পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

প্ৰিয় ডাঙৰীয়া,

 আপুনি বোধকৰোঁ বাতৰি-কাকতত পঢ়িবলৈ পাইছে, আৰু মই জনচেৰেক গণ্যমান্য মানুহৰ পৰাও সংবাদ পাইছোঁ যে গোৱালপাৰা জিলাৰ কেইবাখনো গাৱঁত বানপানীয়ে ধানৰ খেতি নষ্ট কৰাৰ কাৰণে ভয়ঙ্কৰ আকাল হৈছে। এই নতুন ধানৰ দিনতে যেতিয়া আকাল হৈছে, আগলৈ ৰায়তৰ দশা কি হ’ব, তাক একমাত্ৰ ভগৱানে হে জানে। আপুনি আপোনালোকৰ জিলাৰ পৰা যি পাৰে ধন আৰু ধান সংগ্ৰহ কৰিবলৈ যত্ন কৰিব বুলি আশা ৰাখিলোঁ। মই কালিলৈকে গোৱালপাৰালৈ যাত্ৰা কৰিম। তাত আকাল হোৱা ঠাইবোৰ চাই স্থানীয় জমিদাৰবিলাকৰ সাহায্যেৰে যদি কিবা কৰিব পাৰি তাৰ চেষ্টা কৰিম। তাৰ পিচত যদি প্ৰয়োজন হয়, গোটেই আসামতে ভিক্ষা কৰিবলৈ ওলাম। আপুনি যেন কিছু চেষ্টা আৰু কষ্ট স্বীকাৰ কৰি ভিক্ষা লাভৰ উপায় সহজ কৰি ৰাখে। ইতি-

 ভিক্ষুক

 দীনবন্ধু।

 এই চিঠিবোৰ দীনবন্ধুৱে তেওঁৰ লগত বিশেষ ভাবে পৰিচিত আৰু সজ কামলৈ মতি থকা বেলেগ বেলেগ জিলাৰ মানুহলৈ লিখিছিল। এই চিঠিবোৰ নিয়ম মতে লিখা হ’লত বালিকা-স্কুলৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰো মেলত কোৱাৰ দৰেই লিখি থলে। তাৰ পিচত প্ৰায় দুইমান বজাত পাটীত পৰিল।

 ৰাতিপুৱা চিঠিবোৰ যথাস্থানলৈ পঠিয়ালে, সেৱাশ্ৰমলৈ গৈ তাত কিবাকিবি দিহা দিলে, স্কুলবিলাকৰ শিক্ষকলৈকো আৱশ্যকীয় উপদেশ পঠিয়ালে। তাৰ পিচত উমাকান্তৰ লগত কিবা পৰামৰ্শ কৰি ঘৰলৈ উলটিল।

– ২১০ –