পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা নাইবা অসংযত দলৰ স্বাধীনতাৰ পৰা কি কুফল ফলিছে তাক জানা নে? উদঙীয়া গৰুৰ স্বাধীনতাৰ নিচিনা স্বাধীনতা এইদলৰ ভিতৰত আছে আৰু তাৰ লগৰীয়া পাপ-ব্যভিচাৰৰ বিষাক্ত ফলেই বিলাতত অসংখ্য জাৰজাশ্ৰমৰ সৃষ্টি কৰিছে। আমাৰ পুণ্যভূমি ভাৰতক এনে পাপ-পুৰীত পৰিণত কৰিবলৈ কোনাে বিজ্ঞলােকে ইচ্ছা কৰিব নােৱাৰে। সেই কাৰণেই মই কৈছো, বর্তমান সময়ত অন্ততঃ আমাৰ দেশত স্বাধীনভাবাপন্ন মহিলায় নিজৰ আত্মীয়-স্বজনৰ অনুপস্থিতিত যেই সেই মানুহৰ লগত ঘনিষ্ঠতা ৰাখি চলা উচিত নহয়। তুমি কৈছা অভিভাবকক লগত লৈ ফুৰােৱা সকলােৰে পক্ষে সম্ভৱ নহয়, কিন্তু তেতিয়া হলেও আত্মৰক্ষাৰ উপযােগী নিয়ম-কাৰণৰ বশবর্তিনী হৈ আবুৰ ৰাখি চলিব পাৰি। তুমিও যদি মই বান্ধি দিয়া নিয়মৰ তলতীয়া হৈ চলা, তেনেহলে সেই নিয়ম-বােৰেই তােমাৰ অভিভাবকৰ কাৰ্য্য কৰিব। বিবাহ সম্পর্কেও মই আগেয়ে কোৱা কথাকে আকৌ কওঁ। বিলাতত বিবাহ বৰ-কন্যাৰ বাছনিমতে বেচিকৈ হয় সঁচা, কিন্তু তাৰ ফলতেই যে বিবাহবিচ্ছেদ আদালত স্থাপিত হৈছে, সিও সঁচা। তাৰ কাৰণ ডেকা-গাভৰুৰ নিৰ্বাচনৰ সময়ত অকল ভােগ-লিঙ্গা -ৰূপ-যৌৱনৰ আকর্ষণেই আন সকলল দোষ ঢাকি পেলায়। সেই দেখিয়েই বহুত ক্ষেত্ৰত ভােগ-তৃষ্ণাৰ প্রথম উত্তেজনা মাৰ যােৱাৰ লগতেই আগেয়ে লুকাই থকা দোষবিলাক জল জল কৰে ওলাই পৰে, আৰু তাৰ ফলতেই আদালতৰ আশ্ৰয় লৈ এৰাৰি হব লগা হয়। কিন্তু হিন্দু বিবাহ তেনে দুদিনীয়া বান্ধোন নহয়। এবাৰ বিবাহ মন্ত্র পঢ়ি চোৱসি কিমান উচ্চ। কিমান মহৎ ! এই বিবাহে দুটি আত্মাৰ সুকীয়া অস্তিত্ব এক কৰে। সেই কাৰণেই -১০৪ -