পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সভা

 প্ৰথমেই গকুল উকীল উঠি কবলৈ ধৰিলে, — “মোৰ মতে নিয়মৰ ওপৰৰ কেইটা সিমান বেয়া হোৱা নাই, কিন্তু শেষৰ কেইটা নিতান্ত অশোভন আৰু আপত্তিজনক হৈছে। প্ৰথমতে চাওক, আমাৰ মানুহ দুখীয়া, কোনোমতে স্কুলখন পাতি গৱৰ্ণমেণ্টলৈ আবেদন কৰিলে নিশ্চয় সাহায্য পাম, লগতে মিউনিচিপেলিটি আৰু লোকেলবোৰ্ডৰ পৰাও কিছু টকা পোৱা যাব; তেনেস্থলত সেইবোৰ সাহায্য নালাগে বোলাটো মোৰ মতে বলিয়ালি আৰু তেনে কৰিলে স্কুল বেচি দিন চলা অসম্ভৱ। সেই দেখি সেই নিয়মটো উঠাই দিব লাগে। তাৰ পিচত শিক্ষয়িত্ৰীৰ সম্পৰ্কে বন্ধা নিয়মকেইটা নিতান্ত অপমানজনক। মোৰ বোধেৰে কোনো আত্মসম্মান থকা শিক্ষিতা মহিলাই তেনে নিয়মৰ বশবৰ্ত্তিনী হৈ কাম নকৰে। সেই কাৰণে সেই কেইটা নিয়মো বাদ দিব লাগে।”

 সৰ্ব্বানন্দ প্ৰভৃতিয়েও উকীলৰ কথা সমৰ্থন কৰিলে।

 উমাকান্তও সেই সভাত উপস্থিত আছিল; তেওঁ উকীলৰ কথাৰ প্ৰতিবাদ কৰি সেই নিয়ম কেইটাৰ আৱশ্যকতা প্ৰতিপন্ন কৰিলে। তেতিয়া দুয়োপক্ষৰ বহুতো তৰ্কবিতৰ্ক হ’ল। কিন্তু সৰহভাগ সমজুৱাই কোনটো ভাল, কোনটো বেয়া একোকে ঠিক কৰিব পৰা নাছিল; মাত্ৰ বুজিছিল যে দীনবন্ধুৰ কথামতেই কাম হ’ব লাগিব। শেহত একো মীমাংসা হৈ নুঠা দেখি সভাপতি উঠিল আৰু এটা দীঘলীয়া বক্তৃতা দি শেহত কলে — “মোৰ বিশ্বাস এই নিয়মকেইটা বান্ধোতে ভালকৈ ভাবি চাবলৈ শইকীয়াদেৱে যথেষ্ট সময় পোৱা নাছিল। সেই দেখিয়েই লৰালৰিকৈ এই নিয়মকেইটা লিখি আৱশ্যকমতে ইয়াত সাল-সলনি কৰিবলৈ লৈ আহিছিল। নিয়মকেইটাৰ শেষত যে সাল-সলনি ঘটিব পাৰিব বুলি লিখিছে, তাৰ পৰাই বুজা গৈছে তেওঁ নিজেও নিয়মকেইটা ভাল পোৱা নাছিল। আন কি, তেওঁ এতিয়া উপস্থিত থকা হলে নিজেই তাৰ পৰিবৰ্ত্তন কৰিলেহেঁতেন

— ৬১ —