পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথাৰ লগে লগে ললিতাৰ চকুৰ পৰা সৰ, সৰ, কৰে চকু লাে বাবলৈ ধৰিলে; তেওঁৰ বাৰােধ হ'ল। ললিতাৰ কথাই কাতিৰামৰ মনৰ অলপপ পৰিবৰ্ত্তন ঘটাব নােৱাৰিলে, বৰং তেওঁ বিৰক্ত হৈ উঠিল, আৰু ডাবি দি ক’লে,-“যা যা, ভিতৰলৈ যা, ইয়াত কেপ কেপাই নাথাকিবি। তই ক’লি বুলিয়েই মই ভিকহু হবলৈ নাযাওঁ।” এই বুলি কৈয়েই সেই বােৰুমানা স্ত্রী আৰু কোলাত উঠিবলৈ হাত মেলা শিশু সন্তানটিক অৱজ্ঞা কৰি কাতিৰাম বেগেৰে তাৰ পৰা গুচি গ'ল। তেতিয়াৰে পৰা ললিতাই আৰু তেনে চেষ্টা কৰা নাই । নীৰৱ ভাষাৰে বুজাবলৈ বহুত চেষ্টা কৰিহে, অসহ্য মৰ্ম্মবেদনাত বহুত দিন নীৰৱে কান্দিছে, পুত্ৰৰ ভৱিষ্যৎ চিন্তাত আকুল হৈ ভােক-পিয়াহ পাহৰিছে, স্বামী মঙ্গলৰ নিমিত্তে নানা দেৱতাৰ পূজা কৰিছে; কিন্তু বিধাতাৰ ইচ্ছা অন্যরূপ। কাতিৰামৰ স্বভাৱৰ পৰিবৰ্তন নহ’ল, ললিতাৰ ভাগ্যচক্র নুঘূৰিল।। লাহে লাহে ললিতাৰ কাণত পৰিল—এই অলপ দিনৰ ভিতৰতে কার্তিকচন্দ্র ভূঞাৰ পৈতৃক জমা টকা যি ঢুকালেই, আকৌ সৰ্বানন্দৰ গােলাত চাৰি হেজাৰ টকা ধাৰ হ’ল। ললিতাই আকুল কণ্ঠেৰে কলে,-“প্রভু, কি কৰিলা! মােৰ পােনাটিৰ দশা কি কৰিলা জগদীশ্বৰ।” | এই বাতৰি পাই কাতিৰামক মাক আৰু ললিতাই আকৌ এবাৰ কান্দি-কাটি বুজনি দিলে, কিন্তু কাতিৰামে তালৈ কর্ণপাতকে নকৰিলে। ললিতাই কলে,-“যি হ’ব লগা আছিল হ’লতাক আৰু নােহােৱা কৰিব নােৱাৰি। এতিয়া কি কৰিলে আকৌ মূৰ ডাঙিব পাৰি, তাৰেহে চিন্তা কৰিব লাগে। মইননা কি জাননা। তেওঁ মই ভাবিছো, দিব লগা টকাখিনিৰ মাহে মাহে অলপ অলপকৈ দিম বুলি ৰৱস্ত -২৮৮-