পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কবি-প্ৰিয়া

আছে। পতি-পত্নী দুজনৰ যেয়ে য’তে থাকক, দুয়োজনৰ ভিতৰত এটা অজ্ঞাত আকৰ্ষণ থাকে, — পৰস্পৰৰ প্ৰতি এটা বুজিব নোৱাৰা আকুলতা জন্মে। বিধাতাৰ ইচ্ছাত যেতিয়াই দুয়োৰে সাক্ষাৎ ঘটে, তেতিয়াই দুয়োখনি হৃদয় আলোড়িত হৈ উঠে আৰু দুয়োৰে সত্তা একত পৰিণত হয়। মুঠতে মই বিশ্বাস কৰোঁ —

দ্বীপাদন্যস্মাদপি মধ্যাদপি জলনিধেৰ্দ্দিশোহপ্যন্তা।
দানীয় ঝটিতি ঘটয়তি বিধিৰভিমতমভিমুখীভূতঃ॥

 উমা — তুমি লাগিলা আকৌ কবিতা আওৰাবলৈ। এনেকৈ হলে তোমাৰ লগত কথা পতাই টান দেখিছোঁ।

 দীন — তুমিও বৰ পোন-পটিয়ে কথা পাতিছা বুলি মোৰ মনে ধৰা নাই। তোমাৰ উদ্দেশ্য কি ভাঙিয়েই কোৱাঁচোন।

 উমা — মোৰ কথা এক ৰকম ভাঙিয়েই কৈছোঁ। মোৰ উদ্দেশ্য এই যে তুমি তোমালৈ আগ বঢ়োৱা ছোৱালীবিলাকৰ ভিতৰত যাকে মনোমত পোৱা, তেওঁকেই বিয়া কৰোৱাঁ। লগে লগে ইয়াকো কওঁ যে ঊষাৰ লগত তোমাৰ বিবাহ হলে মই সুখী হ’ম আৰু মোৰ বিশ্বাস তুমিও সুখী হব পাৰিবা। তাইৰ লগত মোৰ সম্বন্ধ থকাৰ বাবে অকল স্বাৰ্থলৈ লক্ষ্য ৰাখি মই এই কথা কোৱা নাই, তাই তোমাৰ উপযুক্ত হ’ব বুলি মোৰ পূৰ্ণ বিশ্বাস আছে দেখিহে কৈছোঁ। তোমাৰ কবিতা, তোমাৰ প্ৰৱন্ধ তাই যি আগ্ৰহেৰে পঢ়ে, তোমাৰ প্ৰশংসা শুনিলে তাইৰ যি আনন্দ হয়, তোমাৰ আদৰ্শৰ উপযোগী হবলৈ যেনে যত্ন কৰে, তালৈ চাই মোৰ কথা অলপো অতিৰঞ্জিত নহয় বুলি ডাঠি ক’ব পাৰোঁ। মুঠতে, তাই তোমাৰ নিমিত্তেই, তুমি বিয়া কৰালে তাই সুখী হ’ব, তুমিও এজনী উপযুক্ত গৃহিণী লাভ কৰি সুখী হব পাৰিবা।

— ৭ —