পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

নহয়। অভিভাবকৰ মত নহলেও শিক্ষিতা ডেকা-গাভৰুৰ বিয়া হবলৈ দিয়া উচিত; বিলাততে তেনে হয়।”

 (৩) “যি মতা মানুহৰ লগত নির্ভীকভাবে কথা পাতিব পাৰে, তেনে তিৰুতাৰ যদি মতাৰ লগত নিভৃত স্থানতাে আলাপ হয়, তথাপি কিবা দোষ ঘটিব পাৰে বুলি মই ভাবিব নােৱাৰোঁ।”

 সামৰণিত লিখিছিল —ঃ“আপােনাৰ পবিত্ৰ চৰিত্ৰ, নিঃস্বার্থ দেশভক্তি প্রভৃতিৰ বাবে সকলােৱে ভক্তি কৰে, ভাল পায়। ময়ো আপােনাক অন্তৰৰে সৈতে ভাল পাওঁ, ভক্তি কৰোঁ। সেই দেখি হে মােৰ মনােভাব স্পষ্টকৈ ব্যক্ত কৰিবলৈ সাহ কৰিছোঁ। যদি তাত কিবা দোষ হৈছে ক্ষমা কৰিব।”

 প্ৰভাৱতীৰ প্ৰথম চিঠি পঢ়ি দীনবন্ধুৱে তেওঁৰ বিষয়ে যেনেকৈ ভাবিছিল, এই চিঠি পঢ়ি তাতকৈ বহুতাে বেলেগ দেখিলে। তেওঁ ভাবিলে নিশ্চয় প্রভাক গকুলচন্দ্র প্রভৃতি ষড়যন্ত্রকাৰীদলে জালত পেলাবলৈ যত্ন কৰিছে; তেওঁলােকৰ বুজনিতেই প্রভাই তেওঁৰ মতৰ বিৰুদ্ধে চলিবলৈ স্থিৰ কৰিছে। কিন্তু প্রভাক তেনেকৈ চলিবলৈ এৰি দিলে হয়তাে তেওঁৰ কিবা অমঙ্গল ঘটিব পাৰে,—পতন হ'ব পাৰে। আন যি হওক, দীনবন্ধুৱে প্ৰভাক ৰক্ষা কৰিবলৈ যত্ন কৰাটো তেওঁৰ কৰ্ত্তব্য বুলি স্থিৰ কৰিলে। প্রভাৰ পত্ৰৰ উত্তৰ স্বৰূপে তেওঁ এই চিঠিখন লেখিলে:—


ওঁ

সুচৰিতে,

 তােমাৰ চিঠি পঢ়ি মােৰ বিশ্বাস হৈছে—তুমি মােৰ কিতাপখন ভালকৈ পঢ়ি চোৱা নাই; ওপৰে ওপৰে অ'ত ত'ত চাইছা মাত্র।

—১০২—