বুলি মোৰ বিশ্বাস। তাৰ উপৰি আজি সভাত গৃহীত হলেই যে কোনো নিয়ম আগলৈ লৰাব পৰা নাযাব, এনে নহয়। আপোনালোকৰ ইচ্ছা হলে কালিলৈকে বেলেগ নিয়ম কৰিব পাৰিব। তেনেস্থলত মিছা তৰ্কৰ প্ৰয়োজন কি? মোৰ মতে এতিয়া উকীলে কোৱামতেই কাৰ্য্য কৰা হওক। যদি শইকীয়াদেৱে তাত আপত্তি কৰে আৰু আপোনালোকৰ ইচ্ছা হয়, তেন্তে পিচত যি হয় সাল-সলনি কৰিব।”
সভাপতিৰ কথাত কোনেও আপত্তি নকৰিলে; গতিকে সেইমতেই কাৰ্য্য হ’ল।
তাৰ পিচৰ কাৰ্য্য আছিল — সমিতিৰ সভ্য নিৰ্ব্বাচন। সৰ্ব্বানন্দ থিয় হৈ ক’লে, — “মই প্ৰস্তাৱ কৰোঁ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত কমলচন্দ্ৰ ৰাজখোৱা, গকুলচন্দ্ৰ দাস, গদাধৰ শৰ্ম্মা, কৃষ্ণকুমাৰ কাকতী আৰু তপেশ্বৰ বৰা ডাঙৰীয়া সমিতিৰ সদস্য নিযুক্ত হওক।”
বহুতো সমজুৱাই “সদস্যৰ” মানেই বুজা নাছিল; গতিকে দেখাক দেখি চাপৰি বজাই প্ৰস্তাৱটো সমৰ্থন কৰিলে। তথাপি এই মানুহকেইটা একেলগ হোৱা দেখি বহুতৰ মনত কিবাকিবি সন্দেহ জন্মিছিল।
তাৰ পিচত তপেশ্বৰ উঠি ক’লে — “নিয়মমতে সভ্য সাতজন হ’ব লাগে; এতিয়া হ’ল পাঁচজন, প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰে হ’ব ছজন, আৰু এজন লাগে। মই প্ৰস্তাব কৰোঁ মাননীয় সদাগৰ শ্ৰীযুক্ত সৰ্ব্বানন্দ দত্তৰ দ্বাৰা সেই জনৰ ঠাই পূৰ হওক।”
আগৰ দৰেই এই প্ৰস্তাৱো গৃহীত হ’ল।
তেতিয়া আকৌ সভাপতিয়ে ক’লে, — “এতিয়া এই সভ্য কেইজনৰ ভিতৰত একজন চেক্ৰেটাৰী বাছি ঠিক কৰিলেই আমাৰ কাৰ্য্য শেষ হয়। আপোনালোকে যাকে উপযুক্ত বিবেচনা কৰে তেওঁকেই চেক্ৰেটাৰী পাতক।”