পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা


কাতিৰামে ক'লে,-থৈ দে, বৰষুণত তিতি পানী লাগিছে, তাতে আকৌ ডাক্তৰ বিচাৰিব লাগিছে। দুদিন বা তিন দিনৰ মূৰত আপুনি ভাল হ’ব।

 ললিতায়ো সেই কথাৰ ওপৰতে নিৰ্ভৰ কৰি তিন দিন অপেক্ষা কৰিলে, কিন্তু জ্বৰ ভাল হওক ছাৰি ক্ৰমশঃ বেচিহে হ’ল। ললিতা অস্থিৰ হৈ পৰিল, তেওঁ ভাবিলে দীনবন্ধুক বাতৰি দিলে কিজানি তেওঁ কিবা কৰিবই পাৰে। তেতিয়াই তেওঁ সেই কথা শাহুৱেকক ক'লে; শাহুৱেকে ওচৰৰে মানুহ এটাক মাতি যেনে তেনে দীনবন্ধুক বাতৰিটো দিবলৈ পঠিয়াই দিলে। দুৰ্ভাগ্যবশতঃ যেতিয়া মানুহটো দীনবন্ধুৰ ঘৰলৈ যায়, তেতিয়া দীনবন্ধু বা গঙ্গা এজনো ঘৰত নাছিল। মানুহটোৱে তেতিয়া আন উপায় নেদেখি আস্পতালৰ পৰা অলপ ঔষধ লৈ অহাকে উচিত বিবেচনা কৰিলে। আস্পতাললৈ গৈ জ্বৰৰ দৰব খুজিলত ডাক্তৰে “কুইনাইন মিকচাৰ” এচিচা দিলে।

  ডাক্তৰৰ দৰবে একো গুণ নিদিলে, ৰোগীৰ অৱস্থা দিনে দিনে বেয়া হৈ যাবলৈ ধৰিলে। ললিতাৰ ভাত নাই, পানী নাই, টোপনি নাই, ল’ৰাটোক বুকত লৈয়েই দিন-ৰাতি কটাইছে। ঈশ্বৰক কত যে কাকূতি কৰিছে, কত দেৱালয় আৰু সত্ৰাদিলৈ পূজা আগ কৰিছে, তাৰ লেখ নাই, কিন্তু তাৰ পৰা ৰোগীৰ অৱস্থাৰ একো উন্নতি নহ'ল। ললিতাৰ এতিয়া এনে অৱস্থা যে তেওঁক দেখিলে যেয়ে-সেয়ে বেমাৰী বুলি ক'ব।

 সাত দিনৰ দিনা ৰোগীৰ অৱস্থা নিতান্ত শোচনীয় হৈ পৰিল। ললিতাই কান্দি কান্দি এজন ডাক্তৰ আনিবলৈ গিৰীয়েকক কাকৃতি কৰিবলৈ ধৰিলে। কাতিৰামে ক'লে—“ডাক্তৰক দিবলৈ টকা পাম ক’ত?”

 বুঢ়ীয়ে কৰবাৰ পৰা সঁচতীয়া ৰূপ দুটকা উলিয়াই দিলে, তাকে লৈ কাভিৰাম ডাক্তৰ আনিবলৈ গ'ল। ললিতাই প্ৰতি মুহূৰ্ত্ততে

-৩৫৪-