যি হওক, এতিয়ালৈকে এই ঘৰখন বৰ সুন্দৰকৈ চলি আহিছে। ধান, চাউল, মাহ, সৰিয়হ, গুৰ-গাখীৰ, শাক-পাচলি, টকা-কড়ি — একোৰে অভাৱ নাই। পামত চাৰিটা হালোৱাই চাৰিখন হাল চলায়েই আছে; খুটিত গৰুৰ সংখ্যা বাঢ়িবই লাগিছে, শাহু-বোৱাৰীৰ ভিতৰত সুন্দৰ মিল আছে। তেনে স্থলত এই সংসাৰ যদি সুখৰ নহয় কেনেকুৱাক নো সুখৰ সংসাৰ বুলিব? অৱশ্যে আগলৈ কি হয় তাক ভগবানৰ বাহিৰে আৰু কোনে জানে!
পদুলি ওলায়েই কাতিৰামে সুধিলে, — “পিচে ককাইদেউ, আপুনি কিবা কম বুলিছিল নহয়?”
তপেশ্বৰ — এৰা, কথাটো হৈছে পৰহি বাতৰিকাকতত পঢ়িলোঁ — এজন মানুহ চৰকাৰৰ ঘৰৰ পৰা ৰায় চাহাব খিতাপ পাইছে। মানুহজনক আমি চিনি পাওঁ। তেওঁ লিখা-পঢ়াও ভালকৈ নাজানে, আৰু তোৰ সমান ধন সম্পত্তিও নাই। কোনোমতে খেতি-বাতি চলাই পেট-পোহা মানুহ। অকল বুদ্ধিৰ বলতেই তেওঁ ইমান ডাঙৰ মানুহ হ’ল। এই বাতৰিটো পাবৰে পৰা মই ভাবিব লাগিছোঁ বোলো তেৱেঁই যদি ৰায় চাহাব হ’ল আমাৰ কাতিৰাম নো পৰি থাকিব কিয়? তোৰ অৱস্থা যেনেকুৱা, অলপ বুদ্ধি খটাব জানিলেই ৰায় চাহাব হে নালাগে, ৰায় বাহাদুৰ হবলৈকো একো টান নহয়।
কাতিৰাম — তেওঁনো কি বুধি খটাইছিল?
তপেশ্বৰ — তেওঁ ভাল মানুহৰ দৰে সাজ-পাৰ পিন্ধি ডাঙৰ ডাঙৰ মানুহৰ লগত ফুৰিবলৈ ধৰিলে। চৰা ঘৰটো ধুনীয়াকৈ কৰি তাক চাহাবি ধৰণেৰে সজালে, আৰু ডাঙৰ ডাঙৰ মানুহ মাতি ভোজ দিবলৈ ধৰিলে; মাজে মাজে আক তাক ধৰি-মেলি তেওঁৰ সুখ্যাতি বাতৰি-কাকতত ছপোৱালে। অলপ দিনৰ ভিতৰতে তেওঁ অকল আমাৰ সমাজত নহয়, চাহাব-সমাজতো জনাজাত হ’ল। তাৰ ফলত এতিয়া