পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সভা

সভাপতিয়ে স্কুলৰ নিয়ম-প্ৰণালী গঠন কৰিবলৈ সকলোকে অনুৰোধ কৰিলে।

 প্ৰভাৱতীয়ে তেতিয়া থিয় হৈ কলে, — মাননীয় শইকীয়া ডাঙৰীয়াই গোটাচেৰেক নিয়ম গঢ়ি আনিছিল; মোৰ বোধেৰে সেয়ে যথেষ্ট হ’ব। আপনালোকে মন দি শুনক। —


নিয়মাৱলী

 ১। এই বিদ্যালয় স্ত্ৰী-শিক্ষাশ্ৰম নামেৰে অভিহিত হ’ব।

 ২। আশ্ৰমৰ কাৰ্য্য চলাবলৈ এখন সমিতি থাকিব লাগিব; তাত সভ্যৰ সংখ্যা হ’ব সাত জন, বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী তাৰে এজন হ’ব লাগিব।

 ৩। এই সভ্যকেইজনৰ এজনৰ গাত চেক্ৰেটাৰীৰ বাব থাকিব; আশ্ৰমৰ টকা-কড়ি, আয়-ব্যয়ৰ হিচাব তেওঁৰ হাতত থাকিব; কিন্তু সমিতিৰ অনুমতি নোলোৱাকৈ তেওঁ একেলগে ৫৲ টকাৰ বেচি খৰচ কৰিব নোৱাৰিব। বাকী টকা ডাকঘৰত ৰাখিব লাগিব। সভ্যসকলে যেতিয়াই তেতিয়াই হিচাব পৰীক্ষা কৰিব পাৰিব।

 ৪। চেক্ৰেটাৰীৰ সৈতে যেই সেই চাৰিজন সভ্য উপস্থিত থাকিলেই সমিতি বহিব পাৰিব।

 ৫। প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীয়ে আশ্ৰমৰ খৰচত এটা উপযুক্ত ঘৰ পাব লাগিব আৰু সি আশ্ৰমৰ লগত সংলগ্ন থাকিব লাগিব।

 ৬। আশ্ৰমৰ কাৰ্য্য চলাবলৈ আৰু ছোৱালী অনা-নিয়া কৰিবলৈ অন্ততঃ দুজন চৌকিদাৰ বা চৌকিদাৰনী থাকিব লাগিব। তাৰে এজন আশ্ৰমতে থাকিব লাগিব। সেইবাবে আশ্ৰমৰ খৰচত এটা ঘৰ পাব পাৰিব।

— ৫৯ —