পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শেষ সিদ্ধান্ত বেচি। কিয়নাে সৰ্বসাধাৰণে প্রকৃত সত্যৰ বহুত দূৰত থাকি অবিচাৰ কৰিব, আৰু তাৰ ফলত আপােনাৰ ওপৰত আস্থা হেৰুৱাই আপােনাৰ অসম্পূর্ণ কাৰ্যবিলাক সম্পূর্ণ কৰাত ব্যাঘাত জন্মাব। এবাৰ মনত খেলালে,লােকমতৰ ভয়ত আদৰ্শৰ পৰা আঁতৰি যােৱা অন্যায় ; যি দুই এজনে এটা নতুন পন্থা, নতুন আদর্শ সমাজক দিব খােজে, তেওঁ লােকে নিকাৰ ভুঞ্জিবই। কিন্তু সমাজে সেই আদৰ্শৰ মূল্য বুজি যেতিয়া গ্ৰহণ কৰিব, তেতিয়া সমাজৰ মঙ্গল হব। লগে লগে এইটো ভাবব। মনলৈ আহিল যে সমাজৰ অৱস্থাৰ লগত আদৰ্শৰ নেৰা-নেপেৰা সম্বন্ধ। যেনেকৈ ।য মাটি যি খেতিৰ নিমিত্তে অনুপযুক্ত, তাত সেই খেতি কৰিলে পৰিশ্ৰম পণ্ড হয়, শেহত হা-হুমুনিয়াহ কাঢ়ি দিন নিয়াব লাগে, তেনেকৈয়ে যি সমাজে যি আদর্শ লবলৈ প্ৰস্তুত হােৱা নাই, তাত সেই আদর্শ দেখুৱাবলৈ যােৱাৰ পৰা সুফল পােৱাৰ আশা নাই। এনেকৈয়ে ইটোৰ পিচত সিটো বিৰুদ্ধ ভাবনাই ভুমুকি মৰা মই একোকে স্থিৰ কৰিব নােৱাৰি বিমােৰত পৰিলাে। যথাসময়ত উত্তৰ নাপাই আপুনি চিন্তিত আৰু মােৰ ওপৰত অসন্তুষ্ট হৈছে বুলি ভাবি মােৰ অস্থিৰতা আৰু বাঢ়িল। বাতি এটা মান বজালৈকে এনেকৈ কটাই শেহত গৈ পাটীত পৰিলোঁ, বহুত সময়লৈকে সেই একে চিন্তাৰ ঢৌৱে অন্তৰত খলক লগাই শেহত তাৰ কোলাত মাৰ গ'ল। মই দেখিলো,আপুনি বৰ অস্থিৰ হৈছে, মােৰ ওপৰত বিশ্বাস হেৰুৱাইছে, পাটীত পৰি ছটফটাই আছে, এটা বিৰক্তি আৰু বিমর্ষভাবৰ ছায়াই মুখমণ্ডল ঢাকি পেলাইছে। তেতিয়া মােৰ ধৈৰ্য হেৰাল, এক মুহূর্তও বিলম্ব নকৰি আপােনাৰ চৰণত দীঘল দি পৰিবৰ নিমিত্তে এটা দুর্দমনীয় আকাক্ষা মনত লৈ মই লৰি গলো। বাট ডােখৰত মই সম্পূর্ণ সজাগ আছিলো বুলি কব নােৱাৰে।। যেতিয়া আপােনাৰ দুৱাৰমুখত থিয় হলোগৈ, তেতিয়াহে হঠাৎ মােৰ চকুৰ পৰা টোপনিৰ আঁৰ কাপােৰখন আঁতৰ হ’ল ; মই কি অন্যায়