এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা
ৰম্ভাৰ তেতিয়া সাহ-পিত সকলো গৈছিল। তথাপি ক’লে, — “মোৰ বোধেৰে আপুনি মোৰ ওপৰত যি অভিযোগ কৰি বহি আছে, মই শুনা হলে তাৰ সদুত্তৰ দি মোৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিব পাৰিলোঁহেঁতেন।
দীন — তাৰ কোনো প্ৰয়োজন নাই। তুমি মোৰ মতত চলিব নোৱাৰোঁ বুলি নিজ মুখেই কৈছা। তেনেস্থলত আন তৰ্ক-বিতৰ্কলৈ যাব লাগিছে কিয়?
ৰম্ভাই আকৌ কিবা এটা ক’ব খুজিছিল; কিন্তু দীনবন্ধুৱে ঘৰিলৈ চাই ক’লে, — “ক্ষমা কৰিবা, মই আৰু কথা পাতিব নোৱাৰোঁ। মোৰ গা ধোৱাৰ সময় অতীত হ’ল। এতিয়া তোমাক বিদায়হে দিলো।”
ৰম্ভা বহাৰ পৰা উঠিল। যাবৰ সময়ত ক’লে, — মই আজি বা কালিলৈ আকৌ আপোনাৰ ওচৰলৈ আহিম।”
দীন — মই আগেয়েই কৈছোঁ কেইদিনমানলৈ মোক লগ নাপাবা।
ৰম্ভা গৈ গাড়ীত উঠিল, দীনবন্ধুও গা ধুবলৈ গ’ল।
⸻
— ৪৬ —