সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

 দীন — মই সন্ন্যাসী কেনেকৈ হ’ম! মই দেখোন সংসাৰৰ একোকে ত্যাগ কৰা নাই আৰু কেতিয়াবা যে তেনে কৰিম বা কৰিব পাৰিম, তাৰ সম্ভাৱনা নাই।

 উমা — তেনেহলে ভালকৈ সংসাৰক সাবটি নধৰা কিয়? বিয়া-বাৰু কৰাই গৃহস্থী ধৰ্ম পালন নকৰা কিয়?

 দীন — অ’ তাকে কবলৈকে হবলা এই ডৰা পাতনি পাতিছিলা। মই দেখোন তাৰ উত্তৰ তোমাক কেতিয়াবাই দিছোঁ।

 উমা — বৰ্ত্তমান জগতৰ লগত মিলাই চালে তোমাৰ উত্তৰৰ কোনো অৰ্থই নহয়। তোমাৰ কল্পনাৰ আৰু বাস্তৱ জগৎ কেতিয়াও এক হ’ব নোৱাৰে। স্বপ্ন এৰি তুমি দিঠকলৈ আহাঁ, তেতিয়াহে সংসাৰৰ প্ৰকৃত সোৱাদ বুজিবা।

 দীন — মই যদি স্বপ্ন ৰাজ্যত ঘূৰিয়েই আনন্দময়ৰ আনন্দবিন্দু উপভোগ কৰিব পাৰোঁ, তেনেহলে তোমাৰ নিৰানন্দ ৰাজ্যলৈ ঘূৰি অহাৰ প্ৰয়োজন কি? এই নিষ্ঠুৰ সংসাৰক মোৰ স্বপ্নৰাজ্যত পৰিণত কৰিব পাৰিলেহে মোৰ আদৰ্শৰ সফলতা।

 উমা — কিন্তু সেই সফলতা-লাভ কোনো কালে নহয়। তোমাৰ কল্পনা অসংযত। তাক সংযত কৰিব নোৱাৰিলে, — বাস্তৱ জগতৰ লগত মিলাব নোৱাৰিলে, কেতিয়াও তোমাৰ উদ্দেশ্য সিদ্ধি হ’ব নোৱাৰে। সৰ্ব্বসাধাৰণৰ মঙ্গল সাধিব খুজিলে প্ৰথমে তেওঁলোকৰ ভিতৰৰে এজন কৰি নিজক গঢ়িব লাগিব, তাৰ পিচত তেনে জীৱনৰ মাজেদিয়েই তোমাৰ আদৰ্শ ফুটাই তুলিব লাগিব। তেতিয়াহে তোমাৰ আদৰ্শৰাজ্য স্থাপন কৰিব পাৰিবা, নতুবা আংশিক সফলতা কৰিলেও তোমাৰ উদ্দেশ্য সম্পূৰ্ণ সিদ্ধি হ’ব নোৱাৰে।

 দীন — মই যে সৰ্ব্বসাধাৰণৰ লগৰ পৰা আঁতৰি পৰিছোঁ, সেই কথা সঁচা বুলিব নোৱাৰোঁ।

— ৪ —