ হলতে’ স্কুল পতা হৈছে, ছাত্ৰীও দিনক দিনে দুই এজনীকৈ বাঢ়ি আহিছে। প্ৰভাৱতীয়ে স্কুল ছুটীৰ পিচত মাজে মাজে ইঘৰ সিঘৰকৈ ফুৰি নানা প্ৰকাৰ বুজনি দি ছোৱালী সংগ্ৰহ কৰাত লাগিছে। মুঠতে ছাত্ৰী সংখ্যালৈ চাই স্কুলৰ ভৱিষ্যত আশাপ্ৰদ।

 বিদ্যালয়-স্থাপন স্থিৰ হোৱাৰ পিচ দিনাই ৰম্ভাৱতী লক্ষ্মীকান্তৰে সৈতে প্ৰভাৱতীৰ ঘৰলৈ গৈছিল। প্ৰভাৱতীয়ে ৰম্ভাৰ নাম আৰু শিক্ষাৰ কথা শুনিছিল মাত্ৰ, তাতকৈ বেচি একো নাজানিছিল; সেই কাৰণে এজনী সমবয়স্কা শিক্ষিতা সঙ্গিনী পাই বৰ আনন্দ পালে আৰু দুয়ো সখী বন্ধাবলৈকো বেচি পৰ নালাগিল। দুয়ো দুয়োৰে সাজ-পাৰ, ঘৰ-দুৱাৰ, শিক্ষা-দীক্ষা আদিৰ বিষয়ে কিমান প্ৰশ্ন কৰিলে তাৰ লেখ দিবলৈ মনত ৰখাই অসম্ভৱ। ৰম্ভাই প্ৰভাৰ ঘৰ-দুৱাৰ কাপোৰ-কানি চাই কি কি ছবি আঁৰিলে ঘৰটো শুৱনি হ’ব, কেনেকুৱা সাজ-পাৰ পিন্ধিলে মানুহে দেখি প্ৰশংসা কৰিব ইত্যাদি বিষয়ে প্ৰভাক বহুত উপদেশ দিলে; ঘাইকৈ দুয়ো গোট খাই এখন ‘ফটো’ তোলালে কেনে বঢ়িয়া হ’ব, সেই কথা বাৰে বাৰে ক’বলৈ পাহৰা নাছিল।

— ৮৭ —