পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধনা

“এটা কথা আপোনাৰ মনত আছে নে — সেইবাৰ কিয় মানুহ গোট নাখালে?”

 উকীল — বঢ়িয়াকৈ আছে। জাননীত সেই অসভ্যটোৰ নাম নাছিল দেখি কোনো নাহিল।

 ৰম্ভা — আমাৰ তেতিয়া এটা ভুল হ’ল। দীনবন্ধুৰ হাতত নোলোৱাৰ পৰা সকলো মাটি হ’ল; তেওঁক লোৱা হলে কিজানি তেতিয়াই স্কুল পাতিব পাৰিলোহেঁতেন।

 উকীল — কি! মোৰ দৰে মানুহক দীনবন্ধুৰ সাহায্য লবলৈ কোৱা! তাৰ দৰে অসভ্য ভিকহু এটাকো মই খাতিৰ কৰিব লগাত পৰিলোঁনে?

 ৰম্ভা — আপুনি বা আপোনাৰ দলৰ মানুহে নহয় দীনবন্ধুক খাতিৰ কৰিব নোৱাৰে, মই ধৰা হলেতো লেঠা নাছিল। তেতিয়াও কিজানি কিবা হ’লহেঁতেন।

 উকীল — অসম্ভৱ! তোমাক তেনে এটা সামান্য মানুহৰ ওচৰলৈ কেতিয়াও যাবলৈ নিদিওঁ। তাৰ অলপো ভদ্ৰতাৰ জ্ঞান নাই, তুমি গলে অপমানৰ বাহিৰে আন একো নোপোৱা।

 ৰম্ভা — তেনেহলে মানুহে তেওঁক ইমান ভাল পায় কিয়? আন কি জাননীতে তেওঁৰ চহি নোহোৱাৰ বাবেই সভালৈকো কোনো নাহিল!

 উকীল — নীচ মানুহে, নীচ মানুহক ভাল পাবই। তোমাৰ আমাৰ মোল সিহঁতে কি বুজে! দীনবন্ধুৰতো মান-অপমান জ্ঞান নাই। সি সামান্য মানুহবোৰৰ লগত মিলি ফুৰে দেখি সিহতে ভাবে সি বৰ ভাল মানুহ।

 ৰম্ভা — সি যি হওক, প্ৰভাই মানুহৰ ঘৰে ঘৰে সাহায্য বিচাৰি ফুৰিছে বুলি আপুনিয়েই কৈছে। যদি দীনবন্ধুক হাত কৰি লৈ স্কুল পাতে, তেনেহলেতো আমাৰ আশা একেবাৰেই গ’ল!

— ৩০ —