পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ইন্দ্র কিন্তু ককাইদেউৰ পৰা মই এতিয়া বেলেগ ; সেই কাৰণে মই তাৰ হতুৱাই একো কৰােৱাৰ নােৱাৰিম। তুমি ক'লে ককাইদেৱেই যি কৰিব লাগে কৰিব। চাকৰটো খেদাবৰ পৰা তেওঁ চেক্রেটাৰী আৰু প্ৰভাৱতীক কেনেকৈ খেদাৰ, তাৰ চেষ্টাতেই ঘুৰিব লাগিছে। লক্ষ্মী -হয়নে? তেনেহলে কোন চিন্তা নাই। সেই কাৰ্য্যৰ ভাৰ ময়েই ললো। কিন্তু তুমি আন এটা কাম কৰিব লাগিব। ইন্দ্র—কি ? লক্ষ্মী--উকীল আৰু প্ৰভাৰ নামে কিছুমান বিজ্ঞাপন প্রচাৰ কৰিব লাগিব। লিখোতে বিশেষ সাৱধান হােৱা আৱশ্যক যাতে আখৰ দেখি কোনেও লেখকক চিনিব নােৱাৰে। জাননী ওলালে বহুতে মােক সন্দেহ কৰিব পাৰে ; সেই দেখি তত মােৰ হাতৰ আখৰ থকা উচিত নহয়। ইন্দ্র—সেইটো সহজে কৰিব পাৰি; কিন্তু মই ইয়াত থাকিব নােৱাৰিম। কালিলৈ কোনােবা এফালে যাম বুলি ভাবিছো। লক্ষ্মী—কিয়? ই-ককায়ে বেলেগাই দিয়াৰ পৰা মােৰ থকা-মেলাৰ বৰ অসুবিধা হৈছে ; সেই কাৰণে এমাহৰ ছুটী লৈ এবাৰ ঘূৰি আহিব খুজিছো; কি জানি ক'ৰবাত কিবা সুবিধা কৰিব পাৰে। | লক্ষ্মী—তাৰ কোনাে আৱশ্যক নাই। এটা সিদ্ধান্ত হৈ নুঠে মানে তুমি ইয়াতে থাকি কাম কৰিব পাৰিবা। | ইন্দ্ৰনাথৰ আনন্দৰ সীমা নােহােৱা হ'ল। ইমান সহজে যে তেওঁৰ অভিলাষ পূর্ণ হ’ব, তাক তেওঁ সপােনতে তাবিব পৰা নাছিল। তেওঁ ভাবিলে বিয়া হওক বা নহওক, সম্প্রতি থাকিবলৈ ঠাই পােৱা, তাকে আকৌ ৰম্ভাৰ লগত পােৱাতকৈ তেওঁ কি বেচি সৌভাগ্য কল্পনা কৰিব পাৰে। তেওঁৰ মনত এটা হেন্দোলনি উঠিল ; এক মুহূৰ্তৰ আগেয়ে