পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 আশ্ৰমত ছাত্ৰীৰ সংখ্যা এতিয়া আঢ়ৈ কুৰিৰ ওপৰ। অসমীয়াৰ ঘৰৰ উপযুক্ত গৃহিণী হবলৈ যিবোৰ শিক্ষা লাগে, ইয়াত সেই সকলোবোৰেই আছিল। প্ৰভা আৰু উষাই আশ্ৰমৰ উন্নতিৰ নিমিত্তে প্ৰাণপণে পৰিশ্ৰম কৰিও এদিনলৈকে কাতৰ হোৱা নাছিল। প্ৰভা আশ্ৰমৰ প্ৰাণ, উষা তাৰ সৌন্দৰ্য্য। প্ৰভাৱতী এতিয়া সম্পূৰ্ণ যোগিনী। তেওঁ নিৰামিষ ভোজন কৰে, ভূমি-শয্যাত শোৱে, আশ্ৰমৰ উন্নতিৰ বাহিৰে তেওঁৰ নিজৰ কোনো চিন্তা নাই। আশ্ৰমৰ সফলতাত দীনবন্ধুৰ মনত মহা আনন্দ। তেওঁ ভক্তি-গদ্‌গদচিত্তে ভগৱানৰ উদ্দেশ্যে এটি নমস্কাৰ জনাই ক'লে—প্ৰভু সকলো তোমাৰ কৃপা। এনে দুটি নাৰী-ৰত্নৰ সাহায্য নোপোৱা হ'লে মই মোৰ ক্ষুদ্ৰ শক্তিৰে কেতিয়াও এই মহৎ উদ্দেশ্য সফল কৰিব নোৱাৰিলোঁহেঁতেন। তোমাৰ কৰুণা-নিৰ্মালি সদায় যেন এনেকৈয়ে এই তোমাৰ নিঃকিন সন্তানৰ মূৰত পৰে!

 

-৩৫০-