পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিলোঁ। আপােনাৰ বিবিধ অনুষ্ঠানৰ যিটোতে মােৰ পৰা কাম হ’ব পাৰে বুলি ভাবে, তাতে নিয়োগ কৰি মােক মােৰ কৰ্ত্তব্য কৰিবলৈ সুযােগ দিয়ক, আপােনাৰ কৰ্ত্তব্যৰ ভাৰ আংশিকৰূপে মােৰ কান্ধত স্থাপন কৰক, এয়ে মােৰ আপােনাৰ চৰণত গােহাৰী।

আপােনাৰেই অযােগ্যা দাসী
প্ৰভাৱতী

 চিঠিখন দীনবন্ধুৱে কেইবা বাৰো ঘূৰাই ঘূৰাই পঢ়িলে। প্ৰথমতে তেওঁ কিছু গম্ভীৰ হ’ল, কিন্তু অলপ পিচতে এটা আনন্দৰ জ্যোতি তেওঁৰ গােটেই মুখমণ্ডলত বিয়পি পৰিল। তেওঁ প্ৰভাৱতীলৈ লিখিলে:—

প্ৰাণৰ প্ৰভা,

 তােমাৰ চিঠি পঢ়ি মই পৰম আনন্দ লাভ কৰিলোঁ; তােমাৰ আধ্যাত্মিক উন্নতি দেখি মই আজি গর্ব্ব অনুভৱ কৰিছোঁ। বাস্তৱতে বিবাহৰ চৰম লক্ষ্য পতি-পত্নীৰ প্রিয় কাৰ্য্যৰ সম্পাদনত দুয়ােৰে আত্মনিয়ােগ কৰা, তাতেই বৈবাহিক জীৱনৰ সুখ-শান্তি। কোনােৱে সম্ভোগত সেই শান্তি পায়, কোনােৱে কৰ্ম্মত ততোধিক আনন্দ লাভ কৰে৷ তুমি স্কুলৰ কাম এৰাত ভালেই হৈছে, কিয়নাে বর্ত্তমান সময়ত তােমাৰ সাহায্যৰ মােৰ বৰ আৱশ্যক হৈছে। সম্প্রতি যি নতুন অনুষ্ঠান আয়ােজন হৈছে, তাত কৃতকার্য্য হবলৈ তােমাক লগত লাগিবই। ভগৱানৰ কৃপাত আমাৰ নিমিত্তে কৰ্ম্মক্ষেত্ৰৰ বিবাহ মণ্ডপ প্রস্তুত হ’ব লাগিছে। শীঘ্ৰে আমাৰ বিবাহ হব, কৰ্ম্মই হ’ব তাত মিলন-গ্রন্থি, প্রেমেই পুৰােহিত।

তােমাৰেই জীৱন-সঙ্গী
দীনবন্ধু

—৩৩৬—