প্ৰথম — কিয়, গকুলচন্দ্ৰ আৰু প্ৰভাৱতীৰ কেলেঙ্কাৰীৰ কথা বিচাৰ কৰাই জানো আপোনাৰ উদ্দেশ্য নহয়?
দীন — কোনে ক’লে আপোনালোকক তেনে কথা ?
দ্বিতীয় — ৰাজখোৱাহঁতে সেই বুলিয়েইতো আমাৰ চহি আনিছিল।
চতুৰ্থ — আৰু কৈছিল বোলে আপুনি নিজ চকুৰে তেনে ঘটনা দেখা পাইছিল। আন কি, ৰাতি দুই তিনি বজাতো মানুহ অহা-যোৱা কৰা আৰু সিহঁতৰ জঘন্য উদ্দেশ্য ব্যক্ত কৰা আপুনি অলপো সন্দেহ নথকাকৈ জানিব পাৰিছিল।
দীন — আৰু আপোনালোকে সেইবোৰ কথাকে বিশ্বাস কৰিছিল? কি আচৰিত! আপোনালোকে যে এইবোৰ কথা সঁচা বুলি ভাবিছিল, সঁচাকৈয়ে মোক চোৰাংচোৱা বুলি বিশ্বাস কৰিছিলনে? মোৰ কাৰ্য্য সদায় দেখি আছে, কেতিয়াবা চোৰাংচোৱাৰ কাম কৰা শুনিছিল জানো?মোক আপোনালোকে ইমান অকৰ্ম্মণ্য বুলি ভাবে নে যে মই সময় নিয়াবলৈ উপায় নাপাই সিন্ধিখনা চোৰৰ দৰে সদায় পৰৰ পিৰালিত জোপ লৈ ফুৰোঁ?
এটা খং আৰু বেজাৰৰ চিন তেওঁৰ গোটেই মুখত বিয়পি পৰিল। ভদ্ৰলোক কেইজনে ক’লে,— “আমাক ৰাজখোৱাহতে ক'লে বোলে আপুনি এইবোৰ নিজ চকুৰে দেখিছে, আৰু সকলো প্ৰমাণ যোগাৰ ৰাখি তাৰ বিচাৰৰ নিমিত্তে এই আৰ্জ্জি লিখিছে। মাথোন আপোনাৰ সময় নোহোৱাতহে আপোনাৰ অনুৰোধ মতে তেওঁলোকে আমাৰ স্বাক্ষৰ সংগ্ৰহ কৰিছিল। আম তেতিয়া বিশেষভাবে একো ভাবিবলৈ নহ’ল৷ আপোনাৰ স্বাক্ষৰ প্ৰথমতে দেখিয়ে তেওঁলোকৰ কথা বিশ্বাস কৰি পেলালো।
দীনবন্ধুৱে তেতিয়া কেনে অৱস্থাত আৰু কি উদ্দেশ্যত আৰ্জ্জিত স্বাক্ষৰ দিছিল, তাক ভাঙিপাতি ক’লে; মানুহকেইজনে শুনি আচৰিত