সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 ১১। কোনো মতা মানুহৰ আশ্ৰমত প্ৰয়োজন থাকিলে বাটচ'ৰাৰ পৰাই সংবাদ পঠিয়াব লাগিব, পৰিচালকৰ অনুমতি নোপোৱাকৈ কোনো ভিতৰলৈ সোমাব নোৱাৰে।

 ১২। এই আশ্ৰমত সৰ্ব্বসাধাৰণৰ নিত্য প্ৰয়োজনীয় শিক্ষা মাথোন দিয়া হ’ব, দুই-এজনৰ উপযোগী উচ্চ শিক্ষাৰ নিমিত্তে সম্প্ৰতি ইয়াত কোনো ব্যৱস্থা নাই; সেই কাৰণে অৱস্থা-ভেদে থকা-মেলাৰ সুকীয়া বন্দৱস্তও ইয়াত ৰখা নাই, আৰু আগলৈকো ৰখা নহয়।

 প্ৰভাৱতী আৰু উষাই আগৰ কাম এৰি দিয়াৰ কথা প্ৰভাৱতীৰ চিঠিৰ পৰাই বুজা গৈছিল; বাস্তৱতে তেওঁলোকৰ ইস্তফা মঞ্জুৰ হ’ল; দীনবন্ধুৱে প্ৰভাৱতীকেই প্ৰধান শিক্ষয়িত্ৰী মনোনীত কৰিলে আৰু তেওঁৰ অনুৰোধ মতেই উষাক সহকাৰিণীৰ পদত নিযুক্ত কৰিলে। তেওঁলোক আশ্ৰমতে স্থায়ীভাবে থাকিব লাগিব, নিৰ্দিষ্ট দৰমহাৰ উপৰি থকা ঘৰ আৰু খোৱা খৰচ আশ্ৰমৰ পৰা পাব—এয়েই নিযুক্ত-পত্ৰৰ চৰ্ত্ত।

 পহিলা বহাগৰ দিনা উৎসৱ পাতি আশ্ৰম মুকলি কৰা হ'ল। আশ্ৰমৰ বন্দৱস্ত তলত দিয়াৰ দৰে

 বাটচ'ৰাৰ ওচৰতে যিটো ঘৰ দেখা গৈছিল তাত এজোৰা হিন্দুস্থানী মানুহ থাকে। তিৰোতাজনীয়ে ভিতৰত কাম আৰু মুনিহটোৱে বাহিৰৰ কাম কৰে; দুফালৰ দুখন জপনাৰ চাবি ইহঁতৰ হাততে থাকে। আৱশ্যক নহলে জপনা বন্ধ ৰাখিব লাগে। দৈনিক বজাৰো এই দুৱৰীটোৱেই কৰিব লাগে। দ্বিতীয়তে ভিতৰ সোমাই যিটো ঘৰ আগ ধৰি পোৱা যায়, সেইটোত লিখাপঢ়া শিকোৱা হয়। ইয়াৰ পিচত যি দুটা ঘৰ পোৱা যায়, তাৰে চাৰিচলীয়াটোত প্ৰভাৱতী থাকে, আৰু ইটোত খায়। দীঘল ঘৰ দুটাৰ এটাত ছাত্ৰী থাকে, তাৰে এমূৰে এটা বেলেগ খোটালি কৰি উষাক দিয়া হৈছে। ইটোত তাঁত বোৱা হয়।

— ৩৪৮—