পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দুৰ্ভগীয়া সেই অশান্তি আৰু বাঢ়ি উঠিছিল। এতিয়া তেওঁৰ মুখত আগৰ সেই প্রফুল্লতা নাই, কাম-বনত উৎসাহ নাই, পিন্ধন-উৰণত লাগ-বান্ধ নাই। তেওঁৰ মনত কি দুখ, মুখ ফুটাই কাকো ক'ব নােৱাৰে। যেতিয়া ৰাতি দুপৰত চকুলােৰে সৈতে বাটলৈ চাই চাই আমন-জিমনকৈ দুৱাৰমুখত খাপ লৈ থাকে, ঢলংপলংকৈ ঘৰলৈ ওলটা কাতিৰামৰ যদি তেতিয়া অলপপা বােধশক্তি থাকিলহেঁতেন, তেনেহলে নীৰৱভাষাৰে কোৱা ললিতাৰ বহুতাে কথা তেওঁৰ কাণত পৰিলহেঁতেন। আকৌ সন্ধ্যা সময়ত কাতিৰাম ওলাই যাবলৈ ধৰোতে কোচত লৰাটো লৈ তাক ৰ লাগি চাই ঘনে ঘনে চুমা খাই যেতিয়া ললিতা অগিত উপস্থিত হয়, তেতিয়া তেওঁৰ চকুৰ কোণত কিমান মৰ্ম্ম-বেদনা, কিমান অন্তৰৰ গুপুত কাহিনী বিৰিঙি ওলায়, তাক উন্মত্ত কাতিৰামে কি বুজিব। যদি বুজিলেহেঁতেন, একে দিনাই তেওঁৰ সেই স্বভাৱ এৰি ললিতাৰ হাতত ধৰি ক্ষমা খুজিলেহেঁতেন। | কিন্তু কাতিৰামৰ মন তেতিয়া সুৰদেৱীৰ উপাসনাত উত্ৰাৱলা আন কথা ভাৰিবলৈ অৱসৰ ক'ত। এদিন মাথােন ললিতাই গিৰিয়েকৰ ভৰিত পৰি, চকুলােৰে দুয়ে। গাল তিয়াই তেওঁৰ মনৰ কথা কৈছিল, নিজৰ আৰু লৰাটোৰ মূৰে শপত দি কাতিৰামক তেওঁৰ দল পৰিত্যাগ কৰিবলৈ খাটিছিল, সােণৰ সংসাৰ ছাইত পৰিণত নকৰিবলৈ কাবৌ কৰিছিল, কিন্তু সকলাে মিছা হ’ল। কাতিৰামে খঙেৰে ক'লে,-“এইবােৰ কথাত তিৰুতাৰ প্রয়ােজন কি ? খাবলৈ ভাত, পিন্ধিবলৈ কাপােৰ, থাকিবলৈ ঘৰ পাইছ, আৰু কি লাগে ? নে মই তােৰ আঁচলত ধৰি থাকিব লাগে ?” ললিতা—মােক একো নালাগে। কিন্তু ধনবােৰ আপুনি যেনেকৈ উৰুৱাইছে, তেনেকৈ হ'লে এই পােনাটিৰ দশা কি হ’ব। এনেকৈ তুলা উওৱা দি উৰুৱালে এই ধন, এই সম্পত্তি কেই দিন থাকিব। - -