পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সাধনা

তৃতীয় খণ্ড

প্ৰথম অধ্যায়

শ্ৰাদ্ধ

 চহৰৰ যিটো চুকত দীনবন্ধুৰ ঘৰ তাৰ বিপৰীত ফালে ব্ৰহ্মপুত্ৰৰ ওচৰতে এজন পুৰণিকলীয়া ডাঙৰীয়াৰ ঘৰ। তেওঁৰ টোলটো বৰ ডাঙৰ। বাৰীত প্ৰায় সকলো বিধৰ ফল-ফুলৰ গছ দেখিবলৈ পোৱা যায়। চহৰৰ পৰা কিছু নিলগত তেওঁৰ ৰুপিত আৰু ফৰিঙতি মাটিও আছে। তাত তেওঁ ধান, মাহ, আলু, সৰিয়হ আদিৰ খেতি কৰে। তেওঁৰ এটা লৰাই বি. এ পাছ কৰি কিবা এটা কামত ধৰিছে, ইটোৱে স্কুলত পঢ়ে। ছোৱালীজনীয়ে ঘৰতে বাপেকৰ ওচৰত পঢ়ি অসমীয়া আৰু ইংৰাজী ভালকৈ শিকিছে। গান-বাজনা চিত্ৰাঙ্কন আদিও মজলীয়া ৰকমে জানে। ইয়াৰ বাহিৰেও তেওঁ বোৱা-কটা, ৰন্ধা-বঢ়া আদিত বৰ পাকৈত; ইমান পাকৈত যে এই দুই বিষযত তেওঁৰ লগত জোৰ দিব পৰা ছোৱালী গোটেই চহৰখনতে নাছিল। লিগিৰীৰ লগত ধানবনা, পানী অনা, গোবৰ পেলোৱা আদি কাম কৰিও তেওঁ ৰং পায়। তেওঁৰ এই বিশেষত্ব এই যে তেওঁ লগৰ আন লৰাছোৱালীৰ দৰে অনাহকত বেচিকৈ কথা নকয়। যিমানখিনি আৱশ্যক সিমানখিনি

– ২১৫ –