প্ৰভাৱতীৰ ঘৰৰ সন্মুখত উপস্থিত হ’ল। তাতে থিয় হৈ চাৰিও ফাললৈ চকু ঘূৰালে। তাৰ পিচত সাউৎকৰে প্ৰভাৱতীৰ মেৰৰ ভিতৰলৈ সোমাই গ’ল। ভিতৰ সোমাই চকোৱাৰ আঁৰতে এখন্তক ৰ’ল, আৰু ফুটাই দি আকৌ এবাৰ চাৰিওফাললৈ চকু দিলে, বোধকৰোঁ কোনোবাই তেওঁক লক্ষ্য কৰিছে নে নাই তাৰে গম ল’লে। অলপমান সময় তেনেকৈ থকাৰ পিচত তেওঁ দুৱাৰৰ ওচৰলৈ চাপি গ’ল; দুৱাৰখন ঠেলি চালে, কিন্তু দুৱাৰ মেল নাখালে। আকৌ বিপৰীত ফালে থকা দুৱাৰখনৰ গুৰিলৈ গৈ আগৰ দৰেই পৰীক্ষা কৰিলে, সিও লৰচৰ নহ’ল, ভিতৰফালে বন্ধ। তাৰ পিচত এখন এখনকৈ খিৰিকীবোৰ পৰীক্ষা কৰি চালে,—সকলে একেদৰেই বন্ধ। তেওঁ তেতিয়া আকৌ জপনাৰ ওচৰলৈ আহিল, আকৌ এবাৰ কেইওফালে চাই-চিতি ল’লে। ক’তো একোৰে গম নাপাই আকৌ তেওঁ খিৰিকী এখনৰ কাষ চাপিল; প্ৰথমেই অলপ অলপকৈ, তাৰ পিচত অলপ ডাঙৰকৈ, তাৰ পিচত আৰু ডাঙৰকৈ টুকৰিয়াবলৈ ধৰিলে, কিন্তু কাৰো সাৰসঁহাৰি নাই। কিছু সময় এনেকৈ অতিবাহিত হ’লত তেওঁ কাপোৰ তলৰ পৰা বটালি এটা উলিয়ালে; তাৰে সৈতেই খিৰিকীৰ কব্জা এৰুৱাবলৈ যত্ন কৰিবলৈ ধৰিলে। বহুত সময় এনেকৈ যত্ন কৰোঁতে কৰোঁতে শেহত চৌকাঠৰ যিখিনিতে পেঁচখিলি সোমাইছিল, সেই খিনিৰ এচটা কাঠ এৰাই গ’ল। তেতিয়া সেই ফালেই বিশেষভাবে ঠেলাঠেলি কৰাত খিৰিকীৰ এফাল এৰাই পৰিল। তেওঁ সেই ফাল মাটিত নমাই থৈ সেই বাটে দি এবাৰ ভিতৰলৈ চালে। ভিতৰৰ লেম্পটোৰ পোহৰ কমাই নুনুমূৱাকৈয়ে মেজত তুলি থোৱা হৈছে। প্ৰভাৱতী তেতিয়াও টোপনিত অচেতন, মূৰটোৰ বাহিৰে বাকীছোৱা নিহালীৰে ঢকা। মানুহটোৱে আৰু বিলম্ব নকৰি ভিতৰ সোমাবলৈ
পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬৪
অৱয়ব