পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা ইন্দ্রনাথ গছৰ পৰা নামি ঘৰলৈ আহিল, লক্ষ্মীকান্তও অলপ পিচতে ঘৰ পালেহি। ভােজন কাৰ্য্য সমাধা কৰি তেওঁলােক শুবলৈ যাওঁতে এক বাজি গৈছিল। সেই দিনা ইন্দ্ৰনাথৰ ভাল টোপনি নাহিল ; ৰাতি নৌ পুৱাওঁতেই তেওঁ শােৱাৰ পৰা উঠিল। বাহিৰত অলপ অলপ পােৰ যেন দেখা গৈছে, ঠিক এনে সময়ত তেওঁ মানুহ এটা নাহৰৰ তলৰ পৰা যােৱা যেন দেখিলে। তেওঁ তেতিয়া কোনাে গম-গতি নলগােৱাকৈ নাহৰৰ তললৈ গ'ল, আৰু এজোপাৰ তলত এখন চিঠি পালে। চিঠিখন বুটলি লৈ আহিল, আৰু ভিতৰত চাকি এটা লগাই তাৰ পােহৰত পঢ়িবলৈ ধৰিলে। চিঠিখন আহিছে আব্দুল গনিৰ পৰা। তেওঁ চিঠিখন পঢ়ি বঢ়িয়াকৈ জানিব পাৰিলে যে ৰম্ভা আৰু তেওঁৰ ভিতৰত গুপ্ত প্রণয় আছে, আৰু ৰম্ভাই আব্দলৰ লগতে তেওঁৰ বিয়া হ'ব বুলি আশা দি আছে । আজিৰ চিঠিত আ«লে এসপ্তাহৰ মূৰত নপলালেই নহ'ব বুলি লিখিছে। চিঠিখনত ইন্দ্রনাথক সােনকালে আঁতৰাবলৈ কৈ তেওঁৰ বিৰুদ্ধে কিবাকিবি লিখিছে। সেই দিনাই ইন্দ্রনাথে ৰম্ভাক বিয়া নকৰাবলৈ মনতে স্থিৰ কৰিলে; কিন্তু সামাজিক ভাবে বিয়া নহলেও যেতিয়ালৈকে আতৰ হবলৈ বাধ্য নহয়, তেতিয়ালৈকে আগৰ দৰেই তাত থাকিবলৈ সাজু থাকিল। লক্ষ্মীকান্তৰৰ ভনীয়েকক উলিয়াই দিবলৈ ইচ্ছা নাই। এতিয়া বিনামূল্যে যিমানবােৰ বস্তু-বাহানি ঘৰত সােমাইছেহি, ৰম্ভা নাথাকিলে তাৰ আশা ক’ত? ঘাইকৈ এতিয়া তেওঁৰ মদৰ খৰচটো ৰম্ভাৰ বন্ধু বান্ধৱৰ পৰাই ওলাইছে ; ৰম্ভা আঁতৰিলে তাৰৰ মূৰ মৰিব। কোৱা উচিত যে ৰম্ভায়াে মাজে সময়ে মদ খায়। সেই বাবে তেওঁৰ প্রণয়ী- দলৰ পৰা আন বস্তুৰ লগতে কেতিয়াবা মদে উপহাৰ পায়। বাহিৰত সুবিধা নহলে কেতিয়াবা লক্ষ্মীকান্তয়াে তাৰ ভাগ লয়। সাধাৰণত -২২-