পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধনা

কৰিছা। তুমি মােৰ ইয়ালৈ আহা বুলি কত কথা আগেয়ে ওলাই গৈছে ! কিন্তু সেইবােৰ সম্পূর্ণ মিছা দেখি ইমান দিন ভালৈ কর্ণপাত কৰা নাছিলোঁ। আজি এই মুহূৰ্ত্তৰ পৰাই যে সি সত্যত পৰিণত হ'ল! তােমাৰ বিশেষ প্রয়ােজন থাকিলে চিঠি লিখিলেও হ’লহেঁতেন; নতুবা তুমি অহাতকৈ দিনতে মােক মাতি পঠিওৱা হলেও ইয়াতকৈ সহস্র গুণে ভাল আছিল। তােমাৰ ব্যৱহাৰত মই দুখ পাইছোঁ।”

 “প্রভু, প্রাণেশ্বৰ,—” এই বুলিয়েই প্রভাই দীনবন্ধুৰ সন্মুখত আঠু কাঢ়িলে, সেৱা কৰি দুয়াে ভৰিত সাৱটি ধৰিলে।

 দানবন্ধুৱে প্ৰভাৰ মতি-গতি ভালকৈ বুজিব নােৱাৰিলে; প্রভাৰ হাতত ধৰি তুলি কোমল মাতেৰে ক'লে,-“ছিঃ প্রভা! তুমি ইমান অধীৰ হৈছা কিয়? কি হৈছে মােক কোৱাঁ।”

 প্রভাই কোনাে উত্তৰ দিব নােৱাৰিলে ; কিবা আৱেগত সৰসৰ কৰে চকুলাে ব’বলৈ ধৰিলে, তেওঁ যেন তেতিয়া সকলােকে ধুঁৱলি-কুঁৱলী দেখিছিল। দীনবন্ধুৱে চকুলাে মচি দি পুনঃ পুনঃ সুধিবলৈ ধৰিলে,— “কোৱা প্ৰভা, কি হৈছে তােমাৰ ?”

 প্ৰভাই কেইবাবাৰে কিবা কবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ কথা মুখৰ পৰা বাহিৰ নহ'ল। বহুত পৰৰ মূৰত মাথােন এবাৰ ক'লে,— “আপুনি দেৱতা—" আৰু কথা নােলাল।

 দীনবন্ধুৱে বুজিলে প্রভাৰ কিবা ক’বলগীয়া আছে, কিন্তু কিবা আৱেগত কণ্ঠৰােধ হােৱাত তেওঁ তাক মুখ ফুটাই ক’ব পৰা নাই, আৰু ক’ৰ পৰাৰ সম্ভাৱনাও নাই। সেই দেখি তেওঁ আৰু প্রশ্ন নকৰি ক'লে,-“প্রভা, মই বুজিছোঁ, তােমাৰ কিবা ক’বলগীয়া আছে, কিন্তু ক’ব পৰা নাই। তুমি এনেকৈ নাহি চিঠিৰে জনােৱা হলেই ভাল আছিল। বাৰু যি হ’ল হ’,লএতিয়াও তুমি কি কব লগা আছে, মােলৈ লিখি পঠিয়াবা, মই ভাবি-চিস্তি যি উচিত বুজোঁ ক'ম এতিয়া

-৩২৮-