সাধনা
মানুহো নিশ্চয় দুটা হব, আৰু বাটত লগ পোৱা মানুহ দুটায়েই যে এই দুটা তাত সন্দেহ নাই। তেন্তে ইটো ক’লৈ গ'ল! হয়তো সি পাচত থাকি গাড়ী আক্ৰমণ কৰিছে বা! এই কথা মনত খেলালতে গাড়োৱান তৎক্ষণাৎ গাড়ীৰ ফালে যাবলৈ ওলাল। মানুহটোৱে কাপোৰৰ তলৰ পৰা এখন খুকুৰি উলিয়াই লৈ ক'লে—“মোৰ হাতত কি দেখিছ? ক, তই টকা লবি নে নলৱ?”
গাড়োৱানে তাৰ কথাৰ উত্তৰ নিদি একে জাঁপেই এহাতে মানুহটোব ডিঙিত চেঁপা মাৰি ধৰি ইহাতেৰে খুকুৰিখন কাঢ়ি লৈ হাবিৰ মাজলৈ দলিয়াই পেলালে। তাৰ পিচত গাড়োৱানে মানুহটোক মাটিত বগৰাই পেলাই তাৰ গাৰ কাপোৰেৰেই হাত-ভৰি বান্ধি পেলালে। মানুহটোক বান্ধি আৰু এক মুহূৰ্ত্তও বিলম্ব নকৰি গাড়োৱানে গাড়ীৰ ফাললৈ লৰ দিলে। অলপ যাওঁতেই গাড়ী অহা দেখি গাড়োৱানৰ মনত আনন্দ মিলিল আৰু ততালিকে যুৱতীক ভালকৈ বহিবলৈ কৈ বেগেৰে গাড়ী চলাবলৈ ধৰিলে। কিছুমান বেলি একেৰাহে গৰু লৰুৱাই চলোৱাৰ পিচত গাড়ী হাবিৰ পৰা বাহিৰ ওলাল আৰু ওচৰত মানুহ থকা ঠাই পালে। তেতিয়া পঞ্চমীৰ চন্দ্ৰই পূব আকাশত দেখা দিছিল আৰু লগে লগে বাট-পথ সকলো পোহৰ হৈ উঠিছিল। গাড়োৱানে তেতিয়া নিৰ্ভয় হৈ গাড়ী লাহে লাহে চলাবলৈ ধৰিলে; গাড়োৱান আৰু যুৱতীৰ পৰস্পৰৰ কথাও পৰম্পৰে শুনিলে। এই অশিক্ষিত গাড়োৱানটোৰ ন্যায়পৰায়ণতা আৰু কৰ্ত্তব্যনিষ্ঠা দেখি যুৱতী স্তম্ভিত হ’ল, আৰু পুনঃ পুনঃ কৃতজ্ঞতা জনাই ঈশ্বৰক ধন্যবাদ দিলে। মনে মনে ক'লে,—“যদি সাধুতা কৰবাত আছে তেন্তে এই মলিয়ন সাজপাৰত হে, এই হজুৱা মানুহবিলাকৰ গাত; ভদ্ৰলোক নামধাৰী মানুহৰ ৰংচঙীয়া সাজপাৰৰ ভিতৰত এনে সাধুতাৰ নাম-গোন্ধো নাই। তেনে
মানুহ ঠিক বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী। সিহতৰ বাহিৰ
-১৬০-