পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা প্ৰকৃতিৰ পৰিচয় দিয়াত মােৰ সকলো কল্পনা, প্রলােভনৰ সকলাে মায়া- জাল অদৃশ্য হৈ গল ; মই ৰক্ষা পৰিলোঁ। প্রিয়তম, সি পাষণ্ডই তাৰ পাশৱ বলেৰে মােৰ দেহ অপবিত্র কৰিবলৈ আগ বাঢ়িছিল, কিন্তু নানা চিন্তাত মই সজাগে থকাত সি মােক স্পর্শ কৰিব নােৱাৰিলে। তাৰ ফলত তাৰ ওপৰত মােৰ এটা ঘৃণা জন্মিল, তাক ঘৰৰ পৰা উলিয়াই খেদালো। ক’ব নােৱাৰো,—সি সংযতভাবে আগ বঢ়াহ'লে মােক ক’লৈ লৈ গ'লহেঁতেন! কালি ৰাতি মই বিশেষকৈ ভাবিছিলো ক’ত সেই ৰমণীৰ প্ৰেম, আৰু ক’ত আপােনাৰ ভালপােৱা ! ৰমণীৰ প্ৰেমত নৰকৰ পূতিগন্ধ, আপােনাৰ প্ৰেমত নন্দনৰ সুৰভি। ৰমণীয়ে কলিকতাৰ পৰাও বহুত চিঠি লিখিছিল, মই চিঠি লিখিবলৈ মানা কৰি দুশাৰীমান লিখাৰ বাহিৰে আন কোনাে উত্তৰ দিয়া নাই। ইমানবােৰ ঠেলা সহ্য কৰিও মই সম্পূর্ণরূপে সংযম শিকা নাছিলো, নতুবা শিৱৰামৰ লগত আকৌ নতুন অভিনয়ৰ সূত্রপাত নহ'লহেঁতেন। আপুনিয়েই মােৰ ইষ্টদেৱতা হৈ এই সকলােবােৰৰ পৰা ৰক্ষা কৰিছে। স্কুলসম্বন্ধীয় সভা হৈ যােৱাৰ পিচতহে মােৰ প্ৰকৃত সাধনা আৰম্ভ হৈছে ; লাহে লাহে মােৰ ইষ্টদেৱতাৰ ৰূপ স্পষ্টতৰ হৈ ধৰা পৰি আহিছে। মই এতিয়া ভালকৈ বুজিছো, আপােনাৰ চৰণত আশ্রয় পাবলৈ মােৰ আৰু সাধনা, আৰু সংযমৰ প্রয়ােজন। দেৱতা মােৰ, আবর্জনাত পৰি থকা এই ফুল আপােনাৰ পূজাৰ নিমিত্তেই, কিন্তু চৰণত স্থাপন কৰাৰ পূর্বেই তাক ধুই-পখালি সম্পূর্ণ নির্মল কৰিব লাগিব ; কামনাৰ দুৰ্গন্ধ একেবাৰেই দূৰ কৰিব লাগিব। কিন্তু সেই দিন যে এতিয়াও অহা নাই । মােৰ দ্বিতীয় কথা হৈছে—আপােনাৰ কৰ্ম্ম-জীৱনৰ সম্পর্কে। আপােনাৰ কামত আপােনা কোনাে স্বার্থ নাই। কেনেকৈ দেশত শিক্ষা, সাম্য, আৰু নীতি প্ৰচাৰ কৰিব পাৰি এয়ে মাথােন আপােনাৰ এক মাত্র চিন্তাৰ বিষয়। এনে অৱস্থাত যিসকলৰ মঙ্গলৰ নিমিত্তে