পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপসংহাৰ


চাই দেখিলে—সম্মুখত স্বয়ং দীনবন্ধু। দুয়ো বিগ্ৰহৰ পৰিবৰ্ত্তে দীনবন্ধুক সাষ্টাঙ্গে প্ৰণিপাত কৰিলে।

 দীনবন্ধুৰ এবছৰ কাৰাদণ্ড হোৱাৰ কথা সকলোৱে জানে। তেওঁ এই দণ্ডৰ বিৰুদ্ধে হাইকোৰ্টত আপীলো কৰিছিল কিন্তু হাইকোৰ্টে আগৰ দণ্ডকেই ‘বহাল’ ৰাখিলে, মাত্ৰ সশ্ৰম গুচাই বিনাশ্ৰম কৰিলে।

 ফাটেকত দীনবন্ধুৰ ছমাহ অন্ত হোৱাৰ পিচতে মহাৰাজাধিৰাজ পঞ্চম জৰ্জ্জ ভাৰত-সম্ৰাট-স্বৰূপে দিল্লীৰ ৰাজপাটত বহিল। সম্ৰাটে বঙ্গবিচ্ছেদ ৰহিত কৰে, আৰু লগে লগে বহুতে ৰাজনৈতিক বন্দীৰ মুক্তি হয়। দীনবন্ধুৱেও এই ঘোষণামতেই মুক্তিলাভ কৰে। এই ছমাহ ফাটেকত তেওঁ বহুত গ্ৰন্থ অধ্যয়ন কৰিলে, আৰু “ধৰ্ম আৰু সমাজ” নামেৰে এখন ডাঙৰ কিতাপ লিখিলে। অবিৰাম পৰিশ্ৰমৰ পাচত এই ছমাহৰ বিশ্ৰাম তেওঁক লগাও হৈছিল। ফাটেকত তেওঁ বিশেষ অসুবিধা একো পোৱা নাছিল; জেইলৰ কৰ্মচাৰীসকলে তেওঁক যথেষ্ট শ্ৰদ্ধা কৰিছিল।

 মুক্তি পাই দীনবন্ধু ঘৰলৈ আহিল। দীনবন্ধুক দেখা পাই গঙ্গাৰ কি আনন্দ তাক বৰ্ণনা কৰিব নোৱাৰি। দীনবন্ধুৱে সকলো কাৰ্য্যৰ বুজ লৈ গঙ্গাৰ প্ৰভুপৰায়ণতাত মুগ্ধ হ’ল; গঙ্গাক সাৱটি ধৰি ক’লে,-“আজিৰ পৰা আৰু তই মোৰ ভৃত্য নহৱ, তই মোৰ সহোদৰ ভাই।”

 সন্ধ্যা সময়ত দীনবন্ধু স্ত্ৰীশিক্ষাশ্ৰমলৈ গ'ল। প্ৰভাৱতীয়ে দীনবন্ধুৰ মুক্তিৰ সংবাদ পোৱা নাছিল।

 দীনবন্ধুৱে বাহিৰত প্ৰভাক দেখা নাপালে; তেওঁ ভিতৰলৈ সোমাই গল। ঠিক সেই সময়তে সান্ধ্য আৰতিৰ মধুৰ ধ্বনি তেওঁৰ কাণত পৰিল। তেওঁ নীৰৱে শুনি থাকিবলৈ ধৰিলে। আৰতিৰ অন্ত হ’লত

-৩৮৯-