পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৰােগ ৩ষা এই ঘৰবােৰ তেওঁ কেলেই সজাইছে, এতিয়ালৈকে কাকো কোৱা নাই ; কোনােবাই সুধিলে কয়,—“জানাে কি কৰিব পাৰো। যদি কিবা কামত লগাব পাৰে দেখিবা নহয়।” ঘৰ সজাবলৈ আৰম্ভ কৰিবৰে পৰা তেওঁ প্রায় দিনত ঘৰলৈ অহা নাই ; দুপৰীয়া তাতেই খােৱাৰ দিহা কৰি লৈছিল। তেওঁ তাত অকল কামৰ তত্ত্বাৱধানকেহে লৈছিল, এনে নহয়, নিজেও আন হজুৱা মানুহৰ সমানে সকলাে কাম কৰিছিল। | সেই দিনা দীনবন্ধুৰ পামৰ পৰা অহাত পলম হৈছিল। আহি, থাকোতে তেওঁ বাটৰ দাতিত এটা বুঢ়া মানুহ পৰি থকা দেখিলে। মানুহটো ৰুগীয়া, বহুত দিন খেহ ৰােগত পৰি হাড়-ছাল মাত্র আছে। তাৰ সংসাৰত কেকিছু নাই। ভিক্ষা কৰি কোনাে মতে পেট বর্তায়, আৰু কেতিয়াবা আলহী ঘৰত, কেতিয়াবা গছৰ তলত থাকে। তাৰ গাত এড়ােখৰ লেংটি আৰু এড়ােখৰ ফটা কম্বলৰ সঁহিৰে একো নাই ; জাৰত ঠক্ঠক্ কৰে কঁপিব লাগিছে। মানুহটো জাতত উড়িয়া। আজি নৰিয়া বেচি হােৱাত খােজ কাঢ়িব নােৱাৰি পৰি আছে। দীনবন্ধুৱে গাৰ এৰীয়া কাপােৰখন খহাই তাক লবলৈ দিলে। তাৰ পিচত এটা হাতেৰে বা-বিচনীয়ে দি সাবটি ধৰি বুলাই বুলাই সেৱাশ্ৰমলৈ লৈ গ'ল। তাত দৰৰ-পাতি খুৱাই, শােৱা-খােৱাৰ দিহা কৰি দি আহোঁতে ৰাতি বহুত হল। ঘৰ পাই দীনবন্ধুৱে গা-পা ধুই ভাত খালে। খাই উঠাৰ পিচত গঙ্গাই ক'লে,-“আজি দেউতাক বিচাৰি মাষ্টৰনীয়ে কেইবাবাৰাে মানুহ পঠিয়াইছিল, জ্বৰ টান হৈছে হবল।” | দীনবন্ধু চিন্তিত হ’ল। তেওঁ এবাৰ খবৰটো লৈ আহিবলৈ যাব নে কি? কিন্তু এই ৰাতি দুপৰত যােৱা জানাে প্রভাৰ পক্ষে ভাল হব। তেওঁ এই দৰে ভাবিছে, এনেতে প্রভাৰ লিগিৰীজনী আহি ক'লে,- = ২১ -