পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিবাহ-প্ৰস্তাৱ কটাবলৈ সাজু হৈছিলো। কি সুন্দৰ মােৰ মানস প্রতিমা ! তাৰ লগত যে একোৰে তুলনা নহয় । এনেকৈয়ে বহুত দিন গ’ল। কিন্তু মােৰ কল্পনা অলীক নহয়; এদিন উষালােকৰ লগে লগে সেই মানস প্রতিমা সজীৱ হৈ মােৰ সন্মুখত উপস্থিত হ’ল। মই ভােল গলো, প্রাণ নাচি উঠিল ; মােৰ জীৱন-যৌৱন নীৰৱে সমৰ্পণ কৰিলোঁ। জীৱনৰ ভিতৰত এয়ে মােৰ প্ৰথম ভালপােৱা, এয়ে শেষ হ’ব লাগিব। তেওঁৰ বাহিৰে আনক দিবলৈ মােৰ হৃদয় নাই। মুঠতে তােমাৰ অনুমান সঁচা; সেই দেখিয়েই কৈছো,তুমি মােৰ নিমিত্তে পাত্রী বিচৰা অনাৱশ্যক। | যাৰ লগত মানস প্রতিনাৰ মিল, যাক মই মনে মনে আত্মসমর্পণ কৰিলোঁ, যাক জীৱনত প্ৰথম আৰু শেষ বাৰৰ নিমিত্তে চিৰ-সঙ্গিনীৰূপে ভাল পালোঁ, তেওঁ কোন ভাগ্যৱতী জানিবলৈ তুমি ব্যগ্ৰ হৈছা। শুনা তেন্তে,চক নাখা, খং নকৰিবা, স্থিৰ হৈ শুনা,—সেই ভাগ্যৱতী তুমি। ভােমাৰ বাহিৰে আনৰ লগত মােব বিবাহ.অসম্ভৱ। তােক এই কথা জনাম বুলি আগেয়ে ভবা নাছিলো, নীৰৱে ভালপােৱাইহে মােৰ উদ্দেশ্য আছিল ' কিন্তু আজি তােমাৰ চিঠিব পৰা তােমাৰ লক্ষ্যও ময়ে বুলি বুজিহে ইমান দিন পনে ৰখা কথা প্রকাশ কৰিলোঁ। যদি মােৰ বুজাত ভুল হৈছে, তেন্তে ক্ষমা কৰিব, আৰু ইয়াত লিখা কথা পাহৰি যাব। মনত ৰাখি বা—তােমাৰ স্বাৰ্থ নাথাকিলে অকল মােৰ সুখ-সন্তোষৰ নিমিত্তে কেতিয়াও তােমাক মােৰ হ’বলৈ নকও। তুমি যদি মােৰ হ’ব নােৱাৰা, তেনেহলেও মােব তাত বোৰ নাই। তুমি যি কৰি সুখী হ’ব পাৰা, তাকে কৰিলেই ময়াে সুখী হ’ম। মই দৈহিক মিলনৰ নিমিত্তে ব্যস্ত নহওঁ, তুমি য’তে থাকা, যেনেকৈ থাকা, ইমান দিন যেনেকৈ নীৰৱে ভাল পাই আহিছোঁ, চিৰকাল তেনেকৈয়ে ভাল পাম। ভাল পাই ভাল লাগে বুলিয়েই মই ভাল পাওঁ। সেই কাৰণে আমাৰ মিলন অসম্ভৱ হলেও যেন নিৰুদ্বেগ চিত্তে আগৰ দৰেই হাতত