পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

প্ৰথম খণ্ড

প্ৰথম অধ্যায়

কবি-প্ৰিয়া

 “উঃ! আজিৰ দৰে গৰম হলে দেখোন কাম-বন কৰা দূৰৰ কথা, মানুহ টিকাই টান হ’ব”। — এই বুলি দীনবন্ধুৱে হাতৰ কাপটো মেজৰ ওপৰত থৈ, লিখি থকা বহিখন জপাই বাহিৰলৈ ওলাল আৰু বাৰাণ্ডাত থকা মাচিয়া এখনত বহি তালপাতৰ বিচনী এখনেৰে বিচিবলৈ ধৰিলে। অলপ পিচতে মাত লগালে, — “গঙ্গা, এগিলাচ চৰ্পত লৈ আহ।”

 “গৈছোঁ দেউতা” — এই বুলি অলপ সময়ৰ ভিতৰতে গঙ্গাৰামে এগিলাচ নেমুটেঙাৰ চৰ্পত আনি দিলে। দীনবন্ধুৱে একে শোহাই চৰ্পতখিনি খালে আৰু অলপ সুস্থিৰ হৈ বহিল। অলপ এনেকৈ অহাৰ পিচত তেওঁ উঠি ভিতৰলৈ গ’ল। তাৰ পিচত গাত এটা কামিজ সুমুৱাই আৰু হাতত এটা ছাতি লৈ এখোজ এখোজকৈ ঘৰৰ পৰা ওলাল। তেওঁ পোনে পোনে ব্ৰহ্মপুত্ৰৰ পাৰলৈ খোজ ললে। যেতিয়া নৈৰ ওচৰ পালেগৈ তেতিয়া তেওঁৰ মন-প্ৰাণ অলপ শীতল বোধ হ’ল; কিছু সময় পাৰে পাৰে ইফাল সিফালকৈ ফুৰি শেহত তেওঁ নৈৰ পাৰত