পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

 লক্ষ্মীকান্তৰ লগতে প্ৰভাৰ আলাপ পৰিচয় হ’ল।

 প্ৰভাই ক’লে, — “আপুনি ৰম্ভাৰ ককাইদেৱক যেতিয়া মোৰো ককাইদেউ; আশা কৰোঁ, ভনী বুলি ভাবি মৰম-চেনেহ ৰাখিব; বিশেষকৈ প্ৰৱাসত আছোঁহি, আপোন মানুহৰতো কথাই নাই, ভালকৈ চিনাকি মানুহো কেওঁ নাই; আপোনালোকৰ পৰা যেন টানে-আপদে সাহায্য পাওঁ।”

 লক্ষ্মীকান্ত — সেইটোও আৰু ক’ব লাগিছে নে? টানত পৰিলে যেই সেই মানুহক সাহায্য কৰা উচিত, আপোন মানুহৰতো কথাই নাই। তেনেস্থলত তুমি যদি আমাক আপোন বুলি ভাবা, আমি নো তোমাক আপোন বুলি নাভাবিম কিয়?

 তাৰ পাচত আৰু নানাপ্ৰকাৰ কথা আদব-অভ্যৰ্থনাৰ শেহত ৰম্ভা আৰু লক্ষ্মীকান্তই বিদায় ললে। যাবৰ সময়ত বিশেষ অনুৰোধ কৰি প্ৰভাক তেওঁলোকৰ ঘৰত খাবলৈ নিমন্ত্ৰণ কৰি গ’ল।

 প্ৰভাই লক্ষ্মীকান্তৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। কিন্তু তেওঁলোকৰ ঘৰুৱা চাল-চলন, খোৱা-বোৱাৰ কদৰ্য্যতা প্ৰভৃতি দেখি ভৱিষ্যতলৈ তেনে নিমন্ত্ৰণ ৰক্ষা নকৰোঁ বুলি মনতে স্থিৰ কৰি আহিল।

 সেই দিনাৰ পৰা লক্ষ্মীকান্ত কাছাৰী ভাগিলেই বাজে বাজে প্ৰভাৰ ঘৰলৈ আহে আৰু সন্ধ্যাৰ পিচত হে তাৰ পৰা উঠে। ইয়াৰ পৰা তেওঁৰ আন কিবা লাভ হয় নে নহয় ক’ব নোৱাৰোঁ, কিন্তু সদায় প্ৰভাৰ খৰচত যে আবেলিৰ জলপানটো খাবলৈ পায়, সেইটো সঁচা কথা নহয় বুলিবৰ উপায় নাই।

 ৰম্ভা মাজে মাজে আহি প্ৰভাৰ ঘৰত থাকে, কেতিয়াবা দুই-তিন দিন একেলালীয়ে ঘৰলৈ নাযায়েই।

 লক্ষ্মীকান্তৰ এনে ঘন সমাগম দেখি নানা জনে নানা প্ৰশ্ন সোধে; লক্ষ্মীকান্তই তাৰ উত্তৰত কয়, — ‘কি কৰিবা, সহায়-সাৰথি নোহোৱা

— ৮৮ —