পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

তেওঁ ৰায় চাহাব। তয়ো যদি তেনে হব খোজ সেই উপায়কেই ধৰিব লাগিব।

 কাতিৰাম — মই এটা লিখা-পঢ়া নজনা গাৱঁলীয়া মানুহ। মই কেনেকৈ ডাঙৰ মানুহৰ লগত মিলিম?

 তপেশ্বৰ — মই নো কলোঁ কি, শুনিলি কি? হাতত ধন থাকিলে ডাঙৰ মানুহ হবলৈ কিমান পৰ লাগে? কৈছেই নহয় বোলে ধনেই ধৰ্ম্মৰ ফল। ধনৰ ওচৰত লিখা-পঢ়াই কিটো কৰিব?

 কাতিৰাম — মই এতিয়াও আপোনাৰ কথা ভালকৈ বুজা নাই।

 তপেশ্বৰ — তোৰ বুধি সিমান চোকা হোৱা হলে জানো এনে হৈ থাক? শুন তেন্তে কি কৰিব লাগিব। — প্ৰথমতে তোৰ নামটো কাতিৰাম কোচ গুচাই কাৰ্ত্তিকচন্দ্ৰ ভূঞা কৰিব লাগিব। ভূঞা হবলৈ তোৰ পূৰা অধিকাৰ আছে; কিয়নো যাৰ ভূঁই আছে সেয়ে ভূঞা। কাৰ্ত্তিকচন্দ্ৰ ভূঞা বুলি তোৰ নামটো শুনিলেই যেয়ে সেয়ে তোক ডাঙৰ মানুহ বুলি ভাবিবই ভাবিব। তাৰ পিচত হৈছে সাজ-পাৰ। তোৰ ভাল ধুতি চোলা আছেই; তাৰ লগতে এজোৰ ভাল জোতা-মোজা, এটা ভাল কামিজ, এটা কলাৰ, এটা পাটৰ ৰঙীন পাগুৰি এটা ঘৰি আৰু এজোৰ বিত-চকু ললেই তোৰ সাজ-পাৰ দেখি কোনে তোক চহা বুলিবলৈ সাহ কৰিব? নাম আৰু সাজ পাৰখিনি ঠিক হলেই ডাঙৰ মানুহৰ লগত মিলিবলৈ একো টান নহয়; সেইটো ভাৰ ময়ে লব পাৰোঁ; মুঠেই প্ৰথমতে টকা গোটাচেৰেক খৰচ কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিবি যেন যেই-সেই ডাঙৰ মানুহৰ লগ লৈ অনাহক টকা খৰচ কৰা নহয়। যাৰ পৰা কাম হ’ব, তেনে মানুহ বাছি ল’ব লাগে। মই দেখাত কমলচন্দ্ৰ ৰাজখোৱা, গকুল উকীল আৰু সৰ্ব্বানন্দক হাতত ললেই হ’ব; তেওঁলোকৰ লগতে যদি তেওঁলোকৰ বন্ধু-বান্ধৱ দুই এজন লগ লাগে, তাতে বিশেষ হানি নাই।

— ৭২ —