আৰ্জ্জি
নোহোৱাই ভাল। মতা অমিতাৰে বাৰী ভৰি থাকিলেও জানো অমিতা খাবলৈ পায়!
সৰ্ব্বা—ময়ো তাকেই ভাবিছোঁ। দীনবন্ধুৱে যদি আমাৰ কথাত হয় নিদিয়ে, তেনেহলে তেওঁৰ চহীটোৰ পৰা আমাৰ কি লাভ হ'ব? মোৰ মতে লোকচান হোৱাৰ হে ভয়।
কমল—কি লাভ হব বুজা নাই নে? আমাৰ আৰ্জ্জিত অকল স্কুলৰ উন্নতিৰ বিষয়ে আলোচনা হ'ব লাগে বুলি লিখা হৈছে। এতিয়া আমি যাৰে ওচৰলৈ যাওঁ, সেয়ে ভাঙি-পাতি সুধিব; তেতিয়া সকলো কেলেঙ্কাৰীৰ কথা ভাঙি-পাতি কম। দীনবন্ধুৰ চহীটো প্ৰথমতে লোৱা হৈছে, তাকেই দেখুৱাই এই আন্দোলনৰ মূল দীনবন্ধু বুলি কম। সকলো ৰাইজে জানে যে দীনবন্ধুৱে প্ৰমাণ নাপালে শত্ৰুৰ বিৰুদ্ধেও কোনো কথা নকয়; সেই দেখি দীনবন্ধুৰ চহীটো দেখুৱায়েই আমাৰ কথাবোৰ সকলো মানুহৰ মনত সুমুৱাই দিব পাৰিম।
সৰ্ব্বা—কিন্তু পিচত দীনবন্ধুৱে সেইবোৰ মিছা কথা বুলি কয়?
কমল—পিচৰ কথা পিচত ভাবিম; ৰোগ চাই ঔষধ দিব লাগিব। এতিয়া আহাঁ, দুই এদিনতে আমাৰ কাম শেষ কৰি আৰ্জ্জিখন
পঠিয়াব লাগে।
—১৪৭—