পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 ডেইটন—মই বাট চাব নোৱাৰোঁ। পিতা-মাতা আদিক জানোৱাৰ আৱশ্যক কি? তুমি জাননা কেঁচুৱা ছোৱালী? তোমাৰ কামত হকা-বধা কৰিবলৈ এতিয়া তোমাৰ ঘৰৰ কাৰো তোমাৰ ওপৰত একো অধিকাৰ নাই। তাৰ উপৰি প্ৰভুৱে কৈছে,—“যি মোতকৈ মাক বাপেকক বেচি ভাল পায়, সি মোৰ উপযুক্ত নহয়।”* সেই কাৰণে তুমি কাৰো মতামতলৈ অপেক্ষা নকৰি বেপ্টাইজ্‌ড্ হোৱা উচিত; পিতাৰাহঁতক পিচত জনালেও চলিব।

 ৰম্ভাই একো নামাতি বহুত বেলি চিন্তা কৰিলে। ডেইটনে কিছু আশা দেখি আকৌ ক’বলৈ ধৰিলে,-“আৰু এটা কথা ভাবি চোৱা,— হিন্দুৰ ভিতৰত জাতিভেদ আছে, খৃষ্টানৰ নাই। হিন্দুৰ জাতিভেদ থকাৰ বাবে তলৰ জাতৰ মানুহৰ উদ্গতি নাই, কিন্তু আমাৰ ধৰ্ম্মত সকলো সমান, কোনেও কাকো ঘিণ নকৰে; এতিয়া আমাৰ স্কুলত যিবোৰ ছোৱালী আছে, প্ৰায় আটাইবোৰই নীহকুলায়া, ইহঁতৰ জাতৰ শিক্ষিত পুৰুষ বৰ তাকৰ। ডাঙৰ জাতৰ যিবোৰ শিক্ষিত মানুহ আছে, সিহঁতে ইহঁতক বিয়া কৰোৱ দূৰৰ কথা, ছুলেও গা ধোৱে। হিন্দু হৈ থকা হ’লে ইহঁত ইহঁতৰ জাতৰ নিতান্ত চহা মানুহলৈ যাব লাগিলহেঁতেন, কিন্তু এতিয়া খৃষ্টান হোৱাৰ কাৰণে ভাল শিক্ষিত খৃষ্টান দৰা পাব, আৰু চাহাব-মেম থকা দি সুখেৰে থাকিব পাৰিব। আকৌ যদি কিবা কাৰণত এৰাএৰি হ’ব খোজে তাৰো বাট আছে, এটাৰ লগত মন নিমিলিলে সেই বিয়া ৰদ কৰি আকৌ আন এটালৈ যাবলৈকো সুবিধা পোৱা যায়। হিন্দু হৈ থাকিলে জানো এইবোৰ সুবিধা পাব। ইমানতো তুমি খৃষ্টান হোৱাৰ কিমান লাভ বুজা নাই নে?


 * He that loveth father or mother more than Me is not worthy of me.—E. B.