পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা দিম মিঠৈ দিম; বেগাই আহা, বুকুত সােমাই চুমা দিয়া, মােক এবাৰ আই বুলি মাতা।” লগে লগে মাটিত পৰি, মূচ্ছা যায়। মূচ্ছা ভাগিলে কেতিয়াবা কান্দে, কেতিয়াবা হাঁহে, কেতিয়াবা যি পায় তাকে বকে। কেতিয়াবা কয়,—“সৌৱা মােৰ সােণে গছৰ আঁৰত সুকাই হাঁহিব লাগিছে, মই মাতিলে নাহে, কুক্‌-ভা খেলিছে।' তাৰ পিচত কোনােবা এফালে লৰ মাৰে। তেওঁৰ গাৰ কাপােৰ-কানিৰ ঠিক নাই, খােৱা-লােৱাৰ কথা মনত নাই । কোনােবাই কিবা খােৱা বস্তু দিলে কেতিহাবা খায়, কেতিয়াবা পেলাই দিয়ে । কিবা ভাল বস্তু পালে পুতেকলৈ বুলি টোপােলা বান্ধি থৈ দিয়ে। দীনবন্ধুৱে নিজে একো কৰিব নােৱাৰি কোনােমতে নি প্ৰভাৱতীৰ হাতত গতাই দিছিল। প্ৰভাই বহুত যত্ন কৰি অলপ সান্ত্বনা দিলে, কিন্তু সেই উন্মাদ অৱস্থা একেবাৰেই নগ’ল। এতিয়াও মাজে মাজে পলাই আহি আগৰ দৰে মৰিশালিত ফুৰে ; প্রভাই দুই তিন দিনব 13 কোনােমতে বিচৰাই নিয়ে। প্রভা আৰু উষাই এৰি অহাৰ পৰাই বালিকা স্কুলৰ অৱস্থা ক্ৰমাৎ বেয়া হবলৈ ধৰিলে; ছাত্রীৰ সংখ্যাও দিনে দিনে কমি গল । . গকুলচন্দ্ৰই এজনী কামৰ পৰা খেদা খােৱা ধাত্ৰী আৰু তেওঁৰে সম্পৰ্কীয়া এজনী তিৰােক শিক্ষয়িত্রী নিযুক্ত কৰিলে। এই ধাত্ৰীৰ লগত গকুলচন্দ্ৰৰ বন্ধু বহুতদিনীয়া। সেই দেখিয়েই হৰলা তেওঁ কমিটিৰ মত নােলােৱাকৈ আৰু উপযুক্ততালৈ নােচা- ৱাকৈ এওঁলােকক কাম দিছিল। | এইৰােৰ ঘটনাৰ পাচত দীনবন্ধুৰ বিচাৰ হয়, তাত গকুলচন্দ্ৰই চৰকাৰৰ ফলীয়া হৈ দীনবন্ধুৰ বিৰুদ্ধে মিছ সাক্ষী দিয়ে।