পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নানা ৰাখিছে। ৰম্ভাই মত দিলত মহেশে আকৌ এবাৰ তেওঁক আদৰেৰে চুমা দিলে। হঠাৎ বাহিৰত কাৰবাৰ পদশব্দ শুনা গল ; মহেশে ৰম্ভাক এৰি অলপ আঁতৰি আহিল, কিন্তু কোনাে সােমাই অহাৰ গম নাপালে। কোনােৱা অলক্ষ্যে থাকি তেওঁলােকক লক্ষ্য কৰিছে বুলি তেতিয়া মহেশৰ মনত সন্দেহ হ’ল, আৰু ৰম্ভাৰ ওচৰত বিদায় লৈ প্রস্থান কৰিলে। ৰম্ভাই ফটো তােলােৱাৰ কথাকে ভাবিবলৈ ধৰিলে ; প্রাকৃতিক সৌন্দৰ্যৰ লগত তেওঁৰ স্বাভাৱিক আকৃতিৰ সম্মিলন কেনেকৈ ৰজিতা খাব, অকল চুলি-কোছাৰ দ্বাৰা ভূষিত হৈ কেনেকৈ নিজৰ অকৃত্রিম শাৰীৰিক গঠন আৰু অঙ্গ-প্রত্যঙ্গৰ সৌন্দৰ্য্য বিকাশ কৰি নিজক বনদেবীৰ শাৰীলৈ তুলিব, সেই ভাবনাতে তে মগ্ন হ’ল।। মহেশ পােনে পােনে ঘৰলৈ গ'ল। ভিতৰ সােমাই দেখিলে ঘৰত কাৰ গম নাই। যদিও বাকীকেইটা খােটালিৰ দুৱাৰ খােলা আছে, শােৱনি ঘৰৰ সকলাে বন্ধ। মহেশে দুৱাৰত কাণ দি শুনিলে, এটা অস্পষ্ট আলাপৰ ধ্বনি শুনা গ’ল। তেওঁ ততালিকে দুৱাৰত খুন্দিয়াই ভীষণ নাদেৰে ক'লে,-“দুৱাৰ খােল।” কিন্তু দুৱাৰ মেল নাখালে। মহেশে ঘনে ঘনে দুৱাৰত খুন্দিয়াবলৈ ধৰিলে। ভিতৰত ঘুটুং-টাং শব্দ শুনা গ'ল। কিন্তু কোনেও দুৱাৰ নেমেলিলে। প্রায় পাঁচ মিনিট একেৰাহে খুন্দিওৱাৰ পাচত দুৱাৰ আপুনি মেল খালে। মহেশে দেখিলে—ঘৈণীয়েক এটা চুকত ঠিয় হৈ ঠক্ঠক্ কৰে কঁপিব লাগিছে। তেওঁ দুৱাৰ মুখতে থিয় হৈ গােটেই খােটালিটো ভালকৈ পৰীক্ষা কৰি চাই ঘৈণীয়েকক সুধিলে,—“কি হৈছিল? দুৱাৰ মেলা নাছিলি কিয়?” ঘৈণীয়েকে সেপ ঢুকি ঢুকি ক'লে—“কোনােবা বুলি ভয় লাগিছিল।” - ২ঃ -