পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গােপন পৰামর্শ এই বিষয়ে বিচাৰ হ'লে তেওঁৰ লগুৱাৰ হতুৱাই যেনেকৈ লাগে তেনেকৈ সাক্ষী দিয়াবলৈ গাত লৈছে। সৰ্ব্বাতেনেহলে ভাল কথাই। আৰু এটা কথা,লক্ষ্মীকান্তক হাতত লব নােৱাৰি নে? তাক যদি কোৱা যায় যে সি আমাৰ শিকনিমতে কাম কৰিলে তাৰ বিৰুদ্ধে ওলােৱা কথা এৰি দিয়া যাব, আৰু শিক্ষয়িত্ৰীৰে সৈতে চেক্রেটাৰীৰ দোষ সাব্যস্ত হলে তাৰ ভনীয়েককে কামটো দিয়া যাব, তেতিয়া নিশ্চয় সি আমাৰ কথা শুনিব। | কমল—ঠিক ধৰিছা, তাৰ পৰা বহুতাে কাম হ'ব পাৰে। এতিয়া আমি সিহঁতৰ হতুৱাই কিছুমান কথা সিহঁতে নিজ চকুৰে দেখা বুলি দীনবন্ধুৰ আগত কোৱাব লাগিব। | কৃষ্ণ—মই ভাবিছো আৰু এটা কাম কৰিব লাগিব। এই সকলােবােৰ বৰ্ণাই এখন বেনামী চিঠি বৰ চাহাবলৈ পঠিওৱা উচিত। যিমান উপায় আটাইবােৰতে হাত দিলেহে এটা নহয় এটাই কাম কৰিব। উদ্ভিদতত্ত্ব মতেও বহুবিধ খেতি কৰিলে এবিধ নহয় এবিধ ভাল হবই। একেবিধ খেতি কৰিলে হল যদি হ’লনহল যদি তেনেয়েই গ'ল। সৰ্বা-হয়, ময়াে এই কথা সমর্থন কৰে। ৰাজখােৱাই এখন চিঠি ভালকৈ লিখি আনিব ; মােৰ “টাইপ ৰাইটাৰ” আছে, তাতে “টাইপ” কৰি পঠাব লাগে। কমলবাৰু তেন্তে মই কালিলৈ সেইখন লিখি লৈ আহিম ; লগতে সাক্ষীকেইটাৰ হতুৱাই কি কোৱালে ভাল হ’ব তাকে ভাবি-চিন্তি আহিম ; তােমালােকেও সেই বিষয়ে ভালকৈ ভাবিব। ইয়াৰ পিচত কমলচন্দ্ৰ আৰু কৃষ্ণকুমাৰ ঘৰঘৰি গ'ল। সৰ্বানন্দও ভিতৰ সােল।