পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চদশ অধ্যায় প্ৰতাৰণা দীনবন্ধুৰ চিঠি পঢ়ি প্ৰভাৱতীৰ মনত নানা চিন্তা হবলৈ ধৰিলে; তেওঁ ৰৈ ৰৈ চিঠিখন কেইবাবাৰে পঢ়িলে। কথাবােৰ তেওঁৰ মনত যুক্তিযুক্ত যেন বােধ হয়। | সেইদিনা দেওবাৰ আছিল। যদিও গকুলচন্দ্র সাধাৰণতঃ সন্ধ্যাৰ পিচত হে প্রভাৰ ঘৰলৈ আহে, তথাপি দেওবাৰৰ দিনা কেতিয়াবা পুৱা বেলাও এবাৰ আহে। পুৱা বেলা আহিলে তেওঁক প্ৰায়েই প্রকৃতিস্থ দেখা যায়। | প্ৰভাৱতীয়ে তেতিয়া চিঠিৰ কথা ভাবি আছিল। তেওঁৰ চিন্তা ইমান গভীৰ আছিল যে কেতিয়া গকুলচন্দ্ৰ আহি সােমাল, তেওঁ তাৰ গমকে নাপালে। প্রভাক তেনে অৱস্থাত দেখি উকীলে মাত লগালে,-“কি হে? দেখােন তপস্যাত মগ্ন । কাৰ, নিমিত্তে এই তপস্যা ?” | প্রভা চক্ খাই উঠি উকীলক বহিবলৈ ক'লে। উকীলে বহাৰ লগে লগে সুধিলে,-“হাতত সেইখন কি ?” প্রভা—কিনাে হব! দেখিছেই নহয়, সেইখন চিঠি। উকীল-কোনে দিছে ? প্রভা-যেয়ে দিয়ক আপােনাৰ তাত প্রয়ােজন কি ? উকীল-তােমাৰেই বা কবলৈ আপত্তি কি? প্রভা—আপত্তি এয়ে যে এজনৰ চিঠি লৈ আনৰ লগত আলােচনা কৰা ভদ্রতা বিৰুদ্ধ।