পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাদুৰীৰ পৰিবৰ্তন | তেন্তে কোনাে কুটনীতিৰ আশ্রয় নলৈ পােন পটিয়ে ভুলটো বুজাবলৈ যত্ন কৰা উচিত। আপুনি ক’ব পাৰে নে আপােনালােকে খৃষ্টান ধৰ্মত দীক্ষিত কৰা মানুহবিলাকৰ শতকৰা এজনৰ কিবা আধ্যাত্মিক উন্নতি হৈছে বুলি ? | চাহাব—একেবাৰেই নাই হােৱা বুলিও ক’ব নােৱাৰে, কিন্তু সিহতে যে ধর্মবিশ্বাসতকৈ পার্থিব সুখলৈহে বেচিকৈ লক্ষ্য ৰাখিছে, তাক মই স্বীকাৰ কৰ। মই এতিয়া বহুতাে দেশী খৃষ্টানক পৰীক্ষা কৰি এইটো বুজিছো, সিহঁতে প্রায়ে খৃষ্টান ধর্ম বুজা নাই। বুজিব বা কেনেকৈ। ময়েই স্বামীজীৰ ‘ঈশদূত খৃষ্ট' কিতাপখন পঢ়াৰ আগলৈকে ভালকৈ বুজা নাছিলোঁ। তাৰ পিচত সিহতে টানত পৰিলে এতিয়াও হৰিনাম লয়, কালীৰ নাম লয় ; আন কি দুই-এজনে আনৰ হাতেদি কালীপূজাত পাঠা দিয়াও ধৰা পৰিছে। মই সােধাত সিহঁতে এক ৰকম স্পষ্টভাবেই ক'লে যে সিহঁতে উপায় নথকাতহে খৃষ্টান হৈছিল। সেই দেখি খৃষ্টান হৈ অন্যায় কৰিলে বুলি জানে, আৰু দেখুৱাই খৃষ্টান হৈ থাকিলেও মুকুৱাই আগৰ দৰে চলে। কেইজনমান এনেকুৱাও পালোঁ যি খৃষ্টান ধর্মততা বিশ্বাস নকৰে, আৰু আগৰ বিশ্বাসস হেৰুৱালে,মুঠতে নাস্তিক হ’ল। দীন—তেনেহলে সিহঁতৰ এই আধ্যাত্মিক অধঃপতনৰ বাবে দায়ী কোন? | চাহাব—সেই দেখিয়েই এতিয়া মই কাকো ফঁাকি দি “বেল্টাইজড” নকৰে। যেতিয়া মানুহটোৰ খৃষ্টান ধৰ্ম্মত সঁচাকৈয়ে বিশ্বাস জন্মিছে বুলি বুজে, তেতিয়াহে দীক্ষা দিওঁ। আজি-কালি মই কোনাে ধর্মকে অযথা নিন্দা নকৰে। দীন—আপােনাৰ কথাত মই সুখী হলো। ধৰ্ম্ম-প্ৰচাৰক হলেই ধার্মিক হ'ব লাগে। ঠগৰ ধৰ্মপ্ৰচাৰ অধৰ্ম্মপ্রচাৰহে।