বেমাৰ-উমাৰ হৈছে। আপোনালোকে আন কৰিব নোৱাৰে, অন্ততঃ ফুৰাৰ লগতে দুই এখন গাৱঁত বেমাৰৰ সময়ত কেনে সতৰ্কতা ল’ব লাগে, তাৰ বিষয়ে মানুহক দুটা উপদেশ দিব পাৰে; স্বাস্থ্যৰক্ষা সম্পৰ্কে দুই-চাৰি কথা বুজাই দিব পাৰে। তাৰ পৰা আপোনালোকৰ কোনো ক্ষতি নহয়, অথচ বহুত মানুহৰ উপকাৰ হ’ব। তাকে নকৰি কাৰ ঘৰলৈ কোন, গল, কোনে কাৰ কাণত ফুচফুচালে, কোনে গান গালে,—এইবোৰ কথাৰ আলোচনা কৰি আপোনালোকে নিজৰেই হওক বা পৰৰেই হওক, কাৰ কি উপকাৰ কৰিবলৈ গৈছে? সেই কাৰণে আপোনালোকক কওঁ – যদি কিবা সজ পৰামৰ্শ, সজ চৰ্চা কৰিবলৈ ঠাই লাগে, তেন্তে মোৰ ঘৰ সদায় মুকলি পাব; কিন্তু কোনোমতেই মোৰ ঘৰক পাপ-উপাসনাৰ ঠাই কৰিবলৈ দিব নোৱাৰোঁ। তদুপৰি মোৰ শাসনত কেইবাটাও ছাত্ৰ আছে; আপোনালোকৰ আদৰ্শই সিহঁতক লক্ষ্যভ্ৰষ্ট কৰাৰ সম্ভাৱনা।
দীনবন্ধুৰ কথাত বেজাৰ পাই আলহীদল সেই দিনা সোনকালে উঠিল আৰু বাটে বাটে দীনবন্ধুৰ বিৰুদ্ধে বহুত কথা আলচি গ'ল, কিন্তু এজন কি দুজনৰ বাহিৰে বাকীকেইজন পিচদিনাৰ পৰাই আকৌ আহিবলৈ ধৰিলে। আলোচনাও আগৰ দৰেই চলিয়েই থাকিল।
তৃতীয় আহুকালটো বৰ ডাঙৰ, তাৰ প্ৰকৃত অৱস্থাটো দীনবন্ধুৱে নিজেও ভালকৈ বুজা নাছিল।
দীনবন্ধু কেতিয়াও পাৰ্থিব প্ৰেমত পৰা নাছিল। তেওঁ কত ঠাইত ফুৰিছে, কত যুৱতীৰ লগত সাক্ষাৎ কৰিছে, কত জনে নিজ নিজ কন্যাৰ 'ফটো’ পঠিয়াই দি বিবাহ প্ৰস্তাৱ কৰিছে, তাৰ সীমা নাই; কিন্তু তেওঁ আজিলৈকে কাৰৰ মুখলৈ মুগ্ধনেত্ৰে চোৱা নাই, কাৰো মুখ দেখি তেওঁৰ অন্তৰত সাঁচ বহা নাই, হৃদয় আলোড়িত হোৱা নাই, কাৰো মুখ এবাৰ দেখাৰ পিচত দ্বিতীয়বাৰ দেখিবলৈ তেওঁৰ আগ্ৰহ জন্মা নাই। বিবাহৰ