সাধনা
উদ্দেশ্য কি! মূৰ খজুৱাই খজুৱাই সেপ ঢুকি উত্তৰ দিলে-“হয়”
দীন—আপুনি ৰমণীমোহন দত্তক চিনি পায়?
জ্ঞানেন্দ্ৰই থৰক-বৰক মাতেৰে বহুত বেলিৰ মূৰত ক'লে,—“কোন —ৰমণীমোহন দত্ত?”
দীন—বেৰিষ্টাৰ, আপোনাৰ বোধকৰো বন্ধু।
জ্ঞান—মোৰ বন্ধু! ক’তা মই দেখোন নামকে শুনা নাই।
দীন—বোধকৰোঁ আপুনি সঁচা কথা কোৱা নাই।
জ্ঞান—মিছা কোৱাৰ পৰা মোৰ কি লাভ?
দীনবন্ধুৱে এখন চিঠি উলিয়ালে। সেইখন ৰমণীমোহনে কলিকতা পাই প্ৰভাৱতীলৈ লিখা চিঠি। তাত বহুত কথাৰ পাচত সামৰণিত এই কেইটা কথা আছিল,—“কোনো কাৰণবশতঃ মই আগৰ ঘৰ এৰি আহিলোঁ। সম্প্ৰতি বিশেষ কাৰ্য্যত বহুত ঠাইত ঘূৰিব লগাত পৰিছোঁ। সেই কাৰণে মোলৈ চিঠি দিলে তলত লিখা ঠিকানালৈ দিবা, “শ্ৰীৰমণীমোহন দত্ত। কেয়াৰ অব্ বাবু জ্ঞানেন্দ্ৰনাথ ৰায়, ১১৮ নম্বৰ মুক্তা বাবুৰ লেন, কলিকতা।” এই চিঠিখন প্ৰভাৱতীয়ে বহুত দিনৰ পিচত ফটা কাকতৰ পাচিত পাই দীনবন্ধুক দিছিল।
চিঠিখন দেখুৱাই দীনবন্ধুৱে জ্ঞানেন্দ্ৰক সুধিলে,-“এই চিঠিখন কাৰ লিখা ক’ব পাৰেনে?”
জ্ঞান—ক’ব নোৱাৰো।
দীন—ভাল কথা। শেহত মোক হলে দোষ দিব নোৱাৰিব। মই এতিয়া সকলো কথা আপোনাৰ চাহাবক ক’ম। তাৰ পিচত যি কৰা উচিত কৰিম। মোৰ কবলগীয়া কথা শুনক,—আপুনি আচলতে জ্ঞানেন্দ্ৰনাথ ৰায়, কিন্তু ৰমণীমোহন দত্ত বেৰিষ্টাৰ হৈ বালিকা-স্কুলৰ শিক্ষয়িত্ৰী প্ৰভাৱতীক বিয়া কৰাবলৈ আহিছিল, তেতিয়া এবাৰ মোৰ দৰ্শন-লাভ ঘটিছিল। আপুনি তেওঁৰ ঘৰত এদিন এৰাতি থাকি
–৩৬৪–