অসমীয়া সাহিত্যৰ চানেকি (দ্বিতীয় খণ্ড, চতুৰ্থ ভাগ)

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

ASAMIYA SAHITYAR CHANEKI
VOL. II, PART IV

[  ]

ASAMIYA SAHITYAR CHANEKI
OR
TYPICAL SELECTIONS
FROM
ASSAMESE LITERATURE
Vol. II
PERIOD OF EXPANSION
Part IV

 

EDITED BY
HEMCHANDRA GOSWAMI
ASSAM CIVIL SERVICE

 
 

PUBLISHED BY THE
UNIVERSITY OF CALCUTTA
1924

[  ]

PRINTED BY BHUPENDRALAL BANERJEE
AT THE CALCUTTA UNIVERSITY PRESS, SENATE HOUSE, CALCUTTA.

 

Reg. No. 57B, Nov. '24—500

[  ]

নিঘণ্ট

দ্বিজবৰ

 বিষয়
লিপি 
 

গীত গোবিন্দ ... ...
  নন্দীশ্বৰ দ্বিজ

   

১১৬৩—১১৭৪
.

[  ] vi

নিৰ্ঘণ্ট দৈত্যাৰি ঠাকুৰ। লিপি বিষয় আত্ম পৰিচয় শঙ্কৰদেৱ চৰিত্ৰ ১২৭০ ১২৭১১২৯৫ বিদ্যাচ কবিশেখৰ আগমাচাৰ্য্য ১২৯৬ আত্ম পৰিচয় হৰিবংশ ১২৯৭–১৩০৭ ভবানন্দ হৰিবংশ ... ১৩০৮–১৩১৫ ভবদেব বিও। ৰামচন্দ্ৰৰ তাশ্বমেধ যজ্ঞ ••• ১৩১৬=১৩৩০ গঙ্গাদাস সেন। মহাভাবত—শ্বমেধ পৰ্ব ... ॥। ১৩৩১-১৩৩৮ সুবুধিৰাই। মহাভাৰত-অশ্বমেধ পৰ্ব ১৩৩৯–১৩৫৬ ভবানী দাস। মহাভাৰত-তাশ্বমেধ পৰ্ব ••• ১৩, ৭-১৩৬৯ হৰিদাস বিপ্ন। মহাভাৰত-অশ্বমেধ পৰ্ব ••• ১৩। ০-১৩৭৫ গোপীনাথ পাঠক। মহাভাৰত-পাশা পৰ্ব ... ১৩৭৬-১৩৮৩ বিদ্যা পঞ্চানন। ১৩৮৪-১৩৮৫ আত্ম পৰিচয় মহাভাৰত-ভীষ্মপৰ্ব ... ১৩৮৫-১৩৯৫ দ্বিজ ৰমানন্দ। মহাভাৰত-উদ্যোগ পূৰ্ব ...

১৩৯৬–১৪১৯ [  ]

নিঘণ্ট

মধুনাৰায়ণ।

অগ্নিপুৰাণ ...
১৪২০—১৪৩৬
... ...

কৃষ্ণাচাৰ্য্য দ্বিজ।

ভৱিষ্য—সংগ্ৰহ ...
১৪৩৭—১৪৫১
... ...

অসম বুৰঞ্জী।

গদাধৰ সিংহৰ আমোল
১৪৫২—১৪৬০
... ...

বলোৰাম দ্বিজ।

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ (কৃষ্ণজন্ম খণ্ড)
১৪৬১—১৪৭৯
... ...

[  ]

অসমীয়া সাহিত্যৰ চানেকি।

দ্বিজবৰ।

গীত গোবিন্দ।

জয় বৃন্দাবন চন্দ্ৰ কৃষ্ণ ঘনশ্যাম।
জয় জগধাম মনোৰথ পূৰ্ণকাম॥
ৰাধা মুখ পঙ্কজৰ যেহেন ভ্ৰমৰ।
যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা দুৰ্গা হৰ॥

চিদানন্দ দেৱকী নন্দন দয়াময়।
নমো নিৰ্বিকাৰ নিৰঞ্জন নিৰাময়॥
যাহাৰ চৰণে মিলে ভকতি মুকুতি।
সুৰাসুৰ কিন্নৰে কয় যাক স্তুতি॥

যাহৰ ভয়ত মায়া কাম্পে তৰতৰি।
পৰম পাতকী সবো তৰে যাক স্মৰি॥
হেন কৃষ্ণ পদ পঙ্কজৰ মধুকৰ।
পৃথিবী পালিলা ৰুদ্ৰসিংহ নৰেশ্বৰ॥

যাহাৰ দিনত প্ৰজা সবে সুস্থ মনে।
আচৰয় শুদ্ধ ধৰ্ম্ম স্বকীয় ভবনে॥
যেন মেঘগণে বৃষ্টি কৰি নিৰন্তৰে।
পৃথিবীৰ খাল বাম সবে সম কৰে॥

[ ১০ ]

সেহি মতে নৰপতি ৰত্ন বৃষ্টি কৰি।
ধনৱন্ত দৰিদ্ৰক থৈলা সমে তৰি॥
ৰত্নৰ আলয় ৰাজা যেহেন সাগৰ।
পৰম গহন বুধি নাহি পটন্তৰ॥

হেন নৃপতিৰ আজ্ঞা শিৰোগত কৰি।
কৃষ্ণ পদ পঙ্কজক হৃদয়ত ধৰি॥
নিগদতি দ্বিজবৰ শুনা সভাসদ।
নিবন্ধ কৰিবো গীত গোবিন্দৰ পদ॥

ৰাধা মাধৱৰ ইতো বিনোদ বিহাৰ।
ইহাক শুনিয়া তৰা দুৰ্ঘোৰ সংসাৰ॥
আনন্দ কৰিৰে যাৰ উত্ৰাৱল চিত।
সিয়ো জনে ইহাক শুনোক প্ৰতিনিত॥

মৎস্য আদি দশ অৱতাৰ মোক্ষ জানি।
তাহান চৰিত্ৰ নিবন্ধয় মহামানী॥
প্ৰলয় পয়োধি গীত পৰম সুন্দৰ।
আৰম্ভো ইহাৰ পদ শুনা সবে নৰ॥

প্ৰলয় সাগৰ জল হন্তে যিতো হৰি।
উদ্ধাৰিলা চাৰি বেদ মহা লীলা কৰি॥
সিবেলাত যাৰ দেহা ভৈলা নৌকা সম।
হেন মৎস্য ৰূপী প্ৰভু গুণে তানুপম॥

জগতৰ ঈশ্বৰ কেশৱ যদুপতি।
জয় জয় দেব হৰি অগতিৰ গতি॥
কুৰ্ম্মৰূপে বহল পিঠিত বসুন্ধৰী।
অপ্ৰয়াসে ধৰি আছা তুমি দেৱ হৰি॥

তাৰ ভৰে তোমাৰ পিঠিৰ তেজ চয়।
চক্ৰাকাৰে মৰি আছে অধিকে শোভয়॥
হেনয় কেশৱ কুৰ্ম্মৰূপী কৃপাময়।
জগত ঈশ্বৰ হৰি কৰো জয় জয়॥

[ ১১ ]

বৰাহ স্বৰূপে দশনৰ আগে হৰি।
ধৰিলা ধৰণীখান আতি লীলা কৰি॥
শ্যাম ধৰণীত শুক্ল দন্তৰ আগত।
চন্দ্ৰত কলঙ্ক যেন দেখিয় সাম্প্ৰত॥

হেনয় বৰাহৰূপ ধৰি গদাধৰ।
জয় জয় দেৱ হৰি জগত ঈশ্বৰ॥
নৰসিংহৰূপে হস্ত পদ্মে নখচয়।
বজ্ৰ সম তীক্ষ্ণ তাক দেখি লাগে ভয়॥

সেহি নখে হীৰণ্যকশিপু অসুৰৰ।
দেহ ভ্ৰমৰক বিদাৰিলা দামোদৰ॥
জগতৰ পতি হেন নৰসিংহ দেৱ।
জয় জয় কেশৱ চৰণে কৰে সেৱ॥

অদ্ভুত বামনৰূপে বলিক চলিল।
চৰণ চলায় তিনি লোক বিয়পিলা॥
সেহি চৰণৰ নখ জলে গঙ্গা ভৈলা।
তাত স্নান পান কৰি সবে শুদ্ধ ভৈলা॥

হেনয় বামনৰূপী দেৱ দয়াময়।
কেশৱ জগতপতি হুয়ো জয় জয়॥
পৰ্শুৰাম ৰূপে জমদগ্নিৰ গৃহত।
অবতৰি সমস্তে ক্ষত্ৰিয় কৈলা হত॥

তাসম্বাৰ ৰুধিৰে কৰিলা মহাহ্ৰদ।
তাত স্নানি সবে তৰে সংসাৰ আপদ॥
হেন পৰ্শুৰাম হৰি পুৰুষ কেশৱ।
জয় জয় জগতৰ ঈশ্বৰ মাধৱ॥

ৰামচন্দ্ৰ ৰূপে ৰঘুবংশে অৱতৰি।
লীলা কৰি ৰাৱণক ৰণত সংহৰি॥
দিকপাল সকলেৱো যাহাক বাঞ্ছয়।
ৰাৱণৰ হেনয় সুন্দৰ শিৰচয়॥

[ ১২ ]

দশো দিশে ৰাৱণৰ সিতে মস্তকক।
বলি কৰি দিল দিক পাল সকলক॥
জয় জয় হেনয় শ্ৰীৰাম মহাশয়।
জগত নায়ক হৰি হুয়োক সদয়॥

বলভদ্ৰ ৰূপে শুক্ল শৰীৰে শোভন।
কৃষ্ণবৰ্ণ মেঘসম ধৰিছা বসন॥
লাঙ্গলৰ আবেড়িত পীড়া পায়া দৃঢ়।
মিলিল যমুনা আসি কবি ভয় বৰ॥

সেহি শ্যাম যমুনা ছয় যেন গাৱে।
নীলবৰ্ণ বস্ত্ৰ শোভা কৰে সেহি ভাৱে।
হেন হলধাৰী হৰি জগতৰ পতি।
জয় জয় বলভদ্ৰ কেশৱ সম্প্ৰতি॥

বোধৰূপে অবতৰি জগত নায়ক।
কৃপা মনে দেখুৱাই পশুৰ বধক॥
নিন্দি আছা যজ্ঞৰ বিধান বেদচয়।
কেশৱ হেনয় বোধৰূপী জয় জয়॥

কলিৰ শেষত কল্কিৰূপে অবতৰি।
ম্লেচ্ছ সমস্তক কাটিবাক মন কৰি॥
ধৰিছা হাতত খড়গ মহা ভয়ঙ্কৰ।
ধূমকেতু সম তাক দেখি লাগে ডৰ॥

হেন কল্কিৰূধাৰী কেশৱ মুৰাৰি।
জয় জয় জগন্নাথ দুষ্ট অন্তকাৰী॥
এহিমতে দশবিধ ৰূপ য়াছা ধৰি।
বাৰম্বাৰ জগতৰ হিতক অচৰি॥

হেনয় কেশৱ জগতৰ এক পতি।
জয় জয় দেৱ হৰি অগতিৰ গতি॥
জয়দেৱে ভনিলা কৃষ্ণৰ গুণ যত।
শুনিতে পৰম সুখ মিলে শ্ৰৱণত॥

[ ১৩ ]

সংসাৰৰ সাৰ কৃষ্ণ চৰিত্ৰ মঙ্গল।
শুনা সভাসদ আক পৰম নিৰ্ম্মল॥
প্ৰলয় পয়োধি গীত কৰি সমাপত।
পুনৰপি স্তুতি কৰিলন্ত যেন মত॥

গীতশ্ৰিত কমলাত নিবন্ধিবো তাক।
জয়দেব কবি যেন বুলিলন্ত বাক॥
লক্ষ্মীৰ স্তনক আলিঙ্গিয়া থাকা হৰি।
ৰত্নময় মকৰ কুণ্ডল আছা ধৰি॥

ধৰিছা কণ্ঠত মনোহৰ বনমালা।
জয় জয় দেৱ হৰি জগততে ভাল॥
আদিত্যৰ মণ্ডলক কৰিছা ভূষণ।
ভৱতাপ নিবাৰণ প্ৰভু নাৰায়ণ॥

মুনি সকলৰ মন সৰোবৰ মাঝে।
হংসময় হুয়া যিতো সদায় বিৰাজে॥
লীলা কৰি কালিয়ৰ দৰ্প চূৰ কৰি।
জগত ৰঞ্জিলা মনোহৰ ৰূপ ধৰি॥

সবে যদুকুল ভৈল কমলৰ প্ৰায়।
সূৰ্য্যসম প্ৰকাশিলা তাহাত সদায়।
মধুসুৰ নৰকক লীলায়ে মাৰিলা।
পক্ষীৰাজ গৰুড়ক বাহন কৰিলা॥

দেৱতা সবৰ ভৈলা ক্ৰীড়াৰ কাৰণ।
নিৰ্ম্মল কমল পত্ৰ সদৃশ লোচন॥
ভৱ বিমোচন কৃষ্ণ দিয়া সৰ্ব্ব সিদ্ধি।
ত্ৰিভুবন গৃহৰ মাঝত নৱনিধি॥

জনকৰ নন্দিনীক কৰিলা ভূষণ।
দুষণ জিনিয়া যুদ্ধে মাৰিলা ৰাৱণ।
নৱমেঘ সম শোভে শৰীৰ সুন্দৰ।
দেৱতাৰ অৰ্থে যিতো ধৰিলা মন্দৰ॥

[ ১৪ ]

লক্ষ্মী মুখ চন্দ্ৰৰ ৰশ্মিাক তুমি লক্ষি।
পান কৰি থাকাহ চকোব যেন পক্ষী।
ব্ৰজৰ যুৱতী জন মোহন সুন্দৰ।
কৰিলা দোহন ৰঙ্গে মন্দিৰে নন্দৰ॥

তোমাৰ চৰণে ভক্ত আমাক জানিয়ো।
ভকত জনৰ প্ৰভু কুশল কবিয়ো।
সুন্দৰ মঙ্গল ইতো জয়দেব গীত।
শুনে ভণে যিতো তাৰ সুখ বাঢ়ে নিত॥

গীতশ্ৰিত কমলা ভৈলেক সমাপত।
কহো আত অনন্তৰে কথা যেন মত।
কৃষ্ণৰ বিৰহ দুঃখ সহিতে ন পাৰি।
ৰাত্ৰি দিনে ফুবে বাধা তাহাঙ্ক বিচাৰি॥

কৃষ্ণক বাৰ্ত্তাক কহিবাক মন কবি।
হেনয় ৰাধাক সখী বুলিলা সাদৰি।
ললিত লৱঙ্গ বাগে কহো মই তাক।
সখী বোলে বাধা তই শুনিয়োক বাক॥

মনোহৰ লবঙ্গ লতাব পৰশনে।
কোমল মলয় বায়ু ৰহয় সঘনে॥
ভ্ৰমৰ সৰ সঙ্গে কোকিলে নাদয়।
সেহি চলে কৃষ্ণ ঘৰে শবদ কৰয়॥

হেন মনোহৰ বসন্তত দেৱ হৰি।
ক্ৰীড়ন্ত নাচন্ত যুবতীক সঙ্গে কৰি।
শুনিয়ে ৰাধিকা সখি? কহো মই ভাল।
বিৰহী জনৰ যম সম সিতো কাল॥

বাঢ়ে হৰ্ষ কাম ভাৱ যত অনুক্ষণ।
বিলাপ কৰয় পথিকৰ নাৰীগণ।
ভ্ৰমৰ সকলে ব্যাপি কুসুমে থাকয়।
তাক দেখি বিয়াকুল বন্ধনে হৱয়॥

[ ১৫ ]

মৃগমদ গন্ধসম গন্ধত কুশল।
তমালে মেলয় হেন বহু নৰদল
কাম মহাবীৰে যুবাজন হৃদয়ত।
যিতো নখে বিদাৰণ কৰয় সতত॥

হেন নখ সম পলাশৰ পুষ্পগণ।
বসন্তত কৰে সদা আমোদিত মন।
কাম নৃপতিৰ স্বৰ্ণ দগু ছত্ৰ তুল।
ফুলিছে বহুত তাত নাগেশ্বৰ ফুল॥

পাৰলি পুষ্পত পড়ি থাকে মধুকৰ।
কুন্দৰ্পৰ টোন যেন দেখি মনোহৰ।
বসন্তত জগতৰ লজ্জা নাহিকয়।
দেখি তাক পুষ্প ছলে কৰোঁহা হাসয়॥

বিৰহী জনৰ চেদলৰ প্ৰয়োজনে।
কুণ্ড অস্ত্ৰ মুখ সম কেতকী শোভনে॥
ব্যাপিল সকলে দিশ গন্ধে আমোদিত।
গুঞ্জৰে ভ্ৰমৰে মধুলোভে বিমোহিত॥

মাধবী মল্লিকা জাতি আদি যত ফুল।
সিসবৰ গন্ধে কৰে দিশক আকুল।
মুনিৰো মনক যিতো মোহে গুণগণে।
তৰুৰৰ স্বভাৱতে মিত্ৰ বোলে জানে॥

মনোহৰ মাধবী লতাৰ আলিঙ্গনে।
কলিকা মেলিছে আম্ৰ গাছে ৰঙ্গ মনে।
স্ত্ৰীৰ সনে যেন ৰোমাঞ্চিতৰ শৰীৰ।
যুবতী মাধবী লতা আম্ৰ গছনিৰ॥

স্ত্ৰীৰ আলিঙ্গনে যুবা পুৰুষৰ দেহ।
ৰোমাঞ্চিত হোৱে আত নাহিকে সন্দেহ।
বৃন্দাবন নামে বন আছে বিতোপন।
ক্ৰীড়ন্ত তাহাত হৰি কৰি ৰঙ্গ মন॥

[ ১৬ ]

যমুনাৰ জলে বন পবিত্ৰ পৰম।
সুৰতৰ যোগ্য সিতো কহিলো উত্তম।
জয়দেব নামে কবি পৰম পণ্ডিত।
ভণিলা কৃষ্ণৰ লীলা সাৰ ইতো গীত॥

যাক শুনি হবিৰ চৰণে স্মৃতি হয়।
কৰোক সবাৰে হিত গীত হেন নয়।
মনোহৰ বসন্ত কালত বন্ধাবন।
বৰ্ণাইলাহা যাত আছে কাম চিহ্নগণ॥

ললিত লবঙ্গ গীত ভৈল সমাপতি।
চন্দন চৰ্চিত গীত শুনিয়ে সম্প্ৰতি।
পুনৰপি ৰাধাক বুলিল। সখী বাণী।
দেখ গোপী সব সমে ক্ৰীড়ে চক্ৰপাণি॥

চন্দন চৰ্চ্চিত নীল শৰীৰে শোভয়।
পীত বস্ত্ৰ কণ্ঠে বনমালা অতিশয়॥
ক্ৰীড়া ক্ৰমে লৰে কৰ্ণে মকৰ কুণ্ডল।
তাৰ শোভা লাগি সুমণ্ডিত গণ্ডস্থল॥

ক্ৰীড়াত মগন গোপী সবৰ মাঝাত।
প্ৰকাশয় মন্দ হসি শোভয় মুখত।
কতো জনী পুষ্ট স্তন দিয়া কৃষ্ণ গাৱে।
অনুৰাগ মনে আলিঙ্গয় কামভাৱে॥

কৃষ্ণৰ গলত কতো গোপৰ সুন্দৰী।
উচ্চৰি পঞ্চম ৰাগ গাৱে ৰঙ্গ কৰি।
কাম ভাৱে কৃষ্ণে চলাৱন্ত চক্ষু দুই।
হেনয় মুখক দেখি কতো ভোল হুই॥

দূৰে থাকি কৃষ্ণ মুখ পদ্মক আকলি।
চিন্তিয়া থাকয় যেন চিত্ৰৰ পুতলি।
কৃষ্ণৰ কৰ্ণত মই কহিবে বিশ্বাস।
এহি চলে কতো জনী ঢাপে আসি পাশ॥

[ ১৭ ]

ক্ৰীড়াক্ৰমে পুলকিত কৃষ্ণৰ কপোল।
তাহাতে চুম্বন কৰে কামে হুয়া ভোল॥
যমুনাৰ তীৰে বকুলৰ কুঞ্জঘৰ।
তাহত থাকন্ত হৰি নন্দৰ কুমৰ॥

কতোহো গোপৰ বালা ৰতিৰঙ্গ মনে।
আঝোড়ে কৃষ্ণক তৈত ধৰিয়া বসনে।
চাপৰি বজাৱে সবে গোপৰ ৰমণী।
তাহাৰ ৰেগত হোৱে কঙ্কণৰ ধ্বনি॥

কৃষ্ণে সুমধুৰ কৰি বেনুক বজায়া।
ৰাসক্ৰীড়া সময়ত নাচে গীত গায়া।
তাহান লগত কতো গোপৰ সুন্দৰী।
নাচন্ত পৰম ৰঙ্গে অঙ্গিভঙ্গি কৰি॥

দেখি কৃষ্ণে গোপীক প্ৰশংসা বোলে বাণী।
তোমাৰ সমান নাচ আমিয়ো নাজানি॥
কাকে মুখে মুখে চুমা দিয়ে নন্দসুত।
কাহাকো আলিঙ্গি ধৰে সাদৰি বহুত॥

কতো তৰুণীক ৰমৱন্ত দেৱ হৰি।
কাকো নিৰেশন্ত ভালে অল্প হাস্য কৰি।
ৰূপে বিতোপন কতো গোপ ৰমণীৰ।
পাছে পাছে কৃষ্ণ চলি যান্ত ধীৰে ধীৰ॥

কেশৱৰ ৰহস্য শৃঙ্গাৰ বৃন্দাবনে।
বুধিত চতুৰ জয়দেব কবি ভণে॥
পৰম আশ্চৰ্য্য ইতো কৃষ্ণৰ বিহাৰ।
শুনে ভণে আক যিতো সুখ হৌক তাৰ॥

চন্দন চৰ্চিত গীত ভৈলা সমাপতি।
পদ বন্ধে নিবন্ধিলোঁ যেন ধৰে মতি।
এহি মতে নাৰায়ণে ক্ৰীড়া কৰি আছে।
শুনিয়োক ৰাধিকাৰ যেন ভৈল পাছে॥

[ ১৮ ]

তান গোপী সম কৰি দেখে কৃষ্ণে মোক।
হেন দেখি ৰাধিকাৰ ভৈল বড় শোক॥
ক্ৰোধৰ নিমিত্তে গুচিলেক বহুমান।
অসন্তোষে ৰাধিকাৰ নসহে পৰাণ॥

মহা অপমানে গৈলা কুঞ্জৰ ভিতৰে।
চতুৰ্ভিতি মধুকবে বেঢ়িয়া গুঞ্জৰে।
সি কাৰণে কৃষ্ণ আসিলে আমি এড়ি।
কবিবে লাগিছে কৃষ্ণ গোপী সমে খেড়ি॥

হেন মানি সখীক বুলি ৰাধা বাণী।
স্বঞ্চৰ মধুৰ গীতে তাক কহো জানি॥
শুনিয়োক সখী মোৰ কিবা ভৈলা মন।
সিতো নন্দ কুমাবক চিন্তে অনুক্ষণ॥

লাগিছে অধব মধু মোহন বংশীত।
উচ্চ কৰি তাহাক বজায় হৰে চিত্ত।
মাথাৰ কিৰীটি লৰে সেহি সময়ত।
চঞ্চল কুণ্ডল লবে শোভে কপোলত॥

কটাক্ষ দৃষ্টিত শোভে নয়ন দুতয়।
ৰাস সময়ত কৰে পৰিহাস চয়॥
তৰুণী সবৰ মাবো লয় লস কৰে।
হেন নন্দ কুমাৰক মনে মোৰ স্মৰে॥

চকাগণ শোভৈ ময়ুৰৰ পুচ্ছগণ।
কেশক বেঢ়িয়া তাক বান্ধিছে শোভন॥
যেন পুৰন্দৰ ধনু নিবিড় মেঘত।
সেহি মতে শোভে কেশ কৃষ্ণৰ শিৰত॥

গোপী তৰুণীৰ মুখ চুম্বনৰ আশে।
সততে থাকন্তু কৃষ্ণ তাসম্বাৰ পাশে।
সেহি মতে শোভে কৃষ্ণ তাহাৰ মাজত।
যেন পুৰন্দৰ ধনু নিবিড় মেঘত॥

[ ১৯ ]

গোপ তৰুণীৰ মুখ চুম্বনৰ আশে।
সততে থাকন্তু কৃষ্ণ তাসম্বাৰ পাশে॥
বস্ত্ৰ লিন্ধ সুখ সম মধুৰ অধৰ।
নৱপত্ৰ যেন জ্বলে আতি ৰুচিৰক॥

মন্দ মন্দ হাস মুখে দেখিতে শোভন।
বহুত ৰোমাঞ্চ ভুজ শোভে বিতোপন॥
হেন ভুজ মেলি গোপী সমস্তক হৰি।
আলিঙ্গি ধৰিয়া থাকে বৰ ৰঙ্গ কৰি॥

হাতে পাৱে বক্ষস্থলে মণি তালঙ্কাৰ।
তাহাৰ জ্যোতিয়ে বিনাশয় অন্ধকাৰ॥
চন্দনৰ বৰ্ত্তুল তিলক ললাটত।
যেন পূৰ্ণিমাৰ চন্দ্ৰ সজল মেঘত॥

বহল হৃদয় কপাটৰ সমসৰ।
পৰম নিৰ্দয় সিতো আতি দৃঢ়তৰ॥
হেয় হৃদয় দিয়া তৰুণীৰ গৱে।
পুষ্টতন কাখৰকো মৰ্দ্দে কামভাৱে॥

ৰতনে খচিত ঢাৰু মকৰ কুণ্ডল।
তাহাৰ কান্তিয়ে সুমণ্ডিত গণ্ডস্থল॥
গাৱে পীত বস্ত্ৰ কৃষ্ণ পৰম উদাৰ।
শুনি নৰ নাৰী সুৰ যাৰ পৰিচাৰ॥

নিৰ্ম্মল কদম্ব তলে থাকি পীতাম্বৰে।
কলি মল হন্তে ভয় সবে নাশ কৰে
তৈৰ হন্তে মোক কাম ভাৱে দৃষ্টি কৰি।
মনত ৰমন্ত কিনো কামাতুৰ হৰি॥

ভণিলেক জয়দেৱ গীত ৰুচিকৰ।
কৃষ্ণৰ মোহন ৰূপ পৰম সুন্দৰ॥

[ ২০ ]

শত শৃঙ্গ সমন্বিতে জ্বলে গিৰি খান।
কোটি যোজনৰ পন্থ উৰ্দ্ধে পৰিমাণ॥
দীৰ্ঘে পৰিমিত দশ কোটি যোজন।
তাহাৰ উপৰে থান বহে মওলৰ॥
দশ যোজনৰ সিতো বহুলে ডাঙ্গৰ।
ঘুৰণি আকাৰ থান দেখি মনোহৰ॥
গোবিন্দ সিতো বাস মণ্ডল প্ৰধান।
পুষ্পৰ উদ্যান সব আছে থানে থান॥
সুগন্ধিত পুষ্প সব ফুলিয়া আছয়।
মধুগন্ধে তাহাত ভ্ৰমৰা সঞ্চয়॥
শৃঙ্গাৰৰ লাস বেশ বস্তু যত যত।
ভৰি পৰি থৈয়া আছে ৰতি মন্দিৰত॥
ৰত্নময় তাসংখ্য মন্দিৰ শাৰী শাৰী।
তাহাৰ উপমা যত কহিতে নাপাৰি॥
ৰত্ন কলসৰ শাৰী আছে উপৰত।
হৰিতৰ বৰ্ণ স্তম্ভ দিয়াছে অধত॥
সিন্দুৰৰ বৰ্ণ মণি শোভে ঠাই ঠাই।
তাহাৰ মধ্যে ইন্দ্ৰনীল দিয়াছে সুমাই॥
ৰত্নময় গড় গোট দেখিতে শোভন।
মধ্যে মধ্যে দিয়া আছে মাণিক ৰতন॥
ৰত্নময় অনেক কপাট দ্বাৰ চয়।
প্ৰত্যেক মন্দিৰে তাত প্ৰকাশ কৰয়॥
অগৰু কুঙ্কুম জাতি চন্দন কস্তুৰী।
গন্ধে আমোদিত আতি গোলোক নগৰী॥
কৌটী সংখ্যা গোপ নাৰী ফুৰে শাৰী শাৰী।
শৰীৰৰ কান্তি তাৰা যেন ঝিকি পাৰি॥
ৰত্ন অলঙ্কাৰ পিন্ধি নগৰ চৌহাটী।
গলাগলি কৰিয়া ফুৰন্ত ধাৰিবাটি॥

[ ২১ ]

সবাৰে শিৰত ৰত্নমালা প্ৰকাশয়।
ৰত্ন ময় কেয়ূৰ কঙ্কণে বিৰাজয়॥
দুই কৰ্ণে ৰত্নৰ কুণ্ডলে কৰে শোভা।
গণ্ডস্থল প্ৰকাশয় লাগি তাৰ প্ৰভা॥

প্ৰতি জনে জনে দশো অঙ্গুলিৰ মাঝে।
ৰত্ন ময় দশ দশ অঙ্গুৰি বিৰাজে॥
কপালত দিব্য সিন্দুৰৰ জলে বিন্দু।
তাৰ উৰ্দ্ধে জ্বলে যেন দ্বিতীয়াৰ ইন্দু॥

শৰতৰ চন্দ্ৰ সম প্ৰকাশে বদন।
তাতে দুই ওষ্ঠ শোভে অতি ৰক্তবৰ্ণ॥
ইন্দিবৰ পাখি যেন নয়নৰ কান্তি।
পকা দাড়িম্বৰ বীজ জুলে দন্ত পান্তি॥

গৰুড়ৰ ঠোঠ যেন নাসিকা সুন্দৰ।
গজেনৰ দন্ত যেন স্তন খুলন্তৰ॥
কঠিন নিতম্ব পৃষ্ঠ দেখিতে বলি।
তাৰ ভৰে মন্দ মন্দ গমন চঞ্চল॥

কাম বাণে সবাহৰে জৰ্জ্জৰিত মন।
ঘনে ঘনে দৰ্পনত নিৰিখে বদন॥
ৰাধাৰ চৰণে সদা ভক্তি আচৰয়।
হেন গোপ কন্যা সব পন্থত চলয়॥

সিতো গোপী সবে ৰাধিকাৰ আজ্ঞা ধৰি।
সিতো ৰাস মণ্ডলক থাকে ৰক্ষা কৰি॥
ক্ৰীড়া সৰোবব গণ দেখি চমৎকাৰ।
শ্বেত ৰক্ত হৰিত পঙ্কজে জ্যোতিষ্কাৰ॥

তাৰ মধু লোভে চক্ষু চুম্বে ভৃঙ্গগণ।
গুঞ্জ গুঞ্জ শবদ কৰয় ঘনে ঘন॥
পুস্পৰ উদ্যান থানে থানে প্ৰকাশয়।
নানাবিধ পুষ্পচয় ফুলিয়া আছিয়॥

[ ২২ ]

তাতে পুষ্প শয্যা ৰঞ্জি আছে ঠাই ঠাই।
কপূৰ তাম্বুল আছে চৌপাশে সজাই॥
বিচিত্ৰ পুষ্পৰ মালা থৈয়া আছে বান্ধি।
সুগন্ধ প্ৰদীপ ধুপ আছে পান্তি পান্তি॥

হেন ৰাস মণ্ডল দেখিয়া দেৱগণ।
পৰ্বতৰ বাহিৰে চলয় ৰঙ্গ মন॥
নাৰায়ণ বদতি শুনিয়ো মুনিবৰ।
এহি মতে চলে ৰঙ্গে দেৱ নিৰন্তৰ॥

অনন্তৰে দেখিলা সুন্দৰ এক বন।
বৃন্দাবন নাম তান আতি বিতোপন॥
ৰাধা মাধৱৰ সিতো ক্ৰীড়াৰ ভুবন।
শাৰী শাৰী আছে কল্পতৰু বৃক্ষণ॥

বিৰজাৰ জলে মিশ্ৰ হুয়া বায়ু যাই।
অল্প অল্প কৰি বহে বনক কম্পাই॥
সুৰভি পুস্পৰ গন্ধে মোদিত আতি।
নবীন পল্লব সবে তাতে কৰে কান্তি॥

কতো থানে আছে কেলি কদম্বৰ শাৰী।
আনো নানা ফল ফুল আছে ধৰি ধৰি॥
মন্দাৰ চন্দন চম্পা আদি পুষ্প ঢয়।
সুগন্ধি সুৰভি বৃন্দাবন বিৰাজয়॥

আম জাম পনিয়াল বদৰী শ্ৰীফল।
কঠাল লেটেকু নিম্ব তাল নাৰীকেল॥
কদলী মধুৰী ৰহা আনো বৃক্ষগণ।
পকি পকি আছে ফল অতি বিতোপন॥

পিয়াল অশ্বস্থ শাল শাল্মলী তিত্তিৰী।
অসংখ্যাত বৃক্ষগণ আছে শাৰী শাৰী॥
আৰো বন পুষ্প লতা আছে যত যত।
ঠাই ঠাই প্ৰকাশয় তাৰ ভিতৰত॥

[ ২৩ ]

মধু লোভে তাহাত ভ্ৰমৰ নিৰন্তৰ।
গুঞ্জ গুঞ্জ শব্দ উঠি থাকে মনোহৰ॥
হেন বৃন্দাবনক দেখিয়া দেৱগণ।
আনন্দে নধৰে হিয়া উত্ৰাৱল মন॥

পঞ্চাশত কোটি গোপী সালংকৃতা হুয়া।
সিতো বন ৰাখয় ৰাধাৰ আজ্ঞা লৈয়া॥
দ্বাদশ অধিক এক বিংশতি প্ৰমাণ।
সিতো বৃন্দাবনৰ মধ্যত আছে খান॥

তাতে পঞ্চাশত কোটি গোপৰ নিবাস।
শ্ৰীকৃষ্ণৰ ৰূপে গুণে কয় প্ৰকাশ॥
গোবৰ্দ্ধন গোষ্ঠ সব আছে শাৰী শাৰী।
নৱ তৃণ ভুঞ্জি ৰঙ্গে থাকন্ত উগাৰি॥

হেন বৃন্দাবনক এৰাইয়া দেৱগণে।
গোলোক থানক দেখিলন্ত ৰঙ্গমনে॥
বৰ্ত্তুল আকাৰ কোটি যোজন বিস্তাৰ।
চৌদিশে বেঢ়িয়া আছে ৰত্নৰ প্ৰাকাৰ॥

চাৰি খান দ্বাৰ আছে দেখিতে বিৰিঙ্গ।
ৰত্নৰ কপাট যেন পৰ্বতৰ শৃঙ্গ॥
হেনয় দ্বাৰত অসংখ্যাত গোপগণে।
হতে বেত্ৰ ধৰি আছে সবহিত মনে॥

পঞ্চাশত কোটি ভক্ত গোপ সমস্তৰ।
থানে থানে নিৰ্ম্মি আছে গৃহ মনোহৰ॥
ততোধিক ৰত্নময় গৃহ সংখ্যাত।
কৃষ্ণ ভক্ত পাৰিষদগণ থাকে তাত॥

আৰো ৰাধিকাৰ ভক্ত গোপী সমস্তৰ।
শাৰী শাৰী আছে ৰত্ন গৃহ মনোহৰ॥
তাৰা সমস্তৰ আছে কিঙ্কৰী যতেক।
সি সবৰো গৃহ সাজি আছয় প্ৰত্যেক॥

[ ২৪ ]

সিতো গোলোকৰ যত লোক নিৰন্ত।
ৰাধা কৃষ্ণ নাম সদা নেৰন্ত মুখৰ॥
হেয় অদ্ভূত ৰূপ দেখি মনোহৰ।
ৰঙ্গে চলে ব্ৰহ্মা আদি দেৱ নিৰন্তৰ॥

অনন্তৰে দেখিলা অক্ষয় বট মূল।
বহলে হোৱয় পঞ্চ যোজনৰ থূল॥
উৰ্দ্ধে হোবে সিতো দশ যোজন উদ্ধৃত।
অসংখ্য পৰিমিত শাখা সমন্বিত।

ৰক্তবৰ্ণ পকা ফলে ব্যাপিয়া আছয়।
অধোভাগে বেদি গোট দেখি ৰত্নময়॥
তাৰো মূলে কৃষ্ণৰ স্বৰূপ শিশুগণ।
ক্ৰীড়া কৌতুহলে আছে আনন্দিত মন॥

সবাৰো শৰীৰে পীত বস্ত্ৰ পৰিধান।
চন্দনে লিপিত অঙ্গ দেখিতে সুঠান॥
বটৰ মূলত সবে গোপ শিশুগণ।
ক্ৰীড়া কৌতুহল কৰে দেখিতে শোভন॥

অনন্তৰে ব্ৰহ্মা আদি দেৱতাৰ বৰ্গ
তাক ছাৰি দেখিলন্ত এক ৰাজ মাৰ্গ॥
সিন্দুৰ আকাৰে মণি দুই পাৰে ৰজিতে।
চক্ষু তিৰিমিৰি কৰে নাপাৰি চাহিতে॥

ইন্দ্ৰ নীল পদ্ম ৰাগ মণি যত যত।
ভিত্তি সব বান্ধি আছে দুই পাশে পন্থত॥
দধিপূৰ্ণ ঘট সৰ ৰত্নে বিৰচিত।
ৰত্নময় ৰস্তুতি কৰিছে ৰোপিত॥

আগৰু কুঙ্কুম তাৰু কস্তুৰী চন্দনে।
পন্থত চিতাইয়া আছে গন্ধৰ কাৰণে॥
মঙ্গলৰ অৰ্থে ৰত্ন ঘট অসংখ্যাত।
সিন্দুৰে মণ্ডিয়া আছে শাৰী শাৰী তাত।

[ ২৫ ]

তাৰ মুখে মুখে ৰত্নময় ফল যত।
পুষ্প দুক্ষিত সিথি অছিয় পন্থত॥
তোৰণ পতাকা ধ্বজ আছে অসংখ্যাত।
সেন্দুৰ কুঙ্কুম গন্ধে লিপি আছে তাত॥

বিচিত্ৰ সুগন্ধ মালা সব আছে অৰি।
ৰঙ্গ চাহি যাৱে সবে নিমিষ নমাৰি॥
অনন্তৰে পাইলা যাই দুই পাশে পন্থত।
গোপী সমস্তৰ গৃহ অতি মনোহৰ॥

সেহি পন্থে নিৰ্ম্মি কাছে ষোল্ল খান দ্বাৰ।
অসংখ্যাত দ্বাৰী ৰাখি থাকে বাৰম্বাৰ॥
প্ৰতি দাৰে ৰত্নময় গঢ় বিতোপন।
তাৰ কাষে গৰখাই ৰহল শোভন॥

হীৰা মৰকত ৰত্ন স্থান মনোহৰ।
কস্তুৰী কুঙ্কুমে তাত সুগন্ধ বিস্তৰ॥
হেনয় অদ্ভুত যত দেখি দেৱগণ।
কতোদূৰে দেখিয়া আশ্ৰম বিতোপন॥

কৃষ্ণৰ প্ৰাণৰ সম ৰাধিকা সুন্দৰী।
তানে প্ৰিয় স্থান সিতে গোলোক নগৰী॥
বল আকৰি স্থান দেখিতে ৰুচিৰ।
তাহাৰ মধ্যত আছে শতেক মন্দিৰ॥

ৰত্বে বিৰচিত গঢ় চৌপাশে প্ৰকাশে।
গৰখাই সব তাত আছয় চৌপাশে॥
সাত খান দ্বাৰ তাত আছে ৰত্নময়।
তানুক্ৰমে নিৰ্ম্মি অছে শিল্পকাৰ চয়॥

তাত তানন্তৰে যাই পাইলা ষোল্ল দ্বাৰ।
দেখি দেৱতাৰ বাঢ়ে আনন্দ অপাৰ॥
প্ৰতি দ্বাৰে বেঢ়ি আছে ৰত্নময় গঢ়।
উৰ্দ্ধে সহস্ৰেক ধেনু পৰম সুদৃঢ়।।

[ ২৬ ]

প্ৰতিদ্বাৰে ৰত্নময় কুম্ভ অসংখ্যাত।
মধ্যে মধ্যে ইন্দ্ৰনীল খচি আছে তাত॥
এহি মতে প্ৰদক্ষিণ কৰি দেবগণ।
পৰম আনন্দ কৰি চলে ৰঙ্গমন॥

দেখিলন্ত গৈয়া গোপ গোপীৰ আশ্ৰম।
অমূল্য ৰতনে বিৰচিত মনোৰম॥
হেন গোলোকৰ মহিমাক চাই চাই।
দেৱ সমে প্ৰজাপতি ৰঙ্গে চলি যাই॥

শুনা সভাসদ ইতো পুৰাণৰ পদ।
অহিতো নাহিকে সুস্থ ক্ষণেকো আপদ॥
পৰলোক পাইলা যেবে আপদৰ পাৰ।
কৃষ্ণৰ নামক মাত্ৰ কৰিয়োক সাৰ॥

ইতো পুৰাণৰ শ্লোক লোকে নুবুজয়।
আজ্ঞাকৰি পদ কৰাইলন্ত মহাশয়॥
বোলে তত্ত্ব পাইবে সবে নৰ নাৰীগণ।
তেবে ভক্তি কৰিবে লোকৰো হৈবে মন॥

এহি বুলি মহাৰাজা কৰাইলা পয়াৰ।
ঈশ্বৰ কৃপাতে হোক লোকত প্ৰচাৰ॥
জানি সভাসদ সব ভকতি কৰিয়ে।
বৈষ্ণৱৰ সঙ্গ লৈয়া সংসাৰ তৰিয়ে॥

তেবেসে তৰিবা ইতো সংসাৰ সাগৰ।
ৰাধা কৃষ্ণ বুলি সবে ভব নদী তৰ॥

[ ২৭ ]

খৰ্গেশ্বৰ দ্বিজ।

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।
দোলড়ী।

কৃষ্ণ নিগদতি শুনা বাধা সতী,
 পাছে যেন কথা ভৈলা।
বশিষ্ঠৰ বাণী শুনি মহামানী,
 পৰম বিস্ময় ভৈলা॥
হিমালয় ভাৰ্য্যা মেনকা সুন্দৰী,
 ভৈলন্ত তেহো বিস্ময়।
পাৰ্ব্বতীও হাসি— লন্ত মুচুকাই,
 আনন্দ দেখি মিলয়।॥
পাছে অৰুন্ধতী মেনকাক মাতি,
 বুঝাইলা বচনামৃতে।
শান্তিৰ বচন ভৈলা ৰঙ্গ মন,
 গুচিলা শোক ত্বৰিতে॥
মেনকা সুন্দৰী বশিষ্ঠ ভাৰ্য্যাক,
 অনেক মিষ্ট দ্ৰব্যক।
ভোজন কৰাইলা আপুনিয়ো পাছে,
 ভুঞ্জিলা সেহি অন্নক॥
সৰ্ব্ব লোকজন ভৈলা ৰঙ্গ মন,
 কৰিলন্ত সুমঙ্গল।
বশিষ্ঠৰ আজ্ঞা হিমালয়ে পাই,
 সম্ভাৰ কৰি সকল॥

[ ২৮ ]

শৈলে শীঘ্ৰে আতি লিখি সমাপাত্ৰ,
 দূতগণ পাচিলন্ত।
যত দেৱগণ কিন্নৰ চাৰণ,
 বিবাহক আসিবন্ত॥
তাত পাছে সুশি— ক্ষিত দুত আনি,
 গিৰি ৰাজ হিমালয়।
শিৱক লাগিয়া লিখিয়া পত্ৰক,
 পাঞ্চি দিলা দূতচয়॥
অনেক প্ৰকাৰ কৰিলা সম্ভাৰ,
 অনাইলা বাদ্য বিস্তৰ।
তণ্ডুল দমাইলা পৰ্ব্বত সমানে,
 ঘৃত পাক পিষ্টকৰ॥
তৈলৰ ঘৃতৰ দধিৰ বিস্তৰ,
 সৰোবৰ কৰিলন্ত।
গুড়ৰ ক্ষীৰৰ জানিবা ৰাধিকা,
 সৰোবৰ নিৰ্ম্মিলন্ত॥
মাস আখৈ লাড়ু চিৰা ষৱ গুঞ্জি,
 শৰ্কৰা ফেনি বিস্তৰ।
কদলি লৱণ মন্দা মনোহৰ,
 কৰাইলন্ত বহুতৰ॥
বিচিত্ৰ বচন অগ্নিত শোধন,
 অধিক নিৰ্ম্মল হয়।
সুবৰ্ণ ৰজত প্ৰবাল বাখৰ,
 আৰু মণিৰল চয়॥
বিবাহৰ কাজে পৰ্ব্বতৰ ৰাজে,
 ইসব দ্ৰব্য কৰিলা।
বিধিৰ নিয়মে মাঙ্গল্য আচাৰে,
 কৰিব আৰম্ভিলা॥

[ ২৯ ]

শোভন দিবসে কৰিয়া সুবেশ,
 শৈলৰ কামিনী গণে।
পাৰ্ব্বতীৰ যত বিবাহৰ কৰ্ম্ম,
 কৰাইলা আনন্দ মনে॥
তৈল কুৰ ঘসি স্নান কৰাইলেক,
 পিন্ধাইলা বস্ত্ৰ সুন্দৰ।
ৰত্ন অলঙ্কাৰে ভূষিয়া দেবীক,
 নআইলা কৌতুকে বৰ॥
মালতীৰ মালা মাথতি দিলন্ত,
 হস্তত দিলা দৰ্পন।
পদ আঙ্গুলিত আল্‌তা দিলন্ত,
 কজ্জলে নেত্ৰ শোভন॥
গণ্ডত পতাকা দিলন্ত সুন্দৰ,
 খোপাক ভালে ৰঞ্জিলা।
মালতী মালায়ে বিশিষ্ট কৰিয়া,
 পাট সূত্ৰে নিবন্ধিলা॥
আত অনন্তৰে ব্ৰহ্মা আদি কবি,
 সমস্তে দেৱতা গণ।
ৰত্ন যানে তুলি শৈৱক লৈলন্ত,
 হুয়া আনন্দিত মন॥
শিৱ ঈশ্বৰক বেঢ়ি সবে দেৱে,
 গৈলন্ত অদ্ৰীৰ থানে।
পাৰিষদ সমে কৃষ্ণ চলিলন্ত,
 আৰোহি ৰত্নৰ যানে॥
পাচে হিমালয়ে চৰে সবে আনি,
 কদলীগণ বিস্তৰ।
চোতালে পদুলি কইলা শাৰী শাৰী,
 হিমালয় গিৰিবৰ॥

[ ৩০ ]

তাতে জল ভৰি কলস থাপিল,
 মুখত আমাৰ ডালি।
কলস সমীপে থৈলন্ত সুন্দৰ,
 ঘৃতৰ প্ৰদীপ জ্বালি॥
সুগন্ধিত জলে লেপন কৰিলে,
 বিবাহৰ থলি খান।
তাহাৰ মধ্যত ভিত্তি বান্ধিলন্ত,
 দেখিতে আতি শুৱান॥
তাহাৰ কোণাত কদলী পুতিয়া,
 পাট সূত্ৰে নিবন্ধিলা।
আম্ৰৰ পল্লব তাহাতে থাপিয়া,
 শোভন আতি কৰিলা॥
অগৰু চন্দনে কুস্তুৰী কুঙ্কুমে,
 ৰঞ্জিয়া কলস গণ।
জলে ভৰি পুৰি ভিত্তিৰ কোলাত,
 কৰিলা ৰঙ্গে থাপন॥
মালতীৰ মালা আৰো আমডালি,
 দিলে কলসৰ মুখে।
আনো দ্ৰব্য যত লাগে বিবাহত,
 কৰিলা মনৰ সুখে॥
পাছে দেবগণ সমন্বিতে বিধি,
 শিৱক বাহিৰে এৰি।
অভ্যন্তৰে গৈয়া পৰম আনন্দে,
 পশিলন্ত দৰাদৰি॥
দেখি হিমালয় সত্বৰে উঠিয়া,
 সবাকো নমিলা পৰি।
ৰত্ন সিংহাসন মাথাত কৰিয়া,
 আনি দিলা শীঘ্ৰ কৰি॥

[ ৩১ ]

তাতে বসিলন্ত কৃষ্ণ ভগৱন্ত,
 সঙ্গে পাৰিষদ গণ।
বসিলা আবৰি চতুষ্পাশে বেঢ়ি
 আনন্দিত হুয়া মন॥
সবে চতুৰ্ভুজ বিপৰীত ৰূপ,
 শ্যাম তনু সবাহাৰে।
ৰত্ন সৃষ্টি শব্দ চামৰ ধৰিয়া,
 সেৱয় চাৰি কাখৰে॥
বিনতা নন্দন হুয়া ৰঙ্গ মন,
 কৃষ্ণ পাশে বসিছন্ত।
সুৰমনী গণে সেহি সভা মাঝে,
 আনন্দে স্তুতি কৰন্ত॥
সভাৰ ভিতৰে বিৰাজে কৃষ্ণৰে,
 প্ৰসন্ন চাৰু বদন।
হেন মুখ দেখি সবাৰে আনন্দ,
 হৱে তাপ বিমোচন॥
কৃষ্ণৰ সমীপে দেৱগণ সমে,
 ব্ৰক্ষা দেৱ বসিলন্ত।
ঋষি মুনি গণ আৰো যত জন,
 যোগাসনে বসিলন্ত।
আত অনন্তৰে দেৱ পশুপতি,
 উঠিয়া ৰত্ন ৰথত॥
বিবাহৰ থানে কৰিলা গমনে,
 কিঙ্কৰ গণ সঙ্গত॥
শিৱক চাহিবে চলিলা তেখনে,
 নাগৰী সুন্দৰী গণ।
জৰা যুবা বাল বস্ত্ৰ পিন্ধি ভাল,
 কৰিয়া অঙ্গ মাৰ্জ্জন॥

[ ৩২ ]

কেহো নাৰী গণ নবীন যৌবন,
 আনন্দতে চলিলন্ত।
কতো সবে বস্ত্ৰ হস্তত কৰিয়া,
 তথাক লাগি গৈলন্ত॥
কতোহো সিন্দুৰ লৈলন্ত কাকৈই,
 তৈলক কেহো লৈলন্ত।
লাস যোগ্য বস্তু কেহো জনী লৈয়া,
 ৰঙ্গে গতি কৰিলন্ত॥
ৰত্ন আভৰণে অঙ্গ বিভূষিত,
 কৰিয়া কেহো গৈলেক।
এহি মতে নাৰী গণ সমস্তয়,
 শৈল গৃহে আসিলেক॥
আৰু ঋষি কন্যা ৰূপে গুণে ধন্যা,
 দেৱ কন্যা যত যত।
নাগ কন্যাগণ সুন্দৰ বদন,
 কৰিয়া সখী সঙ্গত॥
ৰম্ভা আদি কৰি আসিলেক লৰি,
 যত অপেস্বৰা গণ।
সবাৰো সুন্দৰ মুখ মনোহৰ,
 মোহয় মুনিৰ মন॥
গন্ধৰ্ব্বৰ কন্যা আতি মনোৰমা,
 কন্যা শৈলা সকলৰ।
ৰাজ কন্যা গণ আতি সুলক্ষণ,
 উপমা নাহি ৰূপৰ॥
ইসকল নাৰী ভৈলা এক ঠাই,
 আনন্দে আতি মনত।
হাস্যযুক্ত মুখ দেখি লাগে সুখ,
 কামীৰ মনে সতত॥

[ ৩৩ ]

পাছে ইসবক সঙ্গত কৰিয়া,
 মেনা দেবী চলি গৈলা।
আনন্দিত কায় নাৰি গণ যায়,
 শিৱক সবে দেখিলা॥
চম্পক পুষ্পৰ সদৃশ সুন্দৰ,
 শৰীৰ অতি উজ্জ্বল।
এক যে বদন দ্বিতীয় নয়ন,
 প্ৰসন্ন জলে নিৰ্ম্মল॥
ৰত্ন আভৰণ কৰিছে ভূষণ,
 বিৰাজিত আতিশয়।
কস্তুৰী কঙ্কুমে অগৰু চন্দনে,
 বিভূষিত অঙ্গচয়॥
মালতীৰ মালা মাথাত শোভয়,
 মুকুট আৰু ৰত্নৰ।
অগ্নি শৌচ বস্ত্ৰ শৰীৰে শোভয়,
 বিচিত্ৰ আতি সুন্দৰ॥
ৰত্নৰ দৰ্পন হস্তত শোভয়,
 মণ্ডল যেন চন্দ্ৰৰ।
যোগীন্দ্ৰৰো গুৰু স্বেচ্ছাময় চাৰু,
 বাহিৰ তিনি গুণৰ॥
শুনা সৰ্ব্বজন তেজি আন মন,
 মাধৱৰ কথাচয়।
কৰ্ণাঞ্জুলি ভৰি পিউ ৰাম নাম,
 সম্যক আমৃতময়॥
আক কেনে হেলা শঙ্কটৰ বেলা,
 ৰাখিবে হৰিৰ নামে।
শাস্ত্ৰ সব শুনি আছা ঠাই ঠাই,
 তভো হেলা কোন কামে॥

[ ৩৪ ]

মহন্ত সবৰ মুখত শুনিয়া,
 আছা নাম মহিমাক।
গুৰু উপদেশ শুনিয়া আছাহা,
 কিয় হেলা কৰা তাক॥
মিছা ধন আশে ধৰ্ম্ম কৰি নাশে,
 কিনো ভৈলা বিপৰীত।
হৰি নাম ধৰি যাতনা তৰয়,
 তাত কেনে নেদা চিত॥
জানিয়া হৰিৰ চৰণ যুগলে,
 শৰণ লৈয়ো সত্বৰ।
সাধু সঙ্গে বসি ৰাম নাম বোলা,
 পাতেক হৌক অন্তৰ॥

ছবি।

ব্ৰহ্ম জ্যোতি সনাতন নিৰ্ব্বিকাৰ নিৰঞ্জন,
 কাৰণত হৈয়াছে সাকাৰ।
হেনয় জামাতা দেখি শোক মোহ পাসৰিলা,
 মেনকাৰ আনন্দ অপাৰ॥
সকল যুৱতী গণে ধন্য ধন্য কৰি আতি,
 প্ৰশংসা কৰিলা বাৰম্বাৰ।
দুৰ্গা সম ভাগ্যৱতী কেহো জনী নাহিকয়,
 জানা সখি ই তিনি সংসাৰ॥
হেনয় সদৃশ বৰ ৰূপৱন্ত চমৎকাৰ,
 নাহি দেখোঁ জ্ঞানৰ গোচৰ।
হেন বুলি কেহোজনী এক দৃষ্টি কৰি চাই,
 থাকিলন্ত শিৱ বৰাবৰ॥

[ ৩৫ ]

কেহোজনী ৰূপৱতী শিৱৰ ৰূপক দেখি,
 মূৰ্চ্ছা যাই থাকিলন্ত পৰি।
কেহোজনী অপুনাৰ স্বামীক কৰয় নিন্দা,
 আতিশয় কুৰুপ সুমৰি॥
কেহোজনী কামানলে মনত আলিঙ্গি যেন,
 ধৰি ভাৱ তম্ভিয়া থাকয়।
আৰু কেহোজনী নাৰী মনত আলিঙ্গি ধৰি,
 শিৱ মুখে চুম্বন পাৰয়॥
অন্যে অন্যে নাৰীগণে হেন ভাৱ কৰি মনে,
 থাকিলন্ত শিৱক চাহিয়া।
গন্ধৰ্ব্ব সকলগণে কৰয় আনন্দ আতি,
 পঞ্চশৰ যন্ত্ৰত ভুলিয়া॥
সবে অপস্বৰাগণ কৰিয়া আনন্দ মন,
 অঙ্গি ভঙ্গি কৰিয়া নাচন্ত।
শিৱৰ দেখিয়া ৰূপ সমস্ত দেৱৰ আতি,
 চিত্তত সন্তোষ লভিলন্ত॥
অনেক প্ৰকাৰে বাদ্য সুস্বৰ মধুৰ কৰি,
 বাজনীয়া গণে বজাৱয়।
সেহি সময়ত পাছে অনাইলন্ত পাৰ্ব্বতীক,
 সভা মধ্যে ৰাজা হিমালয়॥
সখীগণ মধ্যে দেবী চলি যান্ত ৰঙ্গ মনে,
 আতিশয় লয় লাস ভাৱে।
যেন ৰাজহংস গতি ধীৰে ধীৰে চলে সতী,
 দেৱ সবে ৰঙ্গ কৰি চাৱে॥
তপ্ত সুবৰ্ণৰ বৰ্ণ দেহ জ্বলে বিতোপন,
 সবে অঙ্গ ৰত্নে প্ৰকাশয়।
আতি ৰম্য খোপা মাথে মালতীৰ মালা তাতে,
 আতিশয় প্ৰকাশ কৰয়॥

[ ৩৬ ]

চন্দন তিলক জ্বলে সিন্দুৰৰ বিন্দু মাঝে,
 কস্তুৰীৰ ৰেখায়ে ভূষিত॥
ৰত্নৰ সুন্দৰ হবে বক্ষস্থল বিৰাজয়,
 উচ্চকুচ তাতে উজ্বলিত।
ঈষৎ হসিত মুখ দৰশনে মিলে সুখ,
 মনোহৰ কটাক্ষ যুগুত॥
বদন মণ্ডল জ্বলে চন্দ্ৰকো নিন্দিয়া বলে,
 প্ৰকাশ কৰয় অদভুত।
ৰত্নৰ কেয়ূৰ চাৰু বলয় কঙ্কণ চয়,
 কুণ্ডলে প্ৰকাশে গণ্ডস্থল॥
পকা বিম্বফল জিনি প্ৰকাশ কৰয় আতি,
 মনোহৰ অধৰ উজ্জ্বল॥
আমূল্য ৰতনে চিত্ৰ বিচিত্ৰ কৰিছে আতি,
 বস্ত্ৰযুগে উত্তম সুসাৰ।
হেন বস্ত্ৰ পৰিধান নাহিকে উপমা তাৰ,
 ৰূপ আতি দেখি চমৎকাৰ॥
হস্তত দৰ্পন ধৰি প্ৰবেশিলা লীলা কৰি,
 লাসে লাসে সভাৰ ভিতৰ।
পাৰ্ব্বতীৰ ৰূপ দেখি দেৱ আদি যত লোকে,
 আনন্দ লভিলা বহুতৰ॥
কটাক্ষ নয়নে শিবে পাৰ্ব্বতীৰ ৰূপ চাই,
 হৰিষ লভিলা সদাশিৱ।
সকলহি অঙ্গ চয় সতীৰ আকৃতি নয়,
 দেখন্ত সবাকে জগজ্জীৱ॥
সতীৰ সদৃশ ৰূপ পাৰ্ব্বতীৰ দেখি হৰে,
 বিৰহ জ্বৰক এৰিলন্ত।
সবাহাঙ্কে বিস্মৰণ ভৈলা দেৱ ত্ৰিলোচন,
 পাৰ্ব্বতী মনক মুহিলন্ত॥

[ ৩৭ ]

সকল অঙ্গৰ লোম শিহৰিলা অতিশয়,
 নিঝৰয় হৰিষে লোতক।
আত অনন্তৰে শৈল পুৰোহিত সমে ৰঙ্গে,
 বৰিলন্ত আনন্দে শিৱক॥
সুগন্ধ চন্দন বস্ত্ৰ পাদ্য অৰ্ঘ্য আচমন,
 মধুপৰ্ক বিধিৱতে।
পাচে কন্যা সম্প্ৰদান বেদ মন্ত্ৰে কৰিলন্ত,
 শিৱহাতে দিলা বেদ মতে॥
অনেক যৌতুক দিলা ধনৰত্ন উৎসৰ্গিয়া,
 লক্ষে লক্ষে গৰু পালে পালে।
সহস্ৰেক লক্ষ হস্তী অসংখ্য ঘোটক দিলা,
 লক্ষ দাসী দিলা আতি ভালে॥
যতেক দিলন্ত দাস সালঙ্কৃত কৰি বেশ,
 আৰু দিলা ৰত্ন অসংখ্যাত।
যতেক দিলন্ত ধন ততেক যে নকহিলোঁ,
 কিছোমান কহিলো তোমাত॥
পাচে মহাদেৱে ৰঙ্গে হস্ত পাতি স্বস্তি বুলি,
 পাৰ্ব্বতীক গ্ৰহণ কৰিলা।
যত দিলা ধনৰত্ন স্বস্তি বুলি জটাধৰে,
 সবহাঙ্কে ৰঙ্গে আগ্ৰহিলা॥
শুনা সবে সভাসদ ব্ৰহ্মবৈৱৰ্ত্তৰ পদ,
 কিছু আত হেলা নকৰিবা।
যত পূৰ্ব্ব কথা চয় সম্যকে অমৃতময়,
 সিতো সমস্তৰে তত্ত্ব পাইবা॥
তেৰে হৰি ভকতিত বাঢ়িবেক আতি চিত,
 পাইবা সুখে সংসাৰৰ পাৰ।
তেজি সবে আন কাম ডাকি বোলা ৰাম ৰাম,
 নাম বিনে গতি নাহি আৰ॥

[ ৩৮ ]

পদ।


হিমালয়ে দুহিতৃক দিয়া শঙ্কৰত।
প্ৰণাম কৰিলা পৰি শিৱ চৰণত॥
কৃতকৃত্য ভৈলা বুলি ৰাজা হিমালয়।
স্তুতি কৰিব পাছে লৈলা মহাশয়॥
হিমালয় নিগদতি প্ৰভু শূলপানি।
প্ৰণাম কৰোহো তুৱা চৰণ দুখানি॥
মোৰ অজ্ঞানীৰ দোষ ক্ষমিবা সতত।
এহি খানি বৰ মাগো তযু চৰণত॥

হে দেৱ দেৱ দক্ষ যজ্ঞ বিনাশক।
নৰক সাগৰ হন্তে তুমিসে তাৰক॥
হে গুণাতীত প্ৰভু গুণৰ ঈশ্বৰ।
গুণৰ নিধান তুমি সৰ্ব্ব শক্তিধৰ॥

হে যোগধাৰ প্ৰভু হুয়োক প্ৰসন্ন।
তোমাতে সকলো প্ৰাণী হয় উতপন॥
এহি মতে আনো নানা তুতি কৰিলন্ত।
আনন্দিত মনে ৰাজা মৌনে ৰহিলন্ত॥

সমস্তে দেৱতা আৰো মুনি নিৰন্তৰ।
শৈলক প্ৰশংসা কবিলন্ত বহুতৰ।৷
এহি মানে চাৰি ধিক চল্লিশ অধ্যায়।
সাঙ্গ ভৈলা সাবশেষে জানা মুনিৰাই॥

শুনিয়োক সভাসদ কেদিন জীৱন।
মিছাত নেনিবা আত্ম যত বৃদ্ধগণ॥
জনম সফল কৰা ভজিয়ো কৃষ্ণক।
তেবেসে তৰিবা সুখে ইতো সংসাৰক॥

[ ৩৯ ]

কৃষ্ণ বিনে তাৰন্তা নাহিকে সাৰে সাৰ।
কৃষ্ণে নিবৰ্ত্তন কৰে দুৰ্ঘোৰ সংসাৰ।
ইতো পুৰাণৰ শ্লোক আতি গুৰুতৰ।
কিমতে বুজিবে আক অল্প মতি নৰ॥

এহি গুনি শিৱবংশী নৃপ মহাশয়।
শ্লোক সব ভাঙ্গিয়া কইলা পদচয়।
ধন্য ধন্য মহাৰাজা হয় নাৰায়ণ।
যিহেতু সদায়ে ধৰ্ম্মতেসে তযু মন॥

এতেকেসে বৈষ্ণৱ নৃপতি নাম খ্যাত।
সত্য শৌচ ক্ষমা দয়া আছয় যাহাত।
সদায়ে হৰিক চিন্তে নৃপতি মহন্ত।
লিখাইলন্ত পুৰাণ ভাৰত যত যত॥

ৰাত্ৰি দিনে নাম লোৱে শাস্ত্ৰ সাৰ জানি।
নাম বিনে ক্ষণেক নথাকে মহামানী।
কতেক কহিাবো তান মহাযশ ৰাশি।
যাৱে চন্দ্ৰ সূৰ্য তাৱে থাকিবো প্ৰকাশি॥

ইকথা থাকোক আপুনাৰ চিন্তা হিত।
নাম লৈয়া নিস্তাৰিয়ো দুৰ্ঘোৰ কলিত।
নাম বিনে কলিত তাৰন্তা নাহি আৰ।
বোলা ৰাম ৰাম হুয়ো সংসাৰৰ পাৰ॥

[ ৪০ ]

বিপ্ৰ দামোদৰ।
মহাভাৰত।
( আদি পৰ্ব )

দ্ৰৌপদীৰ অৰ্থে ৰাজাগণ নিবৰ্ত্তিল।
ধনুগুণ দিবাক অৰ্জ্জুনে মন দিল॥
নিৰুৎসাহ বাজাগণ দেখিয়া অৰ্জ্জুনে।
ব্ৰাহ্মণব মাঝ হন্তে উঠিলা তেখনে॥

মহাদৰ্প কবি যাই,অৰ্জ্জুন মহন্ত।
কান্ধে নৱগুণ শোভে অতি ৰূপৱন্ত।
বিপ্ৰগণে দেখিলন্ত যাহান্ত অৰ্জ্জুন।
নজানো দিব পাৰে নৰে ধনুৰ্গু‌ণ॥

এহি বুলি বিপ্ৰ সৰে মনত গুণন্ত।
কৰ্ণ শৈল্য আদি কৰি বাৰ খ্যাতিমন্ত।
আৰো বৰ বৰ ৰাজা যতেক আছিল।
ধনু্গুৰ্ণ‌ দিবাক কোনোৱে নোৱাৰিল॥

দেখিতে দুৰ্ব্বল ইতো ব্ৰাহ্মণ মহন্ত।
ধনুৰ্বিদ্যা তাস্ত্ৰ বিদ্যা একো নজানন্ত।
কেন মতে ইতো বিপ্ৰে ধনুৰ্গু‌ণ দিব।
সমজাৰ লোকে আবে আমাক হাহিব॥

যদি দৰ্প কৰি ৰঙ্গে যাহান্ত ব্ৰাহ্মণ
নুৱাৰন্ত যদি জানা দিতে ধনুৰ্গু‌ণ।
নিষেধ কৰিয়ে তেবে বিপ্ৰক যাইবাক।
অন্যো অন্যে বিপ্ৰগণে বোলে এহিবাক॥

[ ৪১ ]

তাহাৰ মধ্যত কেহো ব্ৰাহ্মণে বেলন্ত।
মৎস্য কাটিবাক ইতো বিপ্ৰে পাৰিবন্ত॥
দেখা দুই খান বাহু ইতো ব্ৰাহ্মণৰ।
দুই গোটা শুণ্ড যেন দেখা গজেন্দ্ৰৰ॥

আমি জানো ইতো বিপ্ৰ মহা ৰূপৱন্ত
দুই গোটা কন্ধ দেখা আতি স্থূলৱন্ত॥
ধৈৰ্ষ্যে যেন দেখি আক হিমৱন্ত গিৰি।
দেখা সিংহ গোট যেন যাই দৰ্প কৰি॥

দুই খান উৰু দেখা অতি স্থূলন্তৰ।
দেখি পৰাক্ৰম যেন মৰ্ত গজেন্দ্ৰৰ॥
জগতত যত কিছু আছে কৰ্ম্ম ধৰ্ম্ম।
ব্ৰাহ্মণৰ অসাধ্য নাহিকে কোনো কৰ্ম্ম॥

জল ফুল বায়ু ভক্ষ কৰি বিপ্ৰ গণ।
দৃঢ়ব্ৰত কৰন্ত একান্ত কৰি মন॥
দুৰ্ব্বল শৰীৰ যদি দেখা ব্ৰাহ্মণৰ।
মহা বলৱন্ত সিতো বলে তপস্যাৰ॥

এহি মতে অন্যো অন্যে সিতো বিপ্ৰগণ।
অৰ্জ্জুনক চাই নানা বুলিলা বচন।
সেহি সময়ত পাচে অৰ্জ্জুন মহন্ত।
ধনুৰ সমীপ পাই ৰঙ্গে ৰহিলন্ত॥

ধনুখান দেখিয়া অৰ্জ্জুন মহামতি।
ফুৰি ফুৰি প্ৰদক্ষিণ কৰিলা সম্প্ৰতি।
ইষ্টদেৱ শঙ্কৰক নমস্কাৰ কৰি।
মনে কৃষ্ণ দেৱতাক হৃদয়ত ধৰি॥

অতি যত্ন কৰি পাচে অৰ্জ্জুন মহন্ত
ধমুখান ৰঙ্গ কৰি হাতে ধৰিলন্ত।
আতি খ্যাতিমন্ত বৰ বৰ ৰাজ্য গণ।
শাল শৈল্য কৰ্ণ আদি কৰি দুৰ্যোধন॥

[ ৪২ ]

আৰো অসংখ্যাত বীৰে জাতি যত্ন কৰি।
ধনুৰ্গু‌ণ দিতে নুৱাৰিলা ধনু ধৰি।
দৰ্প কৰি ধনু খান ধৰিয়া অৰ্জ্জুন।
তৎকালে ৰঙ্গ কৰি দিলা ধনুৰ্গু‌ণ॥

ধনুৰ্গু‌ণ দিয়া পাচে অৰ্জ্জুন মহন্ত।
পাঞ্চ গোটা শৰ হাতে তুলিয়া লৈলন্ত।
আকাশক দৃষ্টি কৰি ধনু খান টানি।
মৎস্য কাটি পেলাইলন্ত এক শব হানি॥

মৎস্য কাটিলন্ত যদি বীৰ ধনঞ্জয়।
আকাশত দেবগণে কৰে জয় জয়॥
দিব্য পুষ্প আনি দেৱগণে ৰঙ্গ কৰি।
বৃষ্টি কৰিলন্ত অৰ্জ্জুনৰ মাগা ভৰি॥

ৰাজাগণে দেখি হাহাকাৰ কৰিলন্ত।
মহাশান্তী দ্ৰৌপদীক বিপ্ৰে লভিলন্ত॥
পাছে উৰি ভেৰি দমা কাহান মৃদঙ্গ।
নানা ছন্দে বজাই কৰিয়া মহাৰঙ্গ॥

দ্ৰুপদে দেখন্ত বিদ্ৰে মৎস্য কাটিলন্ত।
আনন্দে আকুল ৰাজা মনে গুণিলন্ত।
জোনো ব্ৰহ্মণৰ পৰা দ্ৰৌপদী সুন্দৰী।
ৰাজাগণে কাঢ়ি জানো নেন্ত খঙ্গ কৰি॥

এহি বুলি দ্ৰুপদ নৃপতি বুদ্ধিমন্ত।
আপুনাৰ সৈন্যক একত্ৰ কৰিলন্ত॥
সৈন্যগণ লৈই ৰজা বীৰ অৰ্জ্জুনৰ।
সহায় কৰিতে লাগি গৈলা নৃপবৰ॥

পাচে যুধিষ্ঠিৰ ৰাজা মহাবুদ্ধিমন্ত।
দেখিলন্ত অৰ্জ্জুনেও মৎস্য কাটিলন্ত।
যোলন্ত আমাক চিনিবেক ৰাজাগণে।
এহি বুলি যুধিষ্ঠিৰ গুণে মনে মনে॥

[ ৪৩ ]

সহদেৱ নকুল সহিতে চাৰি ভাই।
সমাজ মাঝৰ পৰা পাচে ঘৰে গই।
দেখিলন্ত পাচে শান্তী দ্ৰৌপদী সুন্দৰী।
ব্ৰাহ্মণে মৎস্যক কাটিলন্ত ৰঙ্গ কৰি॥

ৰূপে গুণে ইন্দ্ৰ সম দেখি অৰ্জ্জুনক।
নানাবিধ অলঙ্কাৰে মণ্ডি শৰীৰক॥
সুবৰ্ণৰ মালা ধৰি দ্ৰৌপদী সুন্দৰী।
অৰ্জ্জুনৰ পাশক যাহান্ত ৰঙ্গ কৰি॥

মাথাত উৰুণী দিয়া আতি লজ্জাৱতী।
ধীৰে ধীৰে চলি যান্ত অৰ্জ্জুনৰ ভিতি।
সুবৰ্ণৰ মালা খানি দিয়া অৰ্জ্জুনক।
নমিলন্ত সুন্দৰী দ্ৰৌপদী পাণ্ডৱক॥

অৰ্জ্জুনেও দ্ৰৌপদীৰ হাতত ধৰিয়া।
আনিলন্ত আপুনাৰ পাশক লাগিয়া।
দ্ৰোপদীৰ ৰূপ দেখি সিতো ৰাজাগণ।
কামবাণে পীড়িয়া আকুল কৰে মন॥

কি কাৰণে জীওঁ আমি সমস্ত নৃপতি।
দ্ৰৌপদীক জিনি নেই ব্ৰাহ্মণে সম্প্ৰতি॥
এহি বুলি ৰাজাগণে চাহিয়া আছন্ত।
দ্ৰৌপদীৰ হাতত অৰ্জ্জুনে ধৰিলন্ত॥

হাতে ধৰি দ্ৰৌপদীক নেহেন্ত ব্ৰাহ্মণে।
ব্ৰাহ্মণক অনেক পূজিলা ঋষিগণে।
দ্ৰৌপদী সহিতে ৰঙ্গে অৰ্জ্জুন মহন্ত।
ঘৰক যাইতে লাগি মন কৰিলন্ত॥

সেহি সময়ত পাছে সমস্ত নৃপতি।
দ্ৰুপদ ৰাজাক কোপ কৰিলন্ত আতি।
অন্যো অন্যে ৰাজাগণে ক্ৰোধিয়া বোলন্ত।
দেশ হস্তে আমাক মতাই আনিলন্ত॥

[ ৪৪ ]

দেখা আবে দ্ৰুপদৰ কেন ভৈল মতি।
এক ঠাই কৰিলন্ত আমাক সম্প্ৰতি।
পৃথিবীত যত যত আছয় সুন্দবী।
ৰূপে গুণে ত্ৰিভুবনে কেহো নুহি সৰি॥

হেন দ্ৰৌপদীক আবে নেদি অমাসাক
দ্ৰুপদৰ ইচ্ছা ভৈল বিপ্ৰক দিবাক।
দুৰাচাৰ দ্ৰুপদ নৃপতিবৰ বৰ।
সপুত্ৰ বান্ধবে সমে পোশে যমঘৰ॥

মতাই আনি আমাসাক ইতো দুৰাচাৰ।
বিধিৱতে অনেক কৰিলা সতকাৰ।
ভোজন কৰাই নৃপতি অন্ন আমাসাক।
মিলিলা পাচত যেন সম্প্ৰতি আমাক॥

ৰাজ্যভাৰ এৰি বহুদিন আৰ ঠাই।
দ্ৰৌপদীৰ অৰ্থে আছোঁ আসি দুঃখ পাই।
আমাক নেদিবে যদি ইতো দ্ৰৌপদীক।
নানা দেশ হন্তে মাতি আনিলন্ত কিক॥

বৃদ্ধ ইতো দ্ৰুপদ নৃপতি নৰেশ্বৰ।
দিলন্ত আমাক লাজ মধ্যে সমজ্যাৰ।
স্বয়ম্বৰ অধিকাৰ নুহি ব্ৰাহ্মণৰ।
ৰেদত শুনিছোঁ অধিকাৰ ক্ষত্ৰিয়ৰ॥

আমাৰ অধিকাৰ ইতো দ্ৰৌপদীক।
ব্ৰাহ্মণক দিতে ইচ্ছা কৰিলন্ত কিক।
ইতো দ্ৰৌপদীক মাৰি পেশো যমঘৰ।
তেবে অমাসাৰ দুঃখ পলাই মনৰ॥

আমাত নভজে যদি দ্ৰৌপদী সুন্দৰী।
অগ্নিত পেলাইয়া আসা যাওঁ ঘষাঘৰি।
লোভত থাকিয়া যদি ব্ৰাহ্মণ মহন্ত।
আমাক বিপ্ৰেয়ো কিক লাজক দিলন্ত॥

[ ৪৫ ]

তথাপিতো যোগ্য নুহি মাৰিতে ব্ৰাহ্মণ।
ব্ৰাহ্মণৰ অৰ্থে পুত্ৰ পৌত্ৰ ৰাজ্য ভাৰ।
স্বধৰ্ম্মক ৰক্ষা কৰি সমস্ত নৃপতি।
ব্ৰাহ্মণক মাৰিবাক নভৈলেক মতি॥

পুত্ৰগণ সমে ইতো দ্ৰুপদ ৰাজাক।
আৰো আসা কাৰ্য্য নাই আক ৰাখিবাক।
হাৰ যেন স্বয়ম্বৰে ৰাজা সকলক।
নেদয় নৃপতিগণে এনয় লাজক॥

এহি বুলি ৰাজাগণে মহাক্ৰোধ কৰি।
দ্ৰুপদক মাৰো বুলি গৈল অস্ত্ৰধৰি॥
ধনুশৰ ধৰি কতো ৰাজা খেদি গৈলা।
খড়গ চৰ্ম্ম ধৰি কোৰাজা খঙ্গ ভৈল॥

পৰশু মুদ্গ‌ৰ ধৰি কতো মন ৰঙ্গে।
পৰিঘ পট্টিশ ধৰি কতো গৈল খঙ্গে॥
কতো ৰাজা গদা চোট কান্ধত পেলাই।
দ্ৰুপদক মাৰো বুলি লৱৰন্তে যাই॥

কতো ডেৱপাৰি যাই মাৰি বাৰু চাটি।
কতো বোলে দ্ৰুপদক শীঘ্ৰে পেলাওঁ কটি
এহি মতে ৰাজা গণে ধৰ মাৰ কৰি।
দ্ৰুপদক খেদি যাই অস্ত্ৰ শস্ত্ৰ ধৰি॥

পদে দেখন্ত একেলগে ৰাজা গণ।
ক্ৰোধ কৰি আসে যেন মত্তহস্তী গণ।
দ্ৰুপদে দেখিয়া পাছে কম্পয় ভয়ত।
শৰণ পশিল গৈয়া ব্ৰাহ্মণ গণত॥

ৰক্ষা কৰ বিপ্ৰগণ পশিলোঁ শৰণে।
মোক মাৰিবাক লাগি আসয় ৰাজনে।
পদৰ বাণী শুনি বীৰ ধনঞ্জয়।
দ্ৰুপদ নৃপতি তুমি নকৰিবা ভয়॥

[ ৪৬ ]

পাচে দুই ভাই ভীম অৰ্জ্জুন মহন্ত।
মহাবেগে আসি ৰাজা গণ দেখিলন্ত॥
দেখিলন্ত অস্ত্ৰ ধৰি সমস্ত নৃপতি।
দ্ৰুপদ ৰাজাক বেঢ়িলন্ত চতুৰ্ভিতি॥

তাক দেখি দুয়ো ভাই ক্ৰোধ কৰিলন্ত।
ভীমসেনে পাছে বৃক্ষ গোট দেখিলন্ত॥
মহাবলৱন্ত ভীমে দুই হাতে ধৰি।
বৃক্ষ গোট উভাবিয়া লৈল। ক্ৰোধ কৰি॥

ডাল মূল ভাঙ্গি পাছে পেলাইলা বৃক্ষৰ।
মত্তহস্তী গোট যেন আছে বৃকোদৰ॥
বৃক্ষ গোট কান্ধত পেলাই ভীমসেন।
প্ৰজা সংহৰিতে যম ৰাজা আছে যেন॥

বৃক্ষ গোট লই অৰ্জ্জুনৰ পাশে বৈলা।
অৰ্জ্জুনে ভীমৰ কাৰ্য্য দেখি ৰঙ্গ ভৈলা॥
অৰ্জ্জুনেও বৰ ধনু খান হাতে ধৰি॥
নৃপতি গণক চাই ৰৈলা ৰঙ্গ কৰি॥

অৰ্জ্জুনক দেখি কৃষ্ণে বলোক বোলন্ত।
শুনা দদা বলভদ্ৰ তুমি বুদ্ধিমন্ত॥
দেখা সিংহ গোট যেন যাই ৰঙ্গ কবি।
দীঘল ডাঙ্গৰ ধনু খান হাতে ধৰি।॥

জানিবা নিশ্চয়ে দদা এহিতো অৰ্জ্জুন।
মহাক্ৰোধ কৰি আঝোৰম্ভ ধনুৰ্গু‌ণ॥
দেখা বৃক্ষ গোট উভাৰিয়া হাতে ধৰি।
অৰ্জ্জুনৰ কাছে আছে মহা ক্ৰোধ কৰি॥

এহি গোট ভীমসেন জানিবা নিশ্চয়।
ইতো কৰ্ম্ম মনুষ্যে কৰিবে নুৱাৰয়॥
যিতো সমাজৰ পৰা উঠিয়া গৈলন্ত।
সিংহ সম গতি সিতো মহাৰূপৱন্ত॥

[ ৪৭ ]

দুই খান বাহু তান আজানু লম্বিত।
তিল ফুল সম নাসা আতি সুশোভিত॥
জানিবা নিশ্চয় সেহি গোট যুধিষ্ঠিৰ।
ধৰ্ম্মৰাজ সুত সিতো আতি মহাবীৰ॥

যিতো দুই জন যুধিষ্ঠিৰৰ পাচত।
গৈলন্ত চলিয়া ৰঙ্গ কৰিয়া মনত॥
জানিবা নিশ্চয় দুয়ো মাদূৰ তনয়।
নকুল যে সহদেৱ আতি স্বুভানয়॥

জতুগৃহ দাহ হন্তে সিতো পাঞ্চ ভাই।
মাতৃ হন্তে এৰাইছন্ত শুনিছো পলাই॥
বলভদ্ৰ শুনি পাছে কৃষ্ণৰ বচন।
পাণ্ডৱক দেখি দুয়ো ভৈল ৰঙ্গ মন॥

পাচে বিপ্ৰগণে দ্ৰুপদৰ শুনি বাণী।
নৃপতি গণক দেখি দৰত কাম্পনি॥
মহা স্নেহে বিপ্ৰগণে বুলিলা সম্প্ৰতি।
ভয় নকৰিবি তই দ্ৰুপদ নৃপতি॥

ইতো ৰাজা গণক যুজিবে বিপ্ৰগণে।
এহি মতে বিপ্ৰ গণে বোলে অন্যো অন্যে॥
ব্ৰাহ্মণ গণৰ বাণী অৰ্জ্জু‌নে শুনিলা।
অল্প অল্প হাস্য কৰি বিপ্ৰক বুলিলা॥

শুনা বিপ্ৰগণ আবে মোহোৰ বচন।
থাকা তোৰা সব মই মাৰো ৰাজাগণ॥
অসংখ্যাত শৰ মাৰি আমি দুই ভাই।
সমস্ত নৃপতি মাৰে৷ থাকা ৰঙ্গ চাই॥

এহি বুলি ধনুখান ধৰিয়া অৰ্জ্জু‌ন।
মহাৰঙ্গে দৰ্প কৰি দিলা ধনুৰ্গু‌ণ॥
ভীমেও বৃক্ষক ধৰি মহা ক্ৰোধ কৰি৷
দুই ভাই ৰহিলন্ত পাছে ৰঙ্গ কৰি॥

[ ৪৮ ]

কৰ্ণ আদি কৰি ৰাজা গণক দেখিয়া।
ক্ৰোধ কৰি দুই ভাই গৈলন্ত খেদিয়া।
ৰাজা গণে বুলিলন্ত অন্যো অন্যে চাই।
দেখা দুই গুটি বিপ্ৰে খেদিয়া আসিয়া॥

ৰণে পশি যিতো বীৰ যুদ্ধক কৰন্ত।
ক্ষেত্ৰিয় সহিতে যুদ্ধ কবিয়া মৰন্ত।
শুনিছোঁ লাগে ব্ৰহ্মবধ ক্ষত্ৰিয়ত।
এহি বুলি ৰাজাগণ পশিলা ৰণত॥

ৰণত পশিয়া পাছে সমস্তে নৃপতি।
ব্ৰাহ্মণ গণক খেদি গৈলন্ত সম্প্ৰতি।
পাচে ৰাধা সুত কৰ্ণ মহা বলৱন্ত।
মহা ক্ৰোধে অৰ্জ্জুনক খেদিয়া গৈলন্ত॥

ঋতুমতী গোৰ অৰ্থে যেন বৃষ দুই।
আন্যো অন্যে মহাক্ৰোধে ভিৰিয়া যুঝায়।
এহি মতে কৰ্ণ সম অৰ্জ্জুন মহন্ত।
মত্তহস্তী গোট যেন হস্তীক যুজন্ত॥

মহাবলৱন্ত বীৰ শৈল্য নৰপতি।
ভীনসেন সমে যুদ্ধ লাগিল সম্প্ৰতি।
দুৰ্য্যোধন আদি কৰি নৃপতি সকল।
বিপ্ৰগণ সমে তাৰ কন্দল লাগিল॥

অৰ্জ্জুনে দেখন্ত কৰ্ণ খেদিয়া আসয়।
ধনু খান হাতে তুলি লৈলা মহাশয়।
আকৰ্ণ সমান কৰি টানি ধনুখান।
ধনুত যুৰিলা আনি তিনি গোট বান॥

কৰ্ণৰ হৃদিত দৃঢ় কৰি হানিলন্ত।
এক শৰ হানি তাৰ ধনু কাটিলন্ত।
শৰ ঘাৱে কৰ্ণ বীৰ জৰ্জ্জৰিত ভৈল।
বিমোহিত হুয়া বীৰ ৰথে পৰি ৰৈল॥

[ ৪৯ ]

কতোক্ষণে কৰ্ণ বীৰ চেতন লভিয়া।
ক্ৰোধ কৰি অৰ্জ্জু‌নিক গৈলন্ত খেদিয়া॥
পাচে আৰো ধনুখান ধৰি কৰ্ণ বীৰ!
শৰে হানি অৰ্জ্জু‌নৰ ভেদিলা শৰীৰ॥

অৰ্জ্জু‌নেও মহাখঙ্গে নানা অস্ত ধৰি।
কৰ্ণৰ শৰীৰে হানিলন্ত দৃঢ় কৰি॥
পাচে জিনো বুলি দুয়ো আটোপটঙ্কাৰে।
যুদ্ধ কৰিলন্ত দুয়ো অনেক প্ৰকাৰে॥

অৰ্জ্জু‌নৰ বহু বল দেখি কৰ্ণ বীৰ।
পৃথিবীত ইহাৰ সমান নাহি ৰীৰ॥
এহি বুলি কৰ্ণ বীৰ আতি যত্ন কৰি।
অৰ্জ্জু‌নক যুজিতে লাগিলা ধনু ধৰি॥

অসংখ্যাত শৰ ৰুষ্ঠি অৰ্জ্জুনে কৰিল।
ৰাধা সুত কৰ্ণ বীৰ পথতে কাটিল॥
আথাকে হানন্ত শৰ অৰ্জ্জু‌ন মহন্ত।
তাক দেখি কণে অৰ্জ্জু‌নক বুলিলন্ত॥

কোন তুমি বিপ্ৰ নিষ্ঠ কৰি কহিয়োক।
বাহুবলে তুমি তুষ্ট কৰিলাহা মোক॥
তোমাৰ প্ৰহাৰ কেহো সহিতে নাপাৰে।
অন্ত বিদ্যা ধনুৰ্ব্বিদ্যা জানা তুমি সাৰে॥

কিবা ৰামচন্দ্ৰ আসি আছা মুৰ্ত্তি ধৰি।
কিবা ইন্দ্ৰ আসি আছা বিপ্ৰৰূপ ধৰি।
তুমি বা সাক্ষাতে বিষ্ণু পতি জগতৰ।
এতমান পৰাক্ৰম মুহি ব্ৰাহ্মণৰ॥

ৰণ মাঝে মই যদি মহা ক্ৰোধ কৰি।
যুজিবাক মাওঁ অন্ত শঙ্গ ধনু ধৰি॥
বৰ বৰ ৰাজা গণ চাহিয়া থাকন্ত।
কাহাৰ শকতি নাহি মোক যুজিবন্ত॥

[ ৫০ ]

কিন্তু ইন্দ্ৰ আৰু পাণ্ডু্‌সুত ধনঞ্জয়
এহি দুই বিনে মোক যুজে নুৱাৰয়।
এহি মতে কৰ্ণ বীৰে বুলিয়া আছন্ত।
কৰ্ণক সম্বুধি ধনঞ্জয় বুলিলন্ত॥

শুনিয়োক কৰ্ণ‌ মই নোহো ৰামচন্দ্ৰ।
অৰ্জুন নুহিকা মই নোতো দেৱ ইন্দ্ৰ॥
কিন্তু মই সামান্য ব্ৰাহ্মণ একজন।
গুৰুৰ প্ৰসাদে শিখি আছোঁ অন্ত্ৰগণ॥

শুনি আছোঁ সবে কই কণ মহাবীৰ।
মোহৰ আগত আজি হওঁ তই স্থিৰ॥
অৰ্জ্জুনৰ বাণী শুনি ৰাধাৰ তনয়।
যুদ্ধ হন্তে নিবৰ্ত্তিয়া গৈলা মহাশয়॥

বোলন্ত ব্ৰাহ্মণ তেজ সহিতে নপাৰি।
এহি বুলি কৰ্ণ গৈলা যুদ্ধ পৰিহৰি॥
পাছে শৈল্য সমে ভীম মহাবলিয়াৰ।
অন্যো আন্যে দুয়ো যুদ্ধ কৰিলা অপাৰ॥

বাহু ডাম্ফি মাৰি দুয়ো কৰি ধৰাধৰি।
ইয়ো টানে সিয়ো তানে মহা দৰ্প কৰি॥
পাচে ভীমে দুয়ো হাতে,ধৰি আঙ্কোৱালি।
শৈল্য নৃপতিক ৰঙ্গে পেলাইলা আচাৰি॥

বিপ্ৰগণে সবে হাসিলন্ত ৰাত কৰি।
দেখি ৰাজাগণে সুমৰন্ত হৰি হৰি॥
সেহি সময়ত ভীমে আশ্চধ্য কৰিলা।
পৰি আছে শৈল্য ৰাজা সাক্ষাতে দেখিলা।

এহি মতে কৰ্ণ শৈল্যে যুদ্ধ হৃৰিলন্ত।
তাক দেখি ৰাজাগণ ভয়ে কম্পিলন্ত॥
সিতো ৰাজাগণ পাছে হুয়া একঠাই।
আন্যো অন্যে বোলন্ত ভীমৰ মুখ চাই॥

[ ৫১ ]

পুছিয়োক কোন ঠাই থাকন্ত ব্ৰাহ্মণ।
কোন স্থানে থাকা কাৰ পুত্ৰ প্ৰয়োজন।
ৰাধাৰ তনয় কৰ্ণ বীৰ বলিয়াৰ।
ৰণমধ্যে যুজিবাক শক্তি আছে কাৰ॥

কিন্তু ৰামচন্দ্ৰ ইন্দ্ৰ আৰো ধনঞ্জয়।
দৈৱকীৰ পুত্ৰ কৃষ্ণ কৃপা মহাশয়।
এহি পাঞ্চ জন বিনে কৰ্ণক ৰণত।
জিনিবাক নুৱাৰন্ত কেৱে জগতত॥

দেখিয়োক অৰৰ কেন ভৈল বিপৰ্য্যয়।
শৈল্য নৃপতিক ৰণে ব্ৰাহ্মণ জিনয়।
যিতো মহাবলৱন্ত শৈল্য নৰপতি।
ৰণত জিনিৰ তাক কাহাৰ শকতি॥

কিন্তু বলভদ্ৰ আৰো ভীম মহাশয়।
এহি দুই জন বিনে কেহো নুৱাৰয়।
হেনয় শৈল্যক বিপ্ৰে পেলাইলা ভূমিত।
দেখিয়োক ৰাজাগণ কেনে বিপৰীত॥

মহাবলৱন্ত কৰ্ণ শৈল্য নৰপতি।
হেনয় বীৰক জিনে ব্ৰাহ্মণে সম্প্ৰতি
নিশ্চয় জানিলোঁ দুই নুহিকা ব্ৰাহ্মণ
ছদ্ম কৰি আসি আছে জানা কোন জন॥

একবাক্য বোলল শুনা সমস্তে নৃপতি।
ব্ৰাহ্মণক যুজিবাক লাগে সম্প্ৰতি।
দ্ৰৌপদীক লৈয়া যাওঁ আসা সবে ধৰি।
পাছে যদি বিপ্ৰে খেদি আসে দৰ্পকৰি॥

ব্ৰাহ্মনক বেঢ়ি পাছে সবে ৰাজাগণে।
একে লগে যুদ্ধ কৰো সবে ৰাজাগণে
এহি বাক্য ৰাজাগণে বুলিতে আছন্ত।
তাক দেখি ৰাম কৃষ্ণে মনত গুণন্ত॥

[ ৫২ ]

বেলন্ত ভীমৰ কাৰ্য্য অতি অদভুত।
অৰ্জুনেও পৰাক্ৰম কৰিলা বহুত॥
অদ্ভুত কৰ্ম্মক দেখি সমস্তে নৃপতি।
পাণ্ডৱ বুলিয়া কিবা চিনন্ত সম্প্ৰতি॥

এহিমতে গুণি গান্থি কৃষ্ণ কৃপাময়।
নৃপতি গণক চাই বুলিলা বিনয়॥
শুনিয়োক মোৰ বাক্য নৃপতি সকল।
ব্ৰাহ্মণ সহিতে তোবা এবিয়ে। কন্দল॥

ধৰ্ম্মে থাকি দ্ৰৌপদীক পাইলন্ত ব্ৰাহ্মণে।
তাক লাগি তোৰা যুদ্ধ কৰা কি কাৰণে॥
মোৰ বাক্য ধৰা তোৰা সমস্তে নৃপতি।
দ্ৰৌপদীৰ অৰ্থে যুদ্ধ এৰিয়ো সম্প্ৰতি॥

কৃষ্ণৰ বচন শুনি সবে ৰাজাগণ।
ব্ৰাহ্মণ সহিত যুদ্ধ এৰিলা তেখন॥
সমস্ত নৃপতি পাছে অসন্তোষ কৰি।
লাজে অধোমুখ হৈয়া গৈলা ঘৰঘৰি॥

[ ৫৩ ]

শ্ৰীনাথ দ্বিজ



মহাভাৰত।


( আদি পৰ্ব্ব )


এক দিন দ্ৰোণ অৰ্জ্জুনত নিগদতি।
অন্ধকাৰে অন্ন নভুঞ্জিবা মহামতি॥
কাতে নকহিবা বাপু আমাৰ ইকথা।
তোমাক সকলো অস্ত্ৰ শিখাইবো সৰ্ব্বথা॥

গুৰুৰ আজ্ঞাক শিৰে ধৰি ধনঞ্জয়।
অশ্বত্থামা সঙ্গে ভিনে শিখে অস্ত্ৰচয়॥
এক দিনা সব্যসাচী ভাত খাই ৰাতি।
প্ৰচণ্ড বতাহ লাগি নিমালেক বাতি॥

অন্ধকাৰে বীৰ ধনঞ্জয় ভাত খাই।
মুখক লাগিয়া মাত্ৰ তাৰ হাত যাই॥
সকলে অভ্যাস সাধ্য বুজিয়া তেখনে।
তন্ত্ৰ শস্ত্ৰ শিক্ষা কৰে ৰাতিতে আপোনে॥

ৰাত্ৰিতো শুনিয়া তান ধনুৰ টঙ্কাৰ।
মেঘৰ সম্বাদ যেন প্ৰচণ্ড হুঙ্কাৰ॥
অৰ্জ্জুনৰ যত্ন দেখি দ্ৰোণ তুষ্ট মন।
মহা স্নেহে আলিঙ্গিয়া বুলিলা বচন॥

সাধু সাধু ধনঞ্জয় ক্ষত্ৰিয় কুমাৰ।
বিদ্যাত এমত যত্ন দেখিলো তোমাৰ।
কৰিবো তোমাক অস্ত্ৰ শস্ত্ৰত পণ্ডিত॥
যেন তোৰ সম বীৰ নাহি পৃথিবীত॥

[ ৫৪ ]

দিবো ধনুৰ্ব্বেদ তোক কৈলে অঙ্গীকাৰ।
তোমাৰ সদৃশ মোৰ শিষ্য নাহি আৰ॥
হস্তী কন্ধে থাকি ৰণে কি কবিবে কৰ্ম্ম।
সংকীৰ্ণ যুদ্ধৰে আৰে শিখলন্ত মৰ্ম্ম॥

শকতি তোমাৰ পাশ খড়্‌গ চৰ্ম্ম যুদ্ধ।
মহা মল্ল যুদ্ধ আৰু গদা যুদ্ধ শুদ্ধ॥
দ্ৰোণে অৰ্জ্জুনক সবে শিখাইলন্ত ভিনে।
নজানিল কেৱে এক অশ্বথামা বিনে॥

অৰ্জ্জুনৰ কীৰ্ত্তি দশদিশ চানি গৈল।
শুনিয়া ৰাজ্যৰ পুত্ৰ অনেক আসিল।
চণ্ডাল ৰজাৰ পুত্ৰ একলব্য নাম।
আসিল দ্ৰোণৰ ঠাই অস্ত্ৰ শিক্ষা কাম॥

চণ্ডালক দ্ৰোণে নিশিখাইলা ধনুৰ্ব্বেদ।
একলব্য চলিল মনত কাৰ খেদ॥
মাটিৰ দ্ৰোণব মূৰ্তি আকিলেক বনে।
তাকে গুৰু মানি অস্ত্ৰ শিথইয় আপুনে॥

মহা ধনুৰ্দ্ধৰ ভৈলা সবাতে উত্তম।
নাহি আৰ ধনুৰ্দ্ধৰ একলব্য সম॥
বৈশম্পায়নে বেলে তেবে কৌৰৱ পাণ্ডৱে।
একদিন মৃগয়া কৰিতে গৈলা বনে॥

সবে ভাই লগে লৈয়া শিখাৱা কুমাৰ।
মৃগ মাৰিবাক মনে গৈলা বহু দূৰ।
একলব্য অস্ত্ৰ শিক্ষা কৰে সেহি বনে।
তথা উপস্থিত ভৈলা ৰাজ পুত্ৰ গণে॥

হেঙ্গুল কুকুৰ এক হৰিণ খেদিয়া।
একলব্য আগে গৈল শৰদ কৰিয়া।
শবদ কৰিতে একলব্য ধনুৰ্দ্ধৰ।
কুকুৰৰ মুখে প্ৰবেশাইলা পঞ্চশৰ॥

[ ৫৫ ]

শৰে পৰি পুনম্মুখ কুকুৰ আসিল।
দেখিয়া কুমাৰ বৰ্গে বিস্ময় মানিল॥
কাহাৰ কৰ্ম্ম বুলি সবাৰে বিস্ময়।
পঞ্চাধিক শত ভাই বনে বিচাৰয়॥

দেখিল পুৰুষ এক শিবে জটাধাৰী।
কৃষ্ণসাৰ চৰ্ম্ম পিন্ধি অস্ত্ৰ শিক্ষা কৰি।
দ্ৰোণৰ প্ৰতিমা এক আপিছে আগত।
তাকে গুৰু মানি অস্ত্ৰ শিখায় সমস্ত॥

একলব্য চণ্ডালৰ দেখিয়া বিক্ৰম।
সবে বোলে ইহাৰ নোহয় কেৱে সম॥
বিস্ময় লভিয়া সবে গৈল নিজ ঘৰে।
অৰ্জ্জুনে চলিলা দুঃখে দ্ৰোণৰ বাসৰে॥

আদৰে গুৰুৰ পাৱে কৰিয়া প্ৰণতি।
নম্ৰভাৱে ধনঞ্জয় বিনয় বদতি।
অৰ্জ্জুনে বোলয় মোক বুলিলা গোসাঁই।
ধনঞ্জয় তোৰ তুল্য মোৰ শিষ্য নাই॥

তোমাৰ সি বাক্য কেনে ভৈলেক অসত্য।
গুৰু বৃহস্পতি বাক্য মিছা বোলে কৈত।
একলব্য চণ্ডাল সবাতে ভৈলা বৰ।
তোমাৰেসে শিষ্য় গুৰু ধনুৰ্দ্ধৰ দৰ॥

মাটিৰ তোমাৰ মূৰ্ত্তি থাপি আছে বনে।
তাকে গুৰু মানি অস্ত্ৰ শিখয় আপুনে।
মহা ধনুৰ্দ্ধৰ ভৈলা সবাতে উত্তম।
নাহি তুৱা শিষ্য গুৰু একলব্য সম॥

মই তুৱা দাস প্ৰভু অনুগ্ৰহ কৰ।
চণ্ডাল নেহয় যেন মোৰ সমসৰ।
আপুন প্ৰতিজ্ঞা গুৰু কৰ প্ৰতিপাল।
যেন মতে মোৰ সম নহয় চণ্ডাল॥

[ ৫৬ ]

তুমি গুৰু পিতৃ মোব তুৱা দাস প্ৰায়।
আপুন প্ৰতিজ্ঞা আবে ৰাখিতে যুৱাই।
দ্ৰোণে বোলে প্ৰিয় শিষ্য শুনা ধনঞ্জয়।
তুৱা মনোৰথ সিদ্ধি কৰিবো নিশ্চয়॥

এখনে কবিবো পাৰ্থ তুৱা হিত কাজে।
এহি বুলি তেখনে চলিল ভৰদ্বাজ।
মনে বোলে মহাবীৰ ধন্যৰে চণ্ডাল।
একলব্য থানে দ্ৰোণ চলিলা তাৎকল॥

লগতে চলিল অসংখ্যাত শিষ্য গণ।
একলব্য থানে দ্ৰোণ ভৈলা উপাসন্ন।
দ্ৰোণক দেখিয়া একলব্য মবাবলী।
প্ৰণাম কৰিয়া বীৰ ভৈলা কৃতাঞ্জলি॥

গৌৰৱে বোলয় গুক কহিয়ো কি কাৰ্য্য।
তুমি সে আমাৰ শস্ত্ৰ শিখাৰ আচাৰ্য্য।
দ্ৰোণে বোলে বীৰ যদি শিষ্য ভেলি মোৰ।
গুৰুক দক্ষিণা দিতে যোগ্য হোৱে তোৰ॥

একলব্য বোলে গুৰু কহিয়ো সকালে।
তোমাৰ সন্তোষ হয় কি দক্ষিণা পালে।
আচৰ্য্য তোমাৰ কাৰ্য্য অবশ্য সাধিবা।
তোমাৰ কাৰণে নিজ প্ৰাণ উপেক্ষিবো॥

দ্ৰোণে বোলে প্ৰতিজ্ঞা কৰিয়ো মহামানী।
দক্ষিণ হস্তৰ দিয়ো বৃদ্ধাঙ্গুষ্ঠ খানি।
এহি সে দক্ষিণ মোৰ জানা মহামতি।
হাস্য কৰি তেবে একলব্য নিগদতি॥

জানিলো চলিতে আসি আছা ভৰদ্বাজ।
তুৱা যত্ন ভৈল অৰ্জ্জুনৰ হিত কাজ।
হীৰণ্য ধনুৰ পুত্ৰ মই একলব্য।
প্ৰতিজ্ঞা ছাৰিলে মোক বুলিবেক অব্য॥

[ ৫৭ ]

পৰম আনন্দে হাস্য মুখে এহি বুলি।
দক্ষিণ হাতৰ কাটি দিলা বৃদ্ধাঙ্গুলি।
দক্ষিণা লভিয়া দ্ৰোণ গৈলা নিজ ঘৰ।
বনতে ৰহিল একলব্য ধনুৰ্দ্ধৰ॥

ৰুক্ষন ভৈলা অঙ্গুলি তথাপি ধনু টানে।
শীঘ্ৰবেগে শৰ বীৰে অলক্ষিতে হানে।
তথাপি অস্ত্ৰত ভৈলা পৰম প্ৰবীণ।
অৰ্জ্জুনত মাত্ৰ একলব্য ভৈলা হীন॥

বৈশম্পানে বোলে একদিন গুৰু দ্ৰেণে।
পৰীক্ষা কৰিবে মনে শিষ্যক আপুনে।
গাছৰ আগত কুৰে ভাটো এক খানি।
সবাৰে মহিমা লৈতে থৈলা মহামানী॥

শিষ্যক বুলিলা সবে আইস ধনুধৰি।
দেখি শৰ কৰ ক্ৰিড়া ভাটো লক্ষ কৰি॥
মই যেতিক্ষণে বোলো শীঘ্ৰে কৰ শৰ।
শব হানি পক্ষী শিৰ ছেদিও সত্বৰ॥

তেবে আগ ভৈলা যুধিষ্ঠিৰ ধৰ্ম্ম সুত।
পক্ষী লক্ষ কৰি শৰ কৰিলা প্ৰস্তুত।
দ্ৰোণে বলে যুধিষ্ঠিৰ কি দেখস তই।
যুধিষ্ঠিৰ বদতি সকলে দেখোঁ মই॥

প্ৰথমে বৃক্ষক দেখো দেখো ভাটো পক্ষী।
ভাই সকলক আৰু তোমাক যে লক্ষি।
গুৰু দ্ৰোণে মৌন হুই ৰহি তেতিক্ষণ।
পুনু কি দেখস হেন বুলিলা বচন॥

আৰো যুধিষ্ঠিৰে দেখো সেহি কথা মাত্ৰ।
দ্ৰোণে বোলে দূৰ গুচ অধম অপাত্ৰ॥
তেবে সেহি মতে দুৰ্য্যোধনত পুচিল।
তেহেসে কহিল যুধিষ্ঠিৰে যে কহিল॥

[ ৫৮ ]

তেৰে দ্ৰোণে ভীমত পুচিলা সেহি ঠানে।
ভীমে বোলে মাবো পক্ষী গদাৰ প্ৰহাৰে॥
তবে নানা দেশী বাজ পুত্ৰক তেখনে।
সবাতে পুচিলা ভৰদ্বাজৰ নন্দনে॥

সবে বোলে আমি গুৰু সবাহাকে দেখি।
তেবে দ্ৰোণে বোলে ধনঞ্জয়ক নিবেক্ষি॥
ধনু থাকসিয়া পাৰ্থ বড় শৰ পাট।
শৰ ছাৰ বুলিলে পক্ষীৰ শিৰ কাট॥

কোদণ্ড যুৰিয়া ধৰি সৰ্প মুখ বাণ।
অৰ্জ্জুনে পক্ষীক লক্ষি কৰিলা সন্ধান॥
দ্ৰোণে বোলে ধনঞ্জয় কি দেখস তই।
অৰ্জ্জুনে বদতি পক্ষী মাত্ৰ দেখোঁ মই॥

নেদেখোঁ বৃক্ষক গুৰু নেদেখো তোমাক।
নেদেখোঁ শতেক সঙ্গী ভাই সকলক।
মোৰ চক্ষু গৈছে মাত্ৰ ভাটোৰ উপৰ।
মনে মনে বেলে দ্ৰোণে সাধু ধনুৰ্ধৰ।॥

পাছে পুচিলন্ত দ্ৰোণে কি দেখস আৰ।
পাৰ্থে বোলে দেখোঁ আমি কণ্ঠ খানি তাৰ॥
দ্ৰোণে বোলে শীঘ্ৰে শৰ ছাৰ সব্যসাচী।
অৰ্জ্জুনে হানিলা শৰ খানিঙ্কো নাপেক্ষি॥

তীক্ষ্ণ শৰে পক্ষী শিৰ ছেদিল সত্বৰে।
পৰিল ভাটোৰ মাথা পৃথিবী উপৰে।
তাক দেখি যত দ্ৰোণ শিষ্যে পাইলা লাজ।
অৰ্জ্জুনক আলিঙ্গি ধৰিল ভৰদ্বাজ॥

দ্ৰোণে বোলে পাৰ্থ প্ৰশংসিবো কত তোক।
তই শিষ্যে কৃতাৰ্থ কৰিলি বাপু মোক॥
ধন্য পিতা পাণ্ডু তোৰ ধন্য মাতা কুন্তী।
তই হেন পুত্ৰ তাৰ জীৱন্তে মুকুতি॥

[ ৫৯ ]

বৈশম্পায়নে বোলে যেবে কথা ভৈল পাছে।
একদিনা ধৃতৰাষ্ট্ৰে সভা পাতি আছে॥
ভীষ্ম দ্ৰোণ ব্যাস কৃপ বাহ্লিক সঞ্জয়।
সোমদত্ত বিদুৰ আছয় বীৰ চয়॥

ভীষ্ম সমে সম্ভাষিতে আছে কুৰুপতি।
হেনকালে গুৰু দ্ৰোণ ৰাজাত বদতি॥
আচাৰ্য্য বদতি শুনা জয় নৃপবৰ।
প্ৰিয় নিবেদন কৰো অৱধান কৰ॥

তব পুত্ৰগণ যত ভ্ৰাতৃগণ যত।
সকলে ভৈলেক অস্ত্ৰ শস্ত্ৰত পাৰ্গত॥
সাঙ্গেপাঙ্গে ধনুৰ্ব্বেদ সকলে শিখাইলো।
গন্ধাদি সব অস্ত্ৰ সবক দেখাইলোঁ॥

হয়ে গজে ৰথে সবে কেন অস্ত্ৰ শিক্ষা।
আপুনি এখনে ৰাজা কৰিয়ে বীক্ষা॥
তোমাৰ সকলে পুত্ৰ ভৈল গুণৱন্ত।
এতেকে ভূপাল তুমি মহাভাগ্যৱন্ত॥

অনন্তৰে অনিন্দিত বৃদ্ধকুৰু ৰাই।
দ্ৰোণক বুলিল। সাধু সাধু উপাধ্যায়॥
বৰ প্ৰিয় কাৰ্য মোৰ সাধিলা এখনে।
অস্ত্ৰত পণ্ডিত ভৈল যাতো পুত্ৰগণে॥

যে সকলে দেখে গুণৱন্ত পুত্ৰগণ।
হেন মানে গুৰু মোৰ ইহ লোক স্থান॥
বিধাতা কৰিল মাত্ৰ মোক বিৰম্বন।
অন্ধ কৰি মোক যাতে কৰিলা সুজন॥

দেখিবে নপাইলো গুণৱন্ত পুত্ৰমুখ।
ইহাত অধিক গুৰু আছে কোন দুখ॥
এহি মতে দুঃখ কৰি বৃদ্ধকুৰু পতি।
অনন্তৰে বিদুৰক বিনয় বদতি॥

[ ৬০ ]

থান নিৰ্বানক গুৰু কবিয়ে হাঙ্গান।
কুমাৰ বৰ্গৰ কবিয়েক বঙ্গ স্থান॥
উচ্চ মঞ্চ সব ভাই কবায়ে যতনে।
গান্ধাৰী প্ৰমুখ্যে যেন দেখৈ নাৰী গণে॥

সোক আনন্দে নগৰৰ যত লোক।
পুত্ৰৰ বিক্ৰম মোব সকলে দেখোক॥
বাজাৰ আদেশ বিডুবে যে শিৰে ধৰি।
বঙ্গ ভূমি বিৰচিল শুভক্ষণ কৰি॥

প্ৰকীৰ্ণ্ণ ভূমিত কৰাইলাহা বঙ্গ স্থান।
উচ্চ মঞ্চ সব কৈল সাক্ষাতে বিমান॥
ফটিকৰ স্তম্ভ ৰত্ন সয় গৃহ যত।
সাক্ষাতে দেখি যেন মেৰুৰ পৰত॥

শৰৰ বাটত সবে কাটিল বিকিৰি।
অভ্যন্তৰ হন্তে যেন দেখে যত নাৰী॥
গৃহৰ চতাল যেন চন্দনে লেপিল।
সুবৰ্ণৰ পূৰ্ণ ঘট দুৱাবে আপিল॥

কুসুম চন্দনে ধূপ সুগন্ধ লগাইল।
গন্ধ মধুগণে লোভে মধু খাইল॥
অনন্তৰে ৰঙ্গ ভূমি পূজা কৰিবাৰ।
যি সকল লাগে গৈল সকলো সম্ভাৰ॥

সাৱধানে সকলে সাজিলা নীতিশীল।
নম্ৰভাৱে ৰাজাত বিদুৰে নিবেদিল॥
বৈশম্পানে বোলে তুষ্ট হুয়া কুৰু ৰাজ।
ভীষ্ম সমে আৰোহিল গৃহ সভা মাব॥

বাহ্লিক প্ৰমুক্ষে আনে বৃদ্ধ কুৰুগণ।
সুবৰ্ণ আসনে সবে বসিলা তেখন॥
ৰাজাৰ সন্নিধে বঙ্গে উঠিল। গান্ধাৰী।
আসিল আনন্দে কুন্তী আনো যত নাৰী॥

[ ৬১ ]

মহাভাৰত।


ৰাজনাৰী গণ মঞ্চে কৰি আৰোহণ।
মেৰুৰ শিখৰে যেন দেব নাৰী গণ॥
সভাসদ সব যেবে সভাত বসিলা।
আসোক কুমাৰ বৰ্গে ৰাজা আদেশিলা॥

তেবে ৰণ ধৰণীত উঠিল আন্দোল।
পূৰ্ণিমা তিথিত যেন সাগৰ কল্লোল॥
কাহাল কৰ্ত্তাল ভেৰি নানা বাদ্য বাজে।
বিক্ৰম দেখাইতে ৰাজ পুত্ৰে সৱে মাঝে॥

চাৰণে চৰিত্ৰ গাৱে ভাটে কৰে স্তব।
ৰঙ্গশালে উপস্থিত ৰাজপুত্ৰ সব॥
বাহুত লগাইছে সবে সুবৰ্ণ আৰিৰ।
শাল বৃক্ষ সম যেন প্ৰকাশে শৰীৰ॥

সবাৰে ভুজত বান্ধি আছে বীৰ কক্ষা।
পিন্ধিছে আঙ্গুঠি সবে আঙ্গুলিৰ ৰক্ষা॥
ধনুগুণ আজুৰিতে বান্ধি আছে কৰ।
সবাৰে সুঠান বাহু বজ্ৰ যেন দৃঢ়॥

সবাৰে কপাট যেন শেভে বক্ষস্থল।
হস্তী শুড় যেন বাহু সবে মহাবল॥
ৰত্ন ময় সবাৰে গাৱৰ অলঙ্কাৰ।
সূৰ্য্যৰ কিৰণ লাগি কৰে চমৎকাৰ॥

ৰাজাৰ কুমাৰ সব মহা ধনুৰ্ধৰ।
কেশৱকে সৰি যেন শৰীৰ সুন্দৰ॥
উপস্থিত ভৈলা তেবে দ্ৰোণ উপাধ্যায়।
সকলো শাস্ত্ৰত যিটো বৃহস্পতি প্ৰায়॥

শ্যামকায় শুক্ল ধুতি উত্তৰি সুবেশ।
ধবল ঢামৰ যেন শোভে পকা কেশ॥
সুকোমল আভৰণ শুক্ল যজ্ঞসূত্ৰ।
দক্ষিণ ভাগত আছে অথম পুত্ৰ।।

[ ৬২ ]

চন্দন তিলক দীৰ্ঘ শোভে ললাটত।
উদিত চন্দ্ৰমা হেন সজল মেঘত॥
ভৃঙ্গাৰৰ জলে গুৰু কৰি আচমন।
ৰঙ্গ ভূমি দেৱতাক কৰিলা পূজন॥

শিষ্য সকলক তেবে দিলা আশীৰ্ব্বাদ।
মঙ্গল কালত ভৈলা বাদ্যৰ সংবাদ॥
কুমাৰ বৰ্গক তেবে আচাৰ্য্য বদতি।
ভীষ্ম সমে অস্ত্ৰ শিক্ষা দেখাৱো সম্প্ৰতি॥

তেবে ৰাজপুত্ৰগণ গুৰুৰ আদেশে।
পৰাক্ৰম দেখাইবাক উঠিলা নিশেষে॥
গুৰুক প্ৰণতি কৰি বাহু ডাম্ফি মাৰি।
ধনুত গুণক দিলা লক্ষিতে নপাৰি॥

সবে বোলে বিক্ৰম দেখাওঁঁ মই আগে।
হুলস্থূল লগাইল সকলে বীৰভাগে॥
গুৰুৰ বচনে তেবে কৌৰৱ পাণ্ডবে।
জেষ্ঠ অনুক্ৰমে শিক্ষা দেখাইলন্ত সবে॥

কোন বেলা ধনুৰ্ব্বেদ কৰে আকৰ্ষণ।
লেখিতে নপাৰি কৰে বাণ বৰিষণ॥
লঘু হস্ত ৰাজ পুত্ৰ গণ তীক্ষ্ণ শৰে।
লক্ষিতে নপৰি কেৱে লক্ষ ভেদ কৰে॥

বাৰিষাৰ মেঘ যেন বাণ বিষয়।
ধনুৰ টঙ্কাৰ যেন মেঘে গৰজয়॥
অনন্তৰে কুমাৰ সকল জ্ঞানশীল।
জুলি বাণ্টি খড়গ চৰ্ম্ম যুদ্ধ আৰম্ভিল॥

সংগ্ৰামে চতুৰ সবে ৰাজাৰ সন্ততি।
ৰণ পক্ষ ধৰণীত কৈল চিত্ৰ গতি॥
খড়্গ তুলি উৰুত মাৰিলা বাৰু চাট।
সূৰ্য্য দ্বাৰত মেন লাগি গৈল ফাট॥

[ ৬৩ ]

মহাভাৰত।


কাল সৰ্প যেন শোভে খড়ে তীক্ষ্ণধাৰ।
আদিত্যৰ কান্তি লাগি কৰে চমৎকাৰ॥
সুবৰ্ণ ৰচিত খড়েগ চৰ্ম্ম চয় জ্বলে।
তাৰাগণ জ্বলে যেন গগণ মণ্ডলে॥

আদিত্য উভান্ত ভ্ৰাত আপুত বিপুত।
এক আদি গতি সবে কৰে অদভুত॥
সাধুৰ্ব্বাদ কৰে সবে যত সভাসদ।
বিস্ময় লভিয়া সবে ভৈলা নিশৰদ॥

বৈশম্পানে বোলে তোৰা ভীম দুৰ্যোধন।
গদা শিক্ষা দেখাইতে উঠিলা দুয়োজন॥
গদা তুলি ধাইলা দুৰ্যোধন বৃকোদৰ।
সংগ্ৰামে লৰিলা যেন দুই গিৰিবৰ॥

শুণ্ড তুলি ধাইলা যেন দুই গিৰিৰাজ।
দেখিয়া বিস্ময় ভৈলা সকলে সমাজ॥
দুইৰো হাতে গদাদণ্ড ফুৰে চক্ৰাকাৰে।
যমকমণ্ডলু গতি কৰয় দুৰ্ব্বাৰে॥

দুইৰো পাৱ ভৰে মহী কৰে টলবল।
দুয়ো ৰাজ পুত্ৰ গদা যুদ্ধত কুশল॥
শিশুকাল হন্তে দুয়ো পৰস্পৰে হিংসে।
দুইহানো বিৰোধ যেন তুৰঙ্গ মহিষে॥

তবে দুয়ো কোপ মনে ৰাজাৰ কুমাৰ।
দৃঢ় গদা ঘাৱে আৰম্ভিলা সুপ্ৰহাৰ॥
অলক্ষিতে দুইহানে ভৈলেক গদাপাত।
পৰ্বতত পৰে যেন বজ্ৰৰ আঘাত॥

ছিদ্ৰ পাইলে দুইহাঙ্কো নাছাৰে দুয়োজন।
আম্ৰ সম ভীমসেন মানী দুৰ্য্যোধন॥
সামাজিক জন যত আছে ৰঙ্গস্থানে।
দুই পক্ষ হুয়া সবে দুইহাঙ্কো বখানে॥

১৫৪ [ ৬৪ ]

কেহো বোলে মহাবীৰ পাণ্ডুৰ নন্দন।
কেহো বোলে লঘু হস্ত ৰাজা দুৰ্য্যোধন॥
কতো বীৰ জন গদা যুদ্ধক দেখিয়া।
চিত্ৰৰ পুতলী যেন ৰহিল চাহিয়া॥

তেবে ক্ৰুদ্ধ মনে দুয়ো বাৰ মহাদ্ৰুত।
জন্যে অন্যে ধাইলা যেন দুই ঐৰাৱত।
পৰস্পৰে প্ৰহাৰ কৰিলা দুইকো দুই।
বজ্ৰপাত ভৈল যেন উঠলিল জুই॥

দুইহানো আক্ৰোশে পাছে দেখি ভৰদ্বাজে।
অশ্বথামা পুত্ৰক বুলিলা দ্বিজৰাজে।
শীঘ্ৰে আশ্বত্থামা দুইকো কৰা নিবাৰণ।
কৌতুকতে কেন দেখা মিলে ঘোৰ ৰণ॥

পিতৃৰ বচনে অশ্বথামা ধৰ্ম্মশীল।
মাঝত পশিয়া দ্ৰৌণী দুইকো নিবাৰিল।
যত ৰাজ পুত্ৰ যত কৌৰৱ পাণ্ডৱে।
গুৰুৰ পুত্ৰত আছে সবাৰেসে সেৱে॥

অনন্তৰে গুৰু ভৰদ্বাজৰ তনয়।
সভাসদ সবাক বুলিলা সে সময়॥
পুত্ৰতো অধিক মোৰ যিতো প্ৰিয়তম।
পৃথিবীত ধনুৰ্দ্ধৰ নাহি যাৰ সম॥

জিতেন্দ্ৰিয় মাঝে যিতো পৰম সংযমী।
ইন্দ্ৰৰ তনয় যিতো মহাপৰাক্ৰমী॥
কহিতে নপাৰি চাৰি মুখে যাৰ গুণ।
হেন শিষ্য প্ৰিয় মোৰ পাণ্ডৱ অৰ্জ্জুন॥

আমাতে ভকত গুণৱন্ত শুদ্ধ মতি।
হেন ধনঞ্জয় শিক্ষা দেখাওঁ সম্প্ৰতি।॥
ৰাজ গুৰু বুলি সবে প্ৰশংসিছা মোক।
হেন বীৰ মহাঅস্ত্ৰ শিক্ষা নিৰেদোক॥

[ ৬৫ ]

গুৰুক প্ৰণাম কৰি পছে সব্যসাচী।
অস্ত্ৰশিক্ষা দেখাইতে উঠিলা বস্ত্ৰকাছি॥
কোদণ্ডক আকৰ্ষিয়া কৰিলা টঙ্কাৰ।
ব্ৰহ্মাণ্ড ফুটিল, যেন দেখি চমৎকাৰ

সৰ্ব্ববীৰ শিৰোমণি পাণ্ডুৰ কুমাৰ।
বিপৰীত অস্ত্ৰশিক্ষা দেখাইলা তেখন॥
শীঘ্ৰ হাতে টোণ হন্তে লৱে একবাণ।
দশগুণ হোৱে যেন কৰিতে সন্ধান॥

ধনুৰ্গু‌ণ আজুবিতে শতগুণ হয়।
সহস্ৰেক গুণ হুয়া গগণে চড়য়॥
লক্ষ্যত পৰিল হয় লক্ষ গুণ মান।
হেন মতে শীঘ্ৰে চলে অৰ্জ্জুনৰ বাণ॥

একবাৰে ধনু যেন কৰিছে মণ্ডল।
শীঘ্ৰ বেগে যাই চন্দ্ৰ বিশিথ পটল॥
সহস্ৰে সহস্ৰে শৰ অযুতে নিযুতে।
মহানদী বেগে যেন যাই আতি দ্ৰুতে॥

লোহাৰ বৰাহি এক থাপিছে গগণে।
কুমাৰৰ চাক যেন ফুৰে সৰ্ব্বক্ষণে॥
তাহাৰ সূত্ৰত অলক্ষিতে পাঞ্চ শৰ।
অলক্ষিতে প্ৰবেশাইলা পাৰ্থ ধনুৰ্দ্ধৰ॥

বলধৰ শৃঙ্গ এক বক্ৰ দুই ভাগ।
তাৰ ৰন্ধে শৰ প্ৰবেশাইলা মহাভাগ॥
অলক্ষিতে লক্ষ্য কাটি পেলাইলা মহীত।
দেখিয়া সকলে লোক ভৈলেক বিস্মিত॥

অগ্নিবাণে অগ্নি কৈলা মেঘবাণে পানী।
মেঘক উড়াইলা পাছে বায়ুবাণ হানি॥
পৰ্ব্ব‌তৰ বাণে বীৰ বায়ু উড়াইলা।
বজ্ৰবাণে সকল পৰ্ব্ব‌ত বিদাৰিলা॥

[ ৬৬ ]

পিশাচ মোহন ৰৌদ্ৰ অঙ্গিৰষ বাণ।
প্ৰয়াগ সংহাৰে বাণ কৰিলা সন্ধান।
অৰ্জ্জুনৰ বীৰত্ব দেখিয়া কুৰুগণ।
বিস্ময় সাগৰে তেবে পৰিলা তেখন॥

সবে বদলে সাধু বীব কুন্তীৰ তনয়।
বীৰ চূড়ামণি ধন্য ধন্য ধনঞ্জয়।
ভীষ্ম আদি কুৰুবৰ্গ বীৰক বখানে।
বিদুৰে কহয় ধৃতৰাষ্ট্ৰ বিদ্যমানে॥

গন্ধাৰীত যত কথা কুন্তী নিবেদয়।
পুত্ৰৰ বিক্ৰমে দেবী আনন্দ হৃদয়।
আনন্দে কুন্তীৰ ভৈলা অকুল নয়ন।
পুত্ৰ স্নেহে ধাৰাসাৰে এৱে দুয়োস্তন॥

বৈশম্পানে বোলে কথা শুনা জন্মিজয়।
সভাসদগণে অৰ্জ্জুনক প্ৰশংসয়॥

[ ৬৭ ]

নৰোত্তম দ্বিজ।

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।
(কৃষ্ণ জন্ম খণ্ড)

নাৰায়ণে বোলন্ত শুনিয়ো মুনিবৰ।
কৃষ্ণৰ পৰম ভক্ত তুমি শ্ৰেষ্ঠতৰ॥
গোপী সমে যেন মতে ৰাধা মহাসতী।
কৰিলন্ত গৌৰীব্ৰত শুনিয়ো সম্প্ৰতি॥

এক মাস সীমা কৰি যমুনা তীৰত।
কৰিলেক গৌৰীব্ৰত শুনিয়ো সাম্প্ৰত॥
পূৰ্ব্বৰ স্তবক পঢ়ি নিতে গোপীগণে।
দুৰ্গাক কৰন্ত স্তুতি হৰষিত মনে॥

মাসৰ অন্তত পাছে গোপিনী সকলে।
ব্ৰতক কৰিয়া পাছে সমস্তে বিৰলে॥
যজুৰ্ব্বেদ শাখা উক্ত স্তবক পঢ়িয়া।
কৰিলা দুৰ্গাক স্তুতি প্ৰণাম কৰিয়া॥

ইতো স্তুতি কৰি সীতা সতী পাৰ্ব্বতীক।
সদ্যে লভিলন্ত তেবে শ্ৰীৰাম স্বামীক॥
যিতো স্তুতি কৰিছিলা জানকী দুৰ্গাক।
শুনিয়ো নাৰদ আবে কহো মই তাক॥

জানকী বদতি দুৰ্গা দেবি ভগৱতি।
তোমাৰ চৰণে মই কৰোহোঁ প্ৰণতি॥
সমস্তৰে শক্তিৰূপা তুমিসে ভৱানি।
জগত আধাৰ তুমি জগত জননি॥

[ ৬৮ ]

গুণৰ আশ্ৰয় তুমি প্ৰিয়া শঙ্কৰৰ।
পতি দান কৰিয়োক কৰোহো কাতৰ॥
সৃষ্টি স্থিতি অন্তকাৰী জগতৰ মাৱ।
দেৱে স্তুতি কৰে যাক পৰম প্ৰভাৱ॥

নমস্কাৰ কৰো মই চৰণে তোমাৰ।
পতি দান দিয়া মন পূবিয়ো আমাৰ॥
পতি মৰ্ম্ম জানা তুমি গৌৰী পতিব্ৰতা।
সুন্দৰ পতিক দিয়া জগতৰ মাতা॥

সমস্ত মঙ্গল যুক্ত সংসাৰৰ জীৱ।
দৰশন হুয়ো তুমি ধৰি নিজ ৰূপ॥
নমো সমস্তৰে প্ৰিয়া নমো নাৰায়ণি।
অশুভ নাশিনি নমো নমো সনাতনি॥

সমস্তৰ ঈশ তুমি সমস্ত জননি।
সহস্ৰ প্ৰণতি কৰো ভুবন মোহিনি॥
পৰমাত্ম ৰূপ তুমি তুমিসে সাকাৰ।
নমো নমো নিত্য তুমি নমোহো আকাৰ॥

নমো সৰ্ব্বাৰূপা দেবি মঙ্গল দায়িনি।
নমো বিভূতিকা দেবি পাপবিনাশিনি॥
ক্ষুধা তৃষা ইচ্ছা নতজা দয়া ক্ষমা স্মৃতি।
নিদ্ৰা তন্দ্ৰা শ্ৰদ্ধা তযু কলা ভগৱতি॥

তুমি মেধা স্বস্তি শান্তি বুদ্ধিজে সম্পত্তি।
ইসব তোমাৰ নাম জানিলো পাৰ্ব্বতি॥
দৃশ্যাদৃশ্য ৰূপ নমো নমো বুদ্ধি দাতৃ।
নমো নমো মহামায়া জগতৰ ধাতৃ॥

সৌভাগ্য দায়িনি নমো শুভগা হৰৰ।
কুষ্ণ পতি হৌক মোৰ দিয়া এহি বৰ॥
সমাপতি দিনা মিতো কৰে এহি স্তুতি।
নমস্কাৰ কৰে আৰো কৰিয়া ভকতি॥

[ ৬৯ ]

অৱশ্যে জানিবা পতি কৃষ্ণক লভয়।
পতি সমে ইহলোকে সুখক ভুঞ্জয়॥
পুত্ৰৱন্ত হুয়া পাছে যাই স্বৰ্গলোক।
বিমানে চৰিয়া যাই নাহি দুঃখ শোক॥

এহি স্তব পঢ়ি ৰাধা দুৰ্গাক তুষিলা।
অনেক সম্ভাৰ দিয়া তাহাকে পূজিলা॥
ৰাধাৰ তুতিত দুৰ্গা বৰ তুষ্ট ভৈলা।
ৰাধাৰ আগত দেৱী আসি দৃষ্ট ভৈলা॥

বিনয়ে বোলন্ত পাছে পাৰ্ব্বতী ৰাধাক।
শুনিয়ো ৰাধিকা দেৱি আবে মোৰ বাক॥
মাধৱৰ আতি প্ৰিয়া তুমি ব্ৰজেশ্বৰী।
জগত জননী তুমি জগত ঈশ্বৰী॥

পূৰ্ব্বে বিধাতায়ে ষাঠি সহস্ৰ বৎসৰ।
তপ আচৰিলা আতি মহা দৃঢ়তৰ॥
তবু নেদেখিল বিধি তোমাৰ চৰণ।
তুমি মোক ব্ৰত ধৰি চিন্তা কি কাৰণ॥

কি কাৰণে ৰাধা মোক কৰা নমস্কাৰ।
অচিন্ত্য অব্যয় তুমি মহিমা অপাৰ॥
নামত সুযজ্ঞ ৰাজা মনুৰ বংশত।
গোলোকত গৈলা যিতো তোৰ প্ৰসাদত॥

হেন বৰদাতৃ তুমি বাঞ্চিত পূৰণী।
কেনে মোক নমস্কাৰ কৰাহা আপুনি।
তযু মন্ত্ৰ কৱচৰ প্ৰভাৱে ভাৰ্গবে।
নিঃক্ষত্ৰী কৰিলা ভূমি তাহাৰ প্ৰভাবে॥

তযু মন্ত্ৰ লভি আৰো শঙ্কৰৰ হন্তে।
মন্ত্ৰ সিদ্ধি কৰি পাছে মহা পুস্কৰতে॥
কাৰ্ত্তবীৰ্য্য অৰ্জ্জুনৰ ছেদিলা শিৰক।
প্ৰণতি কৰাহা তুমি মোহোক কিসক॥

[ ৭০ ]

তযু হন্তে দণ্ড ভগ্ন ভৈল গণেশৰ।
নমিবাক যোগ্য মই নোহো তোমাসাৰ॥
কল্পে কল্পে তযু পতি কৃষ্ণে সে নিশ্চয়।
একোকালে মাতৃ তযু ব্ৰত নাহিকয়॥

তবু লোক শিক্ষা অৰ্থে কৰি আছে ব্ৰত।
মোক চিন্তি আছা ৰাধা তুমি অবিৰত॥
পৌষ মাস ফাগুন ত্ৰিতয় মাস যাইবে।
তযু মনোৰম ৰাধা চৈত্ৰ মাসে হৈবে॥

যাহাৰ নিৰ্ম্মল ৰাত্ৰি সুখ বিধায়ক।
শীত উষ্ণ নাহি যাত লভে আনন্দক॥
সিতো ৰাত্ৰি বৃন্দাবন দাস মণ্ডলত।
হৰি সমে ক্ৰীড়া হৈব তযু মনোগত॥

কল্পে কল্পে লেখি আছে বিধাতা ক্ৰীড়াক।
কেহো জনে নপাৱয় তাক বাৰিবাক॥
হৰি সমে সিতো ক্ৰীড়া হৈবেক তোমাৰ।
অবশ্যে লভিবা তুমি আনন্দ অপাৰ॥

যেহেন শুভগা মই ভাৰ্য্যা শঙ্কৰৰ।
তুমিয়া হৈবাহা তেন শুভগা কৃষ্ণৰ॥
ক্ষীৰত হোৱয় যেন সুস্বাদ মধুৰ।
দাহগুণ থাকে হেন অগ্নিত প্ৰচুৰ॥

পৃথিবীত গন্ধ গুণ থাকে যেন মত।
শীত গুণ থাকে যেন জানিবা জলত॥
সেহি মতে মাধৱত তযু থিত হৈব।
মনুষ্যত তযু মত সুভগা নহৈব॥

গন্ধৰ্ব্বী ৰাক্ষসী আৰু দেৱত সুন্দৰী।
নহৈবে সুভগা কেহো তযু সমসৰি॥
ব্ৰহ্মাদিয়ো নমে যাৰ চৰণ পদ্মক।
কি মতে বৰ্ণাইবো ৰাধা তোমাৰ গুণক॥

[ ৭১ ]

সাক্ষাতে ঈশ্বৰ হৈব তোমাৰ অধীন।
আমি তুমি একে আত্মা নহিকয় ভিন॥
ব্ৰহ্মাদিয়ো আৰাধয় চৰণ যাহাৰ।
তেহে পতি হুয়া বশ্য হৈবন্ত তোমাৰ॥

ধ্যান কৰি ঋষি সবে নপাৱে যাহাক।
বশ কৰিবাহা ৰাধা সক্ষাতে তাহাক॥
নাৰীৰ মধ্যত তুমি হৈবা ভাগ্যৱতী।
কৃষ্ণে সমে হৈবে ৰাধা তোমাৰ বসতি॥

এহি মতে কৃষ্ণে সমে তুমি ক্ৰীড়া কৰি।
গোলোকক যাইবা দুয়ো জানিবা সুন্দৰী॥
এহি বুলি মহামায়া ভৈলা অন্তৰ্হিত।
দুৰ্গা বৰ পায়া ৰাধা ভৈলা হৰষিত॥

গোপী সব সম ৰধা মাসৰ অন্তত।
কৰিলন্ত সমাপতি সিতো গৌৰীব্ৰত॥
দুৰ্গাক ৰাধিকা স্তুতি প্ৰণতি কৰিয়া
বিপ্ৰক দক্ষিণা দিলা ৰাধা উৎসৰ্গিয়া॥

শতেক সুবৰ্ণ দিলা গৰু সহস্ৰেক।
দেৱাঙ্গ বসন দিয়া দেহো ভূষিলেক॥
পুষ্পে চোৱা চন্দনক গাৱে গাৱে দিলা।
ৰত্ন অলঙ্কাৰ যত ব্ৰাহ্মনেসে নিলা॥

সহস্ৰ ব্ৰাহ্মণ পাছে ভুঞ্জাইলা ৰাধায়।
ঘৰক যাইবাক লাগি কৰিলা বিদায়॥
অনেক বাদ্যক বাই মঙ্গল কৰিলা।
যত দেশান্তৰ ভিক্ষু সবাকো তুষিলা॥

সেই সময়ত পাছে ভবানী পাৰ্ব্বতী।
দশোদিশ প্ৰকাশিয়া শৰীৰৰ জ্যোতি॥
ৰাধা বিদ্যমানে দৃষ্ট ভৈলা গগণত।
ব্ৰহ্মতেজ প্ৰকাশিয়া আছন্ত ৰথত॥

[ ৭২ ]

সংখ্যাত যোগিনীয়ে আছন্ত আবৰি।
দশভুজা মহামযা জগত ঈশ্বৰী॥
ৰথ হন্তে নামি পাছে সাবতি ধৰিয়া।
হৃদয়ত বান্ধি প্ৰেম আনন্দ কৰিয়া॥

আশ্বাসিয়া আশীৰ্ব্বাদ কৰিলা ৰাধাক।
হোক সিদ্ধি বাধা তোৰ বাঞ্ছিত যাহাক॥
গোপিনী সমস্তে দেবী দুৰ্গাক দেখিয়া।
হাত যোৰে থাকিলন্ত প্ৰণাম কৰিয়া॥

তাসম্বাক বৰ দিয়া দেবী মহামায়া।
ৰাধাক বোলন্ত পাছে শঙ্কৰৰ জায়া॥
পাৰ্ব্বতী বদতি ৰাধা শুনা ব্ৰজেশ্বৰী।
প্ৰাণতো অধিক তুমি কৃষ্ণৰ সুন্দৰী॥

মায়াৰূপে ধৰি আছা মানবী ৰূপক।
লোক শিক্ষা অৰ্থে তুমি কৰিছা ব্ৰতক॥
গোবিন্দৰ অৰ্দ্ধ অংশ তোমাৰ শৰীৰ।
প্ৰকাশত সম তুমি সদায়ে হৰিৰ॥

তোমাৰেসে কথা যত গোপিনী সকলে।
নুহিক মানুষী তুমি কৰি আছা ছলে॥
কৃষ্ণৰ আজ্ঞায়ে তুমি গোপীৰূপ ধৰি।
পৃথিবীক আসি আছা সাক্ষাতে ঈশ্বৰী॥

অযোনি সম্ভব তুমি নিত্য সনাতনী।
জনম মৰণ নাই দেৱৰ জননী॥
শ্ৰীদাম শাপত তযু মনুষ্য শৰীৰ।
ভাৰ সংহৰিবে তুমি ভাৰত ভূমিৰ॥

কলাৱতী জীউ হুয়া ভৈলা অৱতাৰ।
লীলায়ে ধৰিছা তুমি মনুষ্য আকাৰ॥
কলাৱতী পুণ্য কৰ্ম্ম পূৰ্ব্বে কৰিছন্ত।
সিতো পুণ্য ফুলে জীৱ তোমাক পাইলন্ত॥

[ ৭৩ ]

মনুষ্য নহিকে তুমি জানিলো নিশ্চয়।
তোমাৰ অসাধ্য বাধা কিছু নাহিকয়॥
তুমিসে হৰিৰ প্ৰাণ হৰিয়ো তোমাৰ।
এক বেদে নকহয় ভেদক তোমাৰ॥

পূৰ্ব্বত আছিলা তুমি গোলোক স্থানত।
যশোদাৰ সুত কৃষ্ণ তথা আছিলন্ত॥
তাক কি নাজানিয়া আছা মহাসতী।
কেনে ধৰি আছা তুমি মনুষ্য আকৃতি॥

আৰু যিতো বৃন্দাবন আতি মনোহৰ।
শ্ৰীবাস মণ্ডল তাত দেখিতে সুন্দৰ॥
তাহাক জানাহা তযু কিবা অবিদিত।
জানা ভুমি আৰু ৰতি চৌৰৰ চৰিত॥

যিতো ৰতি চৌৰে হৰে যুৱতীৰ মন।
কাম শাস্ত্ৰ সমস্তক জানে সৰ্ব্বক্ষণ॥
নন্দ সুত কৃষ্ণ পাছে সেহি সময়ত।
আসি নত থাকে শীঘ্ৰে হৰিষ মনত॥

পুৰ্ণ চন্দ্ৰ সম যাৰ শৰীৰ শোভয়।
ৰত্নৰ মুকুটে শোভা কৰিয়া আছয়॥
ডাৰিম্বৰ বীজ দন্ত পান্তি সুশোভন।
মুৰুলী হস্তত হৰে যুবতীৰ মন॥

কৌটি কন্দৰ্পৰ সম প্ৰকাশে শৰীৰ।
গুণাতীত কৃষ্ণ যিতো পূজ্য ব্ৰহ্মাদিৰ॥
শ্ৰুতি নিৰোপিত যিতো ৰূপ ব্ৰহ্মময়।
চৈধ্যয় ভুবন আৰ উদৰে থাকয়॥

অব্যক্ত অক্ষৰ জ্যোতি ৰূপ সনাতন।
মাঙ্গল্য মঙ্গলধাম কমল লোচন॥
পীত বস্ত্ৰ দুই খানি শোভিছে গাৱত।
হেন কৃষ্ণ দৃষ্ট ভৈল ৰাধাৰ আগত॥

[ ৭৪ ]

কৃষ্ণক দেখিয়া বাধা ভৈলা বিমূৰ্চ্ছিত।
সম্প্ৰতি নমিলা কাম বাণে প্ৰপীড়িত॥
অল্প হাস্য কৰি মুখ পদ্মক কৃষ্ণৰ।
নিৰীক্ষণ কৰিলেক চক্ষু কৰি টেৰ॥

লজ্জা পায়া মুখ ঢাকিলা ৰাধা সতী।
প্ৰসন্ন বদনে চাহিলন্ত ৰঘুপতি॥
কৃষ্ণ নিদগতি শুনা বাধা প্ৰাণেশ্বৰী।
যিবা বৰ লাগে লয়ো দেওঁ শীঘ্ৰকবি॥

সমস্ত গোপিনী সবে তোৰা লয়ো বৰ।
অৱশ্যে দিবোহো মই বঞ্ছিত মনৰ॥
কৃষ্ণৰ বচন শুনি ৰাধা ব্ৰজেশ্বৰী।
বিনয়ে বোলন্ত পাছে কৃষ্ণক সাদৰি॥

ৰাধিকা বদতি প্ৰভু দেৱতাৰ দেৱ।
তযু চৰণত কৰো লক্ষ কোটি সেৱ॥
তুৱা পাদ পঙ্কজত সদা মোৰ মন।
হৌক থিত জগন্নাথ পশিলো শৰণ॥

ভকতি থাকোক মোৰ তযু চৰণত।
মোৰ প্ৰিয় স্বামী হৈবা প্ৰত্যেক জন্মত॥
বিৰকতি নহৌক মোৰ তযু চৰণত।
স্বপ্নে জ্ঞানে ৰাত্ৰি দিনে একোৱে কালত॥

সমস্ত গোপিনী আৰু লৈলা এহি বৰ।
তাত পাছে যেন ভৈলা শুনিয়ো উত্তৰ॥
তাসম্বাৰ বাক্য শুনি কৃষ্ণ গোপেশ্বৰ।
পৰম সন্তুষ্ট ভৈলা হৰিষ মনৰ॥

ৰাধাক দিলন্ত পাছে ক্ৰীড়া পদ্ম এক।
মালতী পুষ্পৰ মালা হৰিষে দিলেক॥
গোপী সমস্তক পাছে দিলা মালাচয়।
তাৰাক সম্বোধি পাছে বচন বোলয়॥

[ ৭৫ ]

কৃষ্ণ নিগদতি শুনা ৰাধা ব্ৰজেশ্বৰী।
শুনিয়োক সবে আৰু গোপৰ সুন্দৰী॥
তিনি মাস হৈলে হৈব ৰম্য চৈত্ৰ মাস।
নিৰ্ম্মল হৈবেক তাতে চন্দ্ৰ প্ৰকাশ॥

মনোহৰ বৃন্দাবন ৰাস মণ্ডলত।
তোবা সমে মোৰ ক্ৰীড়া হৈবে আচৰিত॥
তোৰা মোৰ প্ৰাণ মই প্ৰাণ তোমাসাৰ।
নাহি একো কালে ভিন্ন তোৰাৰ আমাৰ॥

গোলকত ক্ৰীড়া আমি কৰিয়া আছিলোঁ।
কাৰণ নিমিত্তে আমি বৃন্দাবনে আইলোঁ॥
ইদানীক ব্ৰত কৰি আছা মহাসতী।
গোলকৰ ক্ৰীড়া কি কাৰণে ভৈলা ক্ষতি॥

তাহাৰ ৰক্ষাৰ হেতু কৰি আছা ব্ৰত।
আপোনাৰ মনবাঞ্ছা নাহিকে সাম্প্ৰত॥
মোৰ গোলোকৰ পৰা আসিছা ব্ৰজক।
পুনু মই সমে তোৰা যাইবা গোলোকক॥

নিশ্চয় কহিলোঁ মই এৰিয়ো সময়।
আপোন গৃহক চলি যায়ো গোপীচয়॥
এহি বুলি কৃষ্ণে পাছে যমুনা তীৰত।
পৰম আনন্দ আতি কৰিয়া মনত॥

কিছুকাল ৰহিলন্ত জগত ঈশ্বৰ।
লগে লৈয়া গোপ শিশুগণ নিৰন্তৰ॥
কৃষ্ণক এৰিয়া যাইবে গোপী নপাৰয়।
মুখ পদ্ম নিৰেখি নিমিষ নমাৰয়॥

কুঞ্জ পদ্ম মুখ গোপী ভ্ৰমৰৰ প্ৰাই।
কদাচিতো কৃষ্ণ সঙ্গ ছাৰিয়া নাযাই॥
তথাপি কৃষ্ণক বাক্য পুষ্প মধু সৰি।
ভ্ৰমৰ যেহেন গোপী পীয়ে পেটভৰি॥

[ ৭৬ ]

তথাপিতো ভুঞ্জিবাক নভৈলা তৃপিতি।
জয় কৃষ্ণ বুলি গৃহে কৰিলন্ত গতি॥
শিশু সমে গৈলা কৃষ্ণ আপোনাৰ পুৰ।
মহা সুখ মনে পাইলা আনন্দ প্ৰচুৰ॥

কৃষ্ণৰ চৰিত্ৰ পুণ্য মাঙ্গল্য মঙ্গল।
গোপী সকলৰ বস্ত্ৰ হৰণ সকল॥
কহিলোঁ নাৰদ মুনি যেন গৌৰীব্ৰত।
যি পুচিলা কৈলোঁ মই তোমাত সাম্প্ৰত॥

শুনা সৰ্ব্বজন ইতো পুৰাণৰ পদ।
শ্ৰৱণ মাত্ৰকে আক খণ্ডয় আপদ॥
অমৃততোধিক ইতো হৰিৰ চৰিত্ৰ।
যাহাকে শুনিলে হয় পাপীও পবিত্ৰ॥

কলিৰ কালত জানা সমস্তে লোকক।
মুহিলা কৃষ্ণৰ মায়া তেজিলা ধৰ্ম্মক॥
অনন্ত শৰণ লৱা ভজা নাৰায়ণ।
হৰি সুপ্ৰসন্নে পাপ হৈবেক নাশন॥

বিষয়ত আশকতি নহৈবাহা বৰ।
হৰিক ভজিয়ো সঙ্গ লৈয়ো বৈষ্ণৱৰ॥
কহে বিপ্ৰ নৰোত্তমে দীন হীন মতি।
বোলা শিৱ ৰাম তেবে তৰিবা দুৰ্গতি॥

[ ৭৭ ]

ৰতিকান্ত দ্বিজ।

.........

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

(কৃষ্ণ জন্ম খণ্ড)

নাৰায়ণে কহে শুনিয়ে নাৰদ,
 পাছে যেন কথা ভৈলা।
নন্দ গোপৰাজে সুৰভানু ঘৰে,
 শীঘ্ৰ বেগে চলি গৈলা॥
সুৰভানু আগে নন্দ গোপৰাজে,
 কন্যাৰ কথা কহিলা।
আতিৰঙ্গ মনে৯সুৰভানু পাছে,
 কন্যাক যাই মাগিল॥
ভনন্দন নৃপে বৃকভানু বৰে,
 আৰম্ভিলা কন্যা দিতে।
অনেক সম্ভাৰ আনিয়া ৰাজাই,
 থৈলেক আনন্দ চিত্তে॥
বিবাহ দিলন্ত পৰম আনন্দে,
 বাদ্য ভাণ্ড বায়া ৰঙ্গে।
হয় হস্তী ৰথ ধন ৰত্ন যত,
 দিলন্ত জীউৰ সঙ্গে।
বৃকভানু সেহি  কন্যাক লভিয়া,
 আনন্দ পাইলা অপাৰ।
কলাৱতী সমে নিৰ্য্যানক যাই,
 ক্ৰীড়িবে কৰিলা সাৰ।

[ ৭৮ ]

সেহি ৰম্য বনে পুষ্প জাতিস্কাৰ,
 কোকিলে কৰয় নাদ।
মলয় পবন গাৱত লাগয়,
 হৱয় আতি উন্মাদ॥
কতোদিন তাতে বমি বৃকভানু,
 নবুজিলা ৰাত্ৰি দিনে।
একক্ষণ মান ব্যাকুল হৱয়,
 সিতো কলাৱতী বিনে॥
বিৰহৰ দৰে নিমিষ নমাৰে,
 স্বামীক চাহি থাকন্তি।
লক্ষ্মী দেবী আসি যেহেন কৃষ্ণক,
 প্ৰণামি কাষে জ্বলন্তি॥
দিনে দিনে দুইৰো প্ৰেম বাঢ়ি গৈল,
 যেহেনা ৰতি কামৰ।
পুণ্যবলে ৰাধা জীউক লভিলা,
 বৃকভানু গোপবৰ॥
দৈবদোষে সতী ৰাধিকা গোসানী,
 শ্ৰীদামৰ সাপ পাইলা।
কৃষ্ণৰ আজ্ঞায়ে গোলকক এৰি,
 গোকুলে আসি জন্মিলা॥
যাহাক দেখন্তে জীৱন্তে মুকুত,
 ভৈল পিতৃ মাতৃ দুই।
তাৰ ইতিহাস কহিলো প্ৰস্তুত,
 শুনিলে আনন্দ হই॥
বৃকভানু গৃহ সবাকো ৰঞ্জিল,
 অনেক যক্ষ সহিতে।
বিশ্বকৰ্ম্মা যাই শুভ থান পাই,
 ৰহিলা গৃহ নিৰ্ম্মিতে॥

[ ৭৯ ]

নন্দৰ আশ্ৰম কৰিবে লাগিয়া,
 সম্ভাৰ সব অনাইলা।
প্ৰস্থে দীৰ্ঘে দুই দণ্ড সীমা কৰি,
 আশ্ৰমক আৰম্ভিলা॥
মহ বুদ্ধিমন্ত কৰ্ম্মত কুশল,
 বিশ্বকৰ্মা মহাশয়।
সুন্দৰ আশ্ৰম  তথাতে নিৰ্ম্মিলা,
 সবাত কৰি জ্বলয়॥
চাৰি দিশে চাৰি খাই নিৰ্ম্মিলেক,
 বহল আতি শোভিত।
শত্ৰুৱে কণ্টকে লঙ্ঘিবে নপাৰে,
 দেখি লাগে ভয় ভীত।
সেহি আশ্ৰমত পুষ্প সকলৰ,
 উদ্যান কৰিবে লৈলা।
মল্লিকা মালতী জাতি চাৰু চম্পা,
 থানে থানে ৰুই থৈলা॥
সেহি পুষ্পচয় গন্ধবাহ বায়ু,
 চলে তাতে ঘনে ঘনে।
গন্ধে আমোদিত  ভৈলন্ত আশ্ৰম,
 যোগীকো মোহে মদনে॥
তাম্বুল পনস  আম্ৰ যে দাড়িম্ব,
 নাগৰঙ্গ নাৰিকেল।
জামীৰ অমৰা খেজুৰী কদলী,
 কেতকী জাম শ্ৰীফল॥
এহি বৃক্ষ চয়ে ফুলপুষ্প সমে,
 সদা আছে শোভা কৰি।
কোকিল সবেও কুহু কুহু কৰে,
 বৃক্ষৰ উপৰে পৰি॥

[ ৮০ ]

ক্ৰীড়া কৰিবাৰ যোগ্য ইতো স্থান,
 ভ্ৰমৰায়ে কৰে নাদ।
যোগী সকলেও যাহাতে প্ৰবেশি,
 হৱয় আতি উন্মাদ॥
হেনয় আশ্ৰম কৰিয়া নিৰ্ম্মান,
 গঢ়ৰ বাহিৰে চলে॥
উত্তম আলিক নিৰ্ম্মিবে লাগিলা,
 সেহিসে যক্ষ সকলে।
মণি বিৰচিত স্তম্ভ আছে তাত,
 দেখিতে আতি বিচিত্ৰ।
জলমল কৰে নাহি পটন্তৰে,
 দেখি আতি বিপৰীত॥
শত্ৰুৰ দুৰ্গম মিত্ৰৰ সুগম,
 নিৰ্ম্মিল কৃষ্ণ ইচ্ছাই।
হৰি কৃপা বিনে উহাক নিৰ্ম্মিবে,
 কাহাৰো শকতি নাই॥
খাইৰ পাৰত নিৰ্ম্মিলন্ত গঢ়,
 মণিয়ে খচিত তাত।
উচৃত সতেক ধনুৰ প্ৰমাণ,
 বহলে পঞ্চিশ হাত॥
সিন্দুৰ আকাৰ শোভাকৰে সিতো,
 দেখিতে আতি সুন্দৰ।
বিশ্বকৰ্ম্মে যাক নিৰ্ম্মিয়া থৈলন্ত,
 কৰিয়া আতি সাদৰ॥
বাহিৰে দোগোটা ভিতৰত সাত,
 নিৰ্ম্মিলা গঢ় শোভন।
এহি গঢ় চয়ে নন্দৰ ঘৰক,
 নিৰুধি থৈলা যতনে॥

[ ৮১ ]

চাৰি ধিক কুৰি চৌচালীয়া ঘৰ,
 নিৰ্ম্মিলা গোপ ৰাজাৰ।
পদ্মৰাগ মহা— মণি চয় সিতো,
 শোভে যেন দিবাকৰ॥
গন্ধসাৰ ময় স্তম্ভ সব দিয়া,
 নিৰ্ম্মিলন্ত মঞ্চ চয়।
মণিময় কৰি জখলা নিৰ্ম্মিলা,
 দেখিতে আতি বিস্ময়॥
হৰিত বৰণ মণিময় কুম্ভ,
 বিচিত্ৰ কৰি নিৰ্ম্মিলা।
মণিময় কৰি কপাট ৰচিত,
 দুৱাৰে দুৱাৰে থৈলা॥
ৰত্নৰ কলস নিৰ্ম্মিয়া ঘৰৰ,
 উপৰে তুলিয়া দিলা।
অম্ৰাৱতী জিনি নগৰ শোভয়,
 বিচিত্ৰ কৰি সাজিলা॥
এহি মতে নন্দ নগৰ নিৰ্ম্মিয়া,
 বিশ্বকৰ্মা চলি যাই।
নগৰ বাহিৰে  নৱ ৰাজ আলি,
 নিৰ্ম্মিলন্ত ঠাই ঠাই॥
ৰত্ন ময় আতি জলে আলিচয়,
 দেখিতে আতি উত্তম।
আলিৰ দুই কাষে জলৰ নিজৰা,
 গৃহ সব মনোৰম॥
সেহি গৃহ মাজে হীৰা মৰকত,
 আনো যত মনোহৰ।
নিৰ্ম্মিয়া থৈলন্ত যজ্ঞগণ সমে,
 সিতো চিত্ৰকৰ্ম্মকৰ॥

[ ৮২ ]

পাছে বিশ্বকৰ্ম্মে যক্ষগণ সমে,
 চলিলন্ত বৃন্দাবন।
সেহি বন মাঝে ৰাস মণ্ডলক,
 নিৰ্ম্মিবে কৰিলা মন॥
পথালি দীঘলে যোজন প্ৰমাণ,
 ক্ৰীড়িবে মণ্ডপ স্থান।
নৱ কৌটি মণি— ময় নিৰ্ম্মিলন্ত,
 দেখিতে আতি সুঠান॥
শৃঙ্গাৰৰ যোগ্য মণিময় খাটে,
 বিচিত্ৰ শয্যা ভূষণ।
নানা জাতি পুষ্প গন্ধ সব লৈয়া,
 বায়ুয়ে কৰে গমন॥
গন্ধে আমোদিত ঘৰ ভৈলা তাত,
 আৰো ৰত্ন দীপচয়।
বিচিত্ৰ যে চিত্ৰ ৰত্ন কুণ্ড সমে,
 গৃহচয় প্ৰকাশয়॥
নানা সৰোবৰ কাষে বহু বিধ,
 পুস্পৰ নিৰ্ম্মি উদ্যান।
এহি মতে ৰাস মণ্ডপ নিৰ্ম্মিয়া
 গৈলা পাছে আন স্থান॥
ৰাধা মাধৱৰ ক্ৰীড়া যোগ্য স্থান,
 ৰমণীয় সুলক্ষণ।
শত দশ বন নিৰ্ম্মিয়া তথাত,
 গৈলা পাছে মধুবন॥
সেহি মধুবনে সমীপে নিৰ্য্যান,
 মনোহৰ শুদ্ধ বনে।
বটৰ মূলত আছে সৰোবৰ,
 পশ্চিম তীৰ শোভনে॥

[ ৮৩ ]

চম্পক কেটকী বনৰ মাঝত,
 ক্ৰীড়িবে ৰাধা কৃষ্ণৰ।
ৰত্নৰ মণ্ডপ নিৰ্ম্মিয়া থৈলন্ত,
 জ্বলে যেন দিবাকৰ॥
গৃহৰ চৌপাশে মণিময় বেঢ়ি
 ৰত্নে বিৰচিলা তাত।
যেহেন সূৰ্য্যক মণ্ডলে শোভয়,
 তেমত দেখি সাক্ষাত॥
সুবৰ্ণৰ খাট ৰত্নময় তাত,
 প্ৰকাশয় অঙ্গ তুলি।
আতি মনোময় অধিকে জ্বলয়,
 ৰত্নৰ কাম সমূলি॥
নৱ খান দ্বাৰ গৃহত দিলেক,
 জ্বলয় কপাট চয়।
ৰত্নময় চিত্ৰ তিনি কোটি ঘটে,
 আবৰি বাৰে জ্বলয়॥
জ্বলে নৱ গোটা খটখটি আতি,
 মণিময় সুশোভিত।
গৃহৰ উপৰে ৰত্ন সাৰময়,
 ঘটেও আছে জ্বলিত॥
পতাকা তোৰণে শ্বেত চামৰেও,
 জ্বলে আতি সুশোভন।
ক্ৰীড়া মণ্ডপৰ আগত জ্বলয়,
 অমূল্য ৰত্ন দৰ্পন॥
দীৰ্ঘে শত ধনু প্ৰস্থে শত হস্ত,
 ৰাস গৃহ মনোময়।
বৰ্ত্তুল আকাৰ দেখিতে সুঠান,
 বহ্নি শিখা যেন নয়॥

[ ৮৪ ]

ৰত্ন শয্যা চয় অভ্যন্তৰে শোভে,
 মধ্যত বাস গৃহৰ।
অগ্নি শৌচ বস্ত্ৰ চয় জ্বলে তাত,
 মণি সমে মনোহৰ॥
পাৰিজাত পুষ্প স্ময়াৰ গেণ্ডুক,
 শয্যত আছে শোভিত।
চন্দন অগৰু কস্তুৰীৰ গন্ধে,
 গৃহ ভৈলা আমোদিত॥
মালতী চম্পক পুষ্পে শোভাকৰে,
 কৰ্পূৰ সমে তাহাত।
সুগন্ধি তাম্বুল জ্বলে ৰত্নময়,
 শুদ্ধ পাত্ৰ সফুৰাত॥
ৰত্নময় ঘট সব আছে তাত,
 চৌপাশে জ্বলে শয্যাৰ।
ৰতনে নিৰ্ম্মিত পাদুকা অগণে,
 কাষত জ্বলে তাহাৰ॥
চিত্ৰ যে বিচিত্ৰ ৰত্ন সিংহাসন,
 জ্বলি আছে সুশোভিভ।
তাহাৰ উপৰে চন্দ্ৰ ভাৰ্য্যাচয়,
 আছয় জল সিঞ্চিত॥
সুগন্ধি শীতল জলচয় আৰো,
 ভোগ্য দ্ৰব্য অসংখ্যাত।
ঠাই ঠাই তাত নিৰ্ম্মিয়া থৈলন্ত,
 অমৃত সম সাক্ষাত।
এহি মতে ৰতি ৰম্যগৃহ নিৰ্ম্মি,
 কৰিলা পুনু গমন।
যাৰ গৃহ সব তাৰ নাম চয়,
 লিখিলা ইতো শোভন॥

[ ৮৫ ]

পাছে বিশ্বকৰ্ম্মে আনন্দ কৰিয়া,
 শিষ্যগণ সমন্বিত।
শয্যাত কৃষ্ণক এৰিয়া স্বকীয়,
 থানক গৈলা ত্বৰিত॥
গৃহৰ আশ্চৰ্য্য মহিমা শুনিয়া,
 ব্ৰহ্মা সুত মহাশয়।
সংশয় নকৰা হৱয় সাক্ষাত,
 মহন্তে যাক বাঞ্ছয়॥
ইহাত আশ্চৰ্য্য নমানিবা তুমি,
 নগৰ ইতো সুঠান।
হৰিৰ ইচ্ছায়ে ভূমিত ভৈলন্ত,
 নমানিবা আত আন॥
এহি সব হৰি চৰিত্ৰ মঙ্গল,
 কহিলোঁ তোমাত মই।
সুখ সম্পদক বঢ়াৱে ইহাক,
 শুনিলে পাপ হৰই॥
পুনৰ্ব্বাৰ তুমি কিবা শুনিবাক,
 ইচ্ছা কৰা মহাশয়।
সবাকে তোমাৰ অগত কহিবোঁ,
 পুচাহা ইতো নিশ্চয়॥
শুনা সভাসদ ব্ৰহ্মবৈৱৰ্ত্তৰ,
 পদ ইতো অনুপম।
যাহাক শুনিলে পবিত্ৰ হৱয়,
 ইন্দ্ৰিয়ক কৰে দম॥
হেন জানি নৰ আন পৰিহৰ,
 ভকতি কৰিয়ো জানি।
বোলা ৰাম ৰাম পূৰ্ণ হৈবে কাম,
 সমজ্যাৰ যত প্ৰাণী॥

[ ৮৬ ]

ৰঘুনাথ দাস।

..........

আত্ম পৰিচয়।

সতানন্দ নামে সুদামৰ বংশ জাত।
শঙ্কৰক গুৰু মানি সিবেলা সাক্ষাত॥
শঙ্কৰে বোলয় সতানন্দ শুনা আৰ।
চাৰি পুত্ৰ আছে হেন শুনিছোঁ তোমাৰ॥

কিবা নাম তাসম্বাৰ কহিয়ো আমাত।
কহিলন্ত সতানন্দে কৰি প্ৰণিপাত॥
জয় কৃষ্ণ মহাকৃষ্ণ ত্ৰাহিকৃষ্ণ নাম।
কনিষ্ঠৰ শ্ৰীকৃষ্ণ নাম অনুপাম॥

শ্ৰীমন্ত শঙ্কৰে মাধৱক লাগি চাই।
বুলিলন্ত এহে বৰ ভকত মধাই॥
জয় কৃষ্ণ হেন নাম হুয়াছে যাহাৰ।
বিষয় সুখত স্পৃহা নাহিকয় তাৰ॥

ভকতি পথক লাগি যোগ্য হুয়াছয়।
শুনিলে সিপথ ধৰিবেক মহাশয়॥
শ্ৰীকৃষ্ণত তিনি গুণ যদ্যপি আছয়।
ৰজোগুণাধিক তাত জানিবা নিশ্চয়॥

শ্ৰী যশস্যাত চিত্ৰ হৈবেক সদাই।
দুহাঙ্কো লভিব মহন্তৰ ভাগ পাই॥
শুনা বৰ ভক্ত মোৰ উপদেশ ধৰা।
গৃহে যাই পুত্ৰ চাৰি হৰি ভক্ত কৰা॥

[ ৮৭ ]

শত্ৰুঞ্জয় বা বালিৰ দিগ্বিজয়।


উপদেশ দিতে শক্তি হৈবেক তোমাৰ।
যেহি যোগ্য তাহাত দিবাহা ইতো ভাৰ॥
গুৰুৰ আদেশ পাই গৈলা নিজ ঘৰ।
হৰিক সম্মুখ কৰাইলন্ত নিৰন্তৰ॥

উপদেশ দিতে জেষ্ঠ পুত্ৰ থাপিলন্ত।
তান পুত্ৰ পূৰ্ণানন্দ নামত ভৈলন্ত॥
তান পুত্ৰ ভৈল ৰূপ নাৰায়ণ নাম।
তান পুত্ৰ হৰি কৃষ্ণ গুণে অনুপম॥

কামৰূপে পঢ়ি শাস্ত্ৰ বিদগ্ধ ভৈলন্ত।
নবদ্বীপে যাই ন্যায় শাস্ত্ৰ পঢ়িলন্ত॥
সন্দিকৈৰ ফুকনে আসন্তে তাঙ্ক পাই।
সত্ৰ কৰি দিলা আনি দৈয়ঙ্গত ঠাই।

তান পুত্ৰ কৃষ্ণনাথ কৃষ্ণ পাৱে ধৰি।
তেহো ভৈলা মহন্ত পণ্ডিত পিতৃ সৰি।
তান পুত্ৰ ৰঘুনাথ ৰাম পাৱে গতি।
ৰচিল পয়াৰ ইতো যেন লৈল মতি।

নজানোহে কৰ্ত্তা ক্ৰিয়া কাৰক সমাস।
যি কিছু বুঝিলোঁ তাকে কৰিলো প্ৰকাশ॥



শত্ৰুঞ্জয় বা বালিৰ দিগ্বিজয়।


দিবিধে বোলয় শুনা পাত্ৰ মন্ত্ৰীবৰ।
আমাসাৰ মিলি আছে দুৰ্গতি ডাঙ্গৰ।
নীলৰ দূতৰে যেন প্ৰভাৱ দেখিছোঁ।
বলে নপাৰিবো তাক কাৰ্য্যতে লক্ষিছোঁ।

[ ৮৮ ]


জানো শতবলী নীল কপিবব ঠাই৷
বাজ্যৰ নিমিত্তে আছে শৰণ সোমাই॥
অনেক বিপত্তি আমি কৰি আছোঁ তাক।
হাঁসিবে বানবী সবে বুলি নিন্দাবাক॥

কৰিলেক দূতে মোক লাঞ্ছন যতেক।
যত তাপমান পাইলোঁ‌ কহিবো কতেক॥
সাবহিতে নাথাকিয়া দুৰ্গতি লভিলোঁ।
স্বৰূপ কৰিয়া মই সবাতে কহিলোঁ॥

ৰাজ্যক নেদিবো যেন ৰহিবে নবৰি।
তাহাৰ মন্ত্ৰণা সবে কৰা যত্ন কৰি॥
দীৰ্ঘদৰ্শী মন্ত্ৰী পাছে বুলিলা বচন।
মহাবলী তুমি আক জানে সৰ্ব্বজন॥

যাৰ নাম শুনি কাম্পে কপি ৰাজাচয়।
নৃপতি সকলে তাক মান্যতা কৰয়॥
নাহি কপিৰাজ দেখি তাহাৰ সমান।
তথাপিতো কহো মই শাস্ত্ৰৰ বিধান॥

সবাহাতে বঢ়া হৰি বেদে কৰিছয়।
যাৰ কটাক্ষতে হৈৱে সৃষ্টি স্থিতি লয়॥
নাহি আদি অন্ত মধ্য দেশত কালত।
কৌটি কৌটি হেন বিশ্ব যাৰ উদৰত॥

হেন কৃষ্ণ প্ৰভু বিষ্ণু জানা ভগৱন্ত।
তেহো থাকে শুতি সদা অনন্ত শয্যাত॥
সাগৰৰ এক দেশে অনন্তো থাকয়।
তাহাতো কৰিয়া শুনা বৰ মহাশয়॥

হেন সাগৰকো পাছে অগস্তিয়ে পাইল।
গণ্ডুষত কৰি মহাৰঙ্গে খাই থৈল॥
বৰতো কৰিয়া বৰ আছে ঠাই ঠাই।
এতেকে তোমাৰ মদ গৰ্ব্ব নুযুৱাই॥

[ ৮৯ ]

শত্ৰুঞ্জয় বা বালিৰ দিগ্বিজয়।
মহাবলী বালিৰ শুনিছোঁ পৰাক্ৰম।
দিগ্‌বিজয়ৰ আশে যেন কাল যম॥
অবিচাৰে বিবাদক চিত্ত নকৰিবা।
অন্যথা বিবাদ কৰি অপকীৰ্ত্তি পাইবা॥

এক বোল বোলো যদি কোপ নকৰাহা।
তোৰ ভ্ৰাতৃ শতবলী বীৰক আনাহা॥
বন্ধুৰ ভাৱত থাকি অৰ্ধ ৰাজ্য দিয়ো।
প্ৰিয় বাক্য বুলি তাৰ চিত্ত সন্তোষিয়ো॥

তেহে সমে প্ৰীতি হুয়া বালি পাশে যাহা।
যেবে অপ্ৰয়াসে দুৰ্গতিক তৰিবাহা॥
দিবিধে বোলয় তোৰ বুদ্ধি নোহে ভাল।
নেদিলো নেদিবো তাক ৰাজ্য একোকাল॥

ৰাজা নতু হন্তে গৈল পুৰুষ দ্বিতয়।
তথাপিতো শতবলী ৰাজ্যক বাঞ্ছয়॥
হুইতো বাঞ্ছয় সিতো ৰাজাৰ আসন।
তাক দেখে ৰাজাসন দিয়ে কোন জন॥

মন্ত্ৰী বোলে দেখা ৰাজা যত নদীচয়।
বহু কাল পথ এৰি আন পথে বয়॥
হাজাৰ বৰ্ষতে সুমৰিয়া পথ লই।
নযাইবি বুলিয়া কোনে বাধিতে পাৰয়॥

আৰু দেখা চন্দ্ৰ সূৰ্য্য বংশী ৰাজচয়।
ক্ষুদ্ৰ ৰাজা হুই চক্ৰবৰ্তীক সেবয়॥
পাছে দৈব যোগে তাৰ পুত্ৰ নাতিচয়।
সাৰ্ব্বভৌম পদ লোৱে দেখিবি নিশ্চয়॥

সিতে শতবলী মহাদাশ্ৰয় কৰিছে।
সিয়ো বৰ বাৰে মোৰ বুলিয়া ধৰিছে॥
নকৰয় ৰক্ষা যিটো শৰণাগতক।
প্ৰভু হেন নাম সিটো ধৰয় কিসক॥

[ ৯০ ]

শুদ্ধ ভাৱে আশ্ৰয় কৰয় সিতো যাক।
পাৰিয়ে উপেক্ষা সিতো জনে কৰে তাক॥
ইহলোকে অকীৰ্ত্তি পৰতো যমভয়।
কিবা তুমি ইহাক নজান মহাশয়॥

মনস্বীৰ কল্পদ্ৰুমে হোৱয় উপাম।
প্ৰাণ দিয়া অৰ্থীৰ পূৰয় মনস্কাম॥
তোমাৰ আছয় সখা ভৌম মহাবলী।
তাহাতে অধিক সখা লৈলে শতবলী॥

বন্ধুভাৱে থাকি অৰ্দ্ধৰাজ্য নেদা যেৱে।
শতবলীৰেসে জানা ৰাজ্য হৈবে তেৱে॥
দিবিধে বোলয় যি বুলিলা সত্য হই।
তথাপিতো মিত্ৰ দৈত্যেন্দ্ৰত পুছো মই॥

শুন সমলক্ষ কামগামী শীঘ্ৰে চল।
কাম পীঠে আছে মোৰ মিত্ৰ মহাবল॥
মোহোৰ দুৰ্ঘট যত কহিবি নিঃশেষ।
যোগ পথে শীঘ্ৰে অসন্তোক মোৰ দেশ॥

পূৰ্ব্বে প্ৰিয়ব্ৰত ৰাজা মনু তনয়।
সাত দ্বীপ সাত সিন্ধু নিৰ্ম্মিয়া আছয়॥
সাত তনয়ক বান্টি দিলা মহাৰথ।
অষ্ট দিশে আঠ গোটা দিলা যোগ পথ॥

যাহাত চৰিলে নাহি ক্ষুধাতৃষ্ণাচয়।
নাহি আধি ব্যাধি সাগৰকো নেদেখয়॥
যথা যাইতে বাঞ্ছে তাত ঢৰি লোকচয়।
লক্ষেকৰ পথ এক দিবসে পাৱয়॥

সেহি পথে তিনিয়ো লোকৰ প্ৰজাচয়।
আসে যাই চক্ৰবৰ্ত্তী ৰাজাত খাটয়॥
কলিযুগে আৰোহিতে নপাৱে সিপথ।
যাত উঠিলাত মাত্ৰ পাই মনোৰথ॥

[ ৯১ ]

তাতে চৰি যাইতে ৰাজা আদেশ কৰিল।
ৰাজাক প্ৰণামি যোগ পথে আৰোহিল॥
নাহি শীত তাপ যাত বাত বৃষ্টি ভয়।
পথৰ দুই পাশে শাৰী শাৰী বৃক্ষ চয়॥

সুগন্ধ শীতল বায়ু সদা সঞ্চৰয়।
সকল ঋতুৰ গুণ ধৰিয়া আছয়॥
কোকিলাদি দিব্য পক্ষী আছে পৰি পৰি।
সুমধুৰ দ্ৰব্য নানা বাক্য আছে ৰড়ি॥

দীৰ্ঘি সৰোবৰ যত আছে ঠাই ঠাই।
কুমুদ উৎপল পদ্ম অধিকে শুহাই॥
ৰাজহংস আদি যত পক্ষী জলচৰ।
মৃণালাদি ভক্ষি নাদ কৰে মনোহৰ॥

মধুমত্ত মধুকৰে সুমধুৰ কৰি।
পক্ষী ৰাৱে গীত গাৱে নাচে অপসৰি॥
স্বামী সঙ্গে ভ্ৰমে তাত দেৱ নাৰীচয়।
নানা বিদ্যাধৰে নানা বিদ্যা বিলাসয়॥

মাঝে মাঝে আছে ৰম্য গৃহচয় তাত।
নানা ৰম্য শয্যা পাৰি আছে অসংখ্যাত॥
কতো উচ্চ কতো নীচ কতোহো ভূমিত।
বিশ্বকৰ্ম্মে নানা ৰত্নে কৰিছে জৰিত॥

ভক্ষ্য ভোজ্য আদি চতুৰ্ব্বিধ অন্নচয়।
শয্যাৰ সমীপে তাক নিযোজি আছয়॥
যেহি বাঞ্ছে তাক পাই তাকে নাহি হানি।
সে পথৰ মহিমা কহিবো কোন প্ৰাণী॥

সেহি পথে মেৰুৰ দক্ষিণ ভৈলা যাই।
হৰি কিম্পুৰুষ দুই বৰ্ষক চৰাই॥
হিমৱন্ত ছাৰি কামপীঠ পাইলা যাই।
পথৰ নামিলা ভৌম নগৰক পাই॥

[ ৯২ ]

দ্বাৰীক বোলয় কহ নৃপতিৰ ঠাই।
মল্লকপি ৰাজ দূত আসি আছোঁ মই॥
প্ৰতীহাৰে কহিলন্ত নৃপতিত যাই।
নমস্কাৰ কৰি বোলে আদেশ গোসাঁই॥

মানস গিৰিৰ কপি মল্লৰাজ দূত।
তোমাক দেখিতে আসি আছে মহাদ্ৰুত॥
শুনিয়া নৰকাসুৰ আনন্দিত মন।
সভাক লাগিয়া দূত নিয়াইলা তেখন॥

পুচিলা কুশল আগমনৰ কাৰণ।
নমস্কাৰ কৰি দূতে বুলিলা বচন॥
তুমি মহামিত্ৰ যাৰ হৈয়াছ সহায়।
সিজনৰ কুশল একো থানে নাই॥

যদি কোনো অকুশল মিলে প্ৰমাদত।
হেলায়ে তৰিবা পাৱে তযু প্ৰসাদত॥
তোমাৰেসে অধিকাৰ তানে ৰাজ্যভাৰ।
তোমাৰো যতেক কাৰ্য্য তেহে অধিকাৰ॥

দুহানো যিমত ইষ্ট প্ৰখ্যাত লোকত।
নহৈব নাহৈব বুলি কহে জগতত॥
এতেকে পুচিতে যোগ্য কুশলাকুশল।
তোমাৰ কুশলে তান পৰম মঙ্গল॥

কিছু অথন্তৰ তথা মিলিয়া আছয়।
তাহাক কহওঁ মই শুনা মহাশয়॥
বালি নাম কপিৰাজ কিষ্কিন্ধাৰ পতি।
অনেক ভালুক সেনা কৰিয়া সঙ্গতি॥

কৰি দিগবিজয় জিনিয়া কপিৰাজ।
দূতক পাঞ্চিতে গৈলা আমাৰ সমাজ॥
মানসোত্তৰৰ যত আছে কপিবৰ।
নাম শুনি বালিৰ বৰিল নিৰন্তৰ॥

[ ৯৩ ]

নীল নাম কপিৰাজ যাক সম নাই।
অধিসেনাপতি ভৈলা বালিৰ আজ্ঞাই॥
থানে থানে চতুৰ পঠাই আছে দূত।
অপৰ বিশেষ কাৰ্য্য ভৈল অযুগুত॥

শতবলী নাম ভ্ৰাতৃ মল্ল কপীন্দ্ৰৰ।
একে পিতামহ জানিবাহা দুইহান্তৰ॥
দৈৱদোষে শতবলী ৰাজ্যক নপাই।
নীলত আশ্ৰয় হুই শৰণ সোমাই॥

তাহাক দিবাক লাগে অৰ্দ্ধ ৰাজ্য মহী।
নেদিলে মিলিবে যুদ্ধ দূতে আছে কহি॥
দূতৰ প্ৰভাৱ দেখি সবাৰে তৰস।
যুদ্ধক লাগিয়া কেহ নকৰয় সাস॥

তোমাতেসে গহে ৰাজা আছে ৰাজ্য নেদি।
কিবা দূতে ৰাজা ভাঙ্গি পেলাইলেক খেদি॥
দূতক ৰাখিয়া চলে মোহোক পঠাইছে।
নজানো পাচত দূতে কি কাম কৰিছে॥

ভৌমে বোলে শুনা সেনাপতি কঙ্কানল।
নিশানা কোবায়া জনায়োক সেনাগণ॥
চলো এতিক্ষণে মল্লকপিৰাজা ঠাই।
যাত কৰি মোহোৰ অধিক প্ৰিয় নাই॥

দূতৰ কাৰ্য্যৰ ভাব আছোহো আকলি।
মহন্ত আশ্ৰয় কৰি আছে শতবলী॥
এতেকে যাইবাক লাগে কৰিয়া প্ৰবন্ধ।
যিমতে নাশিতে পাৰি বিপক্ষৰ কন্ধ॥

শুন যোগসাই তই পাতালক যাহা।
মিত্ৰ ধনঞ্জয় নাগ ৰাজাক আনাহা॥
মিত্ৰৰ কাৰ্য্যত মোৰ হেলা নুযুৱাই।
যোগ পথে চলে যেন শীঘ্ন কৰি পাই॥

[ ৯৪ ]

পাছে ভৌমে সাজ কৰি চতুৰঙ্গ প্ৰজা।
চলি গৈলা যোগ পথে যথা মল্লৰাজা॥
যোগসাই বীৰে পাছে পাতালক যাই।
কহিলা ভোমৰ বাৰ্ত্তা নাগেন্দ্ৰক পাই॥

মিত্ৰত ভকতি মহা ধনঞ্জয় বাই।
যত নাগ প্ৰজা সৰ্প লৈলন্ত কোঞ্চাই॥
আঠ গোটা নাগে সাজাইলন্ত ৰথ খান।
বহলে বিস্তৰে হৈব যোজন প্ৰমাণ॥

সৰ্ব্বাঙ্গে দপন দিলা তিনি ভীতিবাৰ।
নানা বিধ ৰত্নে কৰি আছে জাতিষ্কাৰ॥
ইন্দ্ৰৰ বজ্ৰেয়ো যাক নপাৰে ভেদিতে।
যৈক মন তৈকে সিতে চলয় ত্বৰিতে॥

ক্ষণে দৃশ্য অদৃশ্য প্ৰকাশে নৱ নৱ।
কোনে কহিবেক তাৰ ৰথৰ বিভৱ॥
নানা ৰত্নময় তাত ধ্বজ গোট দিল।
যাত্ৰা কৰি মহাবীৰ প্ৰয়াণ কৰিল॥

আগে পাছে চলি যাই অযুতেক ৰথ।
বিসবৰ্ণি ব্যাপি যাই সেহি সেহি পথ॥
উৰ্দ্ধ গতি কৰি চাৰি বিৰৰ চৰাইল।
মন পবনৰ বেগে যোগ পথ পাইল॥

মানস পুৰক লাগি পথক ধৰিল।
দেখিয়া ত্ৰিদশ দেৱ ভয়ে চমকিল॥
মাসেকৰ পথ যুৰি নাগ সেনা যাই।
যোগ মাৰ্গী সবো দেখি দূৰক পলাই॥

কতো দিনে সুহৃদ ভৌমৰ লগ লৈলা।
দেখিয়া ধৰণী সুত মহাৰঙ্গ ভৈলা॥
কৰি প্ৰিয় সম্ভাষণা মহাৰঙ্গে যাই।
মানস গিৰিক পাইলা ধৰণী কম্পাই॥

[ ৯৫ ]

ভৌম নাগৰাজা কথা এহি মানে থওঁ।
হনুমন্তে কি কৰিলে তাৰ কথা কওঁ॥
দিন চাৰি পাঞ্চ তথা বীৰ হনুমন্ত।
বঞ্চিয়া তথায়ে ৰাজ কাৰ্য্য লক্ষিলন্ত॥

ইতো দুষ্ট মতি মল্লৰাজ মহামন্দ।
নৱৰয় নেদৈ ৰাজ্য কৰে চল ছন্দ॥
মোক বঞ্চি কৰি আছে যুদ্ধৰ উদ্যোগ।
আবে যুদ্ধ নকৰিতে মোৰো নোহে যোগ॥

যদিবা ভয়ত যুদ্ধ ত্যজি মই যাইবো।
বৰি আছে যত ৰাজা তাকো হৰুৱাইবো॥
কৰিবেক নিন্দা যত বানৰ বানৰী।
তেবে মৰণেসে ভাল জীৱনত কৰি॥

পৃষ্ঠেৰে সেবিব ৰবি শীত কাল পাই।
জঠৰেৰে অগনিকো সেৱে লোকে যাই॥
কায় বাক্য মনে প্ৰাণ স্বামীক সেৱিব।
অকপটে হৰি সেবি সংসাৰ তৰিব॥

চব্বিশ সেৱক ৰাজ নীতিত কহয়।
কায় বাক্য মনে প্ৰাণ যিজনে সেৱয়।
তাহাকে উত্তম বুলি ৰাজাৰ সেৱক।
ভাগ্যৱন্ত স্বামী বিনে নলভে প্ৰত্যেক॥

মধ্যম সেৱক কায় বাক্যে ভজে মাত্ৰ।
বাক্যে মাত্ৰ সেৱয় অধম কহে শাস্ত্ৰ॥
মনে কুশলক চিন্তে ৰাজাৰ সদাই।
দুৰ্ল্লভ সেৱক তাতধিকে আন নাই॥

বালি ৰাজা মোক পুত্ৰ বুলিয়া পালিছে।
দিগবিজয়ৰ কাৰ্য্যে তাতে সে পাঞ্চিছে॥
হেনয় স্বামীৰ অৰ্থে যদি মৃত্যু হয়।
তেবে বালি ৰাজাৰ অঋণী হওঁ মই॥

[ ৯৬ ]

এহি চিন্তি ক্ৰোধে জ্বলি উপজিল কাম্পে
ৰাজ সমাজক লাগি কৰিলেক ঝাম্পে॥
ৰাজাৰ আগত থিয় দিয়া বোলে চাই।
শুনৰে অসত্যবাদী দুস্ট মল্লৰাই॥

মূঢ় ওই নোহ ৰাজাসনৰ উচিত।
নজানস ৰাজনয় আৰো হিতাহিত॥
প্ৰজাৰো কুশল কিছু নিচিন্ত মনত।
তোহোৰ মৰণ কাল ভৈল উপগত॥

মহাৰাজা বালি যাক সম বীৰ নাই।
যাৰ নাম শুনি সুৰাসুৰ কাম্পে কাই॥
তানে মুখ্য সেনাপতি অগ্নিৰ তনয়।
যাহাৰ বিক্ৰম দেখি মহেন্দ্ৰৰো ভয়॥

তাহাৰ আদেশ তই নকৰ দুৰ্ম্মতি।
আনিছ নৰকাসুৰ যুদ্ধ সম্প্ৰতি॥
উঠৰে দুৰ্ম্মতি ৰাখ আপোন গৌৰৱ।
নুহি এতিক্ষণে স্ত্ৰীৰ আগে লাজ হৱ॥

শুনি দিবিধৰ কোপে কম্পমান কায়।
মাৰুতিক কোলে তুই নকৰ বৰায়॥
তোৰ বাক্যে ৰাজ্য দিবো হেন আশা ছাৰ।
যুদ্ধ কৰি কোন পাৰে লৌক ৰাজ্যভাৰ॥

এহি বুলি আস্ফালিল যুদ্ধক আশাই।
ঝাম্প দিয়া মাৰুতিয়ো ধৰিলন্ত যাই॥
অন্যো অন্যে আঝোৰয় যেন নাগ দুই।
বাগৰ বাগৰি যুজে এক পিণ্ড হুই॥

আঞ্চোৰে কামৰে দুই দুহান্তক পাই।
হানে কিল ভুকু কতো দুই ছিদ্ৰ চাই॥
চৌত্ৰিংশ দিনৰ বৃক্ষ শিলা নিৰন্তৰ।
চূৰ্ণিকৃত ভৈল বাগৰন্তে দুহান্তৰ॥

[ ৯৭ ]

কৰি যুদ্ধ কৌতুকে মাৰুতি বাঢ় দিন।
দিবিধৰো দেখে বল বুদ্ধি ভৈল ক্ষীণ॥
মাৰুতিক প্ৰতিকাৰ নপাৰে কৰিতে।
হনুমন্তে চিন্তে আক নলাগে বধিতে॥

সাসে পৰাক্ৰমে ইতো ভাল বীৰ গোট।
মোত বিনে কোনে আৰ সহে ঘোৰ চোট॥
হেন বীৰ গোট লাগে মোহৰ লগত।
অল্প যুদ্ধ কৰিবাক ইগোটা শকত॥

কাৰাগাৰে বন্দী কৰি ইহাক ৰাখিবো।
যেবে শুদ্ধমতি হোৱে অৰ্দ্ধৰাজ্য দিবো॥
শতবলী বীৰকো অৰ্দ্ধেক ৰাজ্য দিবো।
আপোনাৰ অঙ্গীকাৰ সফল কৰিবো॥

এহি চিন্তি মাৰুতিয়ে লাঙ্গুল বঢ়াই।
দিবিধৰ সৰ্ব্ব গাৱে ধৰিলা মেঢ়াই॥
যেন মহামন্ত নাগে হস্তী গোটা পাই।
মুখে লৈয়া ফণা উৰি আনন্দে লৈ যাই॥

কতো পুচ্ছ মেলি তাক ভূমিত পেলাই।
বিকৰ্থনা কৰি বীৰে নিয়ে চোঞ্চৰাই॥
হেন নানা বিকৰ্থনা কৰন্তে আছয়।
শতবলী বীৰো আসি মিলিলেক তয়॥

মাৰুতি বোলয় শুনা বীৰ শতবলী।
নকৰিবা ক্ৰোধ মোৰ বিলম্ব আকলি॥
বালি কপীন্দ্ৰৰ আজ্ঞা শিৰত কৰিয়া।
নীল সেনাপতি তথা পঠাইলে পাঞ্চিয়া॥

ইহাত কহিলোঁ সেনাপতিৰ বচন।
নমানিলে ইতো মেল বানৰ দুৰ্জ্জন॥
নজানয় ৰাজনীতি পৰম দুৰ্বোধ।
বিকৰ্থনা কৰি মোক তেজাইলেক যুদ্ধ॥

[ ৯৮ ]

ৰাজাৰ আজ্ঞাক তুমি শিৰত ধৰিয়ো।
মল্লৰাজা হৈয়া তুমি আসনে বসিয়ো॥
নীল সেনাপতিক মোহোৰ বৰ ত্ৰাস।
ইহাক বান্ধিয়া নিয়া দেও তান পাশ॥

যেন আন কপিৰাজে আজ্ঞা নছাৰয়।
তেমনে ইহাঙ্ক দণ্ড কৰাইতে লাগয়॥
শতবালী বোলে যি বুলিলা সত্য হই।
ৰাজ আজ্ঞা উল্লঙ্ঘিলে দণ্ডত পৰয়॥

পৃথিবীত আছে যত কপিৰাজ চয়।
একেলাগি বালি কপীন্দ্ৰক নালগয়॥
যেই ইচ্ছা তুমি তাক পাৰাহা কৰিতে।
কৰিয়া আছাহা তুমি ইহাৰ উচিতে॥

আতধিক লাঞ্ছণা কি ৰাজাৰ আছয়।
দেখা ইতো মতকৰ নয় হৈয়াছয়॥
সবাহাতে ধিক এহে মানি কপি ৰাজা।
আজি হন্তে দেখিয়া হাঁসিব সবে প্ৰজা॥

হটিলে সে নীচ জন উচিতত বয়।
দণ্ড বিনে দুষ্ট জন বিপথ নেৰয়॥
দণ্ড কৰিলাতো যদি বিপথ নেৰয়।
প্ৰাণ বধিবাক লাগি তেৱে যোগ্য হয়॥

মাতৃয়ো নকৰে শোক তাহাক লাগিয়া।
আপোন পুত্ৰক ছাৰে দুষ্টতা দেখিয়া॥
দণ্ড কৰি কৰিলা ইহাৰ উপকাৰ।
তথাপি নেৰয় যদি ইতো অহঙ্কাৰ॥

তেবে আমি তোমাক বুলিতে নাহি আৰ।
মৰন্তাক ৰাখিবাক শকতি কাহাৰ॥
সবে দোষ ছাৰি আক দিয়াহা মেলাই।
ৰাজ আজ্ঞা কৰা নীতি কথা তুমি চাই॥

[ ৯৯ ]

দেখা আৰ নাৰীগণে কান্দে বিয়াকুলি।
স্বামীৰ বিপত্তি দেখি মৰে হিয়া পুলি॥
মাতি বোলয় তুমি ধন্য কপিবৰ।
সম দৃষ্টি নাহি দেখি তোমাত অপৰ॥

তুমি পিতৃ পিতামহ তিনি পুৰুষৰ।
খণ্ডি ৰাজ্য ভাৰ ইতো ভুঞ্জে একেশ্বৰ॥
বন্ধু মিত্ৰ দেশ ছাৰি দুঃখক ভুঞ্জিলা।
তথাপি সিসব দোষ আৰ নগৰ্ণিলা॥

শত্ৰুত মিত্ৰত সমদৃষ্টি ভৈল যাৰ।
সি জনৰ মুকুতি পদত অধিকাৰ॥
নৃপতি পদত যোগ্য নুহি জানা সাৰ।
কালৰ বেগত যিতো হোৱে ছাৰখাৰ॥

হেনয় তোমাৰ বাক্য কৰিতে উচিত।
যদি জানা এহি দণ্ডে শুদ্ধ ভৈল চিত॥
এহি বুলি মাৰুতিয়ে বন্ধন মুচিলা।
অল্প কৰি দিবিধেও বুলিবে লাগিলা॥

শুনা শুনা দূত মই কহিবো নিশ্চয়।
আমাত তোমাত কিছু দোষ নাহি কয়॥
পূৰ্ব্বৰ অৰ্জ্জিত ফল লাগয় ভুঞ্জিতে।
তাক এৰাইবাক লাগি নপাৰে কশ্চিতে॥

ৰাজ আজ্ঞা ছাৰিতে মোহোৰ মন নাই।
তথাপি প্ৰমাদ দিলে দুষ্ট দৈবে পাই॥
যেহি ইচ্ছা তোমাৰ কৰিতে লাগে তাক।
দুৰ্দ্দশা এৰাইতে বাধা কৰিবোহো কাক॥

দুৰ্গুণে সুগুণ যাৰ বিধাতা প্ৰসন্ন।
যাৰ বক্ৰ বিধি তাৰ গুৰু অকাৰণ॥
এতেকে ইহাত মোৰ নাহি কিছু খেদ।
ৰাজ সম্পত্তিতো মই ভৈলাহো নিবেদ॥

[ ১০০ ]

মাৰুতি বোলয় শুন শুন মল্লবাই।
তোৰ বাক্যে আছোঁ মই আনন্দক পাই॥
তথাপিতো তোৰ বৰ্ত্তা চিত্ত জানো সাৰ।
মোকে সে ভণ্ডিতে জানো চাস আৰো বাৰ॥

তাতো মোৰ শঙ্কা নাই জানিবি নিশ্চয়।
তাৰো ফুল অল্পতে লভিবি দুৰাশয়॥
মাৰুতিৰ কথা আবে এহি মানে থওঁ।
ভৌমৰ বিচেষ্টা যেন মত তাক কওঁ॥

শুনা সভাসদ ইতো কথা অনুপম।
শ্ৰীৰাম দাসৰ চেষ্টা শক্ৰঞ্জয় নাম॥
শিষ্য ভৰদ্বাজত বাল্মিকী কৈলা যাক।
ভবিষ্যত কতো ভূত কৰি কৈলোঁ তাক॥

ইদোষ ক্ষমিয়ো মোৰ বুদ্ধ সবে চাই।
মূৰ্খৰ নধৰে দোষ বিজ্ঞ সবে পাই॥
অৱতাৰ কথাৰ প্ৰসঙ্গ কৰি যথা।
প্ৰাসঙ্গিক কৰি কৈলোঁ শত্ৰুঞ্জয় কথা॥

ইহাক ক্ষমিবে যোগ্য হোৱে পণ্ডিতৰ।
নানা ৰস কাব্যে দিয়ে কবি নিৰন্তৰ॥
এতেক ইহাত প্ৰস্তাবিক ৰস যত।
নানা শাস্ত্ৰ হন্তে আনি কৰিলোঁ বেকত॥

নানা ৰত্নে যদি সুবৰ্ণক চিত্ৰ কৰে।
তাক কি মহন্ত সবে দেখি অনাদৰে॥
আৰু দেখি আছি বহু আদৰ কৰয়।
অনাদৃত ভৈলে কেনে কণ্ঠত ধৰয়॥

এতেকে সবাকে বোলো কৃতাঞ্জলি কৰি।
মই দুৰ্ব্বোধৰ সবে দোষ পৰিহৰি॥
শ্ৰীৰাম দাসৰ কথামৃত পান কৰি।
তৰা ভব ৰোগ ডাকি বোলা হৰি হৰি॥

[ ১০১ ]

অনন্ত বা হৃদয়ানন্দ।

আত্ম পৰিচয়।

যশ চন্দ্ৰ খাঁযে হুয়া আছিলা প্ৰখ্যাত বৰ,
 সদায়ে ধৰ্ম্মত যাৰ চিত্ত॥
তাহানে কনিষ্ঠ ভাই শুকই যে গিৰি নামে,
 খ্যাতি তানে পুত্ৰ যদুহয়।
শ্ৰীশঙ্কৰৰ ভ্ৰাতৃ পৌত্ৰী নামে বিষ্ণুপ্ৰিয়া শান্তী,
 বিহালন্ত যদু সুতনয়॥
তানে গৰ্ভে ভৈলো জাত আমি নুহিকোহো খ্যাত,
 পৰম মূৰুখ মূঢ় মতি।
তথাপিতো ইতো কাজ কৰাইলন্ত যদুৰাজ,
 ক্ষমিয়োক সমাজে সম্প্ৰতি॥


শ্ৰীৰাম কীৰ্ত্তন।

হনুমন্তৰ সীতা দৰিশন।

ঘোষা— ৰঘুপতি ৰাম, কৰো পৰিয়া প্ৰণাম।
জনকৰ জীৱক দেখিলা বায়ুসুতে।
মলনি স্বভাৱে মাৱে বসিয়া ভূমিতে॥
স্বৰ্গৰ পৰিল খসি যেন পূৰ্ণ চন্দ্ৰ।
মনে আবৰিয়া আছে নাহিকে আনন্দ॥

[ ১০২ ]

স্বামীৰ চৰণ দুই চিন্তন্তে আছন্ত।
মাথে একাছলা বিক্তে ভূমিতে লুণ্টন্ত।
দেখি বায়ুপুত্ৰৰ বিস্ময় ভৈল মন।
ভালেতো আকুল প্ৰভু ৰঘুৰ নন্দন।।

নাৰীৰ এনয় ৰূপ নতু দেখি শুনি।
আবে কোন কাৰ্য্য কৰো আছা মনে গুণি।।
ৰাত্ৰি গোট প্ৰভাত ভৈলেক দেখো হেৰ।
ৰাক্ষসে দেখিলে কাৰ্য্য হৈবে অথন্তৰ।।

এহি বুলি বায়ুসুত কৰি নিজ মায়া।
সিঙ্গ পাতে আৰ ভৈল অল্প কৰি কায়া॥
প্ৰভাততে দশগ্ৰীব আইলা সীতা ঠাৱে।
বহুবিধ মিনতি বোলয় নানা ভাৱে।।

শুনা প্ৰাণেশ্বৰী সীতা জনক নন্দিনী।
ত্ৰিভুবনে তোক সম নাই কোনো জনী।।
মই ত্ৰৈলোক্যৰ ৰাজা মোক স্বামী বৰ।
বনবাসী ৰাম তপস্বীক পৰিহৰ।।

মন্দোদৰী আদি মোৰ যত পটেশ্বৰী।
সবাহাঙ্কে দিবোহো তোমাৰ দাসী কৰি।।
সুবৰ্ণ মাণিকে তনু মণ্ডিবো তোমাৰ।
মই দাস ভৈলো ৰাখা প্ৰাণক আমাৰ।।

হেন শুনি সীতা শান্তী অধোমুখ কৰি।
বুলিলা কঠোৰ কৰি সহিতে নপাৰি।।
মই পতিব্ৰতাৰ মৰ্ম্ম জনা আসি।
অধৰ্ম্মৰ ফলে বেটা যাইবি তই নাশি।।

মোৰ অলঙ্কাৰ তেৱে সমস্তে হোৱয়।
তোৰ দশশিৰ যেৱে ৰাঘৱে কাটয়।।
ৰাম মত্তসিংহ তুই শৃগাল পাপিষ্ঠ।
গৰুড়ৰ ভাৰ্য্যাক কাকৰ হৱৈ আশ।।

[ ১০৩ ]

তিৰী চোড়া অধম হাৰিৰ লাথি খায়া।
গলে হাণ্ডি বান্ধি মৰি মাৰ্গতলে যাৱা॥
হেন শুনি ৰাৱণ ক্ৰুধিয়া খেদি যাই।
মন্দোদৰী ৰাখিলন্ত অনেক বুজাই।।

পাছে সব ৰাক্ষসীক বোলে লঙ্কেশ্বৰে।
যেনে তেনে বুজায়োক সীতা যেন বৰে।।
এহি বুলি আপুন মন্দিৰে চলি গৈলা।
ৰাক্ষসী সকলে তাঙ্ক গৰ্জ্জিবাক লৈলা॥

কতো বোলে শুনা সীতা ভজ লঙ্কেশ্বৰ।
কতো বোলে শান্তি ধৰ্ম্ম ৰাৱণাতে কৰ।।
কোনো জনী বোলে এইক খাও ৰাক্ষসিনী।
বৰিবি কি নবৰিবি কহ সত্যবাণী।।

আনো নানা বাক্য বুলি ৰাক্ষসিনী গণ।
মধ্যাহ্ণ সময় ভৈলা কৰিলা শয়ন।।
সেই বেলা বায়ুপুত্ৰে অৱসৰ পাই।
কৰ যোড়ে বৃক্ষহন্তে বোলন্ত বিনাই।।

দশৰথ পুত্ৰ শ্ৰীৰাম চন্দ্ৰ ভৈলা।
পিতৃবাক্য পালিতেহে বনবাসে গৈলা।
তাহতে সীতাক হৰি আনিলে ৰাৱণ।
এতেক বুলিয়া মৌন ভৈলা হনুমান।।

প্ৰিয় কথা শুণি দেবীদশো দিশে চাইলা।
উৰ্দ্ধ দৃষ্টি কৰি বানৰক ভেট পাইলা॥
সীতায়ে বোলয় বাপু কৈৰ হন্তে আইলি।
মোহোৰ স্বামীৰ কথা কেন মতে পাইলি।।

এতেক বোলন্তে আসি ভূমিত নামিলা।
দণ্ডৱতে পৰি কপি প্ৰণাম কৰিলা।
কৃতাঞ্জলি কৰি বোলে শুনিয়োক আই।
জম্বুদ্বীপ হন্তে ৰামে দিছন্ত পঠাই।।

[ ১০৪ ]

তযু শোকে প্ৰভু দেৱ বিহ্বল ভৈলন্ত।
বনে বনে দুই ভাই বিচাৰি ফুৰন্ত।।
পাছে আসি ঋষ্যমুকে দৰিশন পাইলোঁ।
অলঙ্কাৰ পায়া পাঞ্চ বানৰে দেখাইলোঁ।।

পায় অলঙ্কাৰ প্ৰভু বিস্তৰো কান্দিলা।
বালি বধ কৰি সুগ্ৰীৱক ৰাজ্য দিলা।।
মই বায়ুপুত্ৰ আই নাম হনুমন্ত।
সবে আলোচিয়া মোক পঠাই দিলন্ত।।

সমুদ্ৰ তৰিয়া ৰাৱণৰ ঘৰে পশি।
বহু বিচাৰিয়া আই দেখা পাইলো আসি।।
ৰাম পাৱে কহয় আনন্ত মূঢ়মতি।
বোলা ৰাম ৰাম সবে সমাজে সম্প্ৰতি॥

ঘোষা—তুমি ৰাম পূৰ্ণকাম জগতৰ স্বামী।
তযু পাদ পঙ্কজে শৰণ লৈলো আমি।।

বানৰৰ কথা শুনি বুলিলন্ত আই।
সাগৰ তৰিলি তুই কিমত উপাই।।
মিছা কথা কহিবাক আইলি পুনৰ্ব্বাৰ।
পাপিষ্ঠ বানৰ ক্ৰোধ তোলাস আমাৰ।।

দূৰ গুচ ৰাক্ষস অধম মন্দকৰ্ম্ম।
কৃতাঞ্জলি কপি সুমৰন্ত ধৰ্ম্ম ধৰ্ম্ম।।
ৰাক্ষস নহও মাৱ ভাল চিনিয়োক।
শ্ৰীৰঘুনাথে সত্যে পঠাই আছে মোক।।

সীতায়ে বোলন্ত তেবে কহতো প্ৰমাণ।
কিমত স্বামীৰ ৰূপ ভোজন কিঠান।।
হনুয়ে বোলন্ত আই ৰঘুনাথ দেৱ।
ইতো ত্ৰিভুবনে তাঙ্ক সম নাহি কেৱ।।

দুৰ্ব্বাদল শ্যাম ৰাম শিৰ ছত্ৰাকৃতি।
সিংহ বন্ধ কবন্ধ সুগ্ৰীৱ শোভে আতি।।

[ ১০৫ ]

পদ যুগৰ কত ভকত মনোময়।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে সুশোভয়॥

পদ্মলতা বিম্ব ওষ্ঠ ধৌত দন্ত পান্তি।
স্বভাৱে ঈষৎ হাস মূখ চন্দ্ৰ কান্তি॥
ধনুৰ্ব্বেদ সাৰঙ্গ প্ৰকাশে হাতে যাৰ।
সৰ্ব্বদা তোমাৰ শোকে কৰন্ত ফোকাৰ॥

ফল মুল ভোজনত চাৰি দিন অন্তে।
প্ৰশ্ৰবণ গিৰিত আছন্ত এহিমতে॥
এহি বুলি হনুমন্তে ৰামৰ আঙ্গুষ্ঠি।
দিলন্ত সীতাৰ হাতে হুয়া মহাতুষ্টি॥

লৈয়ো সীতা শান্তি মোৰ কথাৰ প্ৰমাণ।
মানস শিলাৰ ফোট দিলা যিতে থান॥
ইতো গোপ্য সঙ্কেত কহিয়া পঠাইলন্ত।
তোৰা দুই বিনে আক আনে নজানন্ত॥

স্বামীৰ অঙ্গুষ্ঠি পাই হৃদয়ত লৈয়া।
বুকে মুষ্ঠি দিয়া আই বিস্তৰ কান্দিলা॥
শুনা বাপু বানৰৰ ৰাজা বুলি যাক।
তান কেন মন আছে আমাক নিবাক॥

অঙ্গদ সুসেন নল নীল জাম্বুৱন্ত।
আমাক নিবাক তেসম্বেকি আলোচন্ত॥
লক্ষণে বা কি বোলন্ত কহ হনুমান।
ইতো দুঃখ শোক কি কৰিবা অৱসান॥

কিমতে ধৰিবো জীৱ প্ৰাণ স্বামী বিনে।
কতো বোলে প্ৰাণ ত্যাজো কি কাৰ্য্য জীৱনে॥
হেন শুনি হনুমন্তে বুলিলা বিনাই।
সত্যে সত্যে সবে মোক দিয়াছা পঠাই॥

তোমাক নিবেক দুষ্ট ৰাৱণক মাৰি।
অঙ্গীকাৰ কৰি আছা ৰাঘৱ মুৰাৰি॥

[ ১০৬ ]

এহি বুলি কিছু শান্ত কৰিলা সীতাক।
বেলন্ত যি কিছু আছে দিয়োক আমাক॥

কনমউ ফল বাপু আছে কত গুটি।
এহি বুলি তেখনে আনিয়া দিলা উঠি॥
শুনা সৰ্বলোকে কৰা পৰলোক কাম।
সৰ্বক্ষণে শুনা শ্ৰীৰামৰ গুণ নাম॥
তেবেসে হুইবেক দুঃখ সীমা উপসম।
মূৰুখ অনন্তে কহে বোলা ৰাম ৰাম॥

ঘোষা—জানকী বল্লভ জানকী বল্লভ জানকী বল্লভ ৰাম।
তোমাৰ চৰণে শৰণ পশিলোঁ পূৰিয়ো মনৰ কাম।
জনক নন্দিনী ফল দিলা আনি,
 বায়ুসুতে মুখে দিলা।
অমৃত মধুৰ ক্ষুধা ভৈল দূৰ,
 পৰম তৃপিতি পাইলা।
স্বভাৱে বানৰ জাতিৰ ফলত,
 অতিশয় লোভবৰ।
বোলে শুনা আই  কোন থানে পাই,
 কহিয়ো আৰ উত্তৰ॥
সীতায়ে বোলন্ত যিতো থানে আছে,
 তই যাইবি কেন কৰি।
অসংখ্য ৰাক্ষস আবৰি থাকয়,
 মাৰিবেক তোক ধৰি॥
হেন শুনি বৃদ্ধ ব্ৰাহ্মণৰ বেশ,
 ধৰিলন্ত হনুমন্তে।
লৰবৰ মাথ কাসন্তে দেখিয়া,
 কৌতুকতে হাসিলন্তে॥
বোলন্ত ৰাক্ষস হাটি বাটি ফুৰি,
 ফল পাইবা বহুতৰ।
নাহি একো চিন্তা  ফুৰি আসা গই,
 সমস্তে লঙ্কা নগৰ।।

[ ১০৭ ]

সীতাক নমিয়া তেতিক্ষণে গৈয়া,
 ৰাৱণৰ অভ্যন্তৰে।
ভিক্ষা কৰিলন্ত ভণ্ডাৰি বোলন্ত,
 যায়েক বাড়ী ভিতৰে॥
হেন শুনি তেতি—  ক্ষণে পশিলন্ত,
 কবড়ি চাৰি পেলাই।
লহনা লহন ফল লাগি আছে,
 উঠিলন্ত গাছে যাই॥
ৰাম লক্ষণক সীতাক নিবেদি,
 লৈলা ফল ভুঞ্জিবাক।
ঠিশ ঠিশ কৰি  পেটত ভৰাইলন্ত,
 সমস্তে খাইলা ফলক॥
কতো বৃক্ষ মানে উলতাই ৰুইলা,
 ভাঙ্গি ছিঙ্গি উপবন।
যতেক ৰাক্ষস খেদি খেদি যাই,
 সমস্তে কৰিলা ছন্ন॥
ৰাৱণৰ আগে বাৰ্তা পৰি গৈল,
 বানৰৰ কথা যত।
শুনি দশগ্ৰীব সৈন্য পাঞ্চিলেক,
 মাৰিল তাকো সমস্ত॥
পাছে অক্ষয়ক পঠাইলেক সিতো,
 ৰাৱণা অতি নিকাল।
দুৰ্ঘোৰ সমৰে মাৰিলন্ত তাকো,
 হনুমন্ত মহাবল॥
পুত্ৰৰ মৰণে শোক লভিলেক,
 দশগ্ৰীৱ অতিৰেক।
বোলে মনে ডৰি  তাক নাই সৰি,
 ইন্দ্ৰজিত পঠাইলেক॥

[ ১০৮ ]

সিতে খেদি গৈয়া  হনুক দেখিয়া,
 প্ৰহাৰিলা নাগ বাণ।
বন্ধন নলৈলে ব্ৰহ্ম লজ্জা হন্ত,
 জানি লৈলা হনুমান॥
ৰাক্ষস সকলে সাঙ্গি বান্ধি লৈয়া,
 ৰাজাৰ আগে পেলাইল।
দশগ্ৰীৱে পাছে হনুক দেখিয়া,
 প্ৰহস্ত মুখে পৌছাইল।
প্ৰহস্তে বোলয় শুন কপিবৰ,
 কোথাহন্তে আসি ভেলি।
কাৰ দুত তই  কি কাৰ্য্যে আসিলি,
 কহিবি সত্যক পালি॥
হেন শুনি হনু- মন্তে বুলিলন্ত,
 শ্ৰীৰামৰ দূত আমি।
জম্বুদ্বীপ হন্তে সীতা অন্বেষণে,
 পঠালন্ত মোক স্বামী॥
অনন্তৰে ৰাজা বোলয় কিসত,
 মাৰিলি মোৰ সৈন্যক।
হনুৱে বোলয় শত্ৰু যদি হয়,
 কোনোবা কাক এড়য়॥
হেন শুনি ৰাজা  ক্ৰোধ কৰি বোলে,
 কাটি কৰ খণ্ড খণ্ড।
বিভীষণে বুলি  লন্ত শুনা দদা,
 দূতৰ নহে ই দণ্ড॥
দুৰ্ম্মুখ বীৰক আদেশ কৰিয়া,
 মৰাইলে কিলৰ ঝাক।
হনুমন্তে পাছে বুলিবে লাগিলা,
 ক্ৰোধ কৰি ৰাৱণক॥
শুনৰে অধম ৰাৱণ দুৰ্জ্জন,
 তোহোৰ ৰঙ্গ বিস্তৰ॥

[ ১০৯ ]

এতিক্ষণে তোক মাৰিবাক পাৰো,
 নভৈল আজ্ঞা ৰামৰ॥
শুনা সভাসদ ৰামায়ণ পদ,
 ৰামৰ চৰণে ধৰি।
ৰাম বিনে গান কৃপালু দেৱতা,
 নাহি নাহি তাঙ্ক সৰি॥
পশু পক্ষী নৰ বানৰ তৰিল,
 লৈয়া তান গুণ নাম।
কহয় অনন্তে জানি সবেহন্তে,
 ডাকি বোলা ৰাম ৰাম॥

ঘোষা–ৰাম ৰঘুনাথ দেৱ, ৰাম ৰঘুনাথ দেৱ, ৰাম ৰঘুনাথ দেৱ।
কৰিয়ে ভকতি দান, তুমি বিনে নাহি আন, তোমাৰ চৰণে কৰোঁ‌ সেৱ॥

ৰাৱণে বোলয় শুন সব পাত্ৰ মন্ত্ৰী গণ,
 কিমতে কৰিবো দণ্ড আক।
যেন এক চিহ্ন ৰয় ৰামে দেখি দুঃখ পায়,
 সেহি দণ্ড কৰিবো ইহাক॥
সবেহন্তে বোলে ৰায় বানৰৰ লাজ প্ৰায়,
 সমস্তে অঙ্গতে গ্ৰষ্ট হুই।
কাললৈকো সাঞ্চ ৰৌক তৈল ঢালি কাপোৰক,
 মেঢ়ায়া লাঙ্গুলে দিয়ো জুই॥
খলখলি হাসি সিতো বোলে ভাল বুদ্ধি ইতো,
 লগাইলে লালে জুই তাৰ।
গলত লগায় ডোল আগে পাছে কৰি ৰোল,
 ৰাক্ষসে গেল থানে থান॥
হনুমন্তে কৰি মায়া ক্ষীণকৰি নিজ কায়া,
 ডোল হোসকাইলন্ত গলৰ।
হস্তৰ প্ৰহাৰ ছাৰি তাকৰ মুকুতি মাৰি,
 ডেএ চৰিলন্ত দৌলিবৰ॥

[ ১১০ ]

আখাকে লাজুল কুৰাই তাহাত অগনি লগাই,
 লগাইলন্ত অন্তেস পুৰত।
পুত্ৰৰ কৰ্ম্মক দেখি বায়ুৰ আনন্দ ভৈল,
 বৈতে লৈলা উনপঞ্চা বাউ॥
লঙ্কাৰ ভিতৰে যত ঘৰ আছে অসংখ্যাত,
 সমস্তকে পেলাইলা দহিয়া।
আই বাপু পাড়ে গেৰি ৰাক্ষস পলাই লৰি,
 পুত্ৰ নাতি সব কোলে লৈয়া॥
জনক নন্দিনী শুনি অগনিক তুতি বাণী,
 বুলিলন্ত কৰযোড় কৰি।
এতেকে অগনি তাঙ্ক দুঃখ নেদিলন্ত আতি,
 জ্বলিলন্ত শান্ত ৰূপ ধৰি॥
সেহি মতে লঙ্কাপুৰে ছাইক তুলি ছন্ন কৰি,
 মুখে চুঞ্চি অগনি নুমাইলা।
আবে সীতা গোসানীক সেৱা কৰি আসো বুলি,
 অশোক বনত প্ৰবেশিলা॥
জানকীক নমি গৈয়া কৰ বোড় কৰিলন্ত,
 সব লঙ্কা পুৰিৰ দহন।
তোমাৰ প্ৰসাদে আই পাপিষ্ঠ যে ৰাৱণাৰ,
 লঙ্কা পুৰি কৰিলে উচ্ছন্ন॥
জানকী বোলয় বাপু ৰাত্ৰি গোট বঞ্চিয়োক,
 দুঃখবৰ পাইলি বন্ধনত।
তোমাৰ বন্ধনে বাপু, বহু শোক লভিলোহো,
 আবে ৰঙ্গ মিলিল মনত॥
হনুৱে বোলন্ত আই যিবা কিছু কহিবাহা,
 শ্ৰীৰামক প্ৰতি কহিয়োক।
যেন যেন বাৰ্ত্তা মই তেওঁ‌ৰ পাৱে নিবেদিবো,
 সেহি মতে মোক শিখাওক॥

[ ১১১ ]

মই এথা ৰহিলাত বিলম্ব হৈবেক মাৱ,
 প্ৰভু তৈত আছে বাট চাই।
জানকী বোলন্ত বাপু অল্পতে নিয়োক মোক,
 কহিবাহা প্ৰাণ প্ৰভু পাই॥
হেন শুনি হনুমন্তে প্ৰদক্ষিণে নমিলন্ত,
 জানকীৰ চৰণ যুগল।
বোলন্ত থাকিয়ো আই চিন্তা শোক পৰিহৰি,
 মই কাৰ্য্য সাধিবো সকল॥
হৰি হৰি কিনো ভৈল নৰ তনু ব্যৰ্থ গৈল,
 বীভৎস বিষয়ে ভোগ আগে।
অনন্তে কাকুতি কৰে শুনিয়োক সৰ্ব্ব নৰে,
 ৰাম বুলি চলা তান পাশে।

ঘোষা-ৰাঘৱ ৰঘুপতি ৰমাকান্ত।
 পৰম পুৰুষ দেৱ অনন্ত॥

সীতাক সম্বুধিয়া হনুমন্ত।
আকাশ লঙ্ঘি ডেৱ কৰিলন্ত॥
মধ্য সমুদ্ৰ যেবে আসি পাইল।
কিল কিল কৰি শব্দ বজাইল॥
জ্বান্বয়ে আদি যত বৰগণ।
শব্দত জানিলা কাৰ্য্য শোভন॥
হনুৱে গৈয়া তেতিক্ষণে পাইল।
দেখিয়া সবে আগ বাঢ়ি আইল॥
সাদৰে দিলা স্থান বসিবাক।
বসিলা হনুৱে নমি তাৰাক॥
জ্বাম্বিয়ে বোলে শুনা হনু বাপ।
কহিয়া গুচায়ো মনৰ তাপ॥
হনুৱে পাছে কহিবাক লৈলা।
পন্থত যেন যেন কাৰ্য্য ভৈলা॥

[ ১১২ ]

প্ৰথমে স্বৰেখা লাগ পাইলন্ত।
তেহে পৰীক্ষিয়া মায়া কৈলন্ত॥
তাহাকে তৰিয়া গৈলো এড়াই।
মৈনাকে বাট ভেটিলন্ত যাই॥
হঠাতে তাহাঙ্ক প্ৰণাম কৈলোঁ‌।
পাছে দুয়োহন্তে মৈত্ৰিতি ভৈলো॥
অনন্তৰে আসাৰিকাক মাৰি।
গৈলো মহাবেগে সমুদ্ৰ তৰি॥
সুবেল পৰ্ব্বতে পৰিলো গৈয়া।
পাছে তৈৰ হন্তে বেগে নামিয়া॥
সন্ধ্যা ভৈল দেখি বিৰাগ বেশ।
ধৰি আন গৰে ভৈলো প্ৰবেশ॥
সমস্তে ঘৰ বিচাৰিবে লৈলোঁ‌।
ৰাৱণ অভ্যন্তৰে পাছে গৈলোঁ‌॥
ভীতাকাৰে সিতো আছে সুতিয়া।
দিব্য সুন্দৰী আছে আলিঙ্গিয়া॥
মই বোলে ইতো জনক জীৱ।
দুঃখে শোকে মোৰ উড়িল জীৱ॥
কেশ জুখি পাছে মুখ শুঙ্গিয়া।
নুহিকে জানিলোঁ শোক তেজিয়া॥
অনেক বিচাৰি নপায়া লাগ।
বিস্তৰ কান্দিলোঁ‌ মানি অভাগ॥
পাছে সম্পাতিৰ বচন স্মৰি।
আশোক বনে গৈলা ৰঙ্গ কৰি॥
দেখিলো সীতা কিংশপাৰ তলে।
আচন্ত অনেক ৰাক্ষসী মেলে॥
প্ৰভাত হুয়াছে ৰাত্ৰি দেলোঁ‌।
কিংশপাতে লুকাই ৰহিলোঁ‌॥

[ ১১৩ ]

অনন্তৰে দুষ্ট ৰাৱণ আইল।
গালি দিয়া আই শান্তী খেদাইল॥
দুপৰ বেলা অবসৰ পাইলোঁ‌।
প্ৰণামিয়া পাছে সবে কহিলোঁ‌॥
ফল দিলা আই তাকে ভুঞ্জিলোঁ‌।
ৰাৱণৰ উপবন ভাঙ্গিলোঁ‌।
বিস্তৰ ৰাক্ষস মাৰিলো তাৰ।
সমৰে মৰিল অক্ষ কুমাৰ॥
অনন্তৰে ইন্দ্ৰজিত যে আইল।
আমাক সিয়ে ঘোৰ যুদ্ধ দিল॥
বন্দী কৈলে নাগ পাশ হানিয়া।
এড়াইতে পাৰো গৈলো বন্দী হুয়া॥
ৰাৱণৰ পাশে মোক দিলেক।
কহিলোঁ‌ সবে যত পুছিলেক॥
লেজত মোৰ লগাইলেক জুই।
মই ডেৱ দিলো আনন্দ হুই॥
দৌলি আৰ গৈয়া পৰিলোঁ‌ তাৰ।
যত আন ঘৰ পাইলে লঙ্কাৰ॥
সমস্তকে দহি তুলিলো ছাই।
পাছে সীতা আইক দেখিলো যাই॥
তাহাত বিদায় কৰি আসিলোঁ‌।
সুধিলা যত তাক সবে কৈলোঁ‌॥
শুনিয়ো লোক দেখিয়োক কেন।
শ্ৰীৰাম সেৱকৰ বল যেন॥
আইলা একেশ্বৰে শত্ৰু সংহৰি।
অনন্তৰে কহে বোলা হৰি হৰি॥

[ ১১৪ ]

দৈত্যাৰি ঠাকুৰ।

আত্ম পৰিচয়।

আছিলন্ত ৰাম– দাস নামে ভক্ত,
 শঙ্কৰ দেৱৰ ঠাই।
সমস্ততে আগে শঙ্কৰ দেৱত,
 তেহেঁ আছা ভক্তি পাই॥
মাধৱদেৱকো তেহেন্তে সে নিলা,
 শঙ্কৰ দেৱৰ পাশ।
শঙ্কৰদেৱে সে দিলন্ত জানিবা,
 তান নাম ৰামদাস॥
তাহান তনয় ভৈলা শোভনয়,
 নামত ৰামচৰণ।
ৰাম চৰণত ৰমন্ত সতত
 ৰামৰ চৰণে মন॥
মজিল সমূলি ৰাম ৰাম বুলি
 সদায় কৰা কীৰ্ত্তন।
মাধৱ দেৱৰ ভাগিন হোৱন্ত
 জানিয়য় সৰ্বজন॥
তাহান সন্ততি আতি শিশু মতি
 দৈত্যাৰি দিল নামত।
লিখিলোঁ পয়াৰ বন্ধে দুয়ো মহা-
 পুৰুষৰ কথা যত॥

[ ১১৫ ]

শঙ্কৰদেৱ চৰিত্ৰ। তীৰ্থ যাত্ৰা।

আনে বুঝৈ লাগে আন বুঝিবে বোলন্ত।
শুনা আৰো এক দিন যেন কৰিলন্ত॥
ৰামৰাম গুৰু আদি যত ভক্ত ঝাক।
আলোচিল সবে বৃন্দাবনক যাইবাক॥
এহি কথা শঙ্কৰৰ পত্নী শুনিলন্ত।
মাধৱদেৱক তেবে মাতি বুলিলন্ত॥
বোলে বপু মাধৱ গোসাঞি বৃন্দাবন।
যাইবে খোজা তেবে মোৰ মিলিবে মৰণ॥
মাধৱে বোলন্ত আই যাইবাক খোজন্ত।
ৰামৰায় প্ৰমুখে আলোচ কৰিলন্ত॥
শুনি আই গোসানী বোলন্ত মাধৱক।
কিমতে বৰ্ত্তিবো মই বাপু কহিয়োক॥
যদি বা গোসাঁই যান্ত বাপু বৃন্দাবন।
গৃহক আসিবে পুনু নুহিবেক মন॥
তিনি গুটি পুত্ৰ মোৰ হুইবে অনাথিতি।
মোহৰ মৰণ বাপু মিলিবে সম্প্ৰতি॥
শুনা বাপু গোঁসাইক নৰখা তুমি যেবে।
তিনি পুত্ৰ সমে মোৰ বধ লাগে তেবে।
মাধৱে বোলন্ত আই চিন্তা নকৰিব।
শঙ্কৰদেৱক মই উপায়ে ৰাখিব॥
এখন নুবুলি কিছু তান লগে যাইবোঁ।
পথৰ পৰাই মই ফিৰায়া আনিবোঁ।
ইতো কথা আই তুমি কতো নকহিবা।
তোমাৰ চৰণে মোক আশীৰ্বাদ দিবা॥
এহি বুলি মাধৱ থাকিল এক পাশ।
গোঁসানী বোলন্ত বাপু তোমাতে সে আশ॥

[ ১১৬ ]

শৰীৰ সৱশে থাকে জীৱ মোৰ যাই।
মাধৱে বোলন্ত চিন্তা নকৰিবা আই॥
শুনি আই গোঁসানী সন্তোষ মনে ৰৈল।
শুনা আত পাছে আৰো যেন কথা ভৈল॥
শুনা সাধুজন দোষ নধৰিবা মোক।
ডাক ছাড়ি শঙ্কৰ মাধৱ বুলিয়োক॥


আত অনন্তৰ শুন সাধু নৰ
 যেন ভৈল কহোঁ তাক।
যিতো যিতো সবে বৃন্দাবন যাইবে
 শঙ্কৰে বোলন্ত বাক॥
কৱা বিদ্যমান কাহাত কিমান
 খৰচা আছে প্ৰত্যেক।
যাত নাই আসি এখনে কহোক
 আমাৰে সিতো খাইবেক॥
শুনি ভক্তচয় সমস্তে কহয়
 যিমান যাত আছয়।
কেহোঁ কুড়ি ত্ৰিশ পঞ্চাশ চোল্লিশ
 শতেকো কেহোঁ কহয়॥
কেহোঁ বোলে মোত একো নাহিকয়
 শঙ্কৰে বোলন্ত তাক।
শুনিয়ো মাধৱ জানিবা মনত
 পুষি নিবে লাগে আক॥
কহিয়ো উদাৰ কি আছে তোমাৰ
 শঙ্কৰদেৱে পুছিল।
আতা মোৰ ঠাই কড়া একো নাই
 উদাৰে কথা কহিল॥

[ ১১৭ ]

শঙ্কৰদেৱ চৰিত্ৰ।

যাৰ নাই মানে তাহাক আপুনে
 শঙ্কৰে লগে লৈলন্ত।
কৰিয়া যুগুতি লোকে সমন্বিতি
 শঙ্কৰ লগে গৈলন্ত॥
মাধৱে সহিত মনে হৰষিত
 কৃষ্ণৰ চৰিত্ৰ কই।
গিদাৰি এড়াই বাহিৰ বিলাত
 অনন্তৰে পাইলা গই॥
পাছে সেহি থানে এক গুটি টকা
 উদাবেয়ো ভঙ্গাইলন্ত।
দিন দুই মান  ৰোজ নিবে তান
 নেদেখিয়া পুছিলন্ত।
বেলন্ত উদাৰ নেদেখোঁ তোমাৰ
 ৰোজ নিবে কি কাৰণ।
এক গুটি টকা  ভঙ্গই আছোঁ আতা
 উদাৰে বোলা বচন॥
উদাৰৰ বাণী শঙ্কৰেয়ো শুনি
 ক্ৰোধ দৃষ্টি কৰি চাইলা।
বোলা মোৰ ঠাই একড়াৱো নাই
 আবে টকা কৈত পাইলা।
উদাৰে বোলন্ত এক গুটি টকা
 আঁছিল আতা আমাৰ।
শঙ্কৰে বোলন্ত পূৰ্বে কিয় মিছা
 মাতিলা তেবে উদাৰ।
নামেসে উদাৰ নোহয় তোমাৰ
 উদাৰ চিত্ত নিশ্চয়।
মহা পাপ মিছা মাতন আমাৰ
 আগে মিছা কথা কয়॥

[ ১১৮ ]

মুখ চাইবে যোগ্য নুহিকে ইহাৰ
 অল্প কৰি হাসিলন্ত।
কৰি ক্ৰোধ দৃষ্টি উদাৰক পিঠি
 শঙ্কৰ দেৱে দিলন্ত॥
সমুখে শঙ্কৰ মুখ উদাৰৰ
 মাস দিনো নচাইলন্ত।
ৰামৰাম গুৰু মাধৱদেৱৰ
 ,বাক্যে ক্ৰোধ এড়িলন্ত॥
ভক্ত আগে মিছা বাক্য মহা পাপ
 শঙ্কৰদেৱে কহিল।
সেহি দিন হন্তে অৰ্থক অনৰ্থ
 উদাৰে মনে কৰিল॥
মনত হৰিষে শঙ্কৰ দেৱক
 নমস্কাৰ কৰিলন্ত।
মাধৱ শঙ্কৰ আনো ভকতৰ
 হৰিষ মনে ভৈলন্ত॥
আৰো এক দিন ভৈল কথা যেন
 তাক সবে শুনিয়োক।
শঙ্কৰে বোলন্ত মাধৱ দেৱক
 জাড়ে পীড়া কৰে মোক॥
একে লগে বাপু শুয়ো একে ঝাপে
 তেবে জাড়ে পীড়িবেক।
নপাৰিবে মোক শুনিয়া এতেক
 মাধৱদেৱে প্ৰত্যেক॥
কোনোমতে মই তোমাঠেৰ লগে
 শুইবে বাপ নপাৰিবোঁ
লাগিবে তোমাৰ গাৱে হাত ভৰি
 তেবে বাপ তল যাইবোঁ॥

[ ১১৯ ]

শঙ্কৰে বোলন্ত নাই আত দোষ
 শুয়োক মাধৱ তুমি।
যদি দোষ হয় মৰষিবোঁ মই
 মাধৱে বেলন্ত আমি॥
নপাৰিবোঁ শুইবে ক্ষেমিয়োক আবে
 আৰ নুবুলিবা বাপ।
তোমাঠেৰ বাক্য নকৰিলোঁ জানা
 হুইবে মোতো মহাপাপ॥
শঙ্কৰে বোলন্ত কিসক ই বোল
 বুলিলা মাধৱ তুমি।
তেবেসে পাপক ভয় কৰিবাহা
 যদি ভিন্ন তুমি আমি॥
তোমাৰ আমাৰ নাহি ভিন পৰ
 আসা এক লগে শুয়ো।
দিন চাৰি পাঞ্চ মান এহি মতে
 অন্যাঅন্তি কৰা দুয়ো॥
মাধৱ নোশোন্ত শঙ্কৰে নেৰন্ত
 শুয়োক মোৰ লগত।
শঙ্কৰৰ বাণী বাধিবে নপৰি
 মাধৱদেৱে পাছত॥
একে লগে পাৰা দুই খানি শয্যা
 আগ পাছ কৰি তথা।
শোৱন্ত লগত শঙ্কৰ দেৱৰ
 বুকু সমে দিয়া মাথা॥
শঙ্কৰ শোৱন্ত মাধৱ দিৱন্ত
 বস্ত্ৰ ঝাপি তান গৱে।
আপোনাৰ বস্ত্ৰ এক ঝাপ কৰি
 শোৱন্ত গৈয়া মাধৱে॥

[ ১২০ ]

শঙ্কৰ দেৱৰ  বাপৰ উপৰে
 একখান হাত দিয়া।
ঝাপ আপোনাৰ উপৰে তাহাৰ
 দিয়া শোন্ত সাবটিয়া।
এহি মতে প্ৰতি  দিনে শোন্ত লগে
 শঙ্কৰ ৰঙ্গ মন।
পাপ দূৰ হৌক শঙ্কৰ মাধৱ
  বুলিয়োক সৰ্ব্বজন॥

চৈতন্যদেব দৰ্শন।


এহি মতে শঙ্কৰ মাধৱ চলি যান্ত।
যৈতে ৰাতি হোৱে গৈয়া তহিতে ৰহন্ত॥
বস্ত্ৰ সলাই গৈয়া ঠাই মাধৱে আতান্ত।
বজাৰক গৈয়া বস্তু কিনিয়া অনন্ত।

স্নান কৰি শঙ্কৰক ভোজন কৰান্ত।
তৈল লৈয়া তান দুই চৰণ জান্তন্ত॥
শঙ্কৰদেৱৰ নিদ্ৰা আসিলেক যেবে।
আদা খাৰ মাধৱে পাৰত দিয়া তেবে।

লাসকৰি নমাই থৈয়া দুখানি চৰণ।
তেবেসে আপুনি গৈয়া কৰন্ত ভোজন॥
এহি মতে সেৱা নিতে মাধৱে কৰন্ত।
আন লোকে ফাতকোন্ত ঘুমটি পাৰন্ত॥

প্ৰভাতে উঠিয়া নিতে গমন কৰন্ত।
কৃষ্ণ চৈতন্যৰ গৈয়া থানক পাইলন্ত॥
পথত চলন্তে শিক্ষা দিলন্ত লোকক।
নকৰিবা কেহোঁ নমস্কাৰ চৈতন্যক॥

[ ১২১ ]

যিতো জনে নমস্কাৰ কৰৈ চৈতন্যক।
উলাটায়া তেহোঁ প্ৰণামন্ত সিজনক॥
মনে নমস্কাৰ তাঙ্ক কৰিবা এতেকে।
এহি বুলি শিখাইলন্ত লোক সমস্তকে॥

কৃষ্ণ চৈতন্য চন্দ্ৰ আছন্ত যথাত।
ভৈলন্ত শঙ্কৰ সূৰ্য্য প্ৰবেশ তথাত॥
কৃষ্ণচৈতন্য আছা মঠৰ ভিতৰ।
ব্ৰহ্মচাৰী কহিলন্ত আসিছ শঙ্কৰ॥

শঙ্কৰৰ নাম শুনি কৃষ্ণ চৈতন্যৰ।
মিলিল আনন্দ বাঝ ভৈলন্ত মঠৰ॥
দুৱাৰ মুখত ৰহি আছিলন্ত চাই।
দুয়ো নয়নৰ নীৰ ধাৰে বহি যাই॥

শঙ্কৰৰো নয়নৰ নীৰ বহে ধাৰে।
পথহন্তে নিৰখিয়া আছন্ত সাদৰে॥
কতোক্ষণে দুইকো দুই চাই প্ৰেম মনে।
পশিলা মঠত গৈয়া শ্ৰীকৃষ্ণ চৈতন্যে॥

নমাতিয়া দুইকো দুই নিাদলা উত্তৰ।
পৰ ম হৰিষ মনে চলিলা শঙ্কৰ॥
অনন্তৰে যেন কথা ভৈল শুনিয়োক।
ৰামৰায় বুলিলন্ত দদা কহিয়োক॥

ৰামৰ চৰিত্ৰ শ্ৰদ্ধা মন শুনিবাক।
শুনিয়া শঙ্কৰদেৱে লৈলা কহিবাক॥
ৰামৰ চৰিত্ৰ কৈতে প্ৰেম উপজিল।
ৰামৰ চৰিত্ৰ কতো দূৰ কহি নিল॥

কৃষ্ণৰ চৰিত্ৰত মন মজিছে একান্ত।
কৃষ্ণৰ চৰিত্ৰ কহিবাক লাগিলন্ত॥
কৃষ্ণৰ চৰিত্ৰ কহি কতো দূৰ গৈল।
ৰামৰ চৰিত্ৰ ৰৈল মনতো নভৈল॥

[ ১২২ ]

ৰামৰয় কতোক্ষণে বুলিলন্ত তেবে।
কৃষ্ণৰ চৰিত্ৰ দেখোঁ দদা কৱা এবে॥
সুধিলোঁ শ্ৰদ্ধায় ৰামচৰিত্ৰ শুনিতে।
শুনিয়া শঙ্কৰদেৱে লাগিলা বুলিতে॥

কৃষ্ণৰ চৰিত্ৰ মোৰ আলোৰিল চিত্ত।
কৃষ্ণ চৰিত্ৰত মোৰ মজি থাকে নিত॥
এতেকে তেজিয়া ৰাম চৰিত্ৰ এৰিয়া।
কৃষ্ণৰ চৰিত্ৰক আইলা নজানোহাঁ হিয়া॥

ৰামৰাম গুৰু আদি কেহোঁ নজানিল।
ৰামৰ চৰিত্ৰ কোন সময়ে ৰহিল॥
কোন সময়ত কৃষ্ণ চৰিত্ৰ পড়িল।
আপুনি শঙ্কৰদেৱে আক নজানিল॥

যাতো কৃষ্ণ চৰিত্ৰৰ প্ৰেম ৰসে আতি।
আনন্দত আকুল কৰিলে তান মতি॥
এক দিনা যান্তে দেৱে বড় মেঘ দিলা॥
শঙ্কৰদেৱক দেৱমাধৱে বুলিলা॥

আসে বৰিষণ আতা বড় মেঘ দিল।
মাধৱৰ বাণী শুনি শঙ্কৰে চাহিল॥
মাধৱ দেৱক হাসি বুলিলা বচন।
দেউক দেৱে মেঘ আজি নাহি বৰিষণ॥

চলি যান্ত শঙ্কৰ মাধৱ দুয়ো জন।
কতোক্ষণে গুচিল সমস্তে মেঘ গণ॥
আৰো এক দিন সবে লোকে সমে যান্ত।
মেঘ খানি দিলে শঙ্কৰে দেখিলন্ত॥

দোন গোট মান ঠাই জুড়িয়া আছয়।
মাধৱদেৱ দেৱশঙ্কৰে বোলয়॥
দেখিয়োক মাধৱ কুচিত মেঘ খানি।
ভিজাইবেক আমাক বুলিলোঁ নিষ্ঠ বাণী॥

[ ১২৩ ]

কৈত দেখা মেঘ আতা মাধৱে বোলন্ত।
হেৰ নেদেখাহাঁ বুলি শঙ্কৰে দেখান্ত॥
বোলন্ত মাধৱে এহি মেঘ কি কৰিব।
শঙ্কৰে বোলন্ত আৰ প্ৰভাৱ দেখিব॥

এতেক বোলন্তে ভৈল তলাই খান মান।
দেখিয়া শঙ্কৰদেৱে বোলা বিদ্যমান॥
প্ৰভাৱক মেঘৰ মাধৱ বুঝিয়োক।
মাধৱে বোলন্ত বৃষ্টি নাই চলিয়োক॥

এতেক বোলন্তে ধান দোন ভুঞি মান।
বেলন্ত শঙ্কৰে দেখা মাধৱ প্ৰমাণ॥
মাধৱে বোল হৌক চলি যায়ো তুমি।
আনে বৃষ্টি যদিবা উপায় পাইবোঁ আমি॥

আৰো কতোক্ষণে পাছে দেখন্ত শঙ্কৰে।
ধান পুৰাকৰো ভুঞি জুড়িল উপৰে॥
বোলন্ত শঙ্কৰ কেন মেঘ দেখিয়োক।
বহিবাক লাগি মাত্ৰ ঠাই চাহিয়োক॥

মাধৱে বোলন্ত মেঘে জুড়িয়া আসয়।
বৰিষিৱে হেন ইতো জানিলে নিশ্চয়॥
হাঁসিয়া শঙ্কৰে বোলা বৰিষিবে নিকি।
অল্প মেঘে মাধৱ কৰিবে ইতো কি॥

মাধৱে বোলন্ত আতা আত চিত্ৰ কেনে।
আনিব তোমাৰ বোলে মেঘে বৰিষণ॥
বিনা মেঘে বোলা যদি তথাপি হৈবেক।
কনিয়াইবে লৈল মেঘে বেলন্ত এতেক॥

কতোহোঁ দূৰত এক নগৰ আছয়।
তৈতে গৈয়া বহিবে সমস্তে লৱড়য়॥
মহাবেগে লৱড়ন্ত মাধৱ শঙ্কৰ।
আধা ভিজা হুয়া সৱে পশিল নগৰ॥

[ ১২৪ ]

আগৰ যতেক অল্প মাত্ৰসে ভিজিল।
মধ্যৰ যতেক আধা ভিজা হুই চাপিল॥
পাছৰ যতেক তাবা সমূলি ভিজিল।
এক ক্ষত্ৰিয়ৰ গৈয়া ঘৰত চাপিল॥

মৰদ নাহিকে ঘৰে স্ত্ৰীগোট তাছে।
ঘৰ গোট আৱৰাই দিলা তাকো পাছে॥
সমস্তে চাপিলা সেহি ঘৰৰ ভিতৰ।
সিড়ি গোটে আছা থিয়ে আৱজি শঙ্কৰ॥

তলক নিৰখি হাতে মালা গাছি ধৰি।
ৰাম কৃষ্ণ নাম মুখে উচ্চাৰণ কৰি॥
ক্ষত্ৰিয় স্ত্ৰীগোট আগতে আছয়।
থিউ হুয়া শঙ্কৰ দেৱক নিৰীক্ষয়॥

মস্তকৰ পৰা তান চৰণ পৰ্য্যন্ত।
পদহন্তে মস্তক লাগি নিৰীক্ষন্ত॥
এহি মতে পুনু পুনু শঙ্কৰ দেৱক।
দণ্ড চাৰি পঞ্চ মানে চাহি আছিলেক॥

সমস্ত লোকৰ মনে আশঙ্কা মিলিল।
শঙ্কৰৰ ৰূপ দেখি কামে পৰশিল॥
তাতেসে আনৰ ভিতি চক্ষু নটলয়।
এক দৃষ্টি কৰি শঙ্কৰক নিৰীক্ষয়॥

মদন মোহন ৰূপ শঙ্কৰ দেৱৰ।
ইতে স্ত্ৰী হাজাৰতো কৰিয়া সুন্দৰ॥
আৰো নগৰীয়া স্ত্ৰী পসাৰি নিশ্চয়।
এহি মতে লোকে মনে পৰামৰিষয়॥

দণ্ড ছয় বৰিষি এড়িল বৰিষণ।
শঙ্কৰদেৱৰ চলিবাক ভৈল মন॥
সেহি বেলা স্ত্ৰীগোটে শঙ্কৰদেৱৰ।
চৰণত ধৰি বোলে বিনয় বিস্তৰ॥

[ ১২৫ ]

কিনো অভাগ্য আজি স্বামীৰ আমাৰ।
আছে পাপ নেদেখিলে চৰণ তোমাৰ॥
যদি আজি ঘৰত আছিলহন্তে স্বামী।
তেবে আমি তোমাক ৰাখিলোঁহন্তে আমি॥

কিন্তু খালি ঘৰ নুহি ৰাখিত উচিত।
নপাইলোঁ পাতকী তযু চৰণ অৰ্চ্চিত॥
গোকুলৰ কানু যিতো তুমি সেহি জন।
মোৰ ভাগ্যে গৃহে আসি ভৈল উপসন॥

পাঞ্চ টকা একটুক কাপড় দিলেক।
চৰণত ধৰি বোলে বিনয় অনেক॥
এহি চৰণত মন ৰহোক আমাৰ।
স্বামীৰো ৰহোক মন চৰণে তোমাৰ॥

এহিমানে আশীৰ্ব্বাদ কৰিয়োক মোক।
হেন শুনি বিস্ময় ভৈলেক সবে লোক॥
কিনু বিচক্ষণ এইৰ যুদ্ধি বিপৰীত।
কিমতে ঈশ্বৰ বুলি কৰিলে নিশ্চিত॥

এহি বুলি তাইক বাৰম্বাৰ প্ৰশংসিল।
কতো দূৰ লাগি এহি কথা কহিল।
দেখা সাধুজন সব থিৰ কৰি মনে।
শঙ্কৰদেৱৰ মহিমাক কোনে জানে॥

পৰম অজ্ঞানী স্ত্ৰীয়ো যাৰ সকাশত।
তেখনে ঈশ্বৰ বুলি জানিল মনত॥
জানি হৰি ভক্তি ইচ্ছা কৰে যিতো লোক॥
ডাক ছাড়ি শঙ্কৰ মাধৱ বুলিয়োক॥

[ ১২৬ ]

আত অনন্তৰে শুনা সাধু নৰ
 শঙ্কৰ মাধৱ দুই।
চলন্তে পথত কৃষ্ণ লীলা যত
 সুমৰি আনন্দ হুই॥
প্ৰেমৰ ভৰত সমস্তে লোকত
 কৃষ্ণৰ চৰিত্ৰ কই।
চলন্ত শঙ্কৰ পাইল অনন্তৰ
 কবিৰাৰ থান গই॥
স্ত্ৰী এক দেখিল  তাহান্তে পুছিল
 কবিৰাৰ কোন আছে।
তাসম্বাৰ বাণী শুনি অনুমানি
 তায়ো বুলিলেক পাছে॥
আৰা সব বিষ্ণু ভকত এতেকে
 কবিৰাক পুছিলন্ত।
কবিৰৰ ঝীৰ নাতিনী আমিতো
 এহি বুলি কহিলন্ত॥
তোৰা সব কোন  দেশী কি কাৰণে
 কোন আছে কবিৰৰ।
বুলিয়া পুছিলা তাৰায়ো কহিল
 পুছিলোহোঁ‌ দেখিবাৰ।
তাঞো বিচক্ষণ তাৰাৰ বচন
 মহা মৃদুতৰ শুনি।
আৰা সব মহা বৈষ্ণৱ বুলিয়া
 জানিলো মনত গুণি॥
স্বামীৰ শিৰৰ পাগ গাছ আনি
 মাটিত পাৰিয়া দিল।
ইহাতে চৰণ মুছিয়োক সবে
 কৰুণ্য কৰি বুলিল॥

[ ১২৭ ]

আমাৰ খসম দুৰ্ভাগী পৰম
 তোৰাক নপাইলে লাগ।
এহি পাগ মাথে লৈলে পাইলে ধূলা
 মিলিবে তাহাৰো ভাগ॥
কাৰুণ্য বচন শুনিয়া তাহান
 শঙ্কৰে বোলা চাহিয়া।
প্ৰথমে পাগৰ উপৰত ভৰি
 ৰামৰাম গুৰু দিয়া॥
বোলন্ত গুৰুৱে দিয়ো তোমৰায়ে
 কিয় পাৱ দিবোঁ আমি।
অন্যাঅন্যি কৰি দুইহন্তো বোলন্ত
 পাগে পাৱ দিয়ো তুমি॥
শঙ্কৰে বোলন্ত ৰামৰাম গুৰু
 পাগত পাৱ নেদিল।
সকৰুণ মনে শঙ্কৰে চৰণে
 সিতো পাগ পৰশিল॥
কবিৰ নাতিনী গুৱা পাণ আনি
 তাৰা সকলক দিল।
অনেক সাদৰি আণ্ঠু জানু পাৰি
 প্ৰেম মনে প্ৰণামিল॥
যিমতে পাগৰ ধূলা নপড়য়
 লাস কৰি চপাই নিল।
তাৰাসবো তাঙ্ক মধুৰ বচনে
 আস্বাস কৰি চলিল॥
অনন্তৰে গৈয়া পাইল তীৰ্থ গয়া
 সব লোক হৰষিত।
তীৰ্থৰ যতেক কৰ্ম্ম দান আদি
 আচৰিলা বিধিৱতে॥

[ ১২৮ ]

পাছে বৃন্দাবন যাইবে ভৈল মন
 শঙ্কৰ দেৱৰ জানি।
ৰামৰাম গুৰু ৰামৰায় আদি
 উল্লসিল সবে প্ৰাণী॥
মনত উৎসুক কৰন্ত কৌতুক
 আমি যাইব বৃন্দাবন।
আই গোসানীৰ বচন সুমৰি
 মাধৱৰ নাই মন॥
বোলন্ত শঙ্কৰে মাধৱ তোমাৰ
 উৎসুক নেদেখোঁ মনে।
নিৰন্তৰে লোক  কৰয় কৌতুক
 চলি যাই বৃন্দাবনে॥
বোলন্ত মাধৱে নপাৰিবোঁ আতা
 মই যাইবে বৃন্দাবন।
শুনিয় যিমত নেদেখি সিমত
 কুচিত কৰিব মন॥
কৃষ্ণৰ লগৰ বিনোদ সকল
 কৃষ্ণৰ লগতে গৈল।
আবে সেহি কেলি  বিনোদ কৌতুক
 তোমাৰ সঙ্গতে ভৈল॥
তোৰা সব যায়ো বৃন্দাবন চায়ো
 আমি চলি যাইবোঁ ঘৰ।
মাধৱৰ বাণী মনে অনুমানি
 বুলিলা পাছে শঙ্কৰ॥
মাধৱ চলিয়ো বৃন্দাবন যায়ো
 তথাত ভকতচয়।
আছে তাসম্বাক দেখি গৈয়া হৌক
 আমাৰ ভাগ্য উদয়॥

[ ১২৯ ]

তাৰা সব কেন মতে প্ৰবৰ্ত্তয়
 তাহাকো গৈয়া দেখিয়ো।
আমি যিতো ধৰ্ম্ম কহোঁ হুই নুই
 তাহাৰো প্ৰমাণ লৈয়ো॥
শঙ্কৰদেৱৰ বচন শুনিয়া
 মাধৱে পাইলন্ত ছল।
তোমাৰ বাক্যত প্ৰত্যয় নভৈল
 সিজিল কাৰ্য্যসকল॥
আনত সুধিয়া প্ৰত্যয় কৰিব
 ভাল বুলিলাহা তুমি।
যাৰ লাগে যাউক প্ৰত্যয় কৰোক
 নযাইবোঁ নযাইবোঁ আমি॥
চিত্ত মাধৱৰ বুঝিয়া শঙ্কৰ
 বোলা যাওঁ বৃন্দাবন।
শুনি ৰামৰায় মাধৱক চাই
 বুলিলা পাছে বচন॥
দদাৰ বচন মাধৱ এখন
 কিসক বাধিয় তুমি।
বৃন্দাবন থান দেখি বিদ্যমান
 আসিয়োক যাও আমি॥
মাধৱে বোলন্ত ভাল বুলিলাহাঁ
 বৃন্দাবন থানে যাইবোঁ।
শঙ্কৰৰ বাক্যে সংশয় নুগুচে
 আনত প্ৰত্যয় লৈবোঁ॥
মাধৱৰ বাণী ৰামৰায় শুনি
 নপাইলা খুজি উত্তৰ।
নযাই বৃন্দাবন গৃহ যাইবে মনে
 চলিলা ফিৰি শঙ্কৰ॥

[ ১৩০ ]

এক দিন এক নগৰে ৰহিলা
 গৃহস্থে নেদয় ঠাই।
কিছু দিয়ো আক  তেবে দিবে থান
 শঙ্কৰে দিল উপায়॥
পাছে কিছু পাই  দিলা সিতো ঠাই
 তাতে ৰহিলন্ত গৈয়া।
গৃহস্থৰ ঘৰে আৰো জনাচাৰি
 আগে আছে তাৰা বৈয়া॥
ঢাকিয়া কাপড়ে তাহাৰ ভিতৰে
 তাৰা সব শুতি আছে।
কৰিয়া ভোজন কৰিলা শয়ন
 শঙ্কৰদেৱে যে পাছে॥
প্ৰভাতে চেতন পায়া দুয়োজন
 শয্যাৰ পৰা উঠিলা।
কাপৰ গুচাই দুইকো চাই চাই
 আনন্দ দুয়ো লভিলা॥
মাতি তাসম্বাক পুছিলা কথাক
 শঙ্কৰদেৱ সাম্প্ৰতে।
কোন দেশী তোৰা  যাইবা কৈক কৱা
 কহিলা তাৰা পাছত॥
হন্তে বৃন্দাবন ৰূপ সনাতনে
 পঠাইলন্ত আমাসাকে।
শঙ্কৰে কিমতে ভাগৱত ধৰ্ম্ম
 প্ৰৱৰ্ত্তান্ত গৈয়া তাকে॥
জিজ্ঞাস কৰিয়ো পৰিচয় হুয়ো
 আমাৰ কথা জনায়ো।
শঙ্কৰৰ কথা আমাৰ আগত
 আসিয়া তাক কহিয়ো॥

[ ১৩১ ]

হেন কথা শুনি শঙ্কৰ দেৱৰ
 আনন্দৰ নাহি পাৰ।
মহা অনুৰাগে তাসম্বাৰ আগে
 কৈলা কথা আপোনাৰ॥
যিমতে পাইলন্ত ভাগৱত শাস্ত্ৰ
 যেন মতে প্ৰৱৰ্ত্তন্ত।
আদি অন্ত যত সমস্তে কথাক
 তাসম্বাত কহিলন্ত।
শুনি তাসম্বাৰ আনন্দ অপাৰ
 ভাল ভৈল বুলিলন্ত।
আমি ৰূপসনা- তনৰ ভাগিন
 বুলি তেবে কহিলন্ত॥
শঙ্কৰে বোলন্ত ইমত বেশক
 ধৰিলা তোৰা কিসক।
তেবে সে ভ্ৰমিবে পাৰিয়া বুলিয়া
 তাৰা সবে কহিলেক॥
ৰঙ্গা বস্ত্ৰ দণ্ড কমণ্ডলু দেখি
 লোকেয়ো কৰে সৎকাৰ।
ইমত বেশক নধৰিলে পুনু
 নিমিলে জানা আহাৰ॥
এহিসে কাৰণে ইমত বেশক
 আমি সবে ধৰিছয়।
কিন্তু আত পুনু বিশ্বাস নাহিকে
 জানিবা আক নিশ্চয়॥
পাছে দুইতো দুই  কৰিয়া বিদায়
 দুয়ো জন লড়ি গৈল।
আৰো কতো দিনে  ৰৈল এক থানে
 শুনা তৈত যেন ভৈল॥

[ ১৩২ ]

একেশ্বৰে এক বুঢ়ী আছে তৈত
 পসাৰ খানি দিৱয়।
মাধৱে বেসাতি কিনিবাক গৈলা
 ভৈল তাইৰ ভাগ্যোদয়॥
কৈৰ পৰা তোৰা আসি আছা বাপু
 বুলিয়া পাছে পুছিল।
শঙ্কৰদেৱৰ কথা নিৰন্তৰ
 মাধৱে তান্ত কহিল॥
তৈৰে পৰা চাই শঙ্কৰদেৱক
 আণ্ঠুপাৰি প্ৰণামিল।
ইহাৰে বেসাতি  কিনা আজি বুলি
 আদটকি গোট দিল॥
মাধৱ ভঙ্গায়া বেসাতি কিনিয়া
 মনত আনন্দে গৈলা।
ৰামৰম গুৰু  আদি ভক্ত সবে
 শঙ্কৰদেৱে ভুঞ্জিলা॥
ভোজনৰ অন্তে শঙ্কৰে পুছন্ত
 কড়িক লেখি নলৱা।
নলাগে আজিৰ লেখা কৰিবাক
 বেসাতি গৈ আছে পাৱা॥
একবুঢ়ী শুনি তোমাঠেৰ কথা
 আদ টকি গোট দিল।
তাহাকে ভঙ্গায়া বেসাতি কৰিয়া
 ভোজন আজি কৰিল॥
শঙ্কৰে বোলন্ত কোটি কোটি যজ্ঞ
 কৰিল বুঢ়ী নিশ্চয়।
এহি শুনি ৰাম— ৰাম গুৰু আদি
 ভকত যত আছয়॥

[ ১৩৩ ]

গাৱে গাৱে এক আদ টকি কৰি
 প্ৰতি দিনে দিনে দিল।
লেখা কৰিবাৰ নেদেখি শঙ্কৰ
 প্ৰত্যেক দিনে পুছিল॥
মাধৱে কহন্ত ভকতে দিয়ন্ত
 শঙ্কৰে পুনু পুছন্ত।
কোন ভক্তে দেন্ত  নাম ধৰি কোৱা
 মাধৱ দেৱে কহন্ত॥
কালি ৰামৰাম গুৰুৱে দিলন্ত
 আজি ৰামৰায় দিল।
সি আদ টকিক  কেহোঁ সম নুহি
 শঙ্কৰে হাসি বুলিল॥
দেখাদেখিতেসে  দিয়া তুমি সবে
 তেঁ পুনু দিল শ্ৰদ্ধায়।
এতেকে তাহাৰ সম নুহি পুনু
 বুঝিবাহা অভিপ্ৰায়॥
শুনা সাধু নৰ পাপ অৰণ্যৰ
 ইতো কথা হুতাশন।
নাশৈ মন্দ কোষ হোৱৈ চিত্ত শুদ্ধ
 মহাপুণ্য সঞ্চয়ন॥
দুৰ্গতি তাৰণ মুকুতি কাৰণ
 মহা সুখ বিবৰ্দ্ধন।
গুৰু গুণগণ কথাৰ স্মৰণ
 ভক্তিৰ মূল কাৰণ॥
গুৰুৰ চৰণ কৈলে সুমৰণ
 নাশয় সংসাৰ বন্ধ।
বুলিয়ো সত্বৰ মাধৱ শঙ্কৰ
 লভিবা পৰমানন্দ॥


[ ১৩৪ ]

এহি মতে আসি পাইলা বাহিৰ বিলাত।
কিনিবাক চাউল পাতি নপাইলা তথাত॥
পড়ে উপবাস আজি বোলে সবে লোক।
চাউল কিনিবাক নপাই আবে কেনে হৌক॥

মাধৱে বোলন্ত হাঁসি কড়ি দিয়ো মোক।
মই চাউল আনো জনা চাৰি আসিয়োক॥
এহি বুলি জনা চাৰি লগত লৈলন্ত।
চাউল কিনিবাক লাগি গ্ৰামক গৈলন্ত॥

কান্দে বুঢ়ী একজনী পুত্ৰক লাগিয়া।
খাটিবে পুতেক গৈল বাৰ্ত্তাক নপায়া॥
শুনিলে অনেক লোক যুদ্ধত পড়িল।
কিবা ভৈল পুত্ৰ বুলি বিস্তৰ কান্দিল॥

সেহি বেলা গৈয়া দেৱ মাধৱ পাইলন্ত।
কিয় কান্দা হৰিৰ ঝী বুলি পুছিলন্ত॥
তাঞো বোলে বাপু বেটা খাটিবে গৈলেক।
বোলে লোক অনেক যুদ্ধত পৰিলেক॥

নজানোহোঁ মোহোৰ বাপুৰ কিবা ভৈল।
এহি বুলি বুঢ়ী পুনু কান্দিবাক লৈল॥
মাধৱে বোলন্ত বুঢ়ী নকান্দিবি তই।
তোৰ পুতেৰক দেখি আছোঁ মাত্ৰ মই॥

বুঢ়ী বোলে বাপু জুনু মিছায়ে কহিলা।
মোহোৰ পুত্ৰক তুমি সঞ্চায়ে দৈখিলা॥
চেপটা মৰদ গোট কলীয়া নিশ্চয়।
বছৰ পঞ্চিশ মান হৈবাক পাৰয়॥

আগ দন্ত ছলা দাৰি গোঁফ নৈগাজয়।
এহু পুত্ৰ গুটি তোৰ হোৱয় নোহয়॥
বুঢ়ী বোলে হুই বাপু এহু পুত্ৰ মোৰ।
নিষ্ঠ কৰি কহ বাপু বালাই লঞো তোৰ॥

[ ১৩৫ ]

মাধৱে বোলন্ত বুঢ়ী চিন্তা নকৰিবি।
অল্পতে আসিব তোৰ পুতেৰ জানিবি॥
নাহিকে মৰণ বুঢ়ী পুতেৰৰ তোৰ।
জানিবি বচন বুঢ়ী নিষ্ঠ কৰি মোৰ॥

হেন শুনি ক্ৰন্দন এড়িল বুঢ়ি বেটী।
তাপ দূৰ ভৈল যেন অমৃতৰ বৃষ্টি॥
এক কায বুঢ়ী তই আমাৰ কৰিয়ো।
চাউল দেন দুই মান কিনি আনি দিয়ো॥

বুঢ়ী বোলে চাউল বাপু কিনিবে নলাগে।
দোন দুই আঢ়াই চাউল দিল আনি আগে॥
সেৰেখন লোণ তেল টেকেলি খেনেক।
মুগ ডালি আদ দোন খেনেক দিলেক॥

মাধৱে বোলন্ত দৰ দেহ দেওঁ কড়ি।
নলগয় কড়ি বাপু বুলিলেক বুঢ়ী॥
পুত্ৰৰ বাৰ্ত্তাক মোত কহিলাহা তুমি।
তোমাক কি দিবোঁ বাপু নিমাখিতি আমি॥

হেন শুনি সবে সাজ মাধৱে লৈলন্ত।
শঙ্কৰদেৱৰ সবে পাশক গৈলন্ত॥
দেখিয়া শঙ্কৰে হাসি বুলিলন্ত বাণী।
মাধৱে সকলে সাজ ঠেকাইলন্ত আনি॥

কহিলা মাধৱে কথা শঙ্কৰদেৱতে।
চাউল আদি বস্তু সব পাইল যেন মতে॥
শুনিয়া শঙ্কৰদেৱে হাসি তুলিলন্ত।
ৰামৰাম গুৰু আদি সমস্তে হাঁসন্ত॥

শঙ্কৰে বোলন্ত মিছা মাধৱ মাতিলা।
ভুৰুকাই সবে সাজ বুঢ়ীৰ আনিলা॥
মাধৱে বোলন্ত আতা মিছা নমাতিলোঁ।
গুণি চাৱা সবে কথা স্বৰূপ কহিলোঁ॥

[ ১৩৬ ]

ঈশ্বৰৰ অংশ জীৱ নাইতো মৰণ।
যাৱে ভক্ত নুহি তাৱে কলীয়া বৰণ॥
কোনো জনমত লাগ পায়া আছোঁ তাক।
কোন খানি মই কহিলেহোঁ মিছা বাক॥

মৰে মহাতাপত পুত্ৰৰ শোকে পুড়ি।
তাপ দূৰ ভৈল সুস্থ মন ভৈল বুঢ়ী॥
ভক্তে সমে তোমৰা ভুঞ্জিবা মুঠি এক।
এতেকতে সুবাসনা লাগ ধৰিবেক॥

সকল প্ৰকাৰে তাইৰ হিতক চিন্তিলোঁ।
কেন মতে মই মিছা বোলন্ত মাতিলোঁ॥
ভাল ভাল বুলিয়া শঙ্কৰে প্ৰশংসিল।
সমস্তে ভকত সমে ভোজন কৰিল॥

ৰজনী প্ৰভাত জানি পাছে লড়ি গৈল।
শুনা আৰো একদিন যেন কথা ভৈল॥
চিলায়াৰ দেৱানৰ বিলাত পাইলন্ত।
নদী তীৰে বাছড়া থানত ৰহিলন্ত॥

ঝুমুড়ি।

সিয়ো দিনা সেহি মত।
চাউল আদি বস্তু যত॥
কিনিবাক নপাৱন্ত।
বসি পাছে আলোচন্ত॥
আজি কি কৰিবা আবে।
চাউল বস্তু নাহি পাইবে॥
মাধৱক চাহিলন্ত।
শঙ্কৰদেৱে বুলিলন্ত॥
মাধৱ চলিয়ো তুমি।
উপবাসে ৰৈলোঁ আমি॥

[ ১৩৭ ]

আজি যেন তেন মতে।
ভোজন কৰাৱা পথে॥
মাধৱ বোলন্ত যাইবোঁ।
এখনে সকলে পাইবোঁ॥
তযু পদ প্ৰসাদত।
কি দুলভ সংসাৰত॥
জন চাৰি লগে লৈল।
ৰঙ্গ মনে চলি গৈল॥
মনত আলচি যান্ত।
যেনে তেনে বুলিলন্ত॥
আজি এক বুদ্ধি কৰোঁ।
ঠাকুৰিয়াক গৈয়া ধৰোঁ॥
এহি বুলি যান্ত ধাই।
একজন পথে পাই॥
এখন কাহাৰ গ্ৰাম।
ঠাকুৰিয়াৰ কি নাম॥
এহি বুলি পুছিলন্ত।
সিয়ো সবে কহিলন্ত॥
লগে যিটি জন যান্ত।
পথত শিখায়া নেন্ত॥
দাপিবোঁ দুপিবোঁ আমি।
কিছু নুবুলিবা তুমি॥
এহি বুলি চলি যাই।
একজন লাগ পাই॥
বোলা অৰে শুনহে।
ঠাকুৰিয়াক দেখাই দে॥
সিয়ো তাসম্বাক নিল।
ঠাকুৰিয়াক দেখাই দিল॥
ঠাকুৰিয়াক দেখি আগে।
মাতিবে লাগিল ৰাগে॥

[ ১৩৮ ]

বান্ধ বান্ধ কৰা চাই।
শুনি মাত বোল নাই॥
কৰে কাউবাউ আতি।
কহিলন্ত কথা মাতি॥
দেৱানৰ শ্বশুৰ দুই।
আছন্ত পথত ৰই।
নাহি তান বাসা ঘৰ।
ভুঞা পাতি থিত কৰ॥
শুনি ঠাকুৰিয়া গই।
ভুঞা পাতি সাজি লই॥
ডাক দি লোকক নিল।
বাসাঘৰ সাজি দিল॥
যোগাইলেক ভুঞা পাতি।
দিলন্ত বিদায় মাতি॥
মাধৱক চাহিলন্ত।
শঙ্কৰে হাসি বুলিলন্ত॥
আজি মাধৱ কি কৰিলা।
মাধৱে সমস্তে কৈলা॥
শুনি সবে হাসিলন্ত।
ভোজনক কৰিলন্ত।॥
সুখে তৈতে আছিলন্ত।
প্ৰভাততে লড়িলন্ত॥
সুমৰিয়া ৰাম হৰি।
যান্ত মহা ৰঙ্গ কৰি॥
পাছে বড়পেটা থান।
পাইলা আসি বিদ্যমান॥
দেখি আই গোসানীৰ।
তেবে মন ভৈল থিৰ॥
নমস্কাৰ কৰি যাই।
মাধৱে বোলন্ত আই॥

[ ১৩৯ ]

তযু আশীৰ্ব্বাদে গই।
আসিলোঁ আতাক লই॥
বোলা আই মাধৱক।
সুখে বাপু থাকিয়োক॥
পাপৰ ভণ্ডাৰ পোলা।
শঙ্কৰ মাধৱ বোলা

[ ১৪০ ]

বিদ্যাচন্দ্ৰ কবিশেখৰ আগমাচাৰ্য্য।

⸺০⸺

আত্ম পৰিচয়।

সৰ্ব্বদেশে ৰাজা ভৈলা সেহি দিন ধৰি।
ইন্দ্ৰৰ প্ৰভাৱে পাইলা দেশ দেশান্তৰি॥
সেহি বংশে ৰাজেশ্বৰ সিংহ নৰপতি।
শান্ত দান্ত শিষ্ট মিষ্ট আতি শুদ্ধ মতি॥

প্ৰতাপ প্ৰকাশ কীৰ্ত্তি নীতি আতিশয়।
দানী মানী মহাজ্ঞানী সদয় হৃদয়॥
তাহান তনয় চাৰুসিংহ মহামতি।
গুণীগণ মধ্যে শ্ৰেষ্ঠ বিপুল শকতি॥

পিতৃ মাতৃ গুৰু ইস্ট দেৱতা ভকত।
আপুনি চতুৰ সৰ্ব্ব শাস্ত্ৰৰ অৰ্থত॥
তান পত্নী প্ৰেমদা নামত মনোনীতা।
সৰ্ব্ব গুণৱতী যেন দ্ৰুপদ দুহিতা॥

স্বামী চৰণত ভক্তি কৰে সৰ্ব্বক্ষণ।
সপত্নী গণৰ মধ্যে ৰোহিনী যেহেন॥
তাসম্বাৰ আজ্ঞা মুক্তা মালা শিৰে ধৰি।
শ্ৰীকবি শেখৰ ভট্টাচাৰ্য্য দ্বিজ হৰি॥

ভাষা বন্ধে নিবন্ধিত হৰিবংশ পদ।
শুনা নিঃশবদে শুদ্ধ বুদ্ধ সভাসদ॥
সামান্যৰ কৃত্য বুলি নধৰিবা দোষ।
হৰি কথামৃতে কৰা চিত্তক সন্তোষ॥


[ ১৪১ ]

হৰিবংশ।

( ৰাধা কৃষ্ণৰ প্ৰথম দৰ্শন )

একদিনা ৰাধা আদি যত গোপীগণ।
জল আনিবেক গৈলা আনন্দিত মন॥
বসি আছে কৃষ্ণ আদি বালক সকল।
সেহি বেলা ৰাধা গৈয়া ভৰি আনে জল॥

ৰাধাৰ যৌবন ৰূপ দেখিয়া সুবেশ।
অন্তৰে কৃষ্ণৰ ভৈলা হৰিষ বিশেষ॥
মায়া কৰি কন্যাগণ অন্তৰাইলা পাছে।
কৃষ্ণকে এৰিলা গোপগণে ৰাধা কাছে॥

অল্প অল্প হাস্য কৰি বোলে নাৰায়ণ।
শুন সুবদনী ৰাধা আমাৰ বচন॥
তামাত নুপুছি তুমি নিয়া কেনে জল।
কাৰ পুত্ৰী কাৰ ভাৰ্য্যা কহিয়ো সকল॥

কোন খানে থাকা তুমি ফুৰা কাৰ ঘৰ।
তোৰ ৰূপ দেখি মোৰ দহে কলেবৰ॥
আলিঙ্গন দিয়া মোৰ ৰক্ষা কৰা প্ৰাণ।
তযু সম সুন্দৰী নাহিকে একো থান॥

বিধাতা মিলাইল আনি মোৰ কৰ্ম্ম ফলে।
তোমাৰ সমান নাৰী নাহি ৰবিতলে॥
দেখি তোৰ বদন কমল মনোহৰ।
আকাশত থাকি তপ কৰে শশধৰ॥

পুনু পুনু জন্ম ধৰো বোলে বাৰম্বাৰ।
কোন মতে সম হও বদন ৰাধাৰ॥
সম হুইবে নপাৰিয়া পাছে চন্দ্ৰে লাজে।
লুক দিয়া থাকে গৈয়া মেঘগণ মাঝে॥

[ ১৪২ ]

মধুৰ কমল মুখে মৃদু মৃদু হাস।
সৰোবৰে হংস যেন দশন প্ৰকাশ॥
সূৰ্য্য বিম্ব সম নোহে বদন সমান।
মেঘত লুকায়া থাকে পায়া অপমান॥

শতপত্ৰ কমলেও নুহি সৰি বৰি।
মুদিত স্বভাৱে থাকে অনুমান কৰি॥
দুশাৰী দশন যেন মুকুতাৰ পান্তি।
ডাড়িম্বৰ বীজ গণে দেখি হোৱে ভ্ৰান্তি॥

কুন্দ পুষ্প কলি সবে অপমান পাই।
মালীৰ বাৰিত থাকে পত্ৰত লুকাই॥
বন্দুলী কুসুম সম ৰাতুলি অধৰ।
বিম্বফল গুঞ্জামণি লাজে দূৰতৰ॥

কৰ্ণে শোভা কৰে শুদ্ধ কনক কুন্তল।
ৰত্নে বিভূষিত আতি শোভে গণ্ডস্থল॥
চন্দ্ৰ সূৰ্য্য বহ্নি জিনি কৰি আছে কান্তি।
দেখি কোটি মদনৰ দৰ্প হোৱে ভ্ৰান্তি॥

গৰুড় চঞ্চুৰ অগ্ৰ সম নাসা জ্বলে।
হেন অপৰূপ নাহি নাহি ৰবিতলে॥
উদিত সূৰ্য্যৰ যেন ৰশ্মি আতিশয়।
চাহিবে নপাৰি দিব্য শৰীৰ শোভয়॥

খঞ্জঋত সম নেত্ৰ দেখি লাগে ৰঙ্গ।
লজ্জা হুয়া বন মাঝে পশিলা কুৰঙ্গ॥
ভ্ৰূভঙ্গ ভঙ্গিম দেখি যেন কালসাপ।
কটাক্ষ সন্ধানে জিতে মদনৰ চাপ॥

ললাটে প্ৰকাশে কাম সিন্দুৰৰ ফোট।
শৰতৰ সূৰ্য্য কিম্বা বিদ্যুতিকা গোট॥
কেশে চামৰক জিনি নাহি তাৰ তুল।
কৱৰীত গান্থি আছে মালতীৰ ফুল॥

[ ১৪৩ ]

শোভন সুৰভি ঘ্ৰাণে হুয়া আকুলিত।
মধুপানে ভ্ৰমৰাৰ আনন্দিত চিত॥
গুঞ্জ গুঞ্জ বেদধ্বনি কৰি সাবধান।
চৌপাশে আবৰি অলি ধৰিছে যোগান॥

স্থল বিম্বফল সম দুই পয়োধৰ।
কাঞ্চুলি বেষ্টিত আতি দেখি মনোহৰ॥
আতি মনোহৰ ইতো বিচিত্ৰ বসন।
কৈত পায়া আছ কহ কাঞ্চুলি শোভন॥

নানা চিত্ৰ কৰি আছ কিছু নাহি চুপ।
কেনে লিখি আছা মোৰ নিজ দশৰূপ॥
মৎস্য ৰূপে বেদ মই কৰিলো উদ্ধাৰ।
সেহি ৰূপ আছে দেখো কাঞ্চুলি তোমাৰ॥

কুৰ্ম্ম ৰূপে মণ্ডৰক ধৰিলো পিঠিত।
সিয়ো ৰূপ আছে দেখোঁ তযু কাঞ্চুলিত॥
নৰসিংহ ৰূপে কৈলো হিৰণ্যক্ষ ক্ষয়।
সিয়ে ৰূপ দেখোঁ তোৰ কাঞ্চুলি আছয়॥

বামন স্বৰূপে সুতলক নিলো বলি।
সিতো ৰূপ দীপ্তি কৰে তোহোৰ কাঞ্চুলি॥
পৰ্শুৰাম ৰূপে ক্ষত্ৰী কৰিলো বিঘাত।
সিয়ো বেশ লেখি আছে কঞ্চুলি সাক্ষাত॥

হলিৰাম ৰূপে ভূমি কৰিলোহো সম।
সিয়ো ৰূপ কাঞ্চুলিত প্ৰকাশে উত্তম॥
বৰাহ শৰীৰে ভূমি আনিলো দশনে।
সিয়ে ৰূপ দেখোঁ তোৰ কাঞ্চুলি বসনে॥

শ্ৰীৰাম অৱতাৰে বধিলো ৰাৱণ।
সিয়ো বেশে কাঞ্চুলিক কৰিছে শোভন॥
বোধ অৱতাৰে যোগ কৰিছো সাক্ষাত।
কাঞ্চুলিত নিৰ্ম্মি লৈছো সিয়ো ৰূপ গাত॥

[ ১৪৪ ]

কল্কী ৰূপে বৌধ গণ বধিবোহো পাছে।
খড়্গ চৰ্ম্ম দুয়ো সমে কাঞ্চুলিত আছে॥
কাঞ্চুলি বেষ্টিত স্তন নেদেখিলে মৰি।
দেখিলে জীৱন ৰহে দেখাও সুন্দৰী॥

হৃদয় স্তনৰ মধ্যে মণিৰ প্ৰকাশ।
পীন ঘন উচ্চ কুচ কাঞ্চন আভাস॥
মধ্য খিনি দেহা তোৰ দুৱলী বলিত।
মৃগেন্দ্ৰ বিদূৰ গৈল হুয়াতি লজ্জিত॥

অতি সুকোমল গাৱ পাৱ পদ্মফুল।
অমৃতৰ ধাৰা শ্ৰৱে পিয়ে অলিকুল॥
অগ্নি বৰ্ণ পীত বস্ত্ৰ কৰিয়াছে বেশ।
সুকোমল তনু জিনে কুসুম নিঃশেষ॥

মুষ্টিয়ে ধৰিতে পাৰি ক্ষীণ দেহা তোৰ।
কিমতে ধৰিয়া আছ কলসী এযোৰ॥
ছিগি পৰে বুলি মোৰ মনে লাগে ভয়।
জানো কেন মতে সিতো কঙ্কালে সৱই॥

পৰম নিৰ্ব্বুদ্ধি সিতো অধম কেৱল।
তুমি হেন যুবতীক নিব দিয়ে জল॥
কোকিলৰ স্বৰ জিনি সুললিত বাণী।
আলিঙ্গন দিয়া মোক ৰাখা ৰাধা ৰাণী॥

তোৰ সম সুন্দৰী নাহিকে ৰবিতলে।
বিধাতা মিলাইছে আনি মোৰ কৰ্ম্মফলে॥
যতেক কহিলা কথা দেৱ দামোদৰ।
শুনিয়া সুন্দৰী ৰাধা নিদিলা উত্তৰ॥

কাষে কুম্ভ লৈয়া যাই আগে চলে সখী।
বসনে ঢাকিয়া মুখ হাসে চন্দ্ৰমুখী॥
কটাক্ষ লাৱণ্য লাসে ফিৰি ফিৰি চাই।
তান চিত্ত বুঝি হৰি পাছে পাছে ধাই॥

[ ১৪৫ ]

সখী আগ বাঢ়ি গৈলা ৰাধা যাই শেষে।
থাপ দিয়া কানু ধৰে ৰাধিকাৰ কেশে॥
এৰ এৰ বুলি ৰাধ কৰে নিবাৰণ।
কেনে অযুগুত কৰে নন্দেৰ নন্দন॥

সত্যৱতী সুত ব্যাস নাৰায়ণ অংশ।
সংক্ষেপে ৰচিলা পুণ্যশ্লোক হৰি বংশ॥
শুনা সভাসদ পদ মহাভাৰতৰ।
শ্ৰবণে কীৰ্ত্তনে হৰে পাপ নিৰন্তৰ॥

 

পুনু জন্মেজয় ৰাজা পুছে যোৰ হাতে।
ৰাধা কানু পাছে লগ লাগিলা কিমতে॥
সবে সমাচাৰ মোত কহা মুনি বৰ।
তোমাৰ প্ৰসাদে কথা শুনো মনোহৰ॥

কহিবে লাগিলা কৌতুহলে মহামুনি।
বসন্ত কালত যেন কোকিলৰ ধ্বনি॥
নিজ গৃহ পায়া পাছে ৰাধিকা সুন্দৰী।
কলসী খসায়া থৈয়া আছে চিন্তা কৰি॥

উঠে বসে ঘনে ঘনে হুয়াতি বিকল।
গৃহ কাৰ্য্যে চিত্ত নাই উন্মত্ত কেৱল॥
কানুৰ বিৰহ তাপ সহিতে নপাৰি।
কিসক জলক গৈলোঁ মই দুৰাচাৰী॥

কামে জৰ্জ্জৰিত তনু ভৈলা তদাকাৰ।
কানু বিনে সৰ্ব্ব শূন্য ভৈলেক ৰাধাৰ॥
শাশু ননন্দিনী স্বামী বুলিলা বিস্তৰ।
শুনিয়া যুৱতী কিছু নিদিলা উত্তৰ॥

যদুসেন গোপৰ গৃহিনী মহাজ্ঞানী।
লোক মুখে শুনি আইলা ইসব কাহিনী॥
প্ৰেমত বিহুলী ৰাধা বৰ দুঃখ শুনি।
ৰাধাৰ মন্দিৰে গৈলা সেহি মনে গুণি॥

[ ১৪৬ ]

দেখিলেক ৰাধা আছে তবধ আকাৰ
বাধিকাৰ গলে ধৰি পাছে বাৰম্বাৰ॥
কহ প্ৰাণ সখি তোৰ দুঃখৰ কাৰণ।
বিৰহে তাপিত দেখোঁ সন্তোষ মন॥

শাশু ননন্দিনী কিবা বুলিছে কুৎসিত।
সেহি অপমানে তই হইয়াছ কুপিত॥
নিজ স্বামী বুলিয়াছে কিবা মন্দ কাৰ্য্য।
সিকাৰণে সখী তুমি পায়া আছ লাজ॥

নহে যদি গোপ্য কৰি কহ তোৰ কথা।
কপট কৰস যদি খাস মোৰ মাথা॥
সখীৰ বচন শুনি ৰাধিকা সুন্দৰী।
কহিবে লাগিলা কথা বৰ দুঃখ কৰি॥

শুনা প্ৰাণ সখী মোৰ দুঃখৰ কাৰণ।
জল আনিবাক গৈলো সব সখী সঙ্গে॥
জল ভৰি ঘৰে আসো মনে মহা ৰঙ্গে।
আচম্বিতে নন্দ কানু আইলা মোৰ সঙ্গে॥

চুলে ধৰি পাছে কাটালন্ত ঘনে ঘনে।
পাছে অদভুত ৰূপ দেখিলো নয়নে॥
মাথাত ময়ুৰ পুচ্ছ শোভে আতি ভালা।
তাহাৰ ওপৰে নানা কুসুমৰ মালা॥

পুস্পৰ সুৰভি ঘ্ৰাণে দশো দিশে ভাসে।
ভ্ৰমৰে নছাৰে পাশ মধু পান আশে॥
ৰাতুল অধৰে বাঁশী বজাৱে সঘন।
মুখে মন্দ মৃদু হাস মোহিলেক মন॥

হেন ৰূপ ৰবিতলে নতু দেখো আগে।
গোৱাল বালকে উপাসন্ত অনুৰাগে॥
যমুনা নদীও আতি আনন্দৰ ভৰে।
নানা উৎপল ফুলে যোগানক ধৰে॥

[ ১৪৭ ]

হেন নন্দ সুত মোৰ নিকটক আসি।
পথ ভেটি ৰতি দান মাগে হাসি হাসি॥
যাৱত নেদেখি নিদিলেহে ৰতিদান।
সেহি হৰি লৈয়া গেল মোৰ পাঞ্চ প্ৰাণ॥

তাৰ মুখ নেদেখিলোঁ সখী আমি পুনু।
বিৰহ বহ্নিৰ তাপে চাৰিববাহো তনু॥
জীৱনত নাহি কাজ জানা প্ৰাণ সখি।
কথমপি আছে প্ৰাণ তোৰ মুখ দেখি॥

ভাগ্য বশে লাগ পাই নাসেবিলো কানু।
হাতে চন্দ্ৰ দিয়া বিধি বঞ্চিলেক পুনু॥
এহি মতে কৈলা কথা তেজি সবে লাজ।
কাতৰ দেখিয়া সখী আলোচিলা কাজ॥

বৃকভানু সুতা সখী থিৰ কৰা চিত্ত।
ক্ষণে ক্ষণে হোৱে দেখে অতি সচকিত॥
ৰাধা বোলে সখি মোৰ আকুলিত হিয়া।
সেহি মতে নন্দ সুত আবে নাদেখিয়া॥

বন্ধুৰ সমুখে নিয়া থৈয়ো শীঘ্ৰ কবি।
সেহি অদভুত ৰূপ দেখে চক্ষু ভৰি॥
যি বোল বোলোক লোকে যাৰ যিবা মতে।
ননন্দিনী বোলোক অসতী নিত্যাগতে॥

গুৰু গুৰু-পত্নীয়েয়য়া যি বোলে বোলোক।
শুনি নিজ পতি মোৰ সঙ্গক ছাৰোক॥
আউল জাউল কেশ মেলি যেগিনীৰ বেশে।
যথা তথা আছে কানু যাইবো সেহি দেশে॥

কানুৰ বিৰহে মোৰ তনু ভৈলা জৰ।
কি বুলিবে গোকুলৰ লোকে হুয়া ডৰ॥
মই যদি জানো আগে বৃন্দাবনে কানু।
তেবে কি যমুনা ঘাটে নযাওঁ মই পুনু॥

[ ১৪৮ ]

আগ পাছ নগুণিয়া বাধাক নগণি।
মৰিবাক লাগি গৈলোঁ মই কুলক্ষণী॥
বাধা নুশুনিয়া মই আনিলোগ জল।
এতেকে লভিয়া আছোঁ তাৰ প্ৰতিফল॥

শুনা প্ৰাণ সখী মোৰ মনৰ নিদান।
কানুক নপাওঁ যদি ছাৰিৰো পৰাণ॥
অবিতে চিন্তি ভাবি আছো সমুদাই।
অবশ্যে লভিবো তাক দৈবে বাধা নাই॥

যত ৰূপ গুণ মোৰ কানুৰ অধীন।
কানু বিনে জান সবে হীনতো যে হীন॥
আকে জানি কিমতে ৰহিবে দিয়া ঘৰে।
বন্ধুৰ চৰণ নীদেখিয়া প্ৰাণ মৰে॥

হৃদয়ে তুলিয়া ধৰি ৰাতুল চৰণ।
অনুক্ৰমে ৰাখোঁ গৈয়া জীৱন যৌৱন॥
যি জনে দেখিছে তান ৰূপ বিপৰীত।
নয়ন কটাক্ষে কোনে সাম্বৰিবে চিত॥

কুল শীল ৰাখি কোনে ৰৈতে পাৰে ঘৰে।
বাঁশীৰ মধুৰ ধ্বনি উত্ৰাৱল কৰে॥
হেন কি যুবতী আছে নগলে পাৰিব।
বাশীৰ নিশানে বজ্ৰ শিলা নিজৰিব॥

যমুনা উজাই বহে চাদি যাই পাৰ।
কোন কুলবধু চিত্ত কৰিৰে নিবাৰ॥
হেন ৰূপ দেখি কোনে ৰৈবে নিজ ঘৰে।
জাতি কুল মৰ্য্যাদাক ৰাখিবাৰ তৰে॥

নাহিকে অমাৰ চিত্ত যশ কীৰ্ত্তি কাজে।
আগে প্ৰাণ যাই যদি কি কৰিব লাজে॥
চল সখি আনি দিয়া নন্দেৰ তনয়।
তেবেসে পৰাণ ৰহে কহিলো নিশ্চয়॥

[ ১৪৯ ]

তুমি সে হৃদয় মোৰ আন কোন নাই।
বিৰহ দুঃখক তাতে কহিলো তো-ঠাই॥
হেন জানি মোক কৃপা কৰিয়ো এখন।
নকৰ কপট সখি ধৰিছো চৰণ॥

তোৰ মোৰ এক প্ৰাণ তনু খানি ভিন্ন।
মোৰ নিজ পতি ভৈলা তোহোৰ অধীন॥
তেবে সখী বিলম্ব কৰহ কি কাৰণে।
তোমাৰ চিত্তৰ কথা নুবুজিলো মনে॥

তুমি বিনে কোনে মোৰ সাধিবেক হিত।
মদন বাণৰ জালে তনু জৰ্জ্জৰিত॥
মলয়া চন্দন লেপে নকৰে শীতল।
মৰো যদি তোৰ শ্ৰম হৈবেক বিফল॥

বিলম্বে আন সখি সিদ্ধি কৰা কাজ।
চৰণে ধৰিয়া মাতো নকৰিবা লাজ।৷
চিন্তা বিৰহত মোৰ ভৈল তনু ক্ষীণ।
আজি ধৰি ভৈলো সখী তোহোৰ অধীন।৷

দীৰ্ঘ মুক্তাৱলী

ঋষি নিগদতি  শুনা নৰপতি
ৰাধাৰ প্ৰণতি  মাধৱক প্ৰতি।
এ মোৰ প্ৰাণ বন্ধু দিনে দিনে দেখা দিয়া।
তোমাৰ চৰণে পশিলো শৰণে
কি কৰো এখনে  তুমি অবিহনে এ,
আমি পৰ নাৰী কিমতে লগত নিয়া।

[ ১৫০ ]

দাৰুণী শশুৰী  পৰম দন্দুৰী,
আগে আছো পুৰি  ক্ৰোধে ফুৰে ঘূৰিএ
সৰ্ব্ব দায়ে বোলা মোক নানা নিন্দাবাণী।
তেৰে মোৰ মনে  তোমাৰ চৰণে
চিন্তো সৰ্ব্বক্ষণে   আক জানে কোনে এ,
তোমাৰ বিৰহে নৰহিবে প্ৰাণ খানি।
শ্যামল সুন্দৰ   তনু মনোহৰ
আতি ৰুচিকৰ  তিল কৰতুৰ এ
দেখি মোহ হৈয়া তেজিলোহে সমস্তক।
গাৱে পীতবাস   মুখে অল্প হাস,
গতি লয় লাস   মধুৰ আভাস এ,
দেখি কোন নাৰী ৰাখিবে পাৰে মনক।
যি বেলা পিৰিতি  বঢ়ালাহা আতি।
মগ্ন ভৈলা মতি   নুগুছে সম্প্ৰতি এ
আছিলাহা তুমি নিতে গতাগত কৰি।
গৃহ কৰ্ম্ম তেজি   তযু পাৱে ভজি
আনন্দতে মজি   আছিলো প্ৰাণ জীএ
তুমি বিনে কেনে থাকিবো জীৱন ধৰি
পুৰ্ব্বে তুমি আসি  মধৰ সম্ভাসি
কৰি অল্প হাসি  মোক লৈলা দাসী এ,
আবে কি কাৰণে ছাৰিয়া যাস আমাক।
কি কৰিবো আমি   আছে নিজ স্বামী
তুমি পৰ গামী  প্ৰসাদ সকামীএ,
কিমতে চলিবো উপায় নাপালো তাক।
শুনি নাৰায়ণে   বোলে দুঃখ মনে
আমাসাত বিনে   বোলে ত্ৰিভুবনেএ
কি কাৰণে দুঃখ কৰি আছে অভাগিনী।
জানিবাহা আমি   জগতৰ স্বামী,
সৰ্ব্ব অন্তৰ্য্যামী   মন চিত্তগামীএ
সততে ভ্ৰমিয়া ফুৰো ভক্ত দুঃখ জিনি।

[ ১৫১ ]

বিমলাৰ সুতা  আতি মনোনীত
মোৰ বিৰহিতা  নকৰিবা চিন্তা
যৈকে যাওঁ মই তোমাক লগত নিবো।
সুন্দৰী ৰমণী  খঞ্জন গুমনী
কুৰঙ্গ নয়নী চন্দ্ৰমা বদনী,
হে প্ৰাণেশ্বৰী কিমতে মই ছাৰিবো।
তুমি নাৰায়ণ  জগত কাৰণ
তোমাৰ চৰণ  ভকতৰ ধন
জানি তযু পাৱে শৰণ পশিবো আমি।
তোমাৰ চৰিত্ৰ  পৰম পবিত্ৰ
ভকতৰ মিত্ৰ  স্বভাৱে বিচিত্ৰএ
আত বঢ়া টুটা দোষ ক্ষমা কৰা স্বামী॥
আমি পুৰাতন  শিষ্যৰ সন্তান
জানি নাৰায়ণ  ৰাখিয়ো এখন,
তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণাম।
দোষ পৰি হৰি  বিঘ্নিক সংহৰি
ইষ্ট সিদ্ধি কৰি  দাস বুলি ধৰি
কৰা অনুগ্ৰহ সিদ্ধি হোক মনস্কাম।
ৰাধা মাধৱৰ   লীলা মনোহৰ
আনন্দ সাগৰ  নলাগে ভাগৰএ,
জানি সভাসদ সদায়ে হৃদয়ে ধৰি।
শ্ৰীকবি শেখৰে  দ্বীজ হীনতৰে
পৰম সাদৰে  জানি নিৰন্তৰেএ
ডাকি বোলা হৰি হৰি॥

[ ১৫২ ]

ভবানন্দ

হৰিবংশ।

ৰাধাৰ বচন শুনি দেৱ নাৰায়ণ।
কহিতে লাগিলা তাৰ যত বিবৰণ॥
শুন প্ৰাণেশ্বৰী যে পুছিলা বাক্যৰস।
যেমতে যমুনা হৈল মোৰ বাক্যবশ॥

নাৰদৰ চিত্ত হৈল অহঙ্কাৰ বল।
পবিত্ৰ আলাপি ৰাগ গীত গাৱে ভাল॥
বীণা বজাইতে গৈলা কৈলাস শিখৰ।
শিৱৰ সাক্ষাতে গীত গান্ত মুনিবৰ।॥

মুনিয়ে বোলন্ত শুনা দেৱ ত্ৰিলোচন।
মোৰ সঙ্গে ৰাগ ধৰে নাহি হেন জন॥
শিৱে বলে চল যাই বিষ্ণুৰ পুৰিত।
তাহান সাক্ষাতে গিয়া গাও ভাল গীত॥

আমিও যাইবো মুনি তোমাৰ সঙ্গতি।
বিলম্ব নকৰি মুনি চল শীঘ্ৰ গতি॥
চলিলেক সদাশিৱ নাৰদে সহিতে।
কত গুলা মূৰ্ত্তি লগ পাইলা সেহি পথে॥

কাৰো হস্ত পদ নাহি কাহাৰৰ শ্ৰৱণ।
নাসিকা সহিতে কাৰো নাহিকে নয়ন॥
নাৰদক দেখি তাৰা ধাইলন্ত ত্বৰিত।
মাৰিবাক কাৰ্য্যে তাৰা ধাইলন্ত ত্বৰিত॥

. [ ১৫৩ ]

ঘৰে ঘৰে ফিৰে তাৰা ক্ৰন্দন বজাইতে।
আমাৰ ফল এহি তোমাৰ নিমিত্তে॥
গতি নাজানিয়া গীত গাওঁ কি কাৰণ।
আমাৰ হাতত আজি তোমাৰ মৰণ॥

নাৰদে পাইল ভীতি দেখে ভোলানাথে।
হাসিয়া কহিলা ৰাগ লোকৰ সাক্ষাতে॥
শুন শুন ৰাগ লোক আমাৰ বচন।
পূৰ্ব্ব ৰূপ হৈবা সবে নকৰা চিন্তন॥

এত বুলি মহাদেৱে আৰম্ভিলা গান।
হইল সকল ৰাগ পূৰ্ব্বৰ সমান॥
হাসিয়া হাসিয়া বোলে দেৱ শূলপাণি।
ভাল গীত গায়াছ নাৰদ মহামুনি॥

বিস্মিত হৈল মুনি চিন্তা যুক্ত মন।
তথা হন্তে দুই জন কৰিলা গমন॥
হৰিষে যে সদাশিৱে নাৰদ সহিতে।
অবিলম্বে মিলে গৈয়া বৈকুণ্ঠ পুৰিতে॥

দ্বাৰত বিৰিঞ্চি আদি যতেক অমৰ।
তান পাছে দেখে সহস্ৰেক মহেশ্বৰ॥
লক্ষে লক্ষে নাৰদ সনক সনাতন।
আশা দিয়া বসি আছে বিনতা নন্দন॥

দেখিয়া নাৰদ মুনি ভয় পাইলা মনে।
শিৱে নিবেদন কৈলা গৰুড়ৰ স্থানে॥
আমি আসি আছা কই প্ৰভুৰ গোচৰ।
আজ্ঞা কৈলে পদাম্বুজ পাৰি দেখিবাৰ॥

গৰুড়ে বোলয় তথা যাইতে নপাৰি।
লক্ষী সৰস্বতী লৈয়া ক্ৰীড়া কৰে হৰি॥
গৰুড় বচন শুনি দেৱ মহেশ্বৰ।
হাসিয়া শিঙ্গাত ফুক দিলা দিগম্বৰ॥

[ ১৫৪ ]

ভিণ্ডিবিৰ নাদ কৰে পৰম প্ৰমোদ।
তাক দেখি বীণা বাদ্য কৰিলা নাৰদ॥
অন্তৰ্য্যামী ভগবান সকল জানিয়া।
আইস নাৰদ শিৱ বোলে ডাক দিয়া॥

প্ৰভুৰ মধুৰ বাক্য শুনি আচম্বিত।
সহস্ৰে সহস্ৰে শিবে বেঢ়ি চাৰি ভিত॥
লক্ষে লক্ষে নাৰদেও বীণ হস্তে কৰি।
বেঢ়িল সিবোৰে দেখি বিস্মিত মুৰাৰি॥

ভয় পায়া সদাশিৱে পুট কৰি কৰ।
পঞ্চাননে স্তুতি কৰে হেৰিয়া অম্বৰ॥
ৰাম নিৰঞ্জন প্ৰভু ব্ৰহ্ম সনাতন।
স্থাৱৰ জঙ্গম ময় নমো নাৰায়ণ॥

নমো নিৰাকাৰ প্ৰভু নমো তেজময়।
নমো জ্যোতিৰ্ম্ময় প্ৰভু নিৰ্লেপ আশ্ৰয়॥
সত্ত্ব ৰজ তম প্ৰভু তিনি গুণধাৰী।
সবাকো তেজিয়া ত্ৰিসি বেদঅধিকাৰী॥

সহস্ৰেক শিৱ নাশ হৱো লোম কুপে।
আমি তাক স্তৰন কৰিবো কোন ৰূপে॥
বদনে নোলাৱে বাকা পুট কৰি ভুজ।
কৃপায়ে বিভূতি নাশ দেখি পদাম্বুজ॥

শিৱেৰ স্তবনে হৰি মায়া কৰি নাশ।
চলিলা নাৰদ শিৱ পায়া অবকাশ॥

*  *  *


অন্তৰে থাকিয়া হৰি কৈলা অঙ্গীকাৰ॥

ভাল হৈল আপনে আসিছ শূলপাণি
পবিত্ৰ আলাপ ৰাগ কিছু কিছু শুনি।
আচম্বিত শুনিয়া প্ৰভুৰ অঙ্গীকাৰ।
আলাপিল শিৱে ৰাগ মেঘ যে মল্লাৰ॥

[ ১৫৫ ]

শিৱে ৰাগ গাইতে হৰি হৈলা মৰ্ম্মাঙ্কিত।
তাম্ৰৰ কৌটাত হবি দ্ৰাৱ আচম্বিত॥
মহাদেৱ ভক্তি ভাৱ মধুৰ গায়ন।
জল ৰূপ হৈল তেবে প্ৰভু নাৰায়ণ॥

দ্ৰাৱিল তাম্ৰৰ কটা নাহি পৰিমাণ।
ভবাৰ্ণব তৰণী দ্ৰবিল ভগবান॥
তবে শিৱে উত্তৰ নপাই গোবিন্দৰ।
ভয়দ্ৰুমে শঙ্কিত তেজিলা মহেশ্বৰ॥

জানিলা প্ৰভুৰ মনে ভাল নহে গীত।
এতেকে উত্তৰ নেদে হইয়া কুপিত॥
ভয় পায়া মহাদেৱে অবিলম্বে উঠি।
তাম্ৰৰ কাটাৰ পাত চাহিল উছুটি॥

আচম্বিতে দেখি হৰে সলিলৰ বিন্দু।
পৰিমাণ নাহি যেন ঘনবাহ কম্বু॥
ভয় পায় সদাশিৱ কপট অন্তৰে।
মূৰ্চ্ছি‌ত হৈইয়া পৰে পায়া চিন্তাজুৰে॥

দেখিয়া নাৰদ মুনি প্ৰসন্ন বদন।
বুজিলোঁ শিৱেৰ দুঃখী হৈছে নাৰায়ণ॥
শিৱেৰ গায়নে প্ৰভু হৈছে কুপিত।
সন্তোষ হৈয়েকি প্ৰভু আমি গাই গীত॥

হৰিষ বদনে ঋষি আৰম্ভিলা গীত।
পূৰ্ব্ব অনুদ্ৰুমে ৰূপে হইলা ভগবান।
সে যে পাদোদক জলে জন্মিলা জাহ্নবী।
পৰম সুন্দৰী ৰামা যেন লক্ষী দেবী॥

হেন কালে দৃষ্টাইল শিৱেৰ উপৰ।
মূৰ্চ্ছি‌ত হৈইছে দেখি দেব গদাধৰ॥
পদ্মহস্ত দিলা হৰি শিৱৰ উপৰ।
প্ৰণাম কৰিয়া বৈসে দেৱ মহেশ্বৰ॥

[ ১৫৬ ]

তুষ্ট হুয়া সেহি কন্যা তাৰে দিলা দান।
দেখিয়া বিস্মিত হৈল ঋষি তপোবন॥
শিৱেৰে সহিতে গেলা আপোনাৰ স্থান।
সত্যযুগে গঙ্গা হৈল হৰেৰ বনিতা॥

তাৰ পাছে মৰ্ত্ত্যে আইলা শুনা তাৰ কথা।
সূৰ্য্য বংশ নৃপতি সগৰ মহাশয়।
ঔৰষে জন্মিলা পুত্ৰ ষাঠি সহস্ৰয়॥
বিক্ৰমে সমান জিনে ৰূপে পঞ্চশৰ।
ঐশ্বৰ্য্যে বাসব জিনে ধৰ্ম্মে তৎপৰ॥

অশ্বমেধ ঘোড়া হেতু কৰিলা ৰাজন।
ৰক্ষক কৰিয়া দিলা যত পুত্ৰ গণ॥
পূৰ্ব্বৰ প্ৰাক্তন আছে শুনা বিবৰণ।
আপোৰ ইচ্ছা প্ৰায় অশ্বৰ গমন॥

নানা দেশে গিয়াছিল সেহি অশ্ববৰ।
কেৱে নাৰাখিল গোড়া ভ্ৰমে নিৰন্তৰ॥

ভ্ৰমিতে ভ্ৰমিতে ঘোড়া হ্ৰদ দেখে ভাল।
সেহি হ্ৰদে প্ৰবেশিল সপ্তম পাতাল॥
ৰসাতলে গৈল ঘোড়া ভগৱৰ্তী পুৰে।
শূন্য হেতু পায়া লাগ বান্ধিল তাহাৰে॥

সগৰৰ পুত্ৰ সবে ঘোড়া নাদেখিয়া।
অচম্বিতে হ্ৰদ দেখি প্ৰবেশিল গিয়া॥
অশ্বপদ দেখি.তাৰা গেল সেহি পথে।
তপস্যা কৰয় মুনি দেখিলা সাক্ষাতে॥

সমাধি কৰিয়া মুনি বসিয়াছি ধ্যানে।
ঘোড়া বিচাৰিয় গেল তাৰ বিদ্যমানে॥
মদে মত্ত হৈল কুমাৰ হীন হৈল জ্ঞান।
ঘোড়া চাহিলেক গিয়া কপিলেৰ স্থান।

[ ১৫৭ ]

শুনিয়া কটাক্ষ ভাৱে চাহে মহামুনি।
ষাটি সহস্ৰ কুমাৰ হৈলন্ত ভস্ম পুনি॥
শত ভাগে বহে যেন ভস্ম ৰাশি হুয়া।
ছয় শত বীৰে ভস্ম এক ৰাশি হুয়া॥

এক থানে ভস্ম হৈল ছশত কুমাৰ।
এহি মতে ভস্ম ভৈল ষাঠি যে কুমাৰ॥
তাৰ শেষে ভৃগুৰাম নাৰায়ণ অংশ।
নাশিল সকল ক্ষত্ৰিয়ৰ সূৰ্য্য বংশ॥

দুই স্ত্ৰীয়ে ভাগে ভাগে কৰিলি শৃঙ্গাৰ।
জন্মিল সন্ততি ভগীৰথ নাম তাৰ॥
শৈশব অন্তৰে ভৈল যৌবন প্ৰবেশ।
ভুজ বলে কৰ তল কৈল নিজ দেশ॥

পুত্ৰৰ বিক্ৰম দেখি হৰিষ জননী।
কহিলা সকল আদি পুৰাণ কাহিনী॥
ৰসাতলে তোমাৰ পুৰুষ যত জন।
সহাস কৰিয়া নিয়ে বৈকুণ্ঠ ভুবন॥

মায়েৰ বচন শুনি ৰাজা ভগীৰথে।
বিৰিঞ্চি পুজিল গিয়া সুমন্ত পৰ্ব্বতে॥
শীতকালে সলিলত কৰে পদ্মাসন।
নিৰ্জ্জনে কৰিল প্ৰজাপতিৰ স্মৰণ॥

উৰ্দ্ধ পাদ লক্ষ শব্দ কৰিল স্তৱন।
পৰিণামে বিস্তৰ কৰিলা যোগাসন॥
শৰীৰ ওপৰে ভৈল বল্মীক শিখৰ।
কৰিলা শৰীৰ ভেদি কেৱলে জৰ্জ্জৰ॥

হৈল বহুকাল বৃক্ষ ভেদী লেক অঙ্গ।
সমাধি কৰিয়া আছে যোগ নহে ভঙ্গ॥
বিষম তপস্যা তাৰ দেখি চমৎকাৰ।
ভয় পায়া ব্ৰহ্মা গৈল নিকটে তাহাৰ॥

[ ১৫৮ ]

মাথে ধৰি প্ৰজাপতি তুলিলা আপনে।
কৰ পুটে বোলে ব্ৰহ্মা মধুৰ বচনে॥
উঠ উঠ আৰে বাপ সূৰ্য্য জন্ম মুনি।
এমত তপস্যা আৰ কোথায়ে নাশুনি॥

ত্ৰিভুবনে হেন কৰ্ম্ম কেবা জনে কৰে।
মনুষ্যৰ কাৰ্য্য কিবা সবেও নপাৰে॥
কিবা চাহ বাপু তুমি মোৰ ঠাই কহ।
চিত্তৰ মানস তুই সম্পূৰ্ণ কৰিলহ॥

চেতন কৰিয়া ৰাজা ব্ৰহ্মাৰে দেখিয়া।
প্ৰণাম কৰিয়া বোলে চৰণে পৰিয়া।
অয়ে প্ৰভু চতুৰ্ম্মুখ শুন বিবৰণ।
জানিয়া আমাত কেন পুছ বিবৰণ॥

অন্তৰ্য্যামী হুয়া প্ৰভু পুছা মোক কেনে।
কহিবো সকলে কথা তোমাৰ চৰণে॥
কপিল সকোপে মোৰ পুৰুষ সকল।
ভস্মচয় হুয়া তাৰা ৰৈছে ৰসাতল॥

কেন মতে মুক্ত হুয়া বৈকুণ্ঠক যাই।
আপনে কহিয়ো দেৱ তাহাৰ উপায়।
ব্ৰহ্মা বোলে আমি তাৰ চিন্তিছি উপাই।
যেমতে হৈবেক মুক্ত শুনা সমুদাই॥

শিৱেৰ সঙ্গত ৰসে মজি জগন্নাথ।
জল ৰূপ হুয়া আছে তাম্ৰ কটৰাত।
তান্ত হান্তে জন্মে কন্যা গঙ্গা নাম তাৰ।
তানে আনি পিতৃলোক কৰহ উদ্ধাৰ॥

যদি বা শিৱেৰ বিষ্ণু কৰি আছে দান।
তাম্ৰ কোটৰাত তেহো আছে অধিষ্ঠান।
ব্ৰহ্মাৰ বচন শুনি ৰাজা ভগীৰথ।
পুনৰপি জিজ্ঞাসিল কৰি যোৰহাত॥

[ ১৫৯ ]

তাম্ৰ কোটৰাত দেখো স্বপ্নেও নাজানি।
কেমতে পাইবো তাক বল পদ্মযোনি॥
ব্ৰহ্মা বোলে শুন ৰাজা আমাৰ বচন।
মোৰ ৰথে যায়ো তুমি কৰি আৰোহণ॥

প্ৰজাপতিৰ হংস যুক্ত বিমল বিমানে।
আচম্বিতে লৈয়া গৈল কটা বিদ্যমানে॥
কটাৰ নিকটে যদি গেল নৰেশ্বৰ।
কৰপুট কৰি স্তুতি কৰিলা বিস্তৰ॥

তোমাৰ চৰণে দেবী কৰো নমস্কাৰ।
মোৰ পিতৃলোক মাৱ কৰহ উদ্ধাৰ॥
ৰাজাৰ স্তুতিত দেবী সদয় কৰিয়া।
অঙ্গীকাৰ কৈল তবে কটাত থাকিয়া॥

আসিয়াছ ভগীৰথ সবে আমি জানি।
বিশেষ কহিছা কথা দেব পদ্মযোনি॥
অবশ্যে যাইবো আমি মৰ্ত্ত্যেৰ ভুবন।
উদ্ধাৰিয়া দিবো তোৰ যত পিতৃগণ॥

কিন্তু এক খানি কথা শুন সাৱধানে।
জটা পাতি লৱে যদি দেৱ পঞ্চাননে॥
গঙ্গাৰ বচন শুনি ৰাজা ভগীৰথ।
শিৱক কৰিলা স্তুতি কৰযোড় হাত॥

সত্যৱতী সুত ব্যাস নাৰায়ণ অংশ।
সংক্ষেপে ৰচিলা পুণ্য শ্লোক হৰিবংশ॥
সেহি শ্লোক ব্যাখান কৰিয়া পদবন্ধে।
লোকে বুজিবাৰ কহে দীন ভৱানন্দে॥

[ ১৬০ ]

ভবদেব বিপ্ৰ।

শ্ৰীৰাম চন্দ্ৰৰ অশ্বমেধ যজ্ঞ।

শাস্ত্ৰক বিচাৰি বশিষ্ঠ বোলই
 শুনিয়োক ৰঘুবৰ।
অশ্বমেধ যজ্ঞ সেন্থৰে নিসিজে
 সম্ভাৰ লাগে বিস্তৰ॥
প্ৰথমে যজ্ঞৰ ঘোৰাক লাগই
 চন্দ্ৰ সম শুক্ল বৰ্ণ।
লাঞ্জ গোট তাৰ হৰিদ্ৰা হৈবেক
 কৃষ্ণ হৈবে দুই কৰ্ণ॥
মুখ গোট তাৰ পাণ্ডু হইবেক
 সুবৰ্ণে মণ্ডিতে গাৱ।
জলত থলত শূণ্যত ভ্ৰমিব
 ঘোৰাৰ হেন স্বভাৱ।
বশিষ্ঠ বদতি শুনা ৰঘুপতি
 ঘোৰাৰ কহোঁ নিৰ্ণয়।
হেন ঠান ঘোৰা যজ্ঞত লাগই
 পখি হৈবে ৰত্ন ময়॥
ভাই বাপু এৰা কটক সহিতে
 ৰাখিতে লাগে ঘোৰাক।
যিটো বলিয়াৰ বানে ঘোৰা ধৰে
 সমৰে জিনিবে তাক॥

[ ১৬১ ]

যি ঠানত হয় লাদয় মুতয়
 গো মূত্ৰে তাক লিপিব।
হোম যজ্ঞ কৰি দেৱক আৰ্চ্চয়
 ব্ৰাহ্মণক দান দিব॥
প্ৰথম দিনত ব্ৰাহ্মণ লাগই
 পণ্ডিত যাঠি হেজাৰ।
এক শত ৰত্ন দিবা কৰি যত্ন
 সুবৰ্ণৰ তিনি ভাৰ।
এক শত ৰথ ৰঞ্জিয়া বিচিত্ৰ
 এক শত গজ বাজী।
এক শত দাস এক শত দাসী
 অলঙ্কাৰ দিবা সাজি॥
আমি যৈত তৈত কহোঁ স্বৰূপত
 তাকো জানো বোলোঁ মিছা।
ভাৰ্য্যায়ে সহিতে একেলগে থাকি
 মনে নকৰিবা ইচ্ছা॥
সকলে সম্ভাৰ আছয় তোমাৰ
 কিছু নকৰিবা চিন্তা।
আসি পতিব্ৰত সিজে যেন মত
 লগতে নাহিকে সীতা॥
বশিষ্ঠ বদতি শুনা ৰঘুপতি
 সকলে কৈলো বুজায়।
ভাল ভাল চাই ব্ৰাহ্মণ আনিবা
 বেদৰ নিৰ্ণয় চাই॥
ডাঙ্গৰ দীঘল তাকো নলাগই
 কুল ধৰ্ম্ম তাতি চাই।
শাস্ত্ৰত কুশল বেদত নিৰ্ম্মল
 আনিবা তাক মতাই॥

[ ১৬২ ]

বিবাহ ৰহিত ব্ৰাহ্মণ নেলাগে
 সখা গোত্ৰ বিচাৰিবা।
অঙ্গ হীন কুঁজা তাকে নলাগই
 বৃদ্ধ যে বিপ্ৰ নানিবা।
কলিয়া ব্ৰাহ্মণ তাকো নলাগই
 সুন্দৰ বাচি আনিবা।
দঁতুৱা ব্ৰাহ্মণ তাকো নলাগই
 বাচি এক পাশে খবাঁ।


পদ।

বশিষ্ঠে কহিলা ৰামে আছিলেক শুনি।
কতো বেলি অন্তৰে মাতিলা মনে গুণি॥
সকলো কথাক মই চিত্তে দিলো ঠাই।
কহিয়ো যজ্ঞৰ ঘোৰা আছে কোন ঠাই॥

শুনিয়ো জাম্বৱ তুমি বুদ্ধিৰ ভাণ্ডাৰী।
তুমি নকহিলে আনে কহিতে নাপাৰি॥
ঘোৰা নাপাইলে যজ্ঞ কৰণ নেযাই।
কহিয়ো যজ্ঞৰ ঘোৰা কোন মতে পাই॥

জাম্বৱ বোলয় শুনা তুমি ৰঘুবৰ।
আছে এক গোট ঘোৰ সংসাৰ ভিতৰ॥
এক কথা কহোঁ মই শুনা নিৰন্তৰ।
নাগাক্ষ নৃপতি আছে সিন্ধুৰা নগৰ॥

পৰম দুস্কৰ থান সিন্ধুৰা নগৰী।
সসৈন্য সহিতে ৰাজা আছে ৰাজ্য কৰি॥
গহীন সাগৰ অতি তাৰ হৈবে পাৰ।
দ্বাদশ প্ৰহৰ সিটো লঙ্কাৰ সিপাৰ॥

[ ১৬৩ ]

মহা বলৱন্ত ৰাজা সম নাহি কেৱ।
ৰাৱণৰ সম লক্ষ ৰাজা কৰে সেৱ॥
ষাঠি লক্ষ ৰজা লই যদি কৰা ধাৰ।
তথাপি যজ্ঞৰ ঘোৰা আনা কিছু ভাৰ॥

হেন শুনি ৰামচন্দ্ৰ চপাইলা মাথ।
সৰল বৃক্ষত যেন পৰিল নিৰ্ঘাট॥
কতো বেলি ৰামচন্দ্ৰে লভিল চেতন।
সবাকো সম্বোধি হেন বুলিলা বচন॥

শুনিয়োক ভৰত লক্ষণ শত্ৰুঘন।
অঙ্গদ প্ৰমুক্ষে আনো নানা কপিগণ॥
বাপু হনুমন্ত বীৰ তোমাত সুবুদ্ধি।
হৰি হৰি বিধতা নেৰাইলে ব্ৰহ্মবধি॥

আগ বাঢ়ি হনুমন্তে জুৰি যোৰ হাত।
নমো ৰামচন্দ্ৰ বুলি নমাইলন্ত মাথ॥
আজ্ঞা কৰা প্ৰভু ৰাম তাকে কৰো ধৰি।
আনিবোঁ যজ্ঞৰ ঘোৰা বোলো নিষ্ঠ কৰি॥

তোমাৰ প্ৰসাদে মোৰ কাকো নাহি ভয়।
আনিবো যজ্ঞৰ ঘোৰা বুলিলোঁ নিশ্চয়।
তুমি সমে ইঠাইত থাকিও ৰাজা লোক।
ঘোৰাৰ কাৰণে প্ৰভু পাঞ্চিও আমাক॥

হেন শুনি ৰাম ভৈলা আনন্দ হৃদয়।
ৰাজ যোগ্য অলঙ্কাৰ চৰাইলন্ত গায়॥
মাৰুতিক চাই ৰামে বুলিলা বচন।
সসৈন্য সহিতে তুমি যায়ো বীৰগণ॥

পত্ৰখনি দেখায়োক ৰামৰ আদেশ।
আজ্ঞা পত্ৰ হনুমন্তে দেখান্ত নিশেষ॥
নাহিক নিয়ম সবে ভুঞ্জে বৃক্ষ ফল।
তাসম্বায়ো বাৰ্ত্তা সবে পাওক সকল॥

[ ১৬৪ ]

ভালুক বানৰ সবে ভৈলেক বিমন।
হেন দেখি সবাকো বুলিলা হনুমান॥
যিতো জন নাই সে ৰামৰ অপৰাধি।
সবান্ধবে নষ্ট হৈবে দৈবে বোলা বধি॥

এহি বুলি ৰাম সেনা নেথাকিল ৰই।
কেহো বোলে আৰু নেদেখিবোঁ বাপ ভাই।
কেহো বোলে বাপ নেদেখিবোঁ বন্ধুগণ।
কেহো বোলে নেদেখোহোঁ এতিন ভুবন॥

কেহো বোলে বানৰ ভৈলেক যমকাল।
কেহো বোলে হনুমন্ত প্ৰচণ্ড বিকাল॥
ছয় মাস মানে যুদ্ধ নাছিল আমাৰ।
পুনৰপি সেই যুদ্ধ মিলিল ইবাৰ॥

ইবেলা যে আমাৰ জীৱৰ আশা নাই।
এহি বুলি সমস্তে যে মূৰ ঘূমুৰাই॥
ভৰত, লক্ষণ, নল, নীল বীৰ গণ।
ৰামৰ চৰণে বন্দি কৰিলা গমন॥

সবে আগে চলি গৈলা বীৰ হনুমান।
শুনিয়োক সভাসদ হনুৰ বাখ্যান॥


দুলৰি।

চতুবিধি বেৰি,  ধূলায়ে আন্ধাৰি,
 কুৱাকুঁই মই দেখোঁ।
কাৰো মাত বোল,  কেহো নুশুনয়,
 কাহাকে। কিয় নেদেখোঁ॥
দেৱাদেই কৰি,  ভালুক বানৰ,
 জোলোকা জুলুকি যাই।
আকৰ্ণ শবদ, গগনে চাইলা,
 কম্পে বসুমতী আই॥

[ ১৬৫ ]

পাইলা সিন্ধুকুল, সেনাৰ আন্দোল,
 শুনন্তে লাগে ত্বৰাস।
পৰ্বত সমান, ঢেউ উথলিল,
 যদ্যপি নাই বতাস॥
বিনা বায়ু ঢেউ, উথলিল বৰ,
 অনেক দূৰক যাই।
আস্ফাল শবদে, স্বৰ্গক লঙ্ঘিল,
 কম্পে বসুমতী আই॥
সমুদ্ৰৰ কুলে, সোনাৰ আন্দোলে,
 সসৈন্যে আছন্ত চাই।
মনত হৰিষে, বানৰে বোলয়,
 এবেসে পাইলো উপাই॥
খণ্ড খণ্ড কৰি, ৰামচন্দ্ৰ হৰি,
 সেতুক কাটিয়া থৈলা।
এহি চল কৰি, কেহোয়ে নেযাই,
বানৰে উপাই পাইলা॥
হুয়া শাৰী শাৰী, কৰে ধৰাধৰি,
 হাঁসে ৰঙ্গে গীত গাই।
মনত হৰিযে, বানৰে নাচই,
 হাঁসে হাতে তালি বাই॥
সুগ্ৰীৱ বোলন্ত, শুনিয়ো লক্ষণ,
 সেতু বন্ধ নকৰিলে।
আন বুদ্ধি নাই বায়ুৰ পুতাই,
 সবাহাঙ্কে নাৰাখিলে॥

পদ।

লক্ষণে বোলন্ত বাপু শুনা হনুমান।
তুমি বিনা আমাৰ বান্ধৱ নাহি আন॥
প্ৰভু ৰাঘৱৰ কাৰ্য্য সাধিয়ো সত্বৰ।
হেন জানি বাপু তই সেতুবন্ধ কৰ॥

[ ১৬৬ ]

আগ বাঢ়ি হনুমন্তে জুৰি যোৰহাত।
লক্ষণ ভৰত বুলি নমিলন্ত মাথ॥
এক কথা কহো মই স্বৰূপত হয়।
বোলো জানো দৰ্পকৰা বায়ুৰ তনয়॥

আঁঠ গোট পৰ্ব্বতৰ বহি আছোঁ ভাৰ।
তাহাত দুস্কৰ কৰ্ম্ম কৰিবোঁ ইবাৰ॥
সবে জ্ঞাতিগণ মই কৰিবোঁ উদ্ধাৰ।
পিঠিত কৰিয়া কৰোঁ সাগৰৰ পাৰ॥

জাম্বৱন্তে বোলে শুনা বায়ুৰ কুমাৰ।
যিতো কথা কহিলা শুনিতে লাগে ভাৰ॥
পিঠিত কৰিয়া সেনা সিন্ধু কৰা পাৰ।
কেন মতে নিবা তুমি অঞ্জনা কুমাৰ॥

শুনি হনুমন্তে বোলে লক্ষণ ভৰত।
দুই ভাই চৰা মোৰ দুই খানি কন্ধত॥
পিঠি ভাগে শত্ৰুঘণ সুমিত্ৰা নন্দন।
হৃদয়ত জাম্বৱন্ত ব্ৰহ্মাৰ নন্দন॥

দক্ষিণ বাহুত সেনা পতি অঙ্গদাই।
বাম বাহু তলে নল নীল দুই ভাই॥
আনো সব ৰাজাগণ আসিয়াছে যত।
সবে মিলি ধৰিয়েক মোহোৰ লাঞ্জত॥

এক গোট লোম শাল গছ সমসৰ।
তাতে ধৰিয়োক সবে ভালুক বানৰ॥
মাৰুতিৰ বচন শুনিয়া সেনাগণ।
হাতে, কাষে, পেটে পিঠি ধৰিলা তেখন॥

যেন মহা গছত টেকোৰা লৈল বাস।
কৌতুহলে হনুমন্ত তুলিলেক হাঁস॥
লোমৰ গুৰিত কতো থাকিলেক বসি।
কান্ধে গলে বুকে পিঠি থাকিল উৰুসি॥

[ ১৬৭ ]

যেহেন পৰ্ব্বত ভৈলা কপি মহাবল।
তৰু লতা ভৈলা সম কটক সকল॥
মাৰুতি বোলয় শুনিয়োক জ্ঞাতি লোক।
আঁতিয়া ধৰিবা সবে নেৰিবাহা মোক॥

থিৰে শাঁতে ৰহিবাহা চকু নেমেলিবাঁ।
সমুদ্ৰক দেখি পাছে ভয়তে মৰিবাঁ॥
গহীন গম্ভীৰ ধীৰ হনুমন্ত বীৰ।
প্ৰতি প্ৰতি ৰাম সেৱা কৰিলন্ত স্থিৰ॥

মাৰুতিৰ বচন শুনিয়া সেনাগণে।
চকু মুদি সবেয়ো বসিলা ৰঙ্গমনে॥
সাগৰ তৰিবে সাজু ভৈলা হনুমান।
দেও মাৰোঁ জ্ঞাতি লোক হোৱাঁ সাৱধান॥

দুলৰি।

ৰাম লক্ষণক, সুগ্ৰীৱ বীৰক,
 কৰিলন্ত নমস্কাৰ।
বায়ু যে বাপক, অঞ্জনা মাৱক,
 প্ৰণমিলা সাতবাৰ॥
কেশৰী চৰণ, শিৰোগত কৰি,
 ত্ৰিদশ দেৱ ধীয়াই।
হনূমন্ত বীৰ, অতিৰঙ্গ মনে,
 আকাশ গমনে যাই॥
বায়ুতো অধিক, হনূমন্ত বীৰ,
 বায়ুৰ সঞ্চাৰে যাই।
সব শিখৰক, গৈয়া আটাইলেক,
 সমুদ্ৰ জল এৰাই॥

[ ১৬৮ ]

শুনা জ্ঞাতি লোক, এৰিয়োক মোক,
 সাগৰ ভৈলেহোঁ পাৰ।
লক্ষণ ভৰত, শত্ৰুঘন বোল,
 কি বোলা বায়ু কুমাৰ।
ষাঠি লক্ষ ৰজা অসংখ্যাত প্ৰজা,
 দৰ্প কৰি বহে ভাৰ।
মধ্য সাগৰত, যাইবাক নাপাৰা,
 বোলাঁ হেৰা হৈলোঁ পাৰ॥
এৰিলে মৰিবাঁ,  কেহোঁৱে নেৰিবা,
 হেনসে চিন্তা উপাই।
ভাল কৰি ধৰা, হেলা পৰিহৰা,
 সবে মৰোঁ একঠাই।

পদ।


পদ

হনুমন্তে বোলে বাপু শুনা জাম্বৱন্ত।
আনে কি জানে মোৰ বলৰ আদি অন্ত॥
যদি নেজানাহা মোৰ বলৰ মহিমা।
চকু মেলি চোৱাঁ তুমি লঙ্কাৰ পাইলোঁ সীমা॥

হেন শুনি জাম্বৱন্ত চকু মেলি চাইলা।
ইটো হনূমন্ত বীৰে সাগৰ চৰাইলা॥
জাম্বৱে সহিতে নল নীল দুই ভাই।
ষাঠি লক্ষ ৰাজা সমে চকু মেলি চাই॥

ৰাম সেনা সকলেসে চকু মেলি চাইলা।
ইতো হনুমন্ত বীৰে সাগৰ চেৰাইলা॥
কেহোয়ে প্ৰণতি কৰে কেহো কৰে স্তুতি।
জন্মে জন্মে হনুমন্ত তুমি হবা গতি॥

[ ১৬৯ ]

লক্ষণে কৰিল বহু নানা সতকাৰ।
বাৰে বাৰে কৰা বাপু আমাক উদ্ধাৰ॥
শক্তিশেলে শালি মোক থৈলেক ৰাৱণ।
তৈসানিও জীলোঁ বাপু তোমাৰ কাৰণ॥

শত্ৰুঘনে হনূমানে কৰি গলাগলি।
ষাঠিলক্ষ ৰজা মানে কৰিলা সেৱলি॥
পৰ্ব্বত সমান বীৰ গহীন সাগৰ।
জলকা জলকী নামে ভালুক বানৰ॥

সেহি বেলা গোচৰ কৰিলা কপিবৰ।
অনেক প্ৰকাৰে স্তুতি কৰিলা বিস্তৰ॥
তোমাৰ প্ৰসাদে মাগোঁ কলমৌ ফল।
শুনি হনুমন্তে পাছে আনন্দে বিহ্বল॥

সবাকো সম্বোধি হেন বুলিল বচন।
শুনি হনূমন্তৰ হৰিষ ভৈলা মন॥
এক দালি গছ আছে সৰমাৰ ঠাই।
বিভীষণে দিয়ে যদি তেহে পোৱা যাই॥

বায়ু পিতৃ আগে কৰি যান্ত হনুমন্ত।
মহাভয়ে পলাইলন্ত ৰাক্ষসিনী যত॥
বিভীষণে বোলে শুনা ৰাক্ষসিনী লোক।
নাহি ভয় নপলাবাঁ সুখে থাকিয়োক॥

ঘোৰাৰ কাৰণে ৰামচন্দ্ৰে দিলা ধাৰি।
আমাৰ নগৰে সবে আইলা কাচি পাৰি॥
সৰমাক বোলে মাৱ শুনা কথা পাছ।
সবে মাগি পঠাইলেক কলমৌ গাছ॥

শুনি সৰমাৰ ভৈলা হৰষিত মন।
ৰাম সৈন্যে খাই ফল সাস্ফল জীৱন॥
নিয়োক বৃক্ষৰ ফল তাত নাহি কাজ।
পুনৰপি বৃক্ষ আনি দিবা কপিৰাজ॥

[ ১৭০ ]

হেন শুনি হনুমন্তে উঠি তেতিক্ষণ।
বৃক্ষৰ গুৰিত গৈয়া ভৈলা উপসন॥
লাঞ্জে মেৰাই বৃক্ষ গোট লৈলন্ত উভাৰি।
ৰামৰ সেনাক লাগি যান্ত লক্ষ মাৰি॥
হনুমন্ত জ্ঞাতিক কৰিলা নমস্কাৰ।
সবাকে সম্বোদি বুলিলন্ত বাৰম্বাৰ॥
হনুমন্তে সবাক মাতিল মুখ চাই।
দুই গোট ফল লৈলোঁ মোত দোষ নাই॥
ভৰত লক্ষণ নল নীল যত যত।
সুগ্ৰীৱ অঙ্গদ আন কপিয়ো পৰ্যন্ত॥
সবাহাঙ্কে হনুমন্তে গাৱে গাৱে দিল।
পাছে হনুমন্তে বৃক্ষ গোট জোঙ্কাৰিল॥
আপুনিয়ো গোট দুই খাইলা ৰঙ্গমনে।
হৰিষে টকালি পাৰে অতি ঘনে ঘনে॥
পুনকপি বৃক্ষ গোট থৈলা নিজ থানে।
শুনিয়োক সভাসদ অতি ৰঙ্গ মনে॥
পুনৰ্ব্বাৰ ৰাম কটকত দিলা ধাৰি।
নৰহে পৃথিবী ভাৰ কম্পে বসুন্ধৰী॥
লঙ্কা নগৰী যে দশ দিৱসৰ পন্থ।
কটক সহিতে চলি যান্ত হনুমন্ত॥
কতো দূৰে দেখন্ত নগৰ জ্যোতিষ্কাৰ।
জাম্বৱক চাই পাছে সুমিত্ৰা কুমাৰ॥
কাহাৰ নগৰ ইটো দেখি লাগে ডৰ।
জাম্বৱে বোলন্ত এহি সিন্ধুৰা নগৰ।।
বত্ৰিশ প্ৰহৰ পন্থ নগৰৰ গড়।
অতি চমৎকাৰ ইটো সিন্ধুৰা নগৰ॥
লঙ্কা নগৰত কৰি দুগুণ বহল।
শুনি লক্ষণৰ অতি মনে কৌতুহল।

[ ১৭১ ]

চতুৰ্ভিতি বেৰি তাক অছিয় সাগৰ।
হনুমন্তে বোলে কিনো সিন্ধুৰা নগৰ॥
লক্ষণে বোলয় বাপু শুনা হনুমান।
তুমি বিনা নগৰক ব্যৱন্তা নাহি আন॥
চাই আহা নগৰৰ লক্ষণ কিমত।
স্বৰূপ জানিবা ৰাজা আছে কেন মত।।
হেন শুনি বুলিলন্ত বায়ুৰ নন্দন।
সাৱধান হুয়া সবে থাকা সেনাগণ॥
এতিক্ষণে যাইবোঁ মই নাহিকে সংশয়।
এহি বুলি দেও দিলা বায়ুৰ তনয়॥
কতো দূৰে দেখিলা নগৰ জ্যোতিষ্কাৰ।
চাহন্তে চকুত অতি লাগে চমৎকাৰ॥
সাগৰে বেৰিয়া আছে নগৰৰ গড়।
হনূমন্তে বোলে ধন্য ধন্য নৃপবৰ॥
কতো বেলি দেখিল নগৰৰ দ্বাৰ।
মনুষ্যৰ হাত পাৱ সৰ্পৰ আকাৰ॥
সেহিমতে নৰ নাৰী দেখি কৌতুহল।
মনুষ্যৰ হাত পাৱ সৰ্পৰ যে গল॥
হনুমন্তে বোলে মই আৰু কিবা চাওঁ।
এহি মায়া ধৰি মই নগৰক যাওঁ॥
চৌষষ্ঠি মায়াতে যে হনুমন্ত সুৰেশ।
সৰ্পৰ আকাৰ ভৈলা মানুষ্যৰ বেশ॥
তাহাকে দেখিলা বীৰে যত চিত্ৰ কায়া।
নগৰ প্ৰবেশ ভৈলা ধৰি সিটো মায়া॥
মায়া ধৰি হনুমন্তে নেথাকিল ৰই।
নাগাক্ষৰ দুৱাৰত প্ৰবেশিলা গই॥
ভিতৰ দুৱাৰ লাগি যায় হনুমান।
দ্বাৰী পাই দূৰত ৰাখিলা সেহি ঠান॥

[ ১৭২ ]

ছদ্ম কৰি কহে কথা বীৰ হনুমন্ত।
শুনৰে দুৱৰী মোক পথ এৰি দেন্ত॥
তোমাৰ দুৱাৰে আইলো জানাবাঁ নেজানা।
কথা এক কহা মই কাণ পাতি শুনা॥

সসৈন্যে সহিতে ৰাম সেনা দিলা ধাৰু।
ৰাক্ষসৰ সেনা লৈয়া আইল কাচি পাৰি।
হনুমন্ত নামে যিটো মহা বীৰবৰ।
তেহোঁ কিবা কাৰ্য্যে আসি পশিলা নগৰ॥

দুৱৰী বোলয় সিটো নেদেখোহোঁ ভাল।
দুৱাৰ ছাৰিয়া মই নেযাওঁ একোকাল॥
বিস্তৰ বুলিবে আৰ নালাগয় মোক।
আপুনি ভিতৰে যাওঁ দুৱাৰ এৰিয়োক॥

শুনা সভাসদ পদ কথা ৰামায়ণ।
মনে গুণি চোৱাঁ ইটো কেদিন জীৱন॥
ৰামৰ চৰিত্ৰ পান কৰা কৰ্ণ ভৰি।
নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি॥



দুলৰি।


দুৱৰী এৰায়া কপি লৰি গৈলা,
 গড়ৰ উপাই পাইলা।
বোলে কৰ ৰোল বানৰ দেখিয়া,
তহিতে কপি ৰহিলা॥
ৰাজাৰ কুমাৰ অসংখ্যাত মানে,
 আন যত নৰ আছে।
সি সব লোকৰ স্বভাৱ দেখিয়া,
 হনুমন্তে গুণে পাছে॥

[ ১৭৩ ]

দেখি আছ তান বীৰ হনুমান,
 কোপ কৰি দিল দেও।
দেখিয়া সবেও ভয়েসে থাকিলা,
 লক্ষিতে নাপাৰে কেও॥
বুঢ়া পাত্ৰে বোলে  শুনা তুমি কথা
 থাকা তুমি কোন ঠাই।
হনুমন্তে বোলে একে একে শুনা,
 বৰ্ণাবোঁ তোমাৰ ঠাই॥
হনুমন্তে বোলে শুনিয়ো বোপাই
 কহোঁ তযু চৰণত।
সিন্ধুৰা নগৰ মোৰ নিজ থান
 থাকো গড় বহিৰত॥
বুঢ়া পাত্ৰে বোলে শুনিয়োক বাপু
 কহিয়োক তোৰ নাম।
হেন শুনি কপি পাত্ৰক কহয়
 মোৰ কপিবৰ নাম॥
ভাৰ্য্যা পুত্ৰ মোৰ  কিছুয়ে নাহিকে
 মাগি যাচি আনি খাওঁ।
তোমাৰ চৰণ সেৱা কৰি থাকোঁ
 যদি অন্নে বস্ত্ৰে পাওঁ॥
বুঢ়া পাত্ৰে বোলে মোৰ পুত্ৰ বুলি
 ৰাজাত নিয়া ভেটাওঁ।
হনুমন্তে বোলে কিছু দেখা নাই
 তোমাৰ পাছত যাওঁ॥
নানা কৰ্ম্ম কৰি বৰ দুখ পাইলা
 আমি ভৈলো তযু ভৃত্য।
পিতৃ মাতৃ মোৰ তুমিসে আটাই
 কৰো মই কিবা কৃত্য॥

[ ১৭৪ ]

নানা অলঙ্কাৰে শৰীৰ মাৰ্জ্জিয়া
 মাৰুতিক লৈয়া যাই।
সাত খান সিংহ দুৱাৰ এৰায়া
 ।ৰাজাৰ ওচৰ পাই।
শুনা সভাসদ অশ্বমেধ পদ
 নকৰিয়ে মনে হেলা।
পাতক ছাৰোক ৰাম বুলিয়োক
 তৰিবাঁ সংসাৰ মেলা।


[ ১৭৫ ]

গঙ্গাদাস সেন।

মহাভাৰত—অশ্বমেধ পৰ্ব্ব।

জৈমিনি বদতি কথা শুনা নৰনাথ।
ঘোড়া লৈয়া দক্ষিণক চলিলেক পাৰ্থ॥
পৰ্ব্বতৰ মধ্যে ঘোড়া বনে বনে যাই।
হাতে ধনু ধৰি পাৰ্থ পাছে পাছে যাই॥

বন মধ্যে বন জন্তু দেৱতা কিন্নৰে।
যক্ষ গন্ধৰ্ব্ব সিদ্ধ তথা তপ কৰে॥
মহা মহা জন আছে পৰ্ব্বত নিবাসী।
হৰি ভক্ত যত প্ৰিয় ঋষি যে তপস্বী॥

নানা বৰ্ণ পক্ষীগণ নানা বৃক্ষ লতা।
নানা গন্ধে পুস্পগণ বসন্তে পুষ্পিতা॥
দৈব গতি সেই ঘোড়া, গিৰি গৈয়া চড়ে।
শিলা অঙ্গ হৈয়া ঘোড়া নিঃশব্দ হৈ পৰে॥

দেখিয়া বিস্ময় হৈল বীৰ ভাগ যত।
সত্বৰে জনাইলা গৈয়া পাৰ্থৰ আগত॥
শুনিয়া বিস্ময় হৈল অৰ্জ্জুনৰ মনে।
প্ৰদ্যুম্নে সহিতে গৈলা চাইতে কাননে॥

আসিয়া দেখিল ঘোড়া হৈছে অচেতন।
কি হৈল কি হৈল বুলি চিন্তিত ভৈল মন॥
নিঃশব্দ হৈয়াছে ঘোড়া পড়িছে শিলাত।
পৰ্ব্বত সন্নিধে গৈলা জিজ্ঞাসিবে মত॥

[ ১৭৬ ]

যৌবনাশ্ব নীলধ্বজ কৰ্ণৰ নন্দন।
সত্যৰ্কী সহিতে কৰি এই পাঞ্চজন॥
সৌভৰি মুনিৰ তথা আছয়ে আশ্ৰম।
আতি বিচক্ষণ পুৰি নাহিকে উপাম॥

বসি আছে মহামুনি আশ্ৰম ভিতৰ।
জ্বাজ্বল্য সমান তেজ উদিত ভাস্কৰ॥
পৰিচয় দিয়া কথা কহে আপোনাৰ।
ভক্তিয়ে মুনিৰ পদে কৰি নমস্কাৰ॥

শিষ্য উপশিষ্য লৈয়া শাস্ত্ৰ বিচাৰয়।
হেন কালে পাৰ্থ গৈয়া তথাতে মিলয়॥
যুধিষ্ঠিৰ নামে ৰাজা হস্তিনা পুৰয়।
জ্ঞাতি পাপ ভয়ে তেহে যজ্ঞক কৰয়॥

ধনঞ্জয় নাম মোৰ অনুজ তাহাৰ।
সৈন্য লৈয়া আসি আছো ঘোড়া ৰাখিবাৰ॥
বিপৰীত ফল তাতে কিহেতু নাজানি।
ইহাৰ বৃত্তান্ত মুনি কহা তভো শুনি॥

ইহা শুনি হাসি বোলে সৌৰভি মহামুনি।
তাৰ্জ্জুনকে সম্বোধিয়া বুলিলেক বাণী॥
অকাৰণে বোলা তুমি জ্ঞাতি কৈলে বধ।
তোমাৰ সম পৃথিবীত নাহিকে মুগধ॥

আপুনে স্ৰজিয়া সৃষ্টি আপুনি যে মাৰে।
মনে তুমি ভাবি চাহা কিবা কাক পাৰে॥
সংসাৰ হৰিৰ লীলা শুন নৰবৰ।
কীট লতা গিৰি বৃক্ষ যত চৰাচৰ॥

ভক্তি ৰূপে যেই তুমি স্মৰয়ে জগন্নাথ।
শত অশ্বমেধ তুল্য কহিলো তোমাত॥
হেন হৰি থৈয়া তুমি সাৰথি ভাৰসা।
যজ্ঞৰ কাৰণ তুমি মিছা কৰ আশা।

[ ১৭৭ ]

কল্প বৃক্ষ এৰিয়া মদাৰ আন কিনি।
গুঞ্জ হাৰ বাঞ্ছাকৰ এড়ি চিন্তামণি॥
সাক্ষাততে থৈয়া হৰি তেজি আইলে এথা।
আতি মূঢ় কৰ্ম্ম তো জানিলো সৰ্ব্বথা॥

পাৰ্থে বোলে মুনিবৰ কহিছা সাফল।
বুজাতে নুবুজে মন বৰতো চঞ্চল॥
সৰ্ব্ব পাপ খণ্ডে কৃষ্ণৰ লৈলে এক নাম।
মন পবিত্ৰ হৱে কৰিলে যজ্ঞ কাম॥

তেবে মুনিবৰে কহে অৰ্জ্জুন সাক্ষাতে।
শিলাৰ বৃত্তান্ত কহো শুনা তুমি পাৰ্থে॥
উদ্যান মুনিৰ ভাৰ্য্যা নাম তান চণ্ডী।
আপোন কৰ্ম্ম কৰে তেহে স্বামীৰ বাক্য খণ্ডি॥

স্বামী যেই বাক্য বোলে তাক নাহি ধৰে।
নিজ মনে যেই ধৰে সেই কৰ্ম্ম কৰে॥
যেই কালে সেই চণ্ডী পিতৃ ঘৰে ছিল।
উদ্যানক বৰি নিয়া কন্যা বিহা দিল॥

কন্যা দান দিলা বিপ্ৰ অগ্নি বিদ্যমানে।
চণ্ডী সম্বোধিয়া বাক্য বুলিলা তেখনে॥
স্বামীত কৰিবা ভক্তি থাকিয়ো যতনে।
কদাচিতো নালঙ্ঘিবা স্বামীৰ বচনে॥

চণ্ডী বোলে এই বাক্য ব্যৰ্থে কহ মোকে।
শুনিতে অশক্য কথা চিতে নাহি ঠেকে॥
কদাচিতো নাৰাখিবো বচন তাহাৰ।
বাক্য লেশ কৰিলে ছাৰিবো বাৰেবাৰ॥

সত্যে সত্যে তোমাতে কহিলো এই মজ্জা।
মন মোৰ স্বামীদেৱ মন মোৰ ৰাজা॥
মনে মোৰ যেই লৱে তাহাকে কৰিবো।
যেই বাক্য বলে ভৰ্ত্তা তাকে নধৰিবো॥

[ ১৭৮ ]

চণ্ডীৰ বচন শুনি হৈলন্ত দুঃখিত।
হাসিয়া বুলিলা তেৱে মুনি সমুদিত॥
ভাবিয়া বহিল দুযখ বিবাহেৰ কাল।
শিশু বুদ্ধি বুলিলেত কালে হৈব ভাল॥

তেৱে মুনি উদ্যান চণ্ডীক বিহা কৰি।
আপোনাৰ সঙ্গে গৈয়া চণ্ডী সঙ্গে কৰি॥
এই মতে ঘৰে চণ্ডী গৈল কত কাল।
যৌৱন দেখিয়া মুনি বুলিলা সকাল॥

অগ্নি পূজা কৰ চণ্ডী হৈয়া একচিত।
পাইবা উত্তম পুত্ৰ মনেৰ বঞ্ছিত॥
অগ্নি না পূজিলে পুত্ৰৰ নাহি প্ৰয়োজন।
এত শুনি ক্ৰোধে চণ্ডী বুলিলা বচন॥

মুনি বোলে শুন কহো পৰলোক হিত।
শুনিতে হৰিষ বৰ পৰম পিৰিত॥
মুনি বোলে চণ্ডী মোৰ কমণ্ডলু ধৰ।
চণ্ডী বোলে নাহি আমি তোমাৰ কুৰ্পৰ॥

মুনিব হস্তৰ কমণ্ডলু, কাঢ়ি লৈলা।
ভূমিত আচাৰি তাক চূৰ্ণাকৃত কৈলা॥
তোমাৰ আজ্ঞাকাৰি আমি তুমি হেন জানি।
ৰাত্ৰি কালে শয়ন কৰয় একাকিনি॥

কাম ভাৱে চাহে মুনি দিতে আলিঙ্গন।
চক্ষু পকাই বোলে চণ্ডী নিষ্ঠুৰ বচন॥
চণ্ডী বোলে থাক তুমি আপুনা জানিয়া।
আৰ কিছু নাবুলিয়া আমাৰে দেখিয়া॥

মুনি বোলে তোক আমি নাবুলি নিষ্ঠুৰ।
থিৰ হৈয়া থাক তুমি আমি যাইয়ো দূৰ॥
এই বুলি তেখনে বাইৰ হৈলা মুনি।
ৰহিলা নিশব্দ মনে ধৰ্ম্ম ভাবি পুনি॥

[ ১৭৯ ]

সুখে ঘৰে নাহি থাকে কান্দয় সদায়।
কান্দন্তে পুহাইল নিশা অন্ন নাহি যায়॥
সেই কালে কুণ্ডিল মুনি অসিল আশ্ৰমে।
শিষ্য সমে তথা আইলা তীৰ্থ যাত্ৰাক্ৰমে॥

গুৰু দেখি সম্ভ্ৰমে উঠিল আথেবেথে।
পাদ্য অৰ্ঘ্য দিয়া পূজা কৈলা বিধি মতে॥
কুণ্ডিলে বোলয় বাৰ্ত্তা কহতো কুশল।
চিন্তা যুক্ত দেখি বৰ শৰীৰ দুৰ্ব্বল॥

সন্ততি হইছে কিবা কহ তপোধন।
সংসাৰত লতা শুদ্ধি পিণ্ডৰ কাৰণ॥
ভক্তিয়ে গুৰুৰ পদে কহেত উদ্যান।
স্ত্ৰী নহে ঘৰে মোৰ বিধি বিড়ম্বন॥

পুত্ৰ কন্যা নাহি মোৰ আপোনে একক।
স্ত্ৰী মাত্ৰ আছে মোৰ কুলেৰ কলঙ্ক॥
কুল ধৰ্ম্ম নামানে নামানে বিবাহিতা।
তাহাৰ কাৰণে মোৰ এতেক অৱস্থা॥

বিভাৰ কৰিতে উঠে মন্দ বাক্য বুলি।
সম্প্ৰতি দেখিয়ে মোৰ পিতৃ শ্ৰাদ্ধ কালি॥
কেমন প্ৰকাৰে গুৰু উপেক্ষিয় তাৰে।
হেন জানি গুৰুদেৱ আজ্ঞা কৰ মোৰে॥

হাসিয়া কুণ্ডিলে বোলে নাহৈবা ব্যাকুলি।
ব্যাজ প্ৰকাৰে শ্ৰাদ্ধ কৰি দিব কালি॥
কিছু গুপ্ত সঙ্কেত অছায় এই কৰ্ম্ম।
মন্দ কৰ্ম্ম কৰিতে কৰয় ভাল কৰ্ম্ম॥

এত শুনি উদ্যান হৰিষ ভৈলা চিত্তে।
চণ্ডীক বুলিলা কৰ্ম্ম আনিয়া আগতে॥
গুৰুদেৱ আসি আছে অতিথি আমাৰ।
ভোজন জিজ্ঞাস কিছু নকৰিব্যে তাৰ॥

[ ১৮০ ]

চণ্ডী বোলে তোমাৰ জিজ্ঞাস কোন জন।
কৰিবো অতিথি পূজা তোমাৰ চৰণ॥
তেবে চণ্ডী ফল মূল আনিলেক কাছে।
কৰিলা অনেক পূজা বিধি যেন আছে॥

দেখিয়া হৰিষ মুনি মনে ভাবি পাছে।
পাৰিবো সাধিতে কাৰ্য্ড় প্ৰকাৰ কৰি ব্যাজে।
মুনি বেলে পিতৃ শ্ৰাদ্ধ হৈবে কালি দিনে।
নাকৰিবো কালি শ্ৰাদ্ধ হেন লৱে মনে॥

চণ্ডী বোলে শ্ৰদ্ধ নকৰিবা কেনে তুমি।
শ্ৰাদ্ধৰ যতেক দ্ৰব্য আনি দিবো আমি॥
মুনি বোলে শ্ৰাদ্ধ কালি হৈব দৈব যোগে।
কথাহন্তে পাইবো বস্ত্ৰ শ্ৰাদ্ধে যেন লাগে॥

ব্ৰাহ্মণক পাই কথা শ্ৰাদ্ধ কৰিবাৰ।
বেদহীন ক্ৰিয়াহীন পতিত দুৰাচাৰ॥
কান মূঢ় সাম দণ্ড পতিত দুৰাচাৰ।
অঙ্গ হীন ক্ৰিয়া হীন আতি কদাচাৰ॥

চণ্ডী বোলে তাকে আনি কোন প্ৰয়োজন।
আনিবো বৰিয়া মই উত্তম ব্ৰাহ্মণ॥
বেদত পাৰ্গত হৈব শাস্ত্ৰ পৰায়ণ।
পুত্ৰ ভাৰ্য্যা সুতা শুচি কুলীন ব্ৰাহ্মণ॥

পিতৃ শ্ৰাদ্ধ পাৰি চণ্ডী দৈবেসে কৰিতে।
স্বধাধিক ধান্য নাহি শ্ৰাদ্ধ পাত্ৰে দিতে॥
বচনেক বোলো চণ্ডী শুনা মোৰ কথা।
শ্ৰাদ্ধ নাকৰিবো কালি কহিলে সৰ্ব্বথা॥

জীৰ্ণ্ণ বস্ত্ৰ কথা পাইবো শ্ৰাদ্ধত দিবাৰ।
তণ্ডুল মিলিব কথা কৃষ্ণ শ্যাম কাৰ॥
চণ্ডী ফুল কথা পাইবো কৰি পুৰস্কাৰ।
নীল বস্ত্ৰ কথা পাইৰো শ্ৰাদ্ধেত দিবাৰ॥

[ ১৮১ ]

শষ্য তৈল আনি দিয়া সাক্ষাতে অঙ্গয়।
দীপ আৰোপণ কৰি শ্ৰদ্ধেৰ সময়॥
এসকল বস্তু যদি আনহ সাক্ষাতে।
তেবেসে কৰিবো শ্ৰাদ্ধ কহিলো তোমাতে॥

চণ্ডী বোলে এহি বাক্য মনে নাহি ৰুচে।
ভাল ভাল বস্ত্ৰ দিবো বেদে যে কহিছে॥
শ্বেত তণ্ডুল পূৰ্ণ উপহাৰ দিবে পূৰি।
নানা দ্ৰব্য আনি দিলা সন্দেশ আদি কৰি॥

মনোহৰ সন্দেশ বটক ফেলিকাৰ।
পায়স মণ্ডিত সৰে মোদক অপাৰ॥
দধি দুগ্ধ মোদক ঘৃত উত্তম কদলী।
তিল তৈল দিল দীপ কৰিতে উজ্বলি॥

শ্বেত তণ্ডুল দিল অন্ন ভুঞ্জ যে কৰিতে।
উত্তম বস্ত্ৰক দিল কাঞ্চনে সহিতে॥
উত্তম কদলী দিল তাম্বুল নাৰিকল।
কমণ্ডলু ভৰি শ্ৰদ্ধে দিলা গঙ্গাজল॥

জৈমিনি বদতি কথা শুনহ ৰাজন।
উদ্যান থানত চণ্ডী দিলে এক মন॥
বেদৰ বিহিত যত কৰ্ম্ম নিবৰ্হিল।
পাসৰিয়া মন ভ্ৰমি চণ্ডীক বুলিল॥

শ্ৰাদ্ধ অৱশেষ বস্তু তুলসী আৰু তিলে।
বিসৰ্জ্জন কৰ নিয়া জাহ্নবীৰ জলে॥
শুনিয়া মুনিৰ বাক্য চণ্ডীৰ মন কষ্টে।
জলে নাহি পেলাইলা পেলাইলা উচ্ছিষ্টে॥

ইহা দেখি ক্ৰোধে শাপ দিলেক উদ্যান।
শিলা হৈয়া চিৰকাল থাক এহি থান॥
পাণ্ডৱ কৰিবা যজ্ঞ জ্ঞাতি পাপ ভয়।
ঘোড়া লৈয়া এথাতে আসিব ধনঞ্জয়॥

[ ১৮২ ]

অৰ্জ্জুন পৰশে তোৰ হৈব অব্যাহতি।
ততকাল এথা থাক হৈয়া শিলা মূৰ্ত্তি॥
এহি বুলি গৈলা মুনি ক্ৰোধে শাপ দিয়া।
তথাতে ৰহিলা চণ্ডী শিলা মূৰ্তি হৈয়া॥

দৈৱ যোগে সেই পথে ৰাম যাইতে হাটি।
ঠেকিলেক বাম পাৱ শিলাৰ উকটি॥
আচম্বিতে শিলা মুৰ্ত্তি হৈলেক প্ৰসন্ন।
দেখিয়া বিস্ময় হৈল শ্ৰীৰামৰ মন॥

ক্ৰুদ্ধ হৈয়া ৰামক বুলিলা চণ্ডী ৰামা।
কামভাৱ হৈয়া কেনে পৰশিলা আমা॥
ৰামে বোলে তোমাক আমি পৰ্শ্চিলো নাজানি।
পূৰ্ব ৰূপ হৈয়া থাক শিলা হৈয়া তুমি॥

এহি বুলি বনান্তৰে গৈলা ৰঘুনাথ।
শিলাময় হৈয়া চণ্ডী ৰহিলা তথাত॥
সৌভৰি মুনিয়ে বেলে শুনহ অৰ্জ্জুন।
তোমাতে কহিলোঁ মই শিলা চণ্ডী গুণ॥

চিৰকাল শিলা হৈয়া আছে এই ৰূপে।
পৰশ কৰস চণ্ডী মুক্ত হৌক শাপে॥
মুনিৰ বচন শুনি পাৰ্থ কুন্তী সুতে।
প্ৰণাম কৰিয়া চণ্ডী পৰ্শিলা হাতে॥

মুক্ত হৈয়া উঠে চণ্ডী পাইলন্ত যৌবন।
বাৰ্তা পায়া উদ্যান আসিলা ততক্ষণ॥
অৰ্জ্জুনক বহুত কৰিলা পুৰস্কাৰ।
চণ্ডী লৈয়া গৈল মুনি ঘৰে আপোনাৰ॥

সষ্টিবৰ সুত সেনে গঙ্গা দাসে কয়।
চণ্ডী শিলা শাপ মুক্ত ষোড়শ অধ্যায়॥


[ ১৮৩ ]

সুবুধি ৰাই।

মহাভাৰত—অশ্বমেধ পৰ্ব।

সুধন্বা বধ।

পুনু ৰাজা জিজ্ঞাসিলা মুনিৰ আগত।
কহ দেখি পাচতে কি হৈল কেন মত॥
শুনিতে অপুৰ্ব্ব কথা অমৃত ভাষিত।
সাধু বীৰ সুধন্বাৰ বিষ্ণু ভক্তি চিত॥

জৈমিনি বদতি কথা শুনহ ৰাজন।
কৃষ্ণৰ মহিমা কথা নযাই কহন॥
দয়াৰ ঠাকুৰ হৰি সেৱক বৎসল।
অনাথৰ নাথ হৰি কৰুণা কমল॥

তৈল কটাত সুধন্বা আছয় সানন্দিত।
তাদেখিয়া দুই দ্বিজ হৈলযে ত্ৰাসিত॥
দূতক পঠায়া দিলা বাৰ্ত্তা লৈতে সাৰ।
কিবা বোলে কিবা জপে বুজ সাধন্বাৰ।।

দূতে আসি জিজ্ঞাসিলা সুধন্বা আগতে।
মুখ ভৰি কিবা জপ কহ শুনি ততে॥
সুধন্বায়ো বোলে দূত শুন কহে তোকে।
কৃষ্ণ নাম পৰে আমি কি বুলিবো মুখে॥

হৰি সে বান্ধৱ মোৰ হৰিসে সম্পদ।
যাহাৰ প্ৰসাদে এড়াই অঘোৰ আপদ॥
পুনু দূতে কহিলেক মুনিৰ সমীপে।
কহিল সুধন্বা নাম কৃষ্ণ কৃষ্ণ জপে॥

[ ১৮৪ ]

এই শুনি দুই দ্বিজ হৈইল বিস্মিত।
সাধু বীৰ সুধন্থাৰ বিষ্ণু ভক্তি চিত॥
বিবেক নাহিকে আমাৰ অতি দৃঢ় বুকে।
হেন বৈষ্ণৱক আমি দিলো এত দুখে॥

হাহা কৰি নিজ, কৰ্ম্ম আপুনাকে নিন্দি।
কেন জগন্নাথে আমা দিলে হেন বুদ্ধি॥
আমাৰ সম পাতকী ভুবন মধ্যে নাই।
প্ৰাণান্ত প্ৰায়শ্চিত্ত আমাক কৰিল গোসাই॥

এই বুলিয়া হৃদয়ে ভাবিয়া দুঃখ কথা।
সুধাৰ কাছে গৈলা তৈল কটা যথা॥
তৈল কটা মধ্যেহানে সুধন্বাকে তুলি।
হৰিষে ধৰিয়া দুয়ো কৰে কোলাকুলি॥

সুধন্বাত পৰি হাৰ মাগে দুই দ্বিজে।
আজি পৰিত্ৰাণ আমি হৈলো তোমাৰ কাজে॥
সাধু বীৰ ক্ষত্ৰী তুমি সাধু তোৰ চিত্ত।
দাৰুণ ব্ৰাহ্মণ আমি বিবেক বৰ্জ্জিত॥

তৈলে তোমা পেলাইলো নিষ্ঠুৰ হৈয়া চিত্তে।
অব্যাহতি পাইলা তুমি আপোনাৰ সত্যে॥
তোমাক দহিতে নৰে শক্তিয়ে পায়ক।
পৰম বৈষ্ণৱ তুমি বিষ্ণুৰ সেৱক॥

সংসাৰৰ সাৰ প্ৰভু জগন্নাথ স্বামী।
প্ৰণান্ত হৃদয়ে দৃঢ় কৰি আছা তুমি॥
জগত প্ৰসিদ্ধ তুমি পুৰুষ সাধক।
পাপ বিবৰ্জ্জিত তুমি গুণ প্ৰকাশক॥

ৰাজ পুত্ৰ ৰাজা তুমি অতুল্য বিক্ৰম।
সৈন্য লৈয়া যুদ্ধে চল না কৰ বিলম্ব॥
পাণ্ডৱৰ পাৰ্থ ঘোড়া লৈয়া জগন্নাথে।
পাৰ্থে যে সাৰথি হৈয়া আসিছে এথাতে॥

[ ১৮৫ ]

বাহুবলে অৰ্জ্জুনক জিনিয়া ৰণয়।
যশ কীৰ্ত্তি স্থিৰ কৰা পাছে পুণ্যচয়।।
হংসধ্বজ সম্বোধিয়া বুলিলা ব্ৰাহ্মণ।
কুলৰ প্ৰদীপ তোৰ পুত্ৰ সনাতন॥

মন্ত্ৰ জপ কৃষ্ণ নাম দৃঢ় কৰি মনে।
তৈল কটা উদ্ধাৰিল আপুনাৰ গুণে॥
তেবে ৰাজা পুত্ৰক আনিয়া কৌতুহলে।
আলিঙ্গন দিয়া পুত্ৰ প্ৰিয় বাক্য বোলে।।

নয়নে আনন্দ মোৰ পুণ্যৰ উদয়।
তুমি পুত্ৰৰ পিতৃ আমি নাহিকা সংশয়॥
ক্ৰুদ্ধ হৈয়া তোমা পুত্ৰ পেলাইলো তৈলে।
কেশৱ প্ৰসাদে পুত্ৰ ৰাখিল অনলে॥

ধৰ্ম্ম লঙ্ঘ নাহৈলেক সত্য হোৱে ভ্ৰষ্ট।
সত্য হীন হৈল যদি অৱশ্যে হৈল নষ্ট॥
তৈল কটা পেলাইলো তোমা নিষ্ঠ হৈয়া চিত্তে।
অব্যাহতে পাইলা তুমি আপনাৰ সত্যে॥

এত শুনি দুঃখ হৃদয়ত নাধৰিয়ে তাপ।
ৰথ আৰোহণ কৰি যুদ্ধে চল বাপ॥
ধনঞ্জয় আসি আছে গোবিন্দৰ সখা।
শুভক্ষণে কৰ গৈয়া তান সনে দেখা॥

এহি যুদ্ধে বৰ লক্ষ কহে শুনে তাকে।
কৃষ্ণ মুখ দেখি কৰ জন্মৰ সাৰ্থকে॥
এহি বুলি নৃপতি ঢোলত দিল বাৰি।
ধৰিল তুকঙ্গ গৈয়া সৰ্ব্ব সৈন্যে বেঢ়ি॥

ঘোড়া উপেক্ষণ কৰি আপানাৰ স্থানে।
দীপ ধুপ দিয়া ঘোড়া পূজিলা বিধানে॥
পুনৰপি চলিলেক সংগ্ৰামৰ তৰ।
যথাতে আছয় বীৰ পাৰ্থ ধনুৰ্ধৰ॥

[ ১৮৬ ]

দীৰ্ঘ ধ্বজ চাৰু ৰথ বিচিত্ৰ পতকা।
চাৰি ভিতে সৈন্য বহু নাহি লেখা জোখা॥
মহাৰথী গণ যত দেখিতে শোভিত।
বায়ু সম গতি ৰথ চামৰে বেষ্টিত॥

সুবৰ্ণৰ মালা গলে হাতে দিব্য ধনু।
বীৰ সব প্ৰসন্ন প্ৰকাশে যেন ভানু॥
যুদ্ধগামী হৈ ৰহিল ৰণ স্থলে।
ধৰিয়া বিচিত্ৰ বাণ গগণ মণ্ডলে॥

সুধন্বা সুৰথ আৰু সুমতি সুধৰ্ম্মা।
বীৰ কেতু পূৰ্ণৰথ বীৰভাগ সমা।
দুন্দুভি বিসান বায়ে বীৰ যে মাদল।
ঢাক ঢোল নানা বাদ্য কৰে কোলাহল॥

প্ৰসন্ন হৈইল তবে সৈন্য সমূচয়।
দেখিয়া বিস্মিত ভৈল বীৰ ধনঞ্জয়॥
প্ৰদ্যুম্ন সাতকী আৰু কৃতবৰ্ম্মা বীৰ।
বৃষকেতু মহাবীৰ প্ৰবীণ শৰীৰ॥

যৌবনাশ্ব তনুশল্য নীলধ্বজ নৃপ।
এসব বীৰ সব আইলা পাইলা যে সমীপ॥
সম্বুধিয়া ধনঞ্জয়ে বুলিলা বচন।
ঘোড়া নিল হংসধ্বজে কি হৈব এখন॥

এত শুনি কামে বোলে শুনা ধনুৰ্ধৰ।
কৃষ্ণে যে কহিছই বাক্য চিত্তে হৈল মোৰ॥
পিতা কৃষ্ণে অঙ্গীকাৰ কৰিছে পূৰ্বতে।
যুধিষ্ঠিৰ নৃপতিৰ ভীমৰ সাক্ষাতে॥

ধনঞ্জয় পৰে মোৰ নাহি বন্ধুজন।
সংগ্ৰামে সঙ্কেত তাৰে কৰিবো পালন॥
তাকে পাসৰিলা হেন লৱে মোৰ মনে।
যাৱতে আছয় মোৰ কণ্ঠাগত প্ৰাণে॥

[ ১৮৭ ]

সুধন্বা সুৰথ আদি যত বীৰগণ।
তীক্ষ্ণ শৰ ঘাতে সবাক কৰিবো নিধন॥
প্ৰদ্যুম্নৰ বচন শুনিয়া কৌতুহলে।
অৰ্জ্জুনক সম্বোধিয়া বৃষকেতু বোলে।।

নিশ্চিন্তিত হুয়া তুমি সুখে থাকা বসি।
মোৰ মনে সৈন্য সব তৃণসম বাসি॥
হংসধ্বজ সৈন্য জিনি বীৰ ভাগ যতে।
আনি দিবো যজ্ঞৰ ঘোড়া তোমাৰ আগতে॥

এহি বুলি বৃষকেতু সিংহনাদ কৰে।
হংসধ্বজ সৈন্য প্ৰতি ধাইলন্ত সত্বৰে॥
ৰথ আৰহণ কৰি ধনু লৈয়া হাতে।
দঢ়াই ৰহিল গৈয়া সুধাৰ আগতে॥

কিৰীটি কুণ্ডল গলতলে মুক্তাহাৰ।
দেখিয়া সুধম্বা বীৰে কৰিলা প্ৰচাৰ॥
বিচিত্ৰ কবচ গাৱে দেখিয়া শোভন।
ইন্দ্ৰৰ সমান দেখি হাতে শৰাসন॥

সূৰ্য্যৰ কিৰণ জিনি তেজ পুঞ্জময়।
অনুমানে বুজো তুমি বীৰ ধনঞ্জয়॥
কোন বংশে জন্ম তোমা কাৰ হৱা পুত্ৰ।
আপোনা জনায়া কহ শাখা নাম গোত্ৰ।।

বৃষকেতু বোলে বীৰ পৰিচয় লহ।
কাশ্যপ কুলত জন্ম সূৰ্য্য পিতামহ।
জগত প্ৰসিদ্ধ দাতা কৰ্ণ সেনাপতি।
বৃষকেতু নাম মোৰ তাহাৰ সন্ততি॥

এত শুনি সুধন্বয় হাসিয়া বোলয়।
অল্প যশ হুয়া বেটা জাতিয়ে বৰ্ণয়॥
সুধন্বা আমাৰ নাম যশৰ সাগৰ।
জাতিয়ে ক্ষত্ৰিয় আমি চম্পকৰ ঈশ্বৰ॥

[ ১৮৮ ]

মধুগুল্য গোত্ৰ ঋষি ৰাজ বংশে জাত।
হংসধ্বজ নাম আমি জনাইলো তোমাত॥
ত্ৰৈলোক্য প্ৰসিদ্ধ সূৰ্য্য জগত নায়ক।
তাহাৰ তনয় সে যে কৰ্ণৰ আন্মক॥

এতেক প্ৰতাপ তুমি কব মোৰ ঠাই।
তিল মাত্ৰ ৰহ আগে খণ্ডাইবো বঢ়াই॥
বৃষকেতু বোলে বীৰ মিছা কৰ গৰ্ব্ব।
সংগ্ৰামে পশিলে বুজি যাৰ যেন দৰ্প॥

এহি বুলি বৃষকেতু ক্ৰুদ্ধ হৈল মনে।
সৈন্যে সমে সুধন্বাক আবৰিলা বাণে॥
তাদেখিয়া সুধম্বা কুপিত হৈল মনে।
ধনু ধৰি বায়ু বাণ তাৰিলা তেখনে॥

তৃণ হেন বৃষকেতু উড়ুয়াইল বেগে।
ভূমিত পেলাইলা নিয়া অৰ্জ্জুনৰ আগে॥
ক্ষণেকে চেতন পাইলা কৰ্ণসুত বীৰে।
ৰণ মধ্যে প্ৰবেশিলা গৈয়া অভ্যন্তৰে।।

ক্ৰুদ্ধ হৈয়া বীৰ সব হংসধ্বজ গণ।
মণ্ডলী কৰিয়া বেঢ়ে কৰ্ণৰ নন্দন॥
চাৰি ভিতে ধনু ধৰি বিষম সন্ধানে।
সৈন্য সব কাটিয়া কৰিলা খান খানে॥

শক্তিশেল এৰে বীৰ এৰে ভিন্দিপাল।
নাৰাচ মূষল আৰ অস্ত্ৰ যে বিশাল॥
মেঘে যেন বৃষ্টি কৰে তেনে পড়ে বাণ।
বৃষকেতু বীৰে তাক নকৰে কটাক্ষণ॥

বাসুদেৱ স্মৰণে যেন পাপ নাহি ৰয়।
হেন মতে বীৰ সব কাটি কৈল ক্ষয়॥
অস্ত্ৰ নিবাৰিয়া বীৰ পৰম হৰিষে।
হংসধ্বজ সৈন্য কাটি পাৰে থানে থাসে॥

[ ১৮৯ ]

সৰ বৃষ্টি কৰিয়া যে চাইলা সংসাৰ।
অস্ত্ৰ ঘাতে সৰ্ব্ব সৈন্য কৰিলা সংহাৰ॥
তা দেখিয়া সুধন্বয়ে অগ্নি সম জ্বলে।
ধনু হাতে কৰিয়া কৰ্ণজে মহাবলে॥

গজ বাজী সৈন্য কাটি পাৰিলা ভূমিতে।
বাণে কাটি সৈন্য সব কৰি জৰ্জ্জৰিতে॥
ৰণ স্থলী নাহি দেখি বাণে অন্ধকাৰ।
বাণ কাটি বৃষকেতু হৈল আগুসাৰ॥

হংসধ্বজ সাৰথি সহিতে সুধন্থাকে।
পঞ্চ বাণে বৃষকেতু হানিলা মাঝ বুকে॥
পুনৰপি প্ৰবেশিলা সংগ্ৰাম ভিতৰে।
সৈন্য সব কাটিয়া পাৰয় নিৰন্তৰে॥

গৃদ্ধ পখে বিভুষিত ভয়ঙ্কৰ বাণ।
শিলাত ঘসিল বাণ বজ্ৰৰ সমান॥
বিচিত্ৰ চামৰ চয়ে বিচিত্ৰ যে ধ্বজে।
ক্ৰুদ্ধ হুয়া ৰণে সবে ছেদিল কৰ্ণজে॥

ৰণ গজ অশ্ব ৰথ সাৰথি সহিতে।
চক্ৰে কাটি বৃষকেতু পৰিলা ভূমিতে॥
কেতুৰ কাটিল মাথা কেতুৰ দুই কৰ।
পৰিল অনেক সৈন্য গৈল যমঘৰ॥

সৈন্য সংহত দেখিয়া সুধন্বাৰ মনে।
সন্ধানে পৰিয়া তেবে প্ৰবেশিলা ৰণে॥
অশ্ব ৰথ সাৰথিযে পঞ্চ বাণে ভেদি।
পঞ্চ বাণে সুধন্বায়ে পেলাইলেক ছেদি॥

ৰক্ত বৰ্ণ দুই আক্ষি কম্পাল যে কোপে।
বজ্ৰ হেন বাণ গোট হানিয়া ধনুকে॥
সূৰ্য্য সম তেজ বাণ আকৰ্ণ পুৰিয়া।
বৃষকেতুৰ বুকে হানে মৰ্ম্মস্থান চায়॥

[ ১৯০ ]

মূৰ্চ্ছিত হইয়া বীৰ পৰিয়া ৰথয়।
ৰথ লৈয়া সাৰথি পলাইয়া গৈল ভয়॥
বৃষকেতু বিমুখ দেখিয়া ৰণ মধ্যে।
ক্ৰেধে প্ৰদ্যুম্ন গৈয়া প্ৰবেশিলা যুদ্ধে॥

থাক থাক কৰি বীৰে প্ৰবেশিলা ৰণে।
সুধন্বাৰ উপৰে ক্ষেপিল পঞ্চবাণে॥
বাণে বাণ নিবাবিয়া হংসধ্বজ সুত।
ক্ৰোধ কৰি বাণ যোৰে যেন যমদূত॥

শত বাণে প্ৰদ্যুম্নকে অবৰিলা ৰণে।
ৰথ অশ্ব বহুত কাটিয়া পাৰে বাণে॥
চাৰি বাণে চাৰি ঘোড়া বিন্ধিয়া সত্বৰে।
বজ্ৰ হেন বাণ গোট আতি খুৰ ধাৰে॥

বিচিত্ৰ বিচিত্ৰ কৈলা সৰ্ব্বাঙ্গ বিন্ধিয়া।
আপোনাৰ বিক্ৰমৰ পৌৰুষ দেখায়॥
তিনি বাণে ধ্বজ কাটি পাৰিলা ভূমিত।
সৰ্ব্বাঙ্গ বিন্ধিয়া বীৰে কৰি জৰ্জ্জৰিত॥

প্ৰদ্যুম্নকে পঞ্চ বাণে হৃদয়ে হানে পুনি।
সিংহনাদ কৰিয়া কৰিল শঙ্খধ্বনি॥
আৰ ধনু হাতে কৰি কৃষ্ণৰ কুমাৰ।
গগণ চানিল বাণে কৰি অন্ধকাৰ॥

সুধান্বাৰ উপৰে যে বাণ চাইল আকাশে।
চতুৰ্ভিতি বাণ বৃষ্টি নেদেখি প্ৰকাশে॥
অন্যে অন্য দুই বীৰে বাণ বৃষ্টি কৰে।
মূৰ্চ্ছিত হৈইয়া বাণে পৰয় ৰুধিৰে॥

খনো উঠে খনো পৰে ক্ষণে আকাশত।
আকাশত গতি কৰি ভ্ৰমে দুই ৰথ॥
ক্ৰুদ্ধ হৈয়া সুধান্বয়ে সন্ধানে পুৰি ধনু।
সৰ্ব্ব গাৱে প্ৰদ্যুম্নৰ ভেদিলেক তনু॥

[ ১৯১ ]

কামদেৱ পৰাজিয়া হংসধ্বজ সুত।
ৰথ হস্তী কাটিলেক সৈন্য যে বহুত॥
বিন্ধিয়া সকল সৈন্য কৰিয়া জৰ্জ্জৰ।
কৃত ব্ৰহ্মা উপৰে হানিলা পঞ্চশৰ॥

তিনি বাণে তিনি শৰ কাটিয়া ত্বৰিতে।
সুধন্বাক পঞ্চ বাণে তাৰিলা পাচতে॥
ধনু ধৰি তনুশল্য ৰণে গৈয়া পশে।
সুধন্থাৰ উপৰে তেবে বাণ যে বৰিষে॥

একেশ্বৰে সৰ্ব্ব সৈন্য তুষিলেক ৰণে।
সুধন্বাক প্ৰশংসিলা সাধু সাধু জ্ঞানে॥
সৈন্যৰ সহিতে বীৰ ধনু লৈয়া কৰে।
শৰ বৃষ্টি কৰে ৰাজা সুধন্বা উপৰে॥

সুধন্বায়ে সৰ্ব্ব অস্ত্ৰ নিবাৰে লীলয়া।
শতে শতে অস্ত্ৰ কাটি ভূমিত পেলায়॥
নৱ বাণে ৰথ ছেদি পাৰিলা ভূমিত।
অনুশল্যৰ অঙ্গ বিন্ধি কৰিলা জৰ্জ্জৰিত॥

মূচ্ছা গৈয়া ৰাজা পাছে পড়িলা ভূমিতলে।
ভাগ্যে প্ৰাণ ৰক্ষা গৈল পিতৃ পূণ্যফলে॥
দৈত্য ৰাজা অনুশল্য পৰাজিত ৰণে।
পাৰ্থ সৈন্য বিন্ধিয়া জৰ্জ্জৰ কৈলা বাণে॥

গজ বাজী ৰথ ধ্বজ বীৰ সমুদিত।
চক্ৰে যে কাটিয়া সব পাৰিলা ভূমিত॥
ৰণ-গজ অশ্ব ৰথ পড়িল বহুল।
শোণিতে বহয় নদী মাংসে পঙ্কাকুল॥

জৈমিনি বদতি কথা মহাভাৰতয়।
পাৰ্থ সৈন্য হত অষ্ট দশম অধ্যায়॥
কাৰ্ম্মূকক লৈয়া হাতে পুৰিয়া সন্ধান।
সাত্যকীৰ হৃদয়ে হানিলা পাঞ্চ বাণ॥

[ ১৯২ ]

ক্ৰুদ্ধ হৈয়া সুধন্বা সাত্যকীৰ কাটে ৰথ।
অযুতে অযুতে বাণ উঠে আকাশত॥
সৰ্বাঙ্গ বিন্ধিয়া বীৰে কৈলা জৰ্জ্জৰিত।
অশোক কিশোক বন বসন্তে পুষ্পিত॥

অচেতন সত্যকী যে পাইলা মন দুঃখ।
পৰিল অনেক সেনা হৈয়া যে বিমুখ॥
নীলধ্বজ যৌবনাশ্ব বিমুখ হৈল বণে।
একে একে সকল জিনিল বীৰ গণে॥

সৈন্য হত দেখিয়া কুপিত হৈয়া মনে।
আপোনে অৰ্জ্জুনে গৈয়া প্ৰবেশিলা ৰণে॥
কাল কুঞ্জ নিবাৰ কীচক আদি কৰি।
ৰণ মধ্যে তুষিলে শঙ্কৰ ত্ৰিপুৰাৰি॥

কটাক্ষ নকৰিলোঁ মই সেসব ৰণত।
উপাধ্যায় দেখিলেক ভীষ্ম যেন মত॥
সুধায়ে বোলে পাৰ্থ কহি আছ তত্ত্ব।
জানিয়া বিক্ৰম তোমাৰ তেজ বীৰ্য যত॥

জিনিয়া অনেক বীৰ কৰিছা বিজয়।
কিন্তু আজি যুদ্ধে দেখো তোমাৰ সংশয়॥
মোৰ সনে তুমি আজি কি কৰিব ৰণ।
তোমাৰ ৰথে সাৰথি নাহিকা জনাৰ্দ্দন॥

তোৰ শক্তি সহিতে নবীন মোৰ বাণ।
অতি তীক্ষ্ণ ধাৰ বাণ বজ্ৰৰ সমান॥
তোৰ গলা পাইবো পাৰ্থ কহিলো নিশ্চয়।
বাপে যজ্ঞ কৰিব কাটিয়া সেই হয়॥

দেৱতা সহায় কৰি যদি আইস পাৰ্থ।
সাৰথি কৰিয়া যদি দেৱ জগন্নাথ॥
তথাপি অৰ্জ্জুন আমি জিনিবো তোমাকে।
প্ৰাণ লৈয়া ঘৰে যায়ো যদি ভয় থাকে॥

[ ১৯৩ ]

আমাক জিনিতে তোৰ নাহিকে শকতি।
কৃষ্ণ দৰশনে মৃত্যু পাইবোহো মুকুতি॥
আপোনাৰ প্ৰাণ যদি চাৱ ৰাখিবৰ।
ভক্তি কৰি হৰি তোল ৰথৰ উপৰ॥

এত শুনি ধনঞ্জয় ক্ৰুদ্ধ হৈল মনে।
শত বাণে সুধন্বাক আৰোপিল বাণে॥
ধনুত টঙ্কাৰ দিল যেন বজ্ৰাঘাত।
দশ বাণ মাৰিলেক চাৰিয়া পশ্চাত॥

লক্ষ লক্ষ অযুতে অযুতে মাৰে বাণ।
বাণে অন্ধকাৰ কৰি ঢাকিল গগণ॥
অৰ্জ্জুনৰ বাণ সব তৃণ হেন দেখি।
পুনু অস্ত্ৰ এড়িলেক ধনুত সন্ধানি॥

সুধন্বা কুপিত হুয়া শৰ বৃষ্টি কৰে।
বাণৰ উপৰে বাণ ক্ষেপিল অন্তৰে॥
বাণে অন্ধকাৰ কৰি ঢাকিল গগণ।
সব লোকে দেখিয়া বিস্ময় হৈল মন॥

তদন্তৰে অগ্নি বাণ ক্ষেপিল অৰ্জ্জুনে।
সুধন্বাৰ সৈন্য পুৰি আসে হুতাশনে॥
সংসাৰ দহয়ে যেন আৰ বীৰ গণ।
দেখিয়া বিস্ময় হৈল সুধন্বাৰ মন॥

সুধন্বায়ে বৰুণ বাণ সত্বৰে এড়িলা।
মায়া মেঘ কৰিয়া সংসাৰে জল কৈলা॥
ভুবন ব্যাপিত মেঘে বিদ্যুত গগণে।
মহা বায়ু হৈল কেহো নুশুনে শ্ৰৱণে॥

মহাশব্দ কৰি শিলা পৰয়ে নিৰ্ঘাতে।
অৰ্জ্জুনৰ সৈন্য সব ব্যাকুল হৈল শীতে॥
প্ৰচণ্ড প্ৰচণ্ড ফুটা ঘনে শিলা বৃষ্টি।
অন্ধকাৰ চতুৰ্ভিতি নাদেখিয় সৃষ্টি॥

[ ১৯৪ ]

বিজুলি চমক ঘনে বজ্ৰ হৱে পাত।
শ্ৰবণে নাশুনে কেহো ৰহে ঝঞ্জাবাত॥
যতেক ময়ূৰ পক্ষী শীতে হৈল নষ্ট।
যতেক চৰ্ম্মৰ বাদ্য সবে হৈলা ভ্ৰষ্ট॥

যত সব সৈন্য তাৰ একোৱে নহৈল।
গজ বাজী সৈন্য যত একে দৃষ্টি ৰৈল॥
বীৰঅঙ্গ বিবিধান বিবিধ বসন।
শীতে কম্পমান সব বঝাৱে দশন॥

তাক দেখি অৰ্জ্জুনে মাৰিলে বায়ু বাণ।
উড়াইলেক মেঘ তেবে কৈলা খান খান॥
ধ্বজ চক্ৰ পতকা সব উড়াইল বতাসে।
স্থিৰ হৈল সৈন্য সব অৰুণ প্ৰকাশে॥

দশে দিশ প্ৰকাশিত সূৰ্য্যৰ উদয়।
পৃথিবী শুখাইল ৰৌদ্ৰে সুখাই কৰ্দ্দময়॥
সুধন্বায়ে বোলে পাৰ্থ তুমি বৰ বীৰ।
আপোনাৰ বাহু বলে সৈন্য কৈলা স্থিৰ॥

ত্ৰিভুবনে নাহি বীৰ তোমাৰ সমান।
তাহাক কহিযে বীৰ ৰাখহ আপুন॥
এহি বুলি সুধন্বা এড়িলে শীঘ্ৰে বাণ।
এড়িলা অৰ্জ্জুনক প্ৰতি যুড়িয়া সন্ধান॥

বুকে আসি থেকে বাণ যেন বজ্ৰাঘাত।
আপোনাক ৰাখিতে পাৰ্থ বৰ পুৰুষাৰ্থ॥
বাণে মূৰ্চ্ছা গৈল বীৰ নাহিকে চেতন।
কৃষ্ণ কৃষ্ণ অন্তৰে পুনু কৰয়ে স্মৰণ॥

অৰ্জ্জুন স্মৰণে আইল দেৱ জগন্নাথ।
পৃষ্ঠত চাপৰ মাৰি বোলে উঠ পাৰ্থ॥
চক্ষু মেলি নাৰায়ণ দেখি ধনঞ্জয়।
দণ্ডৱতে প্ৰণাম তেবে কৰে চৰণয়॥

[ ১৯৫ ]

নাৰায়ণ সাৰথি অৰ্জ্জুন ধনুৰ্দ্ধৰ।
বাঢ়িল শৰীৰে বল শত গুণান্তৰ॥
যাৰ নাম স্মৰণে সে আপদ উদ্ধাৰি।
সশৰীৰে তাৰ পক্ষ নাৰায়ণ হৰি॥

অনন্ত ব্ৰহ্মাণ্ড পতি যাহাৰ সহায়।
ত্ৰিভুবনে তাক কিবা কৰিবে অপাই॥
দূৰে থাকি সুধন্বায়ে দেখিয়া শ্ৰীপতি।
হৃদয়ে কৰিলা বহু প্ৰণাম ভকতি॥

অৰ্জ্জুনক প্ৰশংসিয়া সুধন্বায়ে বোলে।
পৰম আনন্দ হৈয়া মন কৌতুহলে॥
মূৰ্ত্তিমন্ত সাৰথি গোবিন্দ তাৰ ৰথে।
অথনে প্ৰতিজ্ঞা কৰ আমাৰে বধিতে॥

পাৰ্থে বোলে তিনি বাণে সংহৰিব তোক।
নহে পুনু নৰকত গতি হৈবে মোক॥
যদি পূৰিতে নৰি মনেৰ বাঞ্ছিত।
সত্য সত্য বাক্য এহি কহিলো নিশ্চিত॥

সুধন্বয়ে বেলে পাৰ্থ এহি সত্য মোৰ।
তিনি বাণে তোমাৰ কাটিবো তিনি শৰ।।
এই ঘোৰ ৰণ মধ্যে গতি হৌক মোৰে।
তিনি বাণ পৰে যদি লৱা চাৰি শৰে॥

এ বুলিয়া সুধন্বা কুপিত হৈল মন।
শত বাণে ভেদিলেক শ্ৰীমধুসূদন॥
তদন্তৰে বায়ু বাণ হানিয়া ধনুত।
আকাশে ভ্ৰমায়া ৰথ পাড়িল ভূমিত॥

অৰ্জ্জুনক বাণ মাৰে চায়া দশোদিশে।
চক্ৰ হেন ফিৰে ৰথ ভূমি নাপৰশে॥
আপুনাৰ ভুজ বলে কৃষ্ণ মহাসন্ত।
দুই হাতে ধৰিয়া ৰাখিতে নাৰে ৰথ॥

[ ১৯৬ ]

কৃষ্ণে বোলে ধনঞ্জয় দেখহ আগতে।
মহাবীৰ সুধন্বাৰ তেজ বীৰ্য্য যতে॥
ব্যৰ্থ তুমি প্ৰতিজ্ঞা কৰহ অকাৰণ।
তিনি বাণে সুধন্থাক বধিবা কেমন॥

পূৰ্ব্বে যে প্ৰতিজ্ঞা কৈলা জয়দ্ৰথ বধে।
তাতে আমি যত দুঃখ পাইলো সেহি যুদ্ধে॥
ভদ্ৰাভদ্ৰ নাহি বুজ একো ব্যৱহাৰ।
প্ৰতিজ্ঞা কৰহ তুমি শঙ্কট আমাৰ॥

এক পত্নী ব্ৰত কৰে সদায়ে ধৰ্ম্ম মতি।
তুমি আমি কি কৰিবো তাহাৰ সঙ্গতি।।
সুধন্বাৰ তেজ বীৰ্য্য বল দৰ্প জাতি।
তাহাক জিনিবাক পাৰে কাহাৰ শকতি॥

প্ৰমাদ দেখিয়ো আজি সুধন্বাৰ যুদ্ধে।
পাৰ্থে বেলে পৰাজিবো তোমাৰ প্ৰসাদে॥
তিনি বাণে পৰাজিবো নাহিকে অন্যথা।
কুণ্ডল সহিতে আজি কাটি পাৰো মাথা॥

এহি বুলি শিলিমুখ লৈল ধনঞ্জয়।
সুধম্বাৰ দিকে তেবে অৰ্জ্জুনে নিৰীক্ষয়॥
ধনুত যুৰিয়া বাণ পুৰিয়া সন্ধান।
দশোদিশ অলৌকিক দীপ্তি কৰে বাণ॥

কৃষ্ণে বোলে পূৰ্ব্বে যেন গোবৰ্দ্ধন ধৰি।
ধেনু বৎস ৰক্ষা কৈলো আপোনাৰ পুৰি॥
সেহি সব পুণ্য দিলো বাণৰ উপৰে।
সুধাৰ মাথা গৈয়া কটোক সত্বৰে॥

আকাশে থাকিয়া দেখে সব দেৱগণ।
সুধন্বা পাৰ্থৰ যুদ্ধ দেখিতে কাৰণ॥
নানা অলঙ্কাৰে বেশ সুবেশ কৰিয়া।
কৌতুকে চাহান্ত দেৱে আকাশে থাকিয়া॥

[ ১৯৭ ]

বাণ হানি সুধন্বা প্ৰতিজ্ঞা কৰি বোলে।
যত পুণ্য কৰি আছোঁ জন্মিয়া ভুতলে॥
সেই পুণ্য ব্যৰ্থ যদি ব্যৰ্থ বাণ যাই।
অৰ্জ্জুনৰ বাণ তেবে কাটিয়া পেলাই॥

গোবিন্দৰ নাম জপি বৰ ভক্তি চিত্ত।
এহি বুলি বাণ এড়ি দিলেক ত্বৰিত।।
আকাশে চলিয়া যাই অৰ্জ্জুনৰ বাণ।
আসিতে সুধন্বা বাণ কৈলা খান খান॥

হাহাকাৰ কৰয় বেঢ়িয়া সবে নৰ।
বিস্মিত দেৱতা গণ যত চৰাচৰ॥
পুনৰপি অৰ্জ্জুনে বাণ সান্ধিলেক গুণে।
সুধন্বাক নিৰীক্ষিয়া চায়া কোপ মনে॥

কৃষ্ণে বোলে ক্ষিতি দানে যত পুণ্য হয়।
সকলে দিলয়োঁ মই বাণৰ মুখয়॥
সুধন্বৰ মাথা গৈয়া কটোক ত্বৰিতে।
অৰ্জ্জুনযে ৰক্ষা পাউক প্ৰতিজ্ঞা পূৰিতে॥

এত শুনি সুধন্বায়ে বোলে নাৰায়ণ।
আমাক বধিতে প্ৰভু তোমাৰ যতন॥
তথাপি কাটিবো অৰ্জ্জুনৰ তিনি শৰ।
দেখহ গোবিন্দ তুমি থাকিলা অন্তৰ॥

অৰ্জ্জুন বধিতে আমি কৰি আছো মন।
কৃতাৰ্থ কৰিয়া কৃষ্ণ কৰহ ৰক্ষণ॥
ধন্য হে অৰ্জ্জুন তুমি কীৰ্ত্তি বৰ জাত।
আপোনাৰ পুণ্য কৃষ্ণে দিলেক তোমাত॥

এবুলিয়া বাণ তেৰে যুড়িলা সুধন্বা।
বাণৰ মুখত উঠে অগ্নি কণা কণা॥
বাণ লৈয়া ধনঞ্জয় অগ্নি হেন ৰুষে।
কৃপণৰ ধন যেন এড়িলেক শেষে॥

[ ১৯৮ ]

সূৰ্য্য সম তেজ বাণ উঠিল আকাশে।
গগণে চিন্তিত দেৱ ধৰণী মানুষে॥
দুই বীৰে ৰণ কৰে প্ৰলয়ৰ মত্ত।
জয় বিজয় কেহো নুবুজি মহত॥

তেবেতো সুধা বীৰ হৈয়া প্ৰজ্বলিত।
কাটিয়া অৰ্জ্জুন বাণ পাৰিলা ভূমিত॥
কৃষ্ণে বোলে ধনঞ্জয় কি হৈব এখন।
প্ৰতিজ্ঞা পালিতে আজি নুবুজয় মন॥

নাবুঝিয়া কোন বুধি প্ৰতিজ্ঞা কৈলা বাক্য।
তোমাৰ সাহসে নবধিবা সুধন্বাক॥
সুধা জিনিতে বীৰ নাহি ত্ৰিভুবনে।
তোমা আমি একত্ৰে জিনিব আজি ৰণে॥

ধন্য যে সুধন্বা বীৰ সফল জীৱন।
প্ৰতিজ্ঞা পালিয়া বীৰ জিনি ঘোৰ ৰণ॥
কাৰ্য্য ৰাখিয়াছে বীৰ আপোনাৰ সত্যে।
অন্যায় কৰি বধো আমি তোমাৰ নিমিত্তে॥

ধনুকিত সান্ধি বীৰ লৱা এক শৰ।
এহি বাণে পাৰ্থ আজি জয় হৌক তোৰ॥
এহি বুলি নাৰায়ণে কৰে শঙ্খ ধ্বনি।
অৰ্জ্জুনেও দেৱদত্ত শঙ্খ ফুকে পুনি॥

তবে পাৰ্থ ধনুকত বাণ তোলে সান্ধি।
প্ৰতীক্ষা কৰিয়া বোলে কৃষ্ণ গুণনিধি॥
স্বৰ্গ মৰ্ত্ত্য পাতাল যতেক চৰাচৰ।
সব পুণ্য দিলো এই বাণৰ উপৰ॥

বাণৰ দক্ষিণে ব্ৰহ্মা হৈলা নিয়োজন।
মধ্য ভাগে কাল স্থিতি মুখে জনাৰ্দ্দন॥
পূৰ্ব্বে ৰাম অৱতাৰে বাণ নিয়োজিল।
শুনিয়া কৃষ্ণৰ বাক্য সুধন্বা হাসিল॥

[ ১৯৯ ]

জানিলো গোবিন্দ তোমাৰ প্ৰতিজ্ঞা বচন।
আমাক বধিতে তোমাৰ এতেক যতন॥
তোমা সম ত্ৰিভুবনে নিৰ্দ্দয় নাহি হৰি।
আমাক বধিতে তুমি এত যত্ন কৰি॥

প্ৰতিজ্ঞা কৰিছোঁ আমি সভাৰ ভিতৰ।
তথাপিতো তোমাৰ কাটিবো এহি শৰ॥
অৱশ্যে মৰণ আছে বিধি হৈল বক্ৰ।
কৃষ্ণৰ প্ৰসাদে আজি কাটিবো এই চক্ৰ॥

পাৰ্থে বোলে সুধন্বা তুমি কহি, আছা তত্ত্ব।
পুনু অস্ত্ৰ নাধৰিবো সান্ধি ধনুকত॥
এহি বাণে সংহৰিবো নাহিকে অন্যথা।
কিৰীটি সহিতে আজি কাটি পাৰো মাথা॥

এহি বুলি বাণ সান্ধি লৈল ধনঞ্জয়।
অগ্নি সম তেজ বাণ মহা জ্যোতিৰ্ময়॥
সৰ্ব্বলোকে দেখিয়া হৈলন্ত চমকিত।
আকাশত দেৱগণ মনুষ্য ভূমিত॥

প্ৰতিজ্ঞা কৰিয়া তেবে সুধন্বায়ে বোলে।
ৰাত্ৰি শিৱ লিঙ্গ পূজা কৰি কাশীপুৰে॥
মণিকৰ্ণীকাত স্নান গয়া পিণ্ড চয়।
জপিলে কৃষ্ণৰ নাম যত পুণ্য হয়॥

আৰো যত কৰ্ম্ম কৈলো জন্মিয়া ভুতলে।
সব পুণ্য ব্যৰ্থ হৱে চক্ৰ নাকাটিলে॥
লজ্জা পাইব হংসধ্বজ দ্বিতীয় জননী।
প্ৰভাৱতী বনিতা বুলিব কুৎসী বাণী॥

দেখহ গোবিন্দ তুমি আমাৰ মহত্ত্ব।
অৰ্জ্জুনৰ বিক্ৰম যে তেজ বীৰ্য্য যত।।
এবুলিয়া কৃষ্ণ জপি বাণ এড়ে সান্ধি।
সাজিতে পাৰ্থৰ বাণ পেলাইল ছেদি॥

[ ২০০ ]

ছেদা গৈয়া দুই খান পৰে অকস্মাৎ।
প্ৰলয় কালত যেন বজ্ৰ হই পাত॥
ৰণ কাটি সুধন্বা হৰিষ বহু হয়।
বাহুক্ষেপ কৰিয়া বুলিলা জয় জয়॥

চন্দ্ৰৰ মণ্ডল কম্পে বাণ ছেদা দেখি।
দেখিয়া অৰ্জ্জুন হৈল মনত অসুখী॥
কৃষ্ণে বোলে অৰ্জ্জুনযে স্থিৰ কৰ চিত্ত।
প্ৰতিজ্ঞা পূৰিব তোৰ মনৰ বাঞ্ছিত॥

সমুখৰ অৰ্দ্ধ খান গৈয়া অকস্মাৎ।
অলক্ষিতে কাটি পাৰে সুধন্বাৰ মাথ॥
সুমেৰুৰ শৃঙ্গ যেন ভাঙ্গিল পবনে।
শিৱে কোপানলে যেন দহিল মদনে॥

তাপ দিয়া যেন মতে সূৰ্য্য অস্ত গৈল।
তেন মতে সুধন্বা পৰিল ৰণ স্থল॥
তা দেখিয়া সৰ্ব্বলোক হৈল চমকিত।
আকাশৰ চন্দ্ৰ যেন পড়িল ভূমিত॥

জৈমিনি বদতি কথা মহাভাৰতয়।
সুধন্বাৰ বধ উনবিংশতি অধ্যায়॥
ভকতৰ ব্যৰ্থ নাহি প্ৰতিজ্ঞা লঙ্ঘন।
অৰ্জ্জুনৰ বাক্য ৰাখিলন্ত নাৰায়ণ॥

হেন জানি নৰ লোক এড়া আন কাম।
দুৰ্গতি যেন নাশ হোক বোলা ৰাম ৰাম॥


[ ২০১ ]

ভবানী দাস।

মহাভাৰত।

অশ্বমেধ পৰ্ব্ব।

হেন বুলি প্ৰবেশিলা পাতাল ভুবনে।
পাতাল নিৱাসী যত দেখে নাগগণে॥
ৰথে চড়ি নাগ সবে হৈল উপস্থিত।
চতুৰঙ্গ দলে বলে হৈলন্ত বেষ্টিত॥

কুপিলেক বব্ৰুবাহা দেখি নাগগণ।
সৰ্গগণ সম্বোধিয়া বুলিলা বচন॥
মণি নেদি বাপ মোৰ বধিবাৰে চায়।
প্ৰচণ্ড গনি বাণ সই দেখি গাৱ॥

বব্ৰুবাহাৰ বাক্য শুনি অনন্ত নাগেশ্বৰ।
সৰ্প সব প্ৰবোধিয়া বুলিলা উত্তৰ॥
মণি নেপাই বব্ৰুবাহ আসিলন্ত কষ্টে।
আবে কেনে প্ৰবোধ নকৰা ধৃতৰাষ্ট্ৰে॥

আজি ক্ষয় কৰিব সকল নাগপুৰি।
বব্ৰুবাহাৰ শৰে আজি নযাইবা সাৰি॥
প্ৰচণ্ড অনলে আজি ভস্মিভুত হৈবা।
ধৃতৰাষ্ট্ৰ আজি কিবা উপাই কৰিবা॥

হেন বুলি নাগেন্দ্ৰ হৈলন্ত কোপমনে।
তক্ষক প্ৰভৃতি নাগ প্ৰবেশিলা ৰণে॥
নৃপতিৰ আদেশে চলিলা নাগগণ।
পুৰিহন্তে বাইৰ হৈইলা কৰিবাৰে ৰণ॥

[ ২০২ ]

পৰ্ব্বত সমান কাৰো ফণা ভয়ঙ্কৰ।
গৰল বৰিযে কেহো অৰ্জ্জুনী উপৰ॥
দুই চাৰি সত ফণা পাঞ্চ ছয় সাত।
ফুৰায়ে আগনি মুখে জ্বলে লাসবাত॥

বিষধৰী সৰ্প সব বৰিষয় বিষ।
সহস্ৰ ফণায়ে মণি সূৰ্য্যৰ সদৃশ॥
কুণ্ডল কৰ্ণত শোভা কৰয় শৰীৰে।
ধনু শৰ কাৰে চন্দ্ৰকান্তি মণি শিৰে॥

নানা ৰথে বিভূষিত অঙ্গৰ ভূষণ।
যেন স্বৰ্গ হন্তে নামি আইলা দেৱগণ॥
কিৰীটি কুণ্ডল মুণ্ডে জ্বলে অগ্নি হেন।
সুবৰ্ণৰ অলঙ্কাৰ দেখিতে শোভন॥

হাড় কঙ্কণ আৰ নপুৰ পিন্ধিয়া।
গিৰি সম ফণা সব আছয়ে গুণিয়া॥
ৰথ গজ বাজী আনি জিমুত বাহন।
ভয়ঙ্কৰ মূৰ্ত্তি ধৰি আইলা নাগগণ॥

তাক্ষয় পদাতি গজ বাজী বহুনাগ।
ৰথে সাজি আইলা নাগ বব্ৰুবাহাৰ আগ।
পঞ্চ যোজনৰ পথ ব্যাপিল ৰণ স্থান।
বিষ বৰিষয় অগ্নি সবৰ সমান॥

গগণ মণ্ডলে তবে বাজে সৰ্পফণা।
শূন্যৰ উপৰে বৰিষয় অগ্নি কণা॥
বিষ নদী বহি যাই গগণমণ্ডলে।
নৰে সৰ্পে যুদ্ধ হৈল ভৰি ৰসাতলে॥

প্ৰলয় সময়ে যেন জ্বলিল অগনি।
বিষ ধাৰা বৰিষয় সৰ্পৰ বাহিনী॥
মুদ্গৰ মূষল গদা কুঠাৰ কুলিস।
বচদন্ত অৰ্দ্ধচন্দ্ৰ বৰিষয়ে বিষ॥

[ ২০৩ ]

শৰ বৃষ্টি কৰে সৰ্পগণ নৰ সেনা।
বধিল অসংখ্য সেনা তুলি বজ্ৰ ফণা॥
নাগে নৰে যুদ্ধ হৈল অদভুত প্ৰায়॥
দেৱাসুৰ গন্ধৰ্ব্বে আকাশে থাকি চাই॥

যক্ষ গন্ধৰ্ব্ব কিন্নৰ বিদ্যাধৰ।
কৌতুকে বিমানে থাকি চাহন্ত সমৰ॥
বিষদৃশে চাৱে নাগে মনুষ্যৰ দিকে।
বিষ শৰ বৰিষয় যুৰিয়া ধনুকে॥

বিষ জালে ভস্ম হৈয়া পৰে সেনাগণ।
ফুৰাৱে উৰাই শৰে দ্বাদশ যোজন॥
দন্ত ঘাৱে ডঙ্কি কতো কৰয় সংহাৰ।
বক্ৰবাহাৰ সেনা যত কৰয় চূৰমাৰ॥

লেঙ্গুৰেৰ বাৰিয়ে তাৰাৱে বজ্ৰঘাত।
ভস্ম ৰাশি কৰি সেনা সব কৈলা পাত॥
ধৃতৰাষ্ট্ৰ মন্ত্ৰিবৰ ধাইলা কোপ কৰি।
বব্ৰুবাহাৰ সৈন্য সব মাৰিয়া প্ৰহাৰি॥

নানা অস্ত্ৰ প্ৰহৰি মাৰয় গজ বাজী।
শুনহ পাপিষ্ঠ নৰ কোথা যাইবা আজি॥
শৰ ঘাৱে ৰক্ত নদী বহে খুৰসান।
বিষ জালে গাৱৰ মাংস হৱে খানখান॥

প্ৰচণ্ড অনলে যেন দহে তৃণ ৰাশি।
বিষ জালে সৈন্য পুৰি হৈল ভস্মৰাশি॥
বিষ অগ্নি কণা পৰি মাংস পৰে খসি।
পৰ্ব্বত উপৰে যেন জড় ৰাশি ৰাশি॥

পৰিল অনেক সেনা দেখি পাৰ্থ সুত।
সংগ্ৰামে প্ৰবেশ কৰে কুপিয়া বহুত॥
ধনুকে মণ্ডিয়া গুণ পুৰিল টঙ্কাৰ।
প্ৰলয়ৰ মেঘ যেন গৰ্জিলা অপাৰ॥

[ ২০৪ ]

সন্ধান পুৰিয়া বীৰে এৰিল পঞ্চশৰ।
ধৃতৰাষ্ট্ৰৰ ধনু কাটি পাৰিলা সত্বৰ॥
চাৰি শৰে চাৰি ঘোড়া কৰিলা সংহাৰ।
ধ্বজ জৰী দুই খণ্ড কবে কৰ্ন্বিকাৰ॥

বিৰথী হৈলা মন্ত্ৰি দেখি পাৰ্থসুত।
বড় বড় নাগ মাৰি পাৰিলা বহুত॥
মণি ৰথ ভূষণ কৰিলা খণ্ড খণ্ড।
কুণ্ডল সহিতে কাৰো কাটিলন্ত মুণ্ড॥

ধৰণী মণ্ডলে পৰি মণিৰথে জলে॥
কেউব কঙ্কণ হাত লোটে ভূমিতলে॥
আকাশে প্ৰকাশে যেন নক্ষত্ৰ অশেষ।
জ্বলয়ে মুকুত মণি অধপৰি দেশ॥

ইন্দ্ৰে যেন দৈত্য মাৰি কবিতা সংহাৰ।
নাগগণ বব্ৰুবাহা মাৰিল অপাৰ॥
ফণা সৰ কাটি পাৰে গিৰি শৃঙ্গসম।
মহাবীৰ বব্ৰুবাহা অতুল্য বিক্ৰম॥

এৰিল গৰুড় বান পাৰ্থসুত বীৰে।
মূৰ্ত্তিমন্ত খগৰাজ ধৰি ধৰি গিলে॥
অনেক কাটিলা নাগ অযুতে নিযুতে।
ছেদা ফণাগণ খসি পৰে পৃথিবীতে॥

মধু অস্ত্ৰ বব্ৰুবাহা এড়ে তদন্তৰে।
মধুধাৰ বৈয়া পৰে সৰ্পৰ উপৰে॥
তাহাৰ তাৰে এড়ে পিপিলিকা বাণ।
সন্ধান পুৰিয়া ধনু অৰ্জ্জুন নন্দন॥

পিপিলিকা মণ্ডলে যুড়িল ৰণস্থলি।
নাগ অঙ্গ কামোৰ মাৰয় মধুবুলি॥
খণ্ড খণ্ড কৰিলা সকল নাগ তাঙ্গ।
ত্ৰাস পায়া নাগগণ ৰণে দিলা ভঙ্গ॥

[ ২০৫ ]

কামোৰৰ ঘাৱে নাগ কৰে ধৰফৰ।
ধৰফৰি কৰি সবে উঠি দিলা লৰ॥
অগ্নি হেন জ্বলে গাৱে কামোৰৰ ছোটে।
মাংস খণ্ড খণ্ড হুয়া বিষে প্ৰাণ ফুটে॥

মস্তকে পৰিয়া তাৰ কৰে ৰক্ত পান।
বিষম মন্ত্ৰৰ তেজে পিপিলিকা বাণ॥
মাংস ৰক্ত পান কৰি দাৰুণ পিপিলিকা।
সৰ্পসব মাৰিলা নাহিকে লেখা জোখা॥

মূৰ্চ্ছিত যে হৈয়া নাগ পৰে মহীতলে।
যমপুৰে পশে সৰ্প পিপিলিকা বাণে॥
দিশ দিশন্তৰে গৈল পায়া বৰ ত্ৰাস।
কতো প্ৰাণ তেজে কতো আছে মাত্ৰ শ্বাস॥

তক্ষক বাসুকী আৰ কুলিক কৰ্ক্কট।
ৰণ পৰিহৰি গৈল অনন্ত নিকট॥
ধৃতৰাষ্ট্ৰ প্ৰভৃতি প্ৰধান নাগগণ।
ভয় পায়া অনন্তত পশিলা শৰণ॥

নাগগণে বোলে শুনা নাথ অধিকাৰী।
ভঙ্গ দিলা সৰ্পসৱ ৰণ পৰিহৰি॥
মানুষ্য নোহয় গোসাই তোমাৰ দুহিত্ৰ।
বব্ৰুবাহনৰ হেন যমৰ চৰিত্ৰ॥

শৰ ঘাৱে মধু ধাৰে মণ্ডিলেক নাগ।
পুনু পিপিলিকা পুঞ্জে পাইলেক লাগ॥
মধু গন্ধে আমোদিত পায়া পিপিলিকা।
নাগ যত বধিলেক নাহি লেখা জোখা॥

দাৰুণ গড়ুৰ বাণ এড়ে বাহুবলে।
কঙ্ক পক্ষী হুয়া নাগ ধৰি ধৰি গিলে॥
দাৰুণ মনুষাৰ শৰ সহন নযাই।
মন দিয়া চিন্তা নাগ জীৱৰ উপাই॥

[ ২০৬ ]

শিঘ্ৰ কৰি বব্ৰুবাহাক ফিৰায়ো ৰাজন।
কি কৰিব সুধা মণি প্ৰাণ মহাধন॥
শুনিয়া অনন্তে হাঁসি বুলিলা বচন।
পূৰ্ব্বে আমাৰ বাক্য নুশুনিলা নাগগণ॥

বিৰুধিয়া মণি ৰাখা নোহয় উচিত।
বব্ৰুবাহা আসিয়া কৰিবে বিপৰীত॥
পুণ্ডৰিক মণি লৈয়া যাই যদি আগে।
তবে কেনে এদুঃখ পাইলা জ্ঞাতি বৰ্গে॥

আপোনাৰ কুবুদ্ধিয়ে ফলিল অকাৰ্য্য।
মনুষ্যত হাৰিলা ভাই নাভাবিয় লাজ॥
ত্ৰিভুবনে এক মাত্ৰ ৰহিল দুৰ্ণাম।
মনুষ্যত সৰ্প সবে হাৰিল সংগ্ৰাম॥

মণিৰ কাৰণে সবে পাইলা এমন।
জীবা যদি মণি লৈয়া চল বিদ্যমান॥
যথা আছে আপুনে সাক্ষাতে দামোদৰ।
তথা মণি লৈয়া তুমি চলহ সত্বৰ॥

ক্ষীৰোদ সমুদ্ৰ মধ্যে যাহাৰ নিবাস।
কাম ধেনুশ্বৰ ভিতে কিবা অভিলাস॥
কল্পবৃক্ষ ৰূপে যাৰ যথা আছে গুৰু।
তথা কিবা কাৰ্য্য কৰিবেক অন্য তৰু॥

পৃথিবীক আইস নাগ আমাৰ সহিতি।
গড়ুৰ বাহনে নাগ দেখিবা বিদিতি॥
যাৰ ত্ৰাসে পলাৱে সকল নাগগণ।
সেই পক্ষী দেখিয়া সবে পশিবা শৰণ॥

দৃঢ় ভক্তি ভাৱে যাৰ কৃষ্ণ থাকে মনে।
কি কৰিতে পাৰে তাকে গড়ুৰৰ প্ৰাণে॥
হেন বুলি মণি লৈয়া ধন ৰথ মানে।
বব্ৰুবাহাৰ আগে লৈয়া যাই নাগগণে॥

[ ২০৭ ]

অনন্ত দেখিয়া বীৰে কৈলা নমস্কাৰ।
বোলে কাৰ্য্য সিদ্ধি হৈব চল নিজ ঘৰ॥
নাগেন্দ্ৰ বচনে বব্ৰুবাহা হৰষিত।
মণি পায়া ৰঙ্গ মনে চলিল পুৰিত॥

নানা ৰথ মণি লৈয়া চলে নাগগণ।
চলিলেক মণিপুৰে লৈয়া মণিধন॥
এথা ধৃতৰাষ্ট্ৰ মনে দুঃখ পায়া মনে।
দুই পুত্ৰ আনিয়া কহিলা তাৰ স্থানে॥

দুমুৰ্খ দুব্বুধি দুই পুত্ৰ সহোদৰ।
সত্য ধৰ্ম্ম বিবৰ্জ্জিত দুষ্ট কলেৱৰ॥
আনি দুই পুত্ৰ মন্ত্ৰি কহে বিদ্যমান।
মোৰ গাৱ নসহে মনুষ্যৰ অপমান॥

পুত্ৰ হৈলে পিতৃ কাৰ্য্য কৰিবা অৱশ্য।
মোৰ অপমান খণ্ডি ৰাখিবাহা যশ॥
কিৰূপে নিজীবে বীৰ পাণ্ডুৰ কুমাৰ।
কিৰূপে কৰে যজ্ঞ ধৰ্ম্ম নৃপবৰ॥

এই দুই কাৰ্য্য পুত্ৰ কৰ যত্ন কৰি।
কিমতে নিৰ্যান পুত্ৰ হৱে মোৰ বৈৰী॥
হৃদয়ৰ শাল মোৰ কৰিবা দূৰ।
নহে প্ৰাণ তেজি আমি যাইবো যমপুৰ॥

দুৰ্ব্বুধি বোলয় বাপ পৰিহৰা শোক।
কোন কাৰ্য্য তোমাৰ মনে পায়া এত দুঃখ॥
আমি দুই সহোদৰ কুশল যাৱত।
তাৱত কি পুণ্য কথা তদধৰ্ম্মব্ৰত॥

পৰ ধৰ্ম্ম ভাঙ্গিতে আমি সে ভালে জানি।
সি বুদ্ধি কৰিব পাৰ্থ নিজীব পৰাণি॥
সমুদ্ৰে পেলাইবো মুণ্ড নাপায়ে সিস্থানে।
বিচাৰি নেপায় যেন বিনতা নন্দনে॥

[ ২০৮ ]

যজ্ঞ কাৰ্য্য যুধিষ্ঠিৰৰ কৰিবো বিধংস।
তেবেসে সৰ্ব্বথা মোৰ জন্ম নাগ বংশ॥
ৰাজাৰ সভাক তুমি চলহ সত্বৰ।
চলি যাওঁ আমি মণিপুৰৰ নগৰ॥

পিতৃ নমস্কাৰি চলে দুৰ্ব্বদ্ধি দুৰ্ম্মুখ।
মণিপুৰে গৈলা দুই হৈয়া যে কৌতুক॥
যথাতে পৰিয়া আছে পাৰ্থ ধনুৰ্দ্ধৰ।
দেখে বহু সেনাগণ চৌদিশে পসৰ॥

চাৰি দিশে ধনু ধৰি আছে ৰথ ৰথী।
শিৰ হৰি অন্তৰীক্ষে চলিলা দুৰ্ম্মতি॥
লক্ষিবাৰে নাপাৰিলা যত সেনাগণ।
জল মধ্যে শিৰ খেপি ৰাখিলা ঘোৰ বন॥

মস্তক কম্পায়া দুয়ো হৈল হৰষিত মন।
গুপ্তবেশে তথাতে ৰহিলা দুই জন॥
শিৰ নেদেখিয়া সৈন্যে হৈলন্ত মূৰ্চ্ছিত।
উলুপিৰ স্থানে গৈয়া জনাইলা ত্বৰিত॥

চিত্ৰাঙ্গদা উলুপি শুনিয়া শোকাকুলে।
ভূমিত পৰিয়া কান্দে হাকুলে ব্যাকুলে॥
হেন কৰ্ম্ম কৰিলেক কোন পাপ মতি।
বিধাতা বিবোধ ভৈলা নিৰ্জীলেক প্ৰতি॥

বিলাপ কৰিয়া কান্দে কৰি দীৰ্ঘ ৰায়।
হৃদয়ে হানয় মুষ্টি আতি মৰ্ম্ম ঘায়॥
হেন কালে বব্ৰুব্ৰাহা নাগগণ সঙ্গে।
মণি হস্তে পুৰে প্ৰবেশিলা বহু ৰঙ্গে॥

আচম্বিতে বব্ৰুবাহা শুনয় ক্ৰন্দন।
শিৰ নিলে কোন জনে ঘোষে সৰ্ব্বজন॥
দেখিল জননী দুই ভূমিত লোটায়ে।
অৰ্জ্জুনৰ পদে ধৰি কান্দে আতিশয়ে॥

[ ২০৯ ]

আচাৰেক ভূমিত পৰিল বব্ৰুবাহা।
পিতৃ নাহি জীল কান্দে লোটায়ে যে দেহা॥
হিন্দোল হৈয়া কান্দে কৰি শোকাকুলি।
পৰম্পৰ বচনত খনে নাহি শুনি॥

শুনা জন্মিজয় ৰাজা বচন অদ্ভুত।
এথা মণিপুৰে কান্দে অৰ্জ্জুনৰ সুত॥
হস্তিনা নগৰে তথা কৃষ্ণ যুধিষ্টিৰ।
অৰ্জ্জুনৰ কুশল চিন্তে ৰাজা মহাধীৰ॥

যেই দিন পড়ে পাৰ্থ বৃষকেতু সঙ্গে।
সেহি দিনা কুন্তী স্বপ্ন দেখে বিৰঙ্গে॥
কৃষ্ণৰ আগত আসি কহিলা ত্বৰিতে।
যথা যুধিষ্ঠিৰ বসি আছয় সভাতে॥

মোৰ পুত্ৰ অৰ্জ্জুন সংগ্ৰামে ভৈলা পাত।
বিপৰীত দেখিলে মই অসুভ লক্ষণ।
কুশলে থাকোক মোৰ অৰ্জ্জুন নন্দন॥
তেল কুম্ভে মজি আছে সৰ্ব্বাঙ্গ সহিত।
ধূলা বৃষ্টি গোময়ে সকলে বিভূষিত॥

কৃষ্ণ বস্ত্ৰ পৰিধান ওঁড় মালা গলে।
কন্ধ মাথা নাহি বীৰ বৃষকেতু তুলে॥
গৰ্দ্ধবে চড়িয়া দুই বৃষকেতু পাৰ্থে।
চলিল দক্ষিণ মুখে আতি আথেবেথে।

কৃষ্ণ বৰ্ণ পুৰুষ দীঘল ভুজ দণ্ডে।
গলে জড়ি দিয়া পেলে দক্ষিণৰ কুণ্ডে॥
কুন্তী ভীম দৈৱকী যশোদা সঙ্গে কৰি।
শিঘ্ৰ কৰি কৃষ্ণ চলিলন্ত মণিপুৰি॥

দেখিকে অতি ঘোৰ প্ৰচণ্ড ঘৰখান।
কনকে ৰচিত মণি মুকুতা নিৰ্ম্মাণ॥
চন্দ্ৰমণি সূৰ্য্যমণি কনকে ৰচিত।
কনক কলস শোভে অদ্ভুত গন্থিত॥

[ ২১০ ]

মুক্তাৰ খিচনি শোভে অদ্ভুত সাজন।
দেখিয়া মুনিৰ মন হৱেত মোহন॥
সহস্ৰে সহস্ৰে নাৰী অলঙ্কাৰ পিন্ধি।
উলুপি বেৰিয়া তাৰা আছে পুৰ নাৰী॥

চন্দ্ৰ সম বদন আঞ্চলে ঢাকি গাৱ।
মেঘ আৰে শশধৰ লুকাইল প্ৰায়॥
মুনিৰ মন মোহপাৱে কামিনী নাৰী।
বিনোদ নাগেৰী সব পৰা সুন্দৰী॥

প্ৰসন্ন বদন মুক্তা সদৃশ পঙ্কতি।
গলে হেমহাড় কুচ্ছ কাল আকৃতি॥
ভীমে বোলে কৃষ্ণদেৱ দেখা অদভুত।
গৃহ গোট শোভে যেন চম্পক বিদ্যুত॥

উদিত ভাস্কৰ যেন কৰয় প্ৰকাশ।
নাৰীগণ দেখি চন্দ্ৰমণি জিনি হাস॥
পুৰীৰ নিৰ্ম্মান যেন চন্দ্ৰৰ উদয়।
ৰাজ্যৰ নিৰ্ম্মান দেখি লাগায় বিস্ময়॥

এহি কথা কহি আইলে অৰ্জ্জুনৰ কাষে।
দেখিলেক শিৰ নাহি কন্ধ পৰি আছে॥
দেখিয়া দুখীত হৈয়া শোকে দহে তনু।
ভূমিত পৰিয়া যেন লুটি আছে ভানু॥

গদা হৃদে কৰি ভীম পৰিল ভূমিত।
ভাই ভাই ডাক চাৰি হৈলন্ত মূৰ্চ্ছিত॥
দৈবকী যশোদা কুন্তী কালে দীৰ্ঘ নাদে।
কৃষ্ণ মাত্ৰ স্তব্ধ হুয়া ৰহিলা নিশব্দে॥

ভীমে বোলে দামোদৰ দেখহ বিদিতে।
অৰ্জ্জুন সদৃশ বীৰ নাহি পৃথিবীতে॥
হেন প্ৰাণ ভাই মাৰি আছে কোন বীৰ।
লাগ পাইলে গদা ঘাৱে চূৰ্ণ কৰো শিৰ॥

[ ২১১ ]

অৰ্জ্জুনৰ আগে পৰি আছে বৃষকেতু।
হেন কৰ্ম্ম ফলি আছে নাজানি কোন হেতু॥
হেন বুলি ভীম বীৰ কৰন্ত বিলাপ।
হাহা পাৰ্থ কিৰূপে সহিবো তোৰ তাপ॥

ভীমে বোলে হেন কৰ্ম্ম কৈল যেই জন।
গদা বাৰি মাৰি তাৰ লৈবোহোঁ জীৱন॥
ভীমৰ বচন শুনি বব্ৰুবাহা বীৰে।
শোকে তনু দহে পুনু বোলে ধীৰে ধীৰে॥

পৰিচয় দিয়া বীৰে কহে গদ গদ।
মইসে পাপীষ্ঠে কৈলো তোমাৰ ভাতৃ বধ॥
বৃষকেতু প্ৰভৃতি যতেক বীৰগণ।
দাৰুণ সমৰে সবে কৰিলো নিধন॥

পিতৃ বধ কৰিলো পাপিষ্ঠ আমি চাৰ।
ইহলোকে পৰলোকে নাহিকে নিস্তাৰ॥
এই গদা ঘাৱে মোৰ ভাঙ্গিয়ো পৰাণ।
তেবে শোক সন্তাপ হৈব সমাধান॥

কৃষ্ণৰ সাক্ষাতে বব্ৰুবাহা কহে পুনি।
কৰপুত দিয়া তেবে কহন্ত অৰ্জ্জুনী॥
সমৰে বধিলো পিতৃ মই কুলাঙ্গাৰ।
উলুপিৰ উদ্দেশ্যে গৈলো মণি অনিবাৰ॥

নাগলোক জিনিয়া আনিলো দিব্য মণি।
আচম্বিতে শিৰ কোনে হৰিলা নাজানি॥
বেঢ়িয়া ৰাখিলো সৈন্যগণে চাৰি ভিতে।
কোন দুষ্টে আসি শিৰ নিলে আচম্বিতে॥

কোন বুদ্ধি কৰি পাপী জীয়াইবে জনক।
কৰুণা সাগৰ প্ৰভু বুদ্ধি বোলা মোক।
নহে মোৰ শিৰচ্ছেদ কৰা চক্ৰ হানি।
পাপ দেহ আমাক নাছাৰা চক্ৰপাণি॥

[ ২১২ ]

পিতৃবধি কাৰণে আমাক নাহি চাৱ।
তুমি জাকে কৃপা কৰা পাপৰ কিবা দায়॥
মোৰ পিতৃ জীৱাতে নকৰা অৱধান।
বিষানল খায়া মই তেজিবো পৰাণ॥

হেন বুলি বব্ৰুবাহা কান্দে দীৰ্ঘৰাৱে।
ভক্তি ভাৱে ধৰিয়া কৃষ্ণৰ দুই পাৱে॥
উত্তৰ নিদিয়া কৃষ্ণে আছে গুৰুত্তৰে।
চতুৰ্ভিতে বেঢ়িয়া কান্দয় সৰ্ব্ব নৰে॥

হাহা ধনঞ্জয় বুলি কান্দে কুন্তী মাতা।
অভাগিনী মাৱ এড়ি পাৰ্থ গৈলা কোথা॥
অকান্দতে কান্দয়ে পুত্ৰৰ ৰূপ দেখি।
শ্ৰীকৃষ্ণক সম্বোধিয়া বোলয়ে বাসুকী॥

শুনা কৃষ্ণ জনাৰ্দ্দন ত্ৰিভুবনৰ পতি।
তুমি বিনে পাণ্ডৱৰ আন নাহি গতি॥
কৃপা কৰি পাণ্ডৱৰ হুয়োক সদয়।
তোমা অৱধানেসে জীৱয় ধনঞ্জয়॥

ত্ৰিভুবনে যতেক আচয় চৰাচৰ।
তুমি সে সবাৰে প্ৰাণ দয়াৰ সাগৰ।
সকলে বেঢ়িয়া কান্দে শোকে দগ্ধ হুয়া।
তোমাৰ সেৱক প্ৰভু তোলহ জীৱায়া॥

শিৰ পুনু যেই হৰি নিচে দুষ্ট মতি।
তোমাৰ অগোচৰ নোহে শুনা যদুপতি॥
পৃথিবী পৰ্ব্বত আৰ পাতাল সাগৰ।
সপ্ত স্বৰ্গ নোহে পুনু তোমাৰ অগোচৰ॥

মণি হেতু কদাপি নিজীয়ে ধনঞ্জয়।
বিনে কৃপা সিন্ধু তুমি হুয়োক সদয়॥
হেন জনি জীৱায়ো অৰ্জ্জুন ধনুধৰ।
পিতৃশোক সন্তাপ গুচায়ো প্ৰভু মোৰ॥

[ ২১৩ ]

বাসুকীৰ বচন শুনিয়া বোলে নাৰায়ণ।
বোলে সভা খণ্ড শুনা আমাৰ বচন॥
যত পুণ্য কৰি আছে পাৰ্থ ধনুৰ্দ্ধৰ।
তাৰ ফলে আসোক শিৰ সভাৰ ভিতৰ॥

যেই দুষ্টে হেন কৰ্ম্ম কৈল বিপৰীত।
তাৰ শিৰছেদ হৈয়া পৰোক পৃথিবীত॥
এতেক শপিল যদি দেৱ যদুপতি।
দুই নাগৰ শিৰছেদ হৈয়া পৰে খিতি॥

অৰ্জ্জুনৰ শিৰ আসি হৈল উপসন্ন।
দেখি সৰ্ব্ব লোকৰ বিস্ময় হৈল মন॥
তেবে নাগ স্থান হন্তে মণি লৈয়া হৰি।
সভাখন সম্বোধিয়া বোলে যত্ন কৰি॥

বৃষকেতু অৰ্জ্জুন পৰিছে ঘোৰ ৰণে।
কাক জীয়াও আগে বোলা সৰ্ব্বজনে॥
কুন্তী বোলে বৃষকেতুৰ শোকে মৈল পাৰ্থ।
আগে বৃষকেতুক জীয়াই অৰ্জ্জুন পাছত॥

মণি হাতে কৰি কৃষ্ণে বুলিলা বচন।
হৰৰ আজ্ঞায়ে জীয়া উঠা দুই জন॥
কান্ধে শিৰ একত্ৰ কৰিয়া নাৰায়ণ।
মণি যুগে জল দিলা স্বহস্তে আপন॥

আগে জীয়াই উঠিলেক কৰ্ণৰ নন্দন।
তাৰ পাছে ধনঞ্জয় উঠিলা তেখন॥
প্ৰদ্যুম্ন প্ৰভৃতি উঠে সতেক যাদৱ।
তাত পাছে উঠিলেক যত প্ৰজা সব॥

[ ২১৪ ]

হৰিদাস বিপ্ৰ।

মহাভাৰত—অশ্বমেধ পৰ্ব্ব।
সুধন্বা বধ।

হেন স্তুতি কৰিলন্ত সুধন্বা কুমাৰ।
মহাতুষ্ট ভৈল প্ৰভু দেৱ গদাধৰ॥
কাৰুণ্য হৃদয় নাৰায়ণ হৃষিকেশ।
আপুনি ভৈলন্ত সেহি তৈলত প্ৰবেশ॥

অগ্নি সম তৈল কৰে উথল পাথল।
সুধন্বাৰ শৰীৰে যে ভৈলেক শীতল॥
গ্ৰীষ্মকালে চন্দনে শীতল কৰে যেন।
অগ্নিয়ো শীতল তপ্ত তৈল পানী যেন॥

প্ৰজাগণ বেঢ়ি বেঢ়ি চাৱে দুই পাশে।
গৃহে চড়ি নাৰীগণে চাহন্তে তৰাসে॥
যতেক পথিক মানে চাই চাই যাই
দুই নয়নৰ নীৰ বহি বহি যাই॥

মনে মনে বোলে নৃপতি কোন সতে।
আপোনাৰ পুত্ৰক মৰয় অকাৰ্য্যতে॥
নিদাৰুণ হৃদয় নিষ্ঠুৰ বজ্ৰসম।
কোন সতে আপোন পুত্ৰৰ ভৈল যম॥

এহি বুলি বৰ্ণায়া কান্দন্ত সৰ্ব্বজন।
ধনু শৰ থৈয়া বোলে নকৰিবোঁ ৰণ॥
আজি যদি সুধন্বাক তৈলে পুৰি মাৰে।
আমি যুদ্ধ নকৰিলে কোনে যুদ্ধ কৰে॥

[ ২১৫ ]

এহিমান শাস্তি কৰে কিছু নাহি দোষ।
এহিবুলি প্ৰজাগণে কৰে উসমিস॥
ঘৰে পৰে কান্দয় আকুল নাৰীগণ।
বোলে সুধন্বাক শাস্তি কৰে অকাৰণ॥

পাত্ৰ মন্ত্ৰী সকলে ৰাজাক নুবুজাৱে।
কোমল শৰীৰ বাপু কত দুখ পাৱে॥
অন্যে অন্যে কথা কৱে কুমৰক চাই।
তপত তৈলত পৰি ভুৰুভঙ্গ নাই॥

হংস যেন জ্বলয় মানস সৰোবৰে।
বিকশিত পুষ্প যেন ফুলি শোভা কৰে॥
এদিনাতে কৰি জলে সুধন্বাৰ মুখ।
সাতুৰি ফুৰয় কিঞ্চিতেকো নাই দুখ॥

অন্যে অন্যে হাহাকাৰ কৰে সৰ্ব্বজন।
আৰাৱ তুমুল কৰি কান্দে নাৰীগণ॥
সবে নাৰীগণ আসি ভৈলা এক ঠাই।
বোলে আশীৰ্ব্বাদ কৰো কুমৰক চাই॥

আমি যেবে পতিব্ৰতা হওঁ সবে সতী।
আত্মস্বামী বিনে নাজানোহো আন গতি॥
আমাসাৰ বৰে জীওক সুধন্বা কুমৰ।
জুৰাওক শৰীৰ বাপু বিপাঙ্গে নমৰ॥

এতেক বুলিল যদি পতিব্ৰতা নাৰী।
কুমৰৰ ৰূপ তেবে চাহিতে নাপাৰি॥
মাৱ সনে তাহাৰ আগত আছে চাই।
তপত তৈলত মোৰ পুতাই মৰি যাই॥

পুত্ৰৰ সন্তাপে অতি কান্দন্ত সুন্দৰী।
হৃদয়ত মুষ্ঠি হানি আউল জাউল কৰি॥
চেতন হৰিল সবে কান্দন্তে কান্দন্তে।
মাটিত পৰিল ঢলি আসনৰ হন্তে॥

[ ২১৬ ]

মূৰ্চ্ছা যাই সুন্দৰী আছন্ত কতো বেলি।
সেৱকিনীগণে বোলে প্ৰাণ গৈল ঢলি॥
চেতন লভিয়া সতী বসিল মাটিত।
আথাকে ধাকুৰে হিয়া নধৰয় চিত্ত॥

প্ৰভাৱতী কুমাৰী ঘৰতে বসি আছে।
মৰিযাওঁ বুলি তাই আসিলেক পাছে॥
আনিয়া লৈলন্ত পাছে সুত আমলখি।
উত্তম সিন্দুৰ আনি পিন্ধিলন্ত শিখি॥

শাশুক প্ৰণাম কৰিলন্ত বৰনাৰী।
মোহোৰ দোষত থাকি স্বামী যাই মৰি॥
মই কুলক্ষণী নাৰী নুগুণিলো মনে।
কতেক বুলিলে প্ৰভু নৈৰাশ বচনে॥

শাস্ত্ৰৰ সন্মতে দিয়া আছে ঋতুদান।
কোন বিধি চলিয়া যমক দিলা দান॥
শাশুৱে মেলানি দিয়া যাওঁ সয়ন্তৰি।
প্ৰভুৰ লগতে কটাহতে যাওঁ মৰি॥

অনাচাৰী কুলক্ষণী মনে নুগুণিলোঁ।
যুদ্ধক যাহন্তে মই বিঘিনি পাতিলোঁ॥
এহি বুলি বৰ্ণায়া কান্দন্ত বৰ নাৰী।
আকুল হৃদয় দেহা সহিতে নাপাৰি॥

শৰীৰৰ খসাইলা বত্ৰিশ অলঙ্কাৰ।
শিলাত আস্ফালি শঙ্খ ভাঙ্গিল হাতৰ॥
শিশুকালে বোলে বাপে প্ৰভাৱতী আই।
বিধৱা লক্ষণ তোৰ কিঞ্চিতেকো নাই॥

মুখ পোড়া গণকে মিছাতে খাইলে বঁটা।
যতন সুধিত কিছু নাহিকয় আটা॥
নৱ বয়সতে অনাইলোহো খিলিঙ্কাৰ।
অমৃতত বিষ যেন জানিবা আহাৰ॥

[ ২১৭ ]

স্বামীৰ লগতে মই যাওঁ সয়ন্তৰি।
ঘৰৰ বাহিৰ মই হৈবো কেন কৰি॥
স্বামীমাৰী বুলি লোকে নিন্দিব আমাক।
গোত্ৰ কুতুম্বত কেনমতে ৰাখো নাক॥

প্ৰভাৱতী কান্দয় নয়নে বহে লোহ।
মাৱ সনে কান্দয় সুধন্বা মোৰ পুহ॥
বহিনী কান্দয় মোৰ বান্ধৱ ভৈয়াই।
আনো প্ৰজাগুণে কান্দে সুধন্বাক চাই॥

সবে বোলে নৃপতিত কৰোহো গোচৰ।
আমি তেওঁৰ হন্তে মৰো জীউক কুমৰ॥
কান্দয় কাতয় প্ৰজা ধাকুৰয় হিয়া।
সুধন্বা মৰয় আমি কি কৰিবো জীয়া॥

হংসধ্বজ ৰাজা আৰু হংস পুৰোহিত।
সাতোৰয় কুমৰ দেখন্তে ভয় ভীত॥
ত্ৰাহি ত্ৰাহি গোবিন্দ সুমৰে নিৰন্তৰ।
ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ প্ৰভু গদাধৰ॥

চতুৰ্গুণে কান্তি জ্বলে বদন মণ্ডল।
সূৰ্য্যৰ কিৰণে যেন প্ৰকাশে কমল॥
আপুনি ত্ৰৈলোক্য নাথে কৰিলেক দয়া।
তাহাতে লিখিত দ্বিজে দেখিলেক মায়া॥

হংসে বোলে মোৰ বাক্য শুনা মহাৰাজ।
তযু পুত্ৰে কুমন্ত্ৰণা কৰি আছে সাজ॥
তপত তৈলত দেখা শৰীৰ প্ৰকাশে।
আছোক মৰিব কটাক্ষত কৰি হাসে॥

উথল পাথল তৈল থৈলেক যে মাৰি।
তোমাৰ পুত্ৰৰ মায়া বুঝিতে নাপাৰি॥
উপায়েক জানোহো অনাওঁ নাৰিকল।
এক গোটা পেলাই পৰীক্ষা কৰো তেল॥

[ ২১৮ ]

নাৰিকল আনি হংস পেলাইলেক তাত।
দেখি কোপে কম্পমান ভৈল জগন্নাথ॥
দুই চক্ষু ভৈলে কনা নেদেখে ব্ৰাহ্মণ।
অধম দ্বিজৰ আজি সুজিবোহো মান॥

বৈষ্ণৱ সুধন্বা নকৰিলে মন্দ কাজ।
কূটকৰি পেলাই যাবে কটাহৰ মাজ॥
আৰু বোলে অগ্নিমন্দ কুমন্ত্ৰৰ বলে।
প্ৰতিকাৰ সাধিবোঁ বোলন্ত যোগবলে॥

ব্যাঘ্ৰ চৰ্ম্মে বিঞ্চিয়া আছন্ত দুই ভাই।
নাৰিকল পেলাই আছন্ত তাক চাই॥
গোবিন্দ প্ৰভাৱে নাৰিকল দুই ফাল।
ঠাট কৰি ফুটিয়া কৰ্ণত দিলে তাল॥

এক ফাল পৰিলেক হংসৰ কপালে।
মূৰ্চ্ছা যাই দুই ভাই পৰিল নিটালে॥
কতো বেলি চেতন লভিয়া দ্বিজবৰ।
তেঁহো জাম্প দিল সেই মাজে কটাহৰ॥

আঙ্কোৱালি ধৰিলেক সুধন্বা কুমাৰ।
বোলন্ত সাৰ্থক হংস ধ্বজব কুমৰ॥
সাৰ্থক আমিও ভৈলোঁ তুমি বিদ্যমান।
ত্ৰৈলোক্যত হেনয় বৈষ্ণৱ নাহি আনি॥

পৰীক্ষা কৰিলোঁ আমি অগ্নিত পেলাই।
তথাপি তোমাক ৰক্ষা কৰিলে গোঁসাই॥
সুধন্বা বোলয় গুৰু মোৰ নাই কষ্ট।
নকৰিলো পাপ মই সবে ভৈল নষ্ট॥

মন্দ কৰ্ম্ম নকৰিলোঁ শাস্ত্ৰৰ যুগুত।
কৈল্যণ কৰিলে মোক দৈৱকীৰ সুত॥
ৰাজায়ে বোলন্ত মোৰ নাহি বিৰকতি।
বাপ হুয়া পুত্ৰক যে কৰিলো দুৰ্গতি॥

[ ২১৯ ]

নিজ পুত্ৰ মৰণে পাতকী অধোগতি।
কোননো দুৰ্ঘোৰ পাপ নকৰিলো অতি॥
কটাহতে পেলাইলোহো নুগুণিলো মনে।
আছোক মৰিব পুত্ৰ শৰীৰ শীতলে॥

গোবিন্দ প্ৰসাদে তোৰ কিছু নাহি দুখ।
জানিলো মাধৱ মোৰ ভৈলন্ত সম্মুখ॥
উঠা উঠা বাপু তুমি সুধন্বা কুমাৰ।
কৃষ্ণাৰ্জ্জুন দুইক বাপু সুখে যুদ্ধকৰ॥

উঠিয়া সুধন্বা বীৰ কৰযোৰ কৰি।
হংস লিখিতৰ পাৱে প্ৰণামিলা পৰি॥
বাপব চৰণে বীৰ নমস্কাৰ কৰি।
ইষ্টদেৱ গোবিন্দক বাৰম্বাৰ স্মৰি॥

প্ৰণামি মাৱৰ বীৰে চৰণ যুগল।
গুৰু পুৰোহিতে দিলা অশেষ মঙ্গল॥

[ ২২০ ]

গোপীনাথ পাঠক।

মহাভাৰত— পাশাপৰ্ব্ব

ঋষিয়ে বোলন্ত শুনা জন্মিজয়
 পাছে যেন ভৈল কায।
হস্তিনা পুৰক যাইবাক লাগিয়া
 সাজিলন্ত মহাৰাজ॥
সঙ্গে চাৰি ভাই মহেন্দ্ৰ পৰাই
 যতেক নৃপতিগণ।
হয় হস্তী ৰথে চড়ি অথেবেথে
 ৰাজাৰ ধৰি যোগান॥
কেহো ছত্ৰদণ্ড চামৰ ব্যজন
 কৰ্পূৰ তাম্বুল ধৰি।
ৰাজাক আবৰি চলে শাৰী শাৰী
 চতুৰ্ভিতি শোভাকৰি॥
দ্ৰৌপদি প্ৰমুখ্যে যতেক সুন্দৰী
 যত ৰাজ পটেশ্বৰী।
দিব্য বিমানত চড়ি চলি যাই
 দ্ৰৌপদীক মধ্য কৰি॥
দুন্দুভি আস্ফাল বাদ্যভণ্ড ৰোল
 বাজে কৰি সুমধুৰ।
জয় শঙ্খধ্বনি কাম্পয় মেদিনী
 কাম্পয় হস্তিনাপুৰ॥

[ ২২১ ]

হেন আড়ম্বৰে ৰাজা যুধিষ্ঠিৰে
 চলি যান্ত ৰঙ্গ মনে।
গিৰিসিত কৰি হস্তিনা নগৰি
 পাইলা গৈয়া তাৱক্ষণে॥
পাছে যুধিষ্ঠিৰ নামিয়া ৰথৰ
 অভ্যন্তৰে প্ৰবেশিলা।
অন্ধ নৃপতিৰ দুই পাৱ ছুই
 জানু শিৰে প্ৰণামিল॥
আত অনন্তৰে ভীষ্মক নমিলা
 দ্ৰোণৰ দুই চৰণে।
কৌৰৱ ৰাজাৰ যত ভাইগণে
 গাৱচালি তেতিক্ষণে॥
ধৰ্ম্ম নৃপতিৰ চৰণ বন্দিলা
 পৰম আনন্দ মনে।
মধুৰ বচনে আশ্বাস কৰিলা
 সবাকো পাণ্ডুনন্দনে॥
ব্যহ্লিক নৃপতি বীৰ সোমদত্ত
 ভূৰিশ্ৰবা জয়দ্ৰথ।
শকুনি সুসেন ৰাধাসুত কৰ্ণ্ণ
 আদি যত মহাৰথ॥
উঠি তাৱক্ষণে ৰাজাৰ চৰণে
 জানুশিৰে প্ৰণামিলা।
মধুৰ বচনে পাণ্ডুৰ নন্দনে
 তাসম্বক সম্বুধিলা॥
আত অনন্তৰে দ্ৰুপদ কুমাৰী
 আভ্যন্তৰে প্ৰবেশিলা।
পুত্ৰবধুগণ সহিতে গান্ধাৰী
 বসিছন্তে ভেট পাইলা॥

[ ২২২ ]

যেন তাৰাগণ সহিতে ৰোহিনী
 শোভন্ত দিব্য বিমানে।
সেহিমতে শোভা কৰন্ত গান্ধাৰী
 সঙ্গে পুত্ৰবধুগণে॥
দেখিয়া দ্ৰৌপদী কৰিলা প্ৰণাম
 পৰম আনন্দ মনে।
বসিবাক প্ৰতি আসন বহাই
 দিল পুত্ৰবধুগণে॥
উঠি ৰঙ্গমনে বসিলা তেখনে
 কৃষ্ণা, ৰাজ পটেশ্বৰী।
দ্ৰৌপদীৰ শ্ৰীক দেখি নসহিলা
 কৌৰৱৰ যত নাৰী॥
দ্ৰৌপদীক বেঢ়ি বসিলা চৌপাশে
 যতৰাজ মহাদই।
তাম্বুল যোগায় চৰণ পখালে
 বিঞ্চয় চামৰ লই॥
পাছে দ্ৰৌপদীৰ চৰণ বন্দিলা
 কৌৰবৰ ভাৰ্য্যাগণে।
তাসাম্বাক ৰাজ যোগ্য অলঙ্কাৰ
 দিলা দেবী ৰঙ্গমনে॥
দেবী পঞ্চামৃত ভোজন কৰাইলা
 পঞ্চাধিক শত ভাই।
দিব্য সিংহাসনে শয়ন কৰিলা
 যুধিষ্ঠিৰ মহাৰাই॥
ভীম ধনঞ্জয় আদি চাৰি ভাই
 ভিন্ন ভিন্ন ঘৰে ৰৈলা।
নানা ৰতিৰঙ্গে হাসন্তে খেলন্তে
 ৰজনী প্ৰসন্ন ভৈলা॥

[ ২২৩ ]

উঠিয়া শয্যাৰ পাণ্ডুৰ নন্দন
 নিত্য-ক্ৰিয়া কৰিলন্ত।
স্নান দান কৰি দেৱক দ্বিজক
 অতিথিক তপিলন্ত॥
ভোজন কৰিয়া একত্ৰে বসিলা
 ভূষিলা ছূয়া চন্দন।
দিব্য বস্ত্ৰে সবে শৰীৰ মণ্ডিলা
 পিন্ধিলা দিব্য ভূষণ॥
গাৱে নাটে ভাটে শুনি বাটে বাটে
 ব্ৰাহ্মণ পঢ়য় বেদ।
দ্বিজ কন্যাগণে মঙ্গল কৰয়
 পঞ্চ শব্দ অবিছেদ॥
আগে ৰাজাগণ মধ্যে দ্বিজ যত
 পাছত যান্ত নৃপতি।
দুৰ্য্যোধন আদি এক শত ভাই
 আবৰি চলে চৌভিতি॥
এহিমতে চলে কুৰু পাণ্ডুগণে
 পৰম আনন্দ মনে।
দুন্দুভি আস্ফাল প্ৰজাৰ ঘঞ্চাল
 সভা পাইলা কতোক্ষণে॥
দিব্য সিংহাসনে বসিলা তেখনে
 যুধিষ্ঠিৰ মহাৰাই।
এক ভিতি হুয়া বসিলা আসনে
 কৌৰৱৰ শত ভাই॥
কৌৰব সহিতে আলোচি আছয়
 যতেক দুষ্ট নৃপতি।
হুয়া এক ভিতি যতেক নৃপতি
 বসিলা আনন্দ মতি॥

[ ২২৪ ]

দ্ৰোণ দ্বিজৰাজ ভীষ্ম কৃপাচাৰ্য্য
 অশত্থামা মহামতি।
বিদুৰ সহিতে আৰা পাঞ্চ জন
 বসিলন্ত একভিতি॥
এহিমতে সভা পাতি ৰাজাগণে
 বসিছয় ৰঙ্গমনে।
ধৰ্ম্ম নৃপতিক সম্বুধিয়া পাছে
 মাতয় দুষ্ট শকুনি॥
শুনা নৃপবৰ আমাৰ উত্তৰ
 শুনা মন কৰি থিৰ।
পাশা খেলিবাক লাগয় তোমাৰ
 আদেশ তযু পিতৃৰ॥
তুমি আমি দুয়ো পাশা খেলিবোহা
 চাহিব সমস্ত জনে।
এহিসে কাৰণে আহুত কৰিয়া
 অনাইলন্ত ইতো থানে॥
শুনি যুধিষ্ঠিৰে বুলিবে লাগিলা
 শকুনিৰ মুখ চাই।
মিছা কুট পাশ খেলিবাক চাস
 মনে মোৰ ইচা নাই॥
ক্ষত্ৰিয়ৰ ধৰ্ম্ম যুদ্ধ কৰিবেক
 হাতে অস্ত্ৰ শস্ত্ৰ ধৰি।
ব্ৰাহ্মণৰ ধৰ্ম্ম পঠন পঢ়ানে
 বশ্য জীৱে গৰু চাৰি॥
শূদ্ৰে ব্ৰাহ্মণৰ চৰণ সেবিবে
 শাস্ত্ৰৰ হেন আনয়।
কৈত শুনিয়াছা ক্ষত্ৰিয় সকলে
 পাশা খেলি সাধে জয়॥

[ ২২৫ ]

মিছা কুট পাশা কন্দলৰ বাসা
 অন্যায়ৰ ইতো ঘৰ।
দুষ্ট সৰ্ব্বজনে  ইহাত মৰয়
 নিন্দিত সাধু সবৰ॥
ৰাজাক সম্বুধি  শকুনি বোলয়
 নোবোলা হেন বচন।
পাশা খেলিবাৰ বুঝৈ চৰোবাৰ
 মহাবুদ্ধি সিতো জন॥
যিতো গ্ৰামীলোক পুৰুষ ৰসিক
 সিকি খেলিবাক পাৰে।
বিশেষত ঐক  আহুত কৰিয়া
 আনিছে পিতৃ তোমাৰে॥
হেন জানি ৰাজা  বিলম্ব এৰিয়া
 খেলিয়ো পাশা সত্তৰে।
যেবে নেখেলিবা  হাৰিলো বুলিয়া
 চলিয়ো আপোন ঘৰে॥
শকুনিৰ বাণী  শুনি মহামানী
 বুলিয়া হেন বচন।
মোৰ লগে পাশ  খেলিবাক চাস
 আছে তোৰ কত ধন॥
মই ৰাজেশ্বৰ  সাতো সমুদ্ৰৰ
 যত ৰত্ন আছে ধন।
মণি মৰকট  পোৱাল ৰজত
 মুকুতা হিৰা কাঞ্চন॥
সাগৰ দ্বিপত  আছে ৰত্ন যত
 সবে মোৰ ভণ্ডাৰত।
তয়ি অল্প সত সৌবল তনয়
 আছে ধন ৰত্ন কত॥

[ ২২৬ ]

নৃপতিৰ বাণী শুনি দুৰ্য্যোধন
 বুলিলা ৰাজাক চাই।
যত ধন ৰত্ন লাগে মানে দিবো
 খেলিবে মোৰ মোমাই॥
জিনিলে অনিবো  হাৰিলেয়ো দিবো
 এহি মোৰ অঙ্গিকাৰ।
মোৰ অৰ্থে পাশা  খেলিবে মোমাই
 কহিলোঁহো সৰেসাৰ॥
হেন বাণী শুনি থাকিলন্ত গুণি
 যুধিষ্ঠিৰ মহাশয়।
আহুত কৰিলে নুহি নিবৰ্ত্তন
 ইহাতেসে মহাভয়।
তোৰ লগে মোৰ পাশা খেলিবাক
 মনে নাহিকয় ইচা।
যি হৌক সি হোক তথাপি খেলিবো
 নুবুলিবি মাত্ৰ মিছা॥
নৃপতিৰ বাণী শুনিয়া শকুনি
 হৰি হৰি বিষ্ণু স্মৰে।
খেলি মিছা পাশ পৰধনে আশ
 কৰয় কোন বৰ্ব্বৰে॥
মঞি মহাজন সৌবল-নন্দন
 ত্ৰিভুবনে জানে মোক।
মিছা পাশা পাতি আনিবো কুক্ষাতি
 ইসুয়াইবো সৰ্ব্বলোক॥
এৰা ইতো মন পাণ্ডুৰ নন্দন
 নকৰিবা ইতো দুখ।
এহি মতে দুষ্টে পশা পাতিলেক
 ৰাজাৰ চাপি সমুখ॥

[ ২২৭ ]

নমো নাৰায়ণ বিঘিনি-খণ্ডন
 চৰণত থৈয়া মাথ।
পদ দীৰ্ঘ ছন্দে ৰচিলো আনন্দে
 দ্বিজবৰ গোপীনাথ॥
শুনা সাধুজনে এক চিত্ত মনে
 মহাভাৰতৰ পদ।
ডাকি মুখ ভৰি বোলা হৰি হৰি
 তৰিয়ো সবে আপদ॥

[ ২২৮ ]

বিদ্যা পঞ্চানন।

আত্ম পৰিচয়।

বৃহত নগৰ তন্ত্ৰিকাৰণ যে স্থান।
মৰ্ত্তা দেৱে জাল তাক কৰিছা নিৰ্ম্মাণ॥
নানা বিদ্যা পাটবস্ত্ৰ দেৱাঙ্গ বসন।
যিটো নগৰত সদা হোৱে উতপন্ন॥

তাহাৰ নিকটে বহে সুন্দৰ মনাস।
যাত স্নান তৰ্পণে দুখৰ হোৱে নাশ॥
অমৃত সমান স্বাদ পৰম নিৰ্ম্মল।
সাক্ষাতে দেখিয়া যেন জাহ্নবীৰ জল॥

সেহি নগৰত দ্বিজবৰ আছিলন্ত।
নামে কণ্ঠভৰণ যে পৰম মহন্ত॥
তাহান কনিষ্ঠ পুত্ৰে গুৰু গোপালৰ।
হৃদয়ত ধৰি দুই চৰণ সুন্দৰ॥

সমীপৰ লোকৰ আনন্দ মন দেখি।
অম্বাৰ চৰিত্ৰ পদ বন্ধে থৈলা লেখি॥
শুনৈ অবিৰতে লোকে পৰম সাদৰে।
আৰে পদ কৰিবাক অভিনন্দা কৰে॥

অম্বাৰ চৰিত্ৰ ভণে বিদ্যা পঞ্চাননে।
বোলোঁহো মিনতি কৰি শুনা সৰ্ব্বজনে॥
ভাষ্যত নপাই যদি ইসব কথাক।
পদকো নিন্দিবা মন্দ বুলিব আমাক॥

[ ২২৯ ]

ভাৰতৰ পদ ইটো অমৃত সমান।
সি সি শুনে যিটো কৰিয়াছে বহুদান॥
দুঃখিত কৃপণ যিটো লোকক বঞ্চক।
নপাৰে শুনিতে ইটো মহা ৰহস্যক॥

পৰম বিষয় লোক জৰ আতিশয়।
স্বাদকো নপাই কৃষ্ণ কথা নুশুনয়॥
সি সবো শুনুক দেখি পৰম সুন্দৰ।
এহি প্ৰয়োজনে পদ কৰে কবি নৰ॥

চন্দ্ৰ বাণ ঘোটকৰ পিঠিত গগণ।
কৃষ্ণ পক্ষ চতুৰ্দ্দশী মাস যে শ্ৰাৱণ॥
অশ্বিনী নক্ষত্ৰ সমাপতি ভৈল পদ।
বোলাঁ ৰাম ৰাম সবে খণ্ডোক আপদ॥


মহাভাৰত—ভীষ্ম পৰ্ব্ব।

ভীষ্ম বোলে কৰি সেৱ, শুনিয়োক গুৰুদেৱ,
 কহোঁ মই তোমাৰ চৰণে।
অকাৰণে কৰা ৰোষ, মৰষিয়ো মোৰ দোষ,
 কোপ এৰাঁ অম্বাৰ কাৰণে॥
ইমত মহিমা যাৰ, কোন জন আগে তাৰ,
 ধনু ধৰি কৰিব সমৰে।
অদভুত কৰ্ম্ম দেখি, ভ্ৰম ভৈল দুয়ো আখি,
 চায়াছিলোঁ ৰথৰ ওপৰে॥
খণ্ডিবাক ভূমি ভাৰ, ধৰি আছা অৱতাৰ,
 তুমি প্ৰভু ৰেণুকাৰ ঘৰে।
হাতত পৰশু ধৰি, তিনি সাত বাৰ কৰি,
 ক্ষেত্ৰিয়ক বধিলা সমৰে॥

[ ২৩০ ]

শ্ৰীৰামৰ জ্ঞান পথ, ছেদিলাহা মহাৰথ,
 প্ৰচণ্ড ধৰিয়া শৰাসন।
মহাবলী অৰ্জ্জুনৰ, কাটিলা সহস্ৰ কৰ,
 যাত হাৰিলেক দশানন॥
সসাগৰা ভূমিখান, ব্ৰাহ্মণক দিলা দান,
 ক্ষত্ৰিয়ক কৰিলা নিৰ্য্যান।
ক্ষত্ৰিয়ৰ ৰুধিৰৰ, কৰিয়াছা সৰোবৰ,
 কোন গুণে কৰিবো ব্যাখ্যান॥
তোমাৰ মহিমা যত, এক মুখে তাক কত,
 কহিবেক কাহাৰ শকতি।
এৰিয়া বিষয় কাম, যিটো লৱে গুণ নাম,
 অপ্ৰয়াসে সাধে তাৰ গতি॥
তুমি প্ৰভু আদি দেৱ, তোমাকেসে কৰোঁ সেৱ,
 কহোঁ একবাক্য শুনিয়োক।
তযু বাক্য ধৰি মনে, অসি অছোঁ মই ৰণে,
 মই যাওঁ বিদায় দিয়োক॥
হেনশুনি মহামানী, কতোক্ষণ মনে গুণি
 মাতিলন্ত ৰেণুকা তনয়।
আম্বাক নেনস যেবে, ঘৰক নযাইবি তেবে,
 দিয়ো যুদ্ধ কহিলোঁ নিশ্চয়॥
মই বোলোঁ শুনা ৰাম, নকৰোঁহো হেন কাম,
 যদি প্ৰাণ যায় সমৰত।
পিতা পুত্ৰ সমে যুদ্ধ, কৰয়ে কোন মুগু,
 কহিয়োক আমাৰ আগত॥
তথাপিতো গুৰু যদি, অম্বাৰ কাৰণে তুমি,
 যুদ্ধ কৰা মোহৰ লগত।
দেখোক দেৱতাগণ, গুৰুৰ শিষ্যৰ ৰণ
 এহি বুলি চড়িলোঁ ৰথত॥

[ ২৩১ ]

দেখা আজি কেন কৰোঁ, অম্বাৰ মান্যক সাৰোঁ,
 এহি বুলি লৈলোঁ ধনুবান।
গুৰুপদ গোপালৰ, মনে ধৰি নিৰন্তৰ,
 বোলাঁ ৰাম ভণে পঞ্চানন॥

পদ।
ভীষ্ম আৰু পৰ্শুৰামৰ যুদ্ধ।

ভীষ্ম নিগদতি শুনা ৰাজা যুধিষ্ঠিৰ।
মোহোৰ বচন শুনি ৰাম মহাবীৰ॥
অসংখ্যাত শৰ মাৰি আকাশে চানিলা।
যুদ্ধ দেখিবাক লাগি ত্ৰিদশ আসিলা॥

গুৰুৰ শিষ্যৰ যুদ্ধ চাহিবাক মনে।
বিমানত দেৱগণ ৰহিলা গগণে॥
ইন্দ্ৰ আদি কৰি দেৱগণ যত যত।
যুদ্ধ চাহিবাক লাগি ৰৈলা আকাশত॥

হংসৰ ওপৰে আসিলন্ত সৃষ্টিকৰ।
ঋষিগণ আসিলন্ত দেখিতে সমৰ॥
ময়ূৰে আসিলা দুই অশ্বিনী কুমাৰ।
ৰাজাগণ আসিলন্ত যুদ্ধ চাহিবাৰ॥

অপেস্বৰা গন্ধৰ্ব্ব যতেক স্বৰ্গবাসী।
যুদ্ধ চাহিবাক সবে ৰহিলেক আসি॥
পৃথিবীৰ ৰাজাগণ যত আছিলেক।
ৰথে চৰি সবে কুৰুক্ষেত্ৰে আসিলেক॥

ৰামক বুলিলোঁ পাছে চড়িয়া ৰথত।
মোক শৰ গুৰু তুমি কৰাঁ প্ৰথমত॥
পাছে শৰ কৰোঁ মই কিছু দোষ নাই।
আগে শৰ হানো যদি দেখিবে অন্যায়॥

[ ২৩২ ]

মোৰ বাক্য শুনি গুৰু কোপ কৰি মনে।
ধনুখান টঙ্কাৰ কৰিলা ঘনে ঘনে॥
পুনৰপি ধনু টানি আকৰ্ণ সমান।
প্ৰহাৰ কৰিলা বৎসদন্ত দশ বাণ॥

দশ অৰ্দ্ধচন্দ্ৰে দশ শৰকো ছেদিলোঁ।
দুই শিলীমুখ হানি হৃদয়ে ভেদিলোঁ॥
মোৰ শৰে গুৰুতনু ভৈলা কম্পমান।
অনন্তৰে মোকো হানিলেক তিনি বাণ॥

চাৰি গোটা ঘোৰাক তাৰিলা ছয় শৰে।
ললাটত এক বাণ তাৰিলা অন্তৰে॥
এক অৰ্দ্ধচন্দ্ৰে শৰাসনক ছেদিলা।
পুনৰপি দশ শৰে হৃদয় ভেদিলা॥

আন ধনুখান ধৰি জানা নৰেশ্বৰ।
বামৰ গাৱত প্ৰহাৰিলোঁ কুৰি শৰ॥
মুহুৰ্ত্তেকে সাৰথিক হানিলোঁ দুই বাণ।
ৰামৰ কাটিতে মই চাওঁ ধনুখান॥

শৰে সমন্বিতে মোৰ ধনুক ছেদিলা।
হৃদয়ত কোপে দশ শৰ প্ৰহাৰিলা॥
তেতিক্ষণে আন ধনুখান ধৰি হাতে।
সহস্ৰেক শৰ মোৰ পায় ঋষিসুতে॥

ক্ৰোধমনে শৰ প্ৰহৰিলা মহাদ্ৰুতে।
উৰুৱাই নিয়া শৰ কাটিলা বাটতে॥
অযুত নিযুত লক্ষ হাজাৰে হাজাৰ।
লঘু যুদ্ধে গুৰু মোক প্ৰহাৰন্ত শৰ॥

শুদ্ধ সুবৰ্ণৰ পুংখ কতো ৰজতৰ।
ৰতনে ৰচিত কতো কতো ফটিকৰ॥
কঙ্কস গুণৰ পাত্ৰ চায়া শৰচয়।
ভৈলা ময়ূৰৰ পাত্ৰ কতো নিৰ্ম্মিচয়॥

[ ২৩৩ ]

মহাভাৰত—ভীষ্ম পৰ্ব্ব।


ৰাজহংস গৃধ্ৰ পখা গৰুড়ৰ পাখি।
নিৰ্ম্মিয়াছে শৰচয় আকাশত দেখি॥
সেই শৰে গগণে প্ৰকাশে বিপৰীত।
দেখিয়া দেৱতাগণ ভৈলা ভয় ভীত॥

আকাশ পৃথিবী সবে ভৈলা একাকাৰ।
নবহে পৱন ভৈলা দিনতে আন্ধাৰ॥
চট চট কৰে শৰ পড়িয়া শৰত।
এৰিলেক পক্ষীগণে গতি তাকাশত॥

লোহায় লোহাত লাগি অগনি উঠয়।
সেই অগনিয়ে সবে শৰ বিনাশয়॥
ছিদ্ৰ চাই ৰামে এক ভল্ল প্ৰহাৰিলা।
বৰ টানে আসি মোৰ হৃদয় ভেদিলা॥

পড়িলা হাতৰ শৰাসন বিপৰীত।
ৰাম শৰে ভৈলা মোৰ পৰম বেথিত॥
মূহুৰ্ত্তেক মান মই তন্তিয়া আছিলোঁ।
পাছে বাম হাতে ধনুখান তুলি লৈলোঁ।

প্ৰণামি বুলিলোঁ মোৰ বাক্য শুনিয়োক।
তযু শৰে গুৰু দেখিলোঁহে যমলোক॥
হেৰা মই শৰ কৰোঁ তোমাৰ তনুত।
এহি বুলি অগনিক যুড়িলো গুণত॥

হানিলোঁ ৰামৰ হৃদয়ক লক্ষ কৰি।
তম্ভিয়া ৰহিলা ৰাম ইসাদণ্ড ধৰি॥
সন্ধুক্ষণ হুয়া মোক বুলিলা বচন।
ধন্য বাহুবল তোৰ ধন্য শৰাসন॥

একে আঙুলীকে মোক তস্তায়া ৰাখিলি।
আজি ভীষ্ম বৰ তই যশক লভিলি॥
মন্ত্ৰ সমে অস্ত্ৰ শস্ত্ৰ শিখাইলোঁহো তোক।
তাহাৰ দক্ষিণ আজি তই দিলি মোক॥

[ ২৩৪ ]

বৰ স্নেহে শৰগণ শিখাইলোহো তোক।
হেন পৰাভৱ আজি ভীষ্ম দিলি মোক॥
শিষ্য বুলি দেৱব্ৰত কৰোঁহো মমত।
দেখোঁ কোনে ৰাখে আজি মোহোৰ হাতত॥

এহি বুলি প্ৰহাৰ কৰিলা এক বাণ।
এক প্ৰহৰৰ পথ নিলা ৰথখান॥
ময়ো প্ৰহাৰিলোঁ শৰ ৰামৰ ৰথক।
উৰুৱাই নিলোঁ কতো দূৰ আকাশক॥

পাছে দুয়োখন ৰথ ভৈলা একে ঠাই।
কতোক্ষণে ধনু ধৰি আছিলোঁহো চাই॥
অনন্তৰে দুয়ো আনি টানি ঘোৰ ধনু।
ক্ষত বিক্ষত ভৈলা শৰে দুইয়ো তনু॥

যেন গেৰু ধাৰা যে বহয় পৰ্ব্বতৰ।
সেহি মতে শোণিত বহয় দুৰন্তৰ॥
দুই খান ধনু দেখি মণ্ডল আকাৰ।
বাসৱৰ ফুটে যেন শৰৰ প্ৰহাৰ॥

আকাশত থাকি দেৱে কৰে কণাকণি।
হেন বিপৰীত যুদ্ধ নতু দেখি শুনি॥
বিকৱচ ভৈলা দুইৰো তনু শৰ অঙ্গে।
কল্প এৰি যুজে যেন দুই গোটা মাতঙ্গে॥

যৈসানি ভৈলেক যুদ্ধ ৰাম ৰাৱণৰ।
ততোধিক যুদ্ধ দেখোঁ‌ আজি দুইহান্তৰ॥
যেন যুদ্ধ ভৈলা পূৰ্ব্বে বলি বাসৱৰ।
সেহি মত যুদ্ধ ভৈলা গুৰুৰ শিষ্যৰ॥

কিনো অদভুত ভৈলা অম্বাৰ কাৰণে।
দুয়ে জনে যুদ্ধ কৰে মাৰিবাক মনে॥
দুয়ো বলৱন্ত দুয়ো সমৰে প্ৰচণ্ড।
দুইৰো দুই শৰঘাৱে ভৈলা লণ্ডভণ্ড॥

[ ২৩৫ ]

তথাপি সমৰ নেৰে কিনো বিপৰ্য্যয়।
এহি বুলি দেৱগণ ভৈলন্ত বিস্ময়॥
পৰম আশ্চৰ্য্য ভীষ্ম যুজন্ত ৰামক।
ৰামে অল্পমান যুদ্ধ কৰন্ত ভীষ্মক॥

নযাইবো স্বৰ্গক চাই থাকিবোহো ৰঙ্গ।
কাৰ জয় হোৱে কাৰ হোৱে ৰণভঙ্গ॥
পৃথিবীৰ ৰাজাগণ যতেক আছিল।
বিস্ময়ক পায়া সবে চাহিয়া থাকিল॥

সমৰ দেখিতে যবে সবে চাই আছে।
শুনা যুধিষ্ঠিৰ যেন যুদ্ধ ভৈলা পাছে॥
অনন্তৰে মই শৰাসন নিবাৰিলোঁ।
তীক্ষ্ণ তীক্ষ্ণ বাণ চাই ধনুত যুড়িলোঁ॥

কতো শৰচয় দুই কাটো আকাশত।
কতো ধনু ধৰি তম্ভি থাকোঁহো ৰথত॥
কতো শৰজালে থওঁ ৰথক আবৰি।
মৰ্ম্ম মৰ্ম্ম থানে কতো হানো লক্ষ কৰি॥

যদি মই লক্ষেক প্ৰহাৰোঁ ধনু ধৰি।
অৰ্ব্বুদেক হানে ৰামে মহাকোপ কৰি॥
লঘু হস্তে দৃঢ় মুঠি বিদূৰ ভেদনে।
মহাতুল্য পৰাক্ৰম দেখে সৰ্ব্বজনে॥

জানা যুধিষ্ঠিৰ যুদ্ধ ৰামৰ লগত।
যতেক কৰিলোঁ তাক কহিবোহো কত॥
এহিমতে দুয়ো জনে প্ৰহাৰিলো শৰ।
সেহি সময়ত অস্ত ভৈলা দিবাকৰ॥

ৰথৰ নামিয়া মই সঙ্কোচিত মনে।
প্ৰণাম কৰিলোঁ গৈয়া গুৰুৰ চৰণে॥
বুলিলোঁ বচন গুৰু এৰাঁ অসন্তোষ।
যুজিলোঁ তোমাৰ বাক্যে নাহি কিছু দোষ॥

[ ২৩৬ ]

হস্তিনাপুৰক যাওঁ দিয়োক বিদায়।
পাছে গুৰু মোক কোপে বুলিলেক চাই॥
অম্বাক নেনস যদি গঙ্গাৰ তনয়।
নেদিবো বিদায় তোক বুলিলোঁ নিশ্চয়॥

নেনিবো অম্বাক বুলি বঞ্চিলোঁ ৰজনী।
ৰাত্ৰি অবসানে দেখা দিলা দিনমণি॥
প্ৰভাতৰ কাৰ্য্য যত কৰি সমাপত।
কৰিলোঁহো যাই নমস্কাৰ চৰণত॥

বুলিলোঁ ৰামক গুৰু শুনা একমনে।
বঞ্চিলোঁ ৰজনী মই তোমাৰ বচনে॥
আমাৰ লগত যুজি কোন ফল পাইবা।
লোকে হাসিবেক আৰু কুযশক পাইবা॥

মই যদি হাৰো গুৰু নকৰোঁহো শোক।
তুমি যদি হাৰা হাসিবেক দেৱলোক॥
হস্তিনাপুৰক যাওঁ বিদায় দিয়োক।
হেন শুনি ৰামে বাক্য বুলিলেক মোক॥

অম্বাক নেনস যদি শুনা দেৱব্ৰত।
আজিয়ে কৰিবো যুদ্ধ তোমাৰ লগত॥
ভীষ্ম নিগদতি শুনা ৰেণুকা তনয়।
আৰ পুনৰপি চাটু নোবোলোঁহো মই॥

তোমাৰ শৰত যদি যাওঁ যমালয়।
নেনিবো অম্বাক ঘৰে বুলিলোঁ নিশ্চয়॥
এহি বুলি খানিতেক আছিলোঁহো চাই।
যুদ্ধক প্ৰৱন্ধে ৰথে চড়িলোঁহো যাই॥

ৰামো চড়িলন্ত যাই ৰথৰ উপৰ।
সিয়ো দিনা যুদ্ধ দুইৰো ভৈলা ভয়ঙ্কৰ॥
দুইহানো যুদ্ধত যেবে সাত দিন গৈলা।
শুনা যুধিষ্ঠিৰ যেবে যেন কথা ভৈলা॥

[ ২৩৭ ]

সপ্তম দিনত যেবে মধ্যাহ্ন কালত।
ভৈলা মহাঘোৰ যুদ্ধ সেহি সময়ত॥
দুইৰো যুদ্ধ দেখি সবে ভৈলা মহাভয়।
বোলে অকালতে আসি মিলিল প্ৰলয়॥

হেন অদভুত যুদ্ধ দেখি নতু শুনি।
বিস্ময়ক পায়া সবে ৰৈলা মনে গুণি॥
নাহি ভঙ্গ জয় ব্ৰহ্মাদেৱে দেখিলন্ত।
সৃষ্টি নষ্ট যাই দেখে দুইহান যুদ্ধত॥

আকাশত ব্ৰহ্ম থাকি মনে গুণিলন্ত।
হংসজানে আসি দুইৰো মধ্যে পশিলন্ত॥
দেখিলোঁহো দুয়ো সৃষ্টিকৰ আসিলন্ত।
আথেবেথে ৰথৰ যে নামিলোঁ দুইহান্ত॥

নমস্কাৰ কৰিলোঁহো ধৰি চৰণত।
কৃতাঞ্জলি কৰি দুয়ো আছোঁহো আগত॥
হাস্য কৰি ব্ৰহ্মা পাছে বুলিলা বচন।
কেনে তোৰা দুই যুদ্ধ কৰা অকাৰণ॥

এৰিয়োক যুদ্ধ ৰাম মিছা আপোনাক।
বোলন্ত যায়োক ভীষ্ম হস্তিনাপুৰক॥
অম্বাৰ কপালে যেন লিখিয়া আছয়।
তাক গুচাইবাক হেন জন নাহিকয়॥

গুচাইবেক তাক হেন নাহি আন জন।
বিধাতাৰ লিখনক গুচাইবে কেমন॥
তথাপিতো নাযাওঁ মই আছোঁহে ৰহিয়া।
শিষ্যগণ লৈয়া গৈলা মোক নমাতিয়া॥

চাই আছোঁ গৈলা অম্বা গুৰুৰ পাছত।
কতোক্ষণ যাই অম্বা পুছিলা ৰামত॥
মোহোৰ নিমিত্তে গুৰু বুলিলা বিস্তৰ।
আৰু সাত দিন তুমি কৰিলা সমৰ॥

[ ২৩৮ ]

তথাপিতো ভীষ্ম মোক নেনিলেক ঘৰে।
কহিয়োক প্ৰাণ ত্যজিবোহো কাৰ তৰে॥
শাল্বে নৰাখিলে ভীষ্ম কৰিলা নৈৰাশ।
কাৰ বধে অগনিত কৰিবোহো জাস॥

অনন্তৰে ৰামদেৱে অম্বাক বুলিলা।
ভীষ্মৰ কাৰণে তোক শাল্বে নৰাখিলা॥
তোৰ পাণি যাতো ভীষ্ম কৰিলা গ্ৰহণ।
শাল্ব ৰজা তোক নৰাখিলে সিকাৰণ॥

এতেকতে জানা অম্বা বধিতে ভীষ্মক।
ত্যজ প্ৰাণ এহি বুলি গৈলা আশ্ৰমক॥
অম্বায়ো ৰামৰ বাক্যে মনে আনুমানি।
জাহ্নবীৰ তীৰ যায় কাষ্ঠচয় অনি॥

মনত বিষাদ বৰ পায়া অপমান।
অনন্তৰে অম্বা সাজিলেক চিতাখান॥
অম্বাৰ চৰিত্ৰ যিটো শুনে একমনে।
নাহি অধৰ্ম্মক শঙ্কা ইতিনি ভুবনে॥

দেৱ গোপালৰ পাদপদ্ম ধৰি মনে।
বোলে ৰাম ৰাম ভণে বিদ্যাপঞ্চাননে॥

লেছাৰী।
অম্বাৰ চিতা আৰোহণ।

ভীষ্ম বলে শুনা যুধিষ্ঠিৰ, মোৰ বধহেতু গঙ্গাতীৰ,
 যাই কাষ্ঠচয় কৰিলেক একথান।
চাই আছে যত ৰাজাগণে, মোত বৰ কোপ মন ঘনে,
 আপুনি নিৰ্ম্মাণ কৰিলেক চিতাখান॥

[ ২৩৯ ]

পাছে হাতকুশ পাঞ্চি ধৰি, গঙ্গাজলে যাই স্নান কৰি,
 সঙ্কল্প কৰিয়া উঠিলেক চাই তীৰে।
বিস্ময়ক পায়া দেৱগণে, চাই আছে সবে একমনে,
 মৌনব্ৰতে অম্বা চলিলেক ধীৰে ধীৰে॥
ৰামৰ লগত যত ৰণ, কৰিবেক তাক বিবেচন,
 সবে কহিলেক ঋষিগণ আগে যাই।
অম্বাৰ বচন আছি শুনি, বুলিলা সমস্তে মনে গুণি,
 ভীষ্মৰ নিমিত্তে তেজিয়োক প্ৰাণ আই॥
তাসম্বাক কৰি নমস্কাৰ, ক্ৰোধমন হুইয়া অম্বাৰ,
 চলিলাহা যৈত চিতাখান আছে কৰি।
সূৰ্য্য সোম যম হুতাশন, এসম্বাক আদি দেৱগণ,
 শুনা সবে বোলোঁ হাতে অগনিক ধৰি॥
ভীষ্ম বধহেতু ত্যজোঁ প্ৰাণ, এহিবুলি অম্বা চিতাখান,
 প্ৰদক্ষিণ কৰি ফুৰিলেক সাতবাৰ।
বিমানে চড়িয়া দেৱগণে, পৰম বিস্ময় দেখি মনে,
 অদভুত কৰ্ম্ম দেখিয়া সবে অম্বাৰ॥
অনন্তৰে অম্বা অগ্নি জালি, লগাইলা চিতাত ঘৃত ঢালি,
 আকাশ ঢাকিয়া উঠিলেক বৈশ্বানৰ।
ত্ৰিদশ দেৱতা আছে চাই, সেই অগনিৰ মধ্যে যাই,
 পড়িলেক মোৰ বধহেতু নৰেশ্বৰ॥
হাহাকাৰ কৰে সৰ্ব্বজনে, পাছে মোক বধিবাক মনে,
 দ্ৰুপদৰ ঘৰে কন্যা হুয়া জন্মিলেক।
বসি আছা ৰাজা সিংহসনে, অপুত্ৰ ৰাজাৰ ভাৰ্য্যাগণে,
 মন্ত্ৰণা কৰিয়া পুত্ৰ বুলি কহিলেক॥
শুনি ৰাজা ৰঙ্গ আতি ভৈলা, হাতে তিলকুশ তুলি লৈলা,
 অযুতেক ধেনু ব্ৰাহ্মণক দিলা দান।
গুৰু গোপালৰ চৰণত, ৰৌক মোৰ মন অবিৰত,
 বোলা ৰাম ৰাম ভণে বিদ্যাপঞ্চানন॥


[ ২৪০ ]

দ্বিজ ৰমানন্দ।

মহাভাৰত—উদ্যোগ পৰ্ব্ব।

দুলড়ী।

বিদুৰৰ বাণী দুৰ্য্যোধনে জানি,
 বুলিবে লাগিলা তয়।
কিকৈলা বিদুৰ পৰম চতুৰ,
 ইতো কথা সত্য হয়।
পাণ্ডৱক লাগি বৰ অনুৰাগী,
 সত্য জানো জনাৰ্দ্দন।
সৎকাৰ পূৰ্ব্বকে দিতে কেশৱকে
 নলাগয় ৰত্ন ধন॥
দেশ কাল চাই দিবাক যুৱাই,
 অধিক নাহয় ভাল।
ভয়ত পূজয় যিবা বস্তু চয়,
 মানিবে হেন গোপাল॥
আমি ক্ষত্ৰীবৰ অবজ্ঞা বিস্তাৰ,
 যি কৰ্ম্মতে হন্তে হয়।
নকৰি তাহাক নিষ্টে বোলা বাক,
 মোৰ মনে হেন লয়॥
তিনিও লোকৰ কৃষ্ণ পূজ্যতৰ,
 আকো জানো মোৰ মতি।
হেন সময়ত সভাৰ মধ্যত,
 কৃষ্ণক নুপজে অতি॥

[ ২৪১ ]

হুয়া অতি ক্ৰুদ্ধ আৰম্ভিলো যুদ্ধ,
 আৰ কি লৈব সমৰ।
এতেকে কিসক পূজা কেশবক,
 কৰিব লাগে বিস্তৰ॥
দুৰ্য্যোধন বাণী  পিতামহে শুনি,
 ধৃতৰাষ্ট্ৰ নৃপতিক।
বোলে মহাৰাজ শুনা যেন কাজ,
 এত আলচাহা কিক॥
যিতো কাৰ্য্যচয় কৰিলে নিশ্চয়,
 গুণি আপোনাৰ মনে।
তাক আনি নৰে খণ্ডিতে নপাৰে,
 অনেক নীতি বচনে॥
যদি কৰা মান দিয়া বহু দান,
 যদিবা কৰা অমান।
পূজাৰ কাৰণে কিছু নাহি মনে,
 হৰিষ বিষাদ তান।
জগত ঈশ্বৰ দেৱ দামোদৰ,
 অবজ্ঞা তাঙ্ক নকৰি।
সুমধুৰ বাণী বুলিবাহা মানি,
 ৰাজা হেলা পৰিহৰি॥
ধৰ্ম্ম অৰ্থ পৰ বাক্য দামোদৰ,
 বুলিবাহা জানো সাৰে।
কৰিবাহা তাক নলৈবাহা হাক,
 চিন্তিয়ো হিত সবাৰে॥
ভীষ্মৰ বচন শুনি দুৰ্য্যোধন,
 বুলিবে লাগিলা চাই।
শুনা পিতামহ পাণ্ডৱৰ গহ,
 কৃষ্ণক সহায় পাই॥

[ ২৪২ ]

পাণ্ডব সহিতে অকপট চিত্তে,
 মই যাৱে জীয়ো মানে।
নুভুঞ্জিবো ৰাজ নাহিকয় বাজ,
 আন নুশুনুহো কাণে॥
আইল দামোদৰ হস্তিনা নগৰ,
 আমাৰ সিজিল কাজ।
পাণ্ডৱৰ মূল খাগি অনুকুল
 কুট মন্ত্ৰী যদুৰাজ।
সবে বেঢ়ি ধৰো তাকো বন্দী কৰো,
 বশ হৈব বৃঞ্চিগণ॥
পাণ্ডব সকল ধৰণী মণ্ডল,
 পাইবোহে নকৰি ৰণ।
কিন্তু জনাৰ্দ্দন আমাৰ যতন
 যেন মতে নুবুজয়।
এহিসে উপাই, কৰিতে যুৱাই,
 নাহিকে আন নিশ্চয়।
দিয়া অনুমতি ধৰিবাক প্ৰতি
 বন্দী কৰো কেশৱক।
দেখাহা মহত বীৰগণ যত,
 জন্তাই থঞো সমস্তক॥
হেন নিদাৰুণ বচন নিৰ্গুণ,
 শুনি ধৃতৰাষ্ট্ৰ ৰাই।
মন্ত্ৰী সমন্নিতি পাইলা মহাভীতি,
 মনে সুখ শান্তি নাই॥
বোলয় বচন শুনা দূৰ্য্যোধন,
 নুবুলিবি হেন বাণী।
দূতৰ বন্ধন ধৰ্ম্ম সনাতন,
 নকহয় আক জ্ঞানী॥

[ ২৪৩ ]

সমন্ধি আমাৰ প্ৰিয় মধ্যে সাৰ,
 নতু কৰে অপকাৰ।
হেন কেশৱক ধৰহ কিসক,
 ছাড় ইটো অঙ্গীকাৰ॥
পাচে ভীষ্ম ৰাই নৃপতিক চাই,
 বুলিবে লাগিলা বাণী।
তোমাৰ তনয় অতি দুৰাশয়,
 আয়ু আৰ ভৈল হানি॥
বন্ধুগণে আক যত বোলে বাক,
 নকৰে তাক আদৰ।
অনৰ্থক মনে সাধয় যতনে,
 অনৰ্থ ছাড়ে পামৰ।
হেনয় পামৰ ওযু তনয়ৰ,
 আক তই আশা পালি।
জগত ঈশ্বৰ দেৱ গদাধৰ,
 নিস্ক্ৰীয় বস্তু সতত।
তাহাঙ্ক ঝোঙ্কায়া  নাশ হৈব কায়া,
 বন্ধু সমে তযু সুত।
হেন দূৰাচাৰ৮পুত্ৰৰ তোমাৰ,
 অমঙ্গল বাণীচয়।
নপাৰো শুনিতে  বুলি এহিমতে,
 উঠি গৈলা ভীষ্মতয়॥
মুনি নিগদতি  শুনা নৰপতি,
 আত অনন্তৰে কথা।
বৃক স্থলে হৰি  নিত্য কৃত্য কৰি,
 ৰথত চড়িলা তথা॥
কৰিলা প্ৰয়াণ দেৱ ভগৱান,
 হস্তিনা পুৰক প্ৰতি।
আগবঢ়াইবাৰ নিমিত্তে সবাৰ,
 উল্লাসিত ভৈলা মতি॥

[ ২৪৪ ]

কৃষ্ণৰ লগত লৰিলা সমস্ত,
 বৃক স্থলে যত নৰ।
কত দূৰ গৈয়া  অনুজ্ঞা মাগিয়া,
 পুনু গৈলা নিজ ঘৰ॥
হস্তিনা পুৰৰ যত বীৰ বৰ,
 ভীষ্ম দ্ৰোণ আদি কৰি।
আগবঢ়াইতে লৰিলা চকিতে,
 ৰাজ আজ্ঞা অনুসৰি॥
পিন্ধি অলঙ্কাৰ চলিলা অপাৰ,
 নগৰ নিবাসী জন।
বহুবিধ যানে গৈলা কত জনে,
 কতোহো ভূমি গমনে॥
গৈয়া কতো দূৰ  ভীষ্ম মহাশূৰ,
 দ্ৰোণ কৃপ আদি যত।
কৃষ্ণক দেখিলা আগবঢ়াই নিলা
 প্ৰবেশিলা নগৰত॥
বালবৃদ্ধ নাৰী চৰিলা ওঁৱাৰি
 কৃষ্ণ দেখিবাৰ কাজে।
অম্বিকা নন্দন আৰো দুৰ্য্যেধন,
 এই দুই জন বাজে।
সবে পুৰ ছানি ঘোষে জন বাণী
 কৃষ্ণ আসিবাৰ কাজে॥
পদূলি পদূলি ৰুইল কদলী
 তোৰণ ধ্বজ বিৰাজে।
চন্দনে লিপিত ৰাজ মাৰ্গ যত,
 ৰত্নগণ দুই পাশে।
দধি দুৰ্ব্বাক্ষত পূৰ্ণ্ণকুম্ভ যত,
 তোৰণ মূলে প্ৰকাশে॥

[ ২৪৫ ]

হেন নগৰত ভৈলা উপাগত,
 নন্দ সুত ভগৱান।
প্ৰজাগণ ভৰে দলদোপ কৰে,
 যেহেন নগৰী খান॥
বড় ধৌলিয়ৰ ধনিক সবৰ,
 ৰাজ মাৰ্গ দুই পাশে।
ৰত্নে পাৰে ঝিকি কৰে চিকিমিকি,
 কৈলাস গিৰিকো হাসে॥
তাত আৰোহণ কৈলা নাৰীগণ,
 কৃষ্ণক দেখিবে লাগি।
তাসম্বাৰ ভৰে ধৰণী উপৰে
 যেহেন পড়য় ভাগি॥
কৃষ্ণৰ ৰথৰ ঘোৰা খৰতৰ,
 বেগে পবনকো নিন্দে।
প্ৰজাৰ কাৰণে শিথিল গমনে,
 পথত চলা গোবিন্দে॥
এহি মতে যাই প্ৰজা সব চাই,
 পাইলন্ত ৰাজওঁৱাৰি।
তিনি কোঠ গৈয়া ৰথৰ নামিয়া,
 পশিল ৰঙ্গে মুৰাৰি॥
সভা প্ৰবেশিলা কৃষ্ণে কৰি লীলা,
 ধৃতৰাষ্ট্ৰে শুনিলন্ত।
দ্ৰোণ ভীষ্ম সমে অতি সসম্ভ্ৰমে,
 আসনৰ উঠিলন্ত॥
কৃপ সোমদত্ত বাহ্লিকাদি যত,
 চড়িলা সবে আসন।
কৃষ্ণক পূজিতে আনন্দিত চিত্তে,
 কৰিলা জাণ্টে যতন॥

[ ২৪৬ ]

পাচে দেৱ হৰি বচনে সাদৰি,
 ভীষ্ম সমে নৃপতিক।
কৰিলা পূজন উচিত যেমন,
 জানিয়া শাস্ত্ৰ বিধিক॥
পাচে ত্ৰিবিক্ৰম কৈলা সমাগম,
 নৃপতি সকল সমে।
পুছিলা সবাৰে বয়সানুসাৰে,
 অদিৰিলা যথাক্ৰমে॥
নৃপ চুড়ামণি দানী মধ্যে গণি,
 সাক্ষাতে অম্বিকা পতি।
গম্ভীৰে সাগৰ ৰূপে পঞ্চশৰ,
 দীন জন নিজ গতি॥
আজানু লম্বিত বাহু সুমণ্ডিত,
 ছত্ৰাকৃতি শিৰ ৰাজে।
নখ চন্দ্ৰ পান্তি সবে কৰে কান্তি,
 শ্ৰদ্ধানুধৰ্ম্মৰ কাজে॥
তান আজ্ঞা বাণী  শিৰোগত মানি,
 ৰমানন্দ দ্বিজবৰ।
ভণয় দুলড়ী ছোড় কৰ্ম্মজৰী,
 বোলা গৌৰী হৰি হৰি॥

পদ।

বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
এমি মতে সভা প্ৰবেশিয়া কৃপাময়॥
দ্ৰোণ দ্ৰোণী সোমদত্ত বাহিলক কৃপক।
যথা যোগ্যে সাদৰিলা কৃষ্ণ সিসবক॥

কাহাকো সাদৰি কাকো ধৰিলা সাবটি।
কাহাৰো কুশল প্ৰশ্ন কৰিলা প্ৰকটি॥
ৰত্নগণে ঝিকি পাৰে সুবৰ্ণ আসন।
ধৃতৰাষ্ট্ৰে পাঞ্চি দিলা আনিলা তেখন॥

[ ২৪৭ ]

তাহাতে বসিলা হৰি জগত আধাৰ।
অনাইলাহা অতিথিৰ পূজা উপচাৰ॥
সঅৰ্ঘে পূজিলা কেশৱক পুৰোহিতে।
সভাৰ মধ্যত ধেনু জল সমন্নিতে॥

অতিথিক যিতো বস্তু দিতে সমুচিত।
সেহি ৰূপে গোবিন্দক কৰিলা পূজিত॥
কুৰুসব সহিতে সম্বন্ধ আনুসৰি।
যথা যোগ্য পৰিহাস কৰিলা শ্ৰীহৰি॥

ধৃতৰাষ্ট্ৰ নৃপতিৰ মাগিয়া মেলানি।
তৈৰ হন্তে বাঝ ভৈলা দেৱ চক্ৰপাণি॥
লগতে আবৰি গৈলা কুৰু বন্ধুগণ।
বিদুৰৰ গৃহে চলি গৈলা নাৰায়ণ॥

সৰ্ব্বভাবে বিদুৰে পূজিলা গোবিন্দক।
পৰম আনন্দ পাইলা লভিয়া কৃষ্ণক॥
পাণ্ডবৰ বাৰ্ত্তা পাছে পুছিলা বিদুৰ।
কুশলে কি আছে পাঞ্চ তনয় পাণ্ডুৰ॥

শুনিয়া গোবিন্দে কহিলন্ত তান আগে।
পাণ্ডবৰ কথা সাৱশেষে ভাগে ভাগে॥
বিদুৰৰ গৃহ হন্তে পাচে দামোদৰে।
অপৰাহ্নে গৈল পেসী চাহিবাৰ তৰে॥

কৃষ্ণক দেখিয়া কুন্তী দেবী পৃথুবটি।
আথে বেথে গৈয়া কৃষ্ণে ধৰিলা সাবতি॥
কান্দিবে লাগিলা পুত্ৰ সবক সুমৰি।
লোতকে তিয়ালা কৃষ্ণ শৰীৰ সুন্দৰী॥

পিতৃ হীন পাঞ্চ গুটি আমাৰ তনয়।
তুমি সমে ফুৰা তাক ৰাখা কৃপাময়।
এহি বুলি নিয়া আসনত বৈসালন্ত।
বিধিমতে উপচাৰ দিয়া পূজিলন্ত॥

[ ২৪৮ ]

পুনুহো পুত্ৰৰ দুঃখ বৰ্ণাই বৰ্ণাই।
সুধিবে লাগিলা কুন্তী কৃষ্ণ মুখ চাই॥
গদ গদ বাণী লোহ পৰে সৰসৰি।
শুখাইলেক ওঁঠ কণ্ঠ পুত্ৰক সুমৰি॥

শুনা প্ৰভু প্ৰাণকৃষ্ণ দেব কৃপাময়।
বালক কালৰে পৰা পঞ্চটি তনয়॥
পৰম্পৰে প্ৰীতি সবে গুৰুত বিনীত।
নাহি ভেদ বুদ্ধি সাধু সবাৰো সন্মত॥

সৰে সত্যবাদী হৰ্ষ বিষাদত সম।
যেহেন ব্ৰাহ্মণে নছাড়য় সম দম॥
হেনয় পাঞ্চটি পুত্ৰ জিনি কুট পাশে।
ৰাজ্য কাঢ়ি লৈয়া খেদাইলেক বনবাসে॥

কান্দি কান্দি ৰৈলো মই হিয়া ধান্ধৰিয়া।
নগৰৰ বঝাই গৈলা মোহোক তেজিয়া॥
প্ৰাণ মন গৈলা মোৰ সঙ্গে তাসম্বাৰ।
কেৱলে শৰীৰ মাত্ৰ ৰৈলেক আমাৰ॥

নজানো কিৰূপে বনে ৰৈল চিৰকাল।
সিংহ ব্যাঘ্ৰ গণ্ড সৰ্প যাত পালেপাল।
নাহি সঙ্গে পিতৃ মাতৃ নাহিকে সহাই।
বস্ত্ৰ অলঙ্কাৰ অনুপান কিছো নাই॥

হেনয় বনত কেনমতে গৈল কাল।
ইহাক সুমৰি মোক পোড়ে শোক শাল॥
বিনা বেণু মৃদঙ্গ দুন্দুভি শঙ্খ ভেৰী।
পন্নব গোমুখ কালী দোসৰি মহৰি॥

হয় হস্তী গণ ৰথ চক্ৰ ঘৰিষণ।
বিপ্ৰৰ মঙ্গল বাদ্য পুণ্যাহ বচন॥
ইসবৰ শব্দে যাব ভাগয় ঘুমটি।
হেন পুত্ৰ সবো ভুঞ্জে বনে লটিঘটি॥

[ ২৪৯ ]

ব্ৰাহ্মণ সকলে যাক কৰে সৎকাৰ।
বস্ত্ৰে ৰত্নে অলঙ্কাৰে পূজি বাৰম্বাৰ।
ধৌলিবৰ উৰ্দ্ধে হংস তুলিৰ উপৰে।
মহা সূক্ষ্ম মনে যিতো সবে নিদ্ৰা কৰে॥

নাৰী সবে মধুৰ শবদে গীত গাই।
সুত বন্দী মাগধেসে যাহাক জগাই।
হেন সবে বনে সিংহ ব্যঘ্ৰৰ আতাসে।
অনিদ্ৰে বঞ্চিলা কাল মনত হতাশে॥

পিতৃহীন অনাথ তনয় পাঞ্চ গুটি।
তাসম্বাক স্মৰি মোৰ প্ৰাণ যাই ফুটি।
একে যুধিষ্ঠিৰৰ কহন নযাই গুণ।
শান্ত দান্ত ধৈৰ্য্যশালী ধৰ্ম্মী সকৰুণ॥

নাহি কাম ক্ৰোধ লজ্জাশীল সত্যবাদী।
সাধুৰ পথত স্থিত সুধু অপ্ৰমাদি।
ভৰত দিলিপ শিবি মান্ধাতা যযাতি।
অম্বৰীষ লঙ্গস প্ৰমুখ্যে নৰপতি॥

ত্ৰিভুবনে প্ৰখ্যাত হেনয় ৰাজৰ্ষিৰ।
ভাৰ বহি আছে যিতো ৰাজা যুধিষ্ঠিৰ।
শুদ্ধ সদাচাৰী সৰ্ব্ব গুণৰ আকৰ।
শত্ৰু মিত্ৰ সমান নাহিকে ভিন্নপৰ॥

কুৰুবংশ শিৰোমণি পৰম পণ্ডিত।
প্ৰিয়দৰ্শী দীৰ্ঘ ভুজ সৰ্ব্ব‌লোক হিত।
তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ শোভয়।
হেন যুধিষ্ঠিৰ পুত্ৰ কুশলে আছয়॥

অযুত হস্তীৰ বল বেগে বায়ু সম।
মহাবলী ক্ৰোধত সাক্ষাতে যেন যম॥
ভ্ৰাতৃত বৎসল কীচকৰ অন্তকাৰী।
বক সৰ্প হীৰিম্বাৰ দিলা মহামাৰী॥

[ ২৫০ ]

পৰাক্ৰমে ইন্দ্ৰ সম ক্ৰোধে ৰুদ্ৰনয়।
ক্ৰোধ বল জিনি ভ্ৰাতৃ আজ্ঞাত থাকয়।
পৰিঘ সমান বাহু বীর্য্য আদভুত।
কুশলে আছয় হেন বৃকোদৰ সুত॥

পূৰ্ব্বত সহস্ৰাৰ্জ্জুন আছিলেক বীৰ।
হাজাবেক বাহু তাৰ ৰণে মহাধীৰ।
দুই বাহু মাত্ৰ মোব অর্জ্জুন পুত্ৰৰ।
তথাপিতো তাৰ সম ৰণে ধনুৰ্দ্ধৰ॥

পঞ্চশত বাণ প্ৰহাৰ একো জোপে।
তেজে আদিত্যৰ সম ৰুদ্ৰ সম কোপে॥
ইন্দ্ৰিয়ৰ দমে ঋষি ক্ষমাত ধবণী।
সবে ৰাজ পাইলা যিতো বীৰ সবে জিনি॥

ত্ৰিভুবনে অজেয় ৰথীৰ চুড়ামণি।
বীরগণ গণনাত যাক আগে গণি॥
যাক পায়া গহ কৰে পাণ্ডব সকলে।
হেন ধনঞ্জয় বাপু আছয় কুশলে॥

সৰ্ব্বভূত দয়াবন্ত লজ্জা্র মন্দিৰ।
পৰম ধাৰ্মিক মৃদু সুকুমাৰ বীৰ।
সমৰত আনুপম মহাধনুৰ্দ্ধৰ।
ধৰ্ম্মাৰ্থে চতুৰ ভ্ৰাতৃ সব প্ৰিয়কৰ॥

মোহোৰ স্নেহৰ পুত্ৰ মাদৃ সদাচাৰী।
জেষ্ঠ ভ্ৰাতৃ সকলৰো মোৰ আজ্ঞাকাৰী।
হেন সহদেৱ মাদৃ সতিনী নয়।
কুশলে কি আছে প্ৰভু দেৱ কৃপাময়॥

সুকুমাৰ যুবা ৰীৰ অতি ৰুচিকৰ।
ভ্ৰাতৃ সকলৰ বাক্য প্ৰাণ সমসৰ।
বিচিত্ৰ যুঝাৰু ধনুৰ্দ্ধৰ মহাবলী।
হেন পুত্ৰ নকুল কি আছন্ত কুশলি॥

[ ২৫১ ]

নিমিষেকো যাক নেদেখিয়া নাহি সুখ।
কৈসানি দেখিবো হেন নকুলৰ মুখ॥
সৰ্ব্বগুণে পূৰ্ণ্ণা পাঞ্চো তনয়ৰ প্ৰিয়া।
দ্ৰৌপদীক স্মৰি ৰাত্ৰি দিনে পোৰে হিয়া॥

কুলশীলে পৰিপূৰ্ণ্ণা পৰম কল্যাণী।
সৰ্বকালে মৃদু বাক সদা সত্য বাণী॥
পিতৃ পুত্ৰ স্নেহ ছাৰি স্বামী সব সঙ্গে।
বনবাসে দুঃখ ভুঞ্জি ফুৰিলাহা ৰঙ্গে॥

হেন দ্ৰৌপদীৰ কেনে ভৈলা এত দুঃখ।
জানিলো পুৰুষে কৰ্ম্মে নলভয় সুখ।
পাঞ্চো তনয়ত কৰি স্নেহ দ্ৰৌপদীত।
হেন বহাৰিক স্মৰি থিৰ নোহে চিত॥

যত লাগে মানে দুঃখ লভিল পূৰ্ব্বত।
ৰজস্বলা সময়ত শ্বশুৰ আগত॥
গায়ে এক খানি বস্ত্ৰ ৰাজ সভামাঝে।
চাহি আছিলেক সবে কুৰু সামৰাজে॥

একে বিদুৰত বাঝে নেদেখিলো ভাল।
দ্ৰৌপদীক লাগি সবে ভৈল যমকাল॥
বিহুৰ পৰম সাধু গুণৰ সাগৰ।
সকলো লোকৰ হিত ধৰ্ম্মৰ আকৰ॥

কৃষ্ণক দেখিয়া কুন্তী দুঃখ স্মৰি স্মৰি।
কহিবে লাগিলা পুত্ৰ সবক সুমৰি॥
শুনিয়োক প্ৰভু দেৱ দেবকী নন্দন।
পূৰ্ব্বে সাধু সবে যাক কৰিলে গহন॥

ইতে পশমগবন্ধ কৌৰবৰ শৰ।
আচোক অহিত হৈব ভৈল শুভকৰ॥
এহিসে মোহোৰ দেহা দহে অতিশয়।
অধৰ্ম্ম কৰিয়া কেনে কুশলে আছয়॥

[ ২৫২ ]

সভা মাঝে কদৰ্থিয়া দিলেক নিকাৰ।
পিন্ধাইলা বাকলি কাঢ়ি লৈলে বাজ্যভাৰ।
ঢঙ্কা মাৰি নগৰৰ খেদাইলা সবাক।
ৰাত্ৰি দিনে পোড়ে দেহা সুমৰি ইহাক॥

বাহ্ৰয় বৰিষ বনবাস মহাক্লেশ।
অজ্ঞাত বৰিষ এক তাহাতো বিশেষ।
পূৰ্ব্বৰ দুঃখতো কৰি ইসি দুঃখ টান।
পুত্ৰ নেদেখিয়া মোৰ নৰহয় প্ৰাণ॥

পাঞ্চ গুটি পুত্ৰত মোৰ স্নেহ যেন মত।
সেহি মতে স্নেহ মনে কৌৰব সবত।
সেহিসে পুণ্যৰ ফলে দেখিলোঁ তোমাক।
হেন বিপদত স্মবি পাইলা আমাক॥

কৌৰব সহিতে যুদ্ধ হৈবে আছো জানি।
তাহাক জিনিবা প্ৰভু দেখিবো কৈসানি।
সিতো যুদ্ধ সমুদ্ৰত কৰিবাহা পাৰ।
সমুদ্ৰ তৰিব পুত্ৰে ধৰিবাক ভাৰ॥

কাহাৰ শকতি আছে জিনিব কৌৰৱ।
সিততা যুদ্ধ সমুদ্ৰত তুমিসে বান্ধৱ।
মোহোক নিনিলো নিনিন্দোহো দুৰ্য্যোধন।
কেৱলে পিতৃক মই কৰোহো গৰ্হ‌ন॥

ঢোপ খেলি ফুৰো নাজানোহো ভাল মন্দ।
পৰৰ ছোৱালী সমে পৰম আনন্দ।
হেন মোক কুন্তীভেজ নৃপতিক লাগি।
বাক্য নিবন্ধত থাকি দিলা অনুৰাগি॥

শ্বশুৰে উপক্ষে দিলা পিতৃয়ে ছাড়িল।
হেন মোৰ জীৱনক কিসক লিখিল।
যি বেলাত ধনঞ্জয় ভৈলা উতপতি।
সিবেলা আকাশী বাণী ভৈলা মোক প্ৰতি॥

[ ২৫৩ ]

পৃথিবী জিনিব তযু তনয় দুৰ্জ্জয়।
স্বৰ্গমণ্ডলকো যাইবে আনে কীৰ্ত্তিচয়॥
কুৰু কুল সংহৰি লভিবা ৰাজ্যভাৰ।
ভ্ৰাতৃ সমে ক্ষত্ৰিয় কৰিবা বুন্দামাৰ॥

তিনি অশ্বমেধ যজ্ঞ কৰিব অন্তত।
সিতো বাক্য গহা মই নকৰো মনত॥
ধম্মক লাগিয়া হেৰা কৰো নমস্কাৰ।
সেহি ধৰ্ম্মৰুপী দেব দৈবকৗ কুমাৰ॥

ধৰ্ম্মেসে সকলে প্ৰজা কবন্ত বক্ষণ।
ধৰ্ম্ম হৈলে সত্য হৈব থাকা সিবচন॥
তুমি সবে সত্য কৰিবাহা নাৰায়ণ।
সকলৰে মূল হেতু ধৰ্ম আচৰণ॥

বিধবা ভৈলোহে অৰ্থ সব ভৈল নাশ।
বলৱন্ত বহুশত্ৰু সবে লৈল পাশ॥
নিপীড়য় মোক ইতো সব দুঃখ ৰোগে।
এহিবৰ দুঃখ ভুঞ্জো পুত্ৰৰ বিয়োগে॥

সৰ্ব্ববীৰ চুড়ামণি ধনঞ্জয় বীৰ।
পৰম ধাৰ্ম্মিক মতি ৰাজা যুধিষ্ঠিৰ॥
বৃকোদৰ পুত্ৰয় বঞ্চিয় দুই ভাই।
ইসবক নেদেখিয়া প্ৰাণ ফুটি যাই॥

জীবন্তে থাকিতো নাম নুশুনয় যাৰ।
হেনসে মনুষ্য ৰীতি শ্ৰাদ্ধ কৰে তাৰ॥
মোৰ পুত্ৰ সকলৰ নাহি দেখাদেখি।
শ্ৰাদ্ধ নকৰিয়া আছোঁ কালক উপেখি॥

মোৰো শ্ৰাদ্ধ নকৰয় তনয় সকলে।
মনে বোলে আমি দেখা পাইবো পুণ্যফলে॥
যিবা ৰণ পাইলো ফল নাহি অনুপম।
প্ৰেতকো নপাইলো শ্ৰাদ্ধ নাহি পিণ্ডদান॥

[ ২৫৪ ]

কহিবা মাধৱ ধৰ্ম্ম নৃপতিৰ আগে।
যিহোক সিহোক ফল নিজ কৰ্ম্মভাগে।
তথাপিতো ধৰ্ম্ম নচাৰিবা কদাচিত।
তেবেসে কুশল হৈব কহিলো নিৰ্ণীত॥

পৰক আশ্ৰয় কৰি জীয়ে জিতো নাৰী।
ধিকাৰ চেকি তাইৰ জানিবা মুবৰি।
যিজনীৰ জীবিকা নিমিলে কৃপাময়।
তাইৰ কুযশ লোক সকলে কয়॥

ভীম ধনঞ্জয় তাগে কৈবা চক্ৰপাণি।
যিকাৰণে পুত্ৰজন্মা বয় ক্ষত্ৰিয়ানী।
নকৰিব হেলা সবে ভৈল তাৰ কাল।
যুদ্ধ কৰি অল্পতে খণ্ডোক দুঃখ জাল॥

হেয় কালতে যদি নকৰে সমৰ।
কুকীৰ্তি কহিবা সবে লোক নিৰন্ত।
আমিয়ো ছাড়িবো স্নেহ নাহিক সংশয়।
হেন জানি মোৰ বাক্য কৰোক নিশ্চয়॥

যুদ্ধ কালে ক্ষত্ৰিয়ৰ যাউক লাগে প্ৰাণ।
তথাপি যুদ্ধৰ অৰ্থে কৰিবা প্ৰয়াণ॥
হেন জানি ভীম ধনঞ্জয় দুই বীৰ।
সমৰ কৰিতে দুয়ো হৌক চিত্ত থিৰ॥

মাদ্ৰী পুত্ৰ দুইৰৰ আগে কৈবা দামোদৰ।
যদি ধৰ্ম্ম ধৰিয়া অছিয় ক্ষত্ৰিয়ৰ।
বিক্ৰম কৰিয়া ভোগ কৰোক অৰ্জ্জন।
অন্যথা জানিবা দুইৰো বিফল জীবন॥

বিক্ৰম কৰিয়া যিতো আৰ্জ্জে ভোগচয়।
সেহিস ক্ষত্ৰিয় মনে আনন্দ দিয়য়।
গৈয়া অৰ্জ্জুনৰ আগে কৈ বাৰম্বাৰ।
মনত কৰোক যাজ্ঞসেনীৰ নিকাৰ॥

[ ২৫৫ ]

তুমি জানাহা ভীম অৰ্জ্জুনৰ বল।
হেলায়ে জিনিতে পাৰে দেৱতা সকল॥
হেন দুইৰ সাক্ষাতে সভাত দ্ৰৌপদীক।
দুঃশাসনে কৰ্ণে বহু বুলিলন্ত ধিক্॥

এতেকে কৈবাহা ভীমসেনৰ আগত।
দুৰাশয় দুৰ্যোধন যুদ্ধে হৌক হত॥
কৌৰব সকলে তাৰ দেখোক বিলাই।
ভীমৰ দ্ৰোহত তাক কোনে দিব ঠাই॥

দ্ৰোহকৰা জনক লাগিয়া বৃকোদৰ।
শান্ত নহৈবেক নপাৱয় যমঘৰ॥
পাশাত হাৰিল ৰাজ্য সকলে হৰাইল।
ভাৰ্য্যা সমে বনবাসে পাঞ্চোকো খেদাইল॥

ইতো সব বিপদে নপাইলো তত দুঃখ।
আজিয়ে দ্ৰৌপদী স্মৰি মনত অসুখ।
দ্ৰুপদৰ সুতা পাণ্ডু ৰাজাৰ বহাৰী।
একেখানি বস্ত্ৰ তাতে ৰজস্বলা নাৰী॥

সভাৰ মাঝত নিয়া বহু কদৰ্থিলা।
হেন সে আমাৰ দুঃখ বিধাতা লিখিলা।
ৰামদেৱ কামদেৱ তুমি গদাধৰ।
পুত্ৰ সমে মোহোৰ ভৈলাহা ৰক্ষাৰ॥

তথাপিতো হেন দুঃখ দেই নিৰন্তৰ।
মিছাত জীৱয় ধনঞ্জয় বৃকোদৰ॥
এহিমতে কুন্তী সুমৰিয়া পূৰ্ব্বতাপ।
কৃষ্ণক সাবটি ধৰি কৰিলা বিলাপ॥

বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
পেসীৰ দেখিয়া দুঃখ দেৱ কৃপাময়॥
বুলিবে লাগিলা বাণী কৰিয়া অশ্বাস।
নোবোলাহা পেসী হেন বচন নৈৰাশ॥

[ ২৫৬ ]

তযু সম ভাগ্যৱতী আছে কোন নাৰী।
পাণ্ডু হেন মহাৰাজা বাজেৰ বহাৰী॥
সুৰসেন নৃপতিৰ স্নেহৰ দুহিতা।
মহাকুল অজামিঢ় বংশে ভৈলা স্থিতা॥

যেহেন পদ্মিনী হ্ৰদ হন্তে পাইলা হ্ৰদ।
বীৰ পুত্ৰ বীৰ পত্নী লভিবা সম্পদ॥
যদি তুমি হেন নাৰী থিৰ গুণৱতী।
নসহিবা ইতো দুঃখ সবক সম্প্ৰতি॥

তেবে কোন নাৰী আক সহিবাক পাৰে।
নকৰিবা দুঃখ পেসী কহিলেহে সাৰে।।
নিদ্ৰা ক্ৰোধ হৰ্ষহিম তপন পিয়াস।
ক্ষুধা মহা বৌদ্ৰ ছয় অপৰ আলস॥

ইসবক জিনিয় তযু পুত্ৰ নিৰন্তৰে।
সুখক ছাড়িয়া সবে শান্ত চিতে ফুৰে॥
অল্প সুখে তুষ্ট নোহে তযু পুত্ৰচয়।
মধ্যম ভোগক কেহো বাঞ্ছা নকৰয়॥

যেন দেখা দুঃখ সুখো হৈব তেন মত।
এহি জানি দুঃখ পেসী নকৰা মনত॥
যাজ্ঞসেনী সহিতে তোমাৰ পাঞ্চ সুত
মোহোত কৰিয়া নতি জানাইলা বহুত॥

তাসম্বৰ বদলে কৰোহো নমস্কাৰ।
কুশল কহিছা তোমাসাত তাসম্বাৰ॥
তোমাৰো কুশল পুছি পঠাইছে আমাত।
অল্পতে কুশল তুমি দেখিবা সাক্ষাৎ॥

এহি মতে কুন্তীক কেশৱে আশ্বাসিলা।
কৃষ্ণৰ বচনে কুন্তী সুস্থ চিত ভৈলা॥
বুলিব লাগিলা কেশৱক লাসে লাসে।
শুনিয়ো কেশৱ মই কহে তযু পাশে॥

[ ২৫৭ ]

যেন মতে কুশল হৈবেক পাণ্ডৱৰ।
সেহি মতে কুশল কৰিবা গদাধৰ॥
তোমাৰ মনত যাক দেখিবাহা ভাল।
ধৰ্ম্ম অবিৰোধে তাক কৰিবা গোপাল॥

যদুবংশে জন্ম তযু অতুল্য বিক্ৰম।
বুদ্ধি ধৰ্ম্ম তপবল সবাতে উত্তম॥
সত্য ৰূপ ব্ৰহ্ম তুমি জগত আধাৰ।
যেনে বোলা তেনে হৈবো মই জানো সাৰ॥

কুন্তীৰ বচনে তুষ্ট হৈয়া যদুপতি।
প্ৰদক্ষিণ কৰি তাঙ্ক বুলিলা মিনতি॥
অনুমতি লৈয়া গৈল দুৰ্য্যোধন ঘৰ।
পৰম সুন্দৰ গৃহ নাহি পটন্তৰ॥

বিচিত্ৰ আসন সব আছে শাৰী শাৰী।
সাক্ষাতে ইন্দ্ৰৰ গৃহ বুলিবাক পাৰি॥
যেন মেঘ খণ্ড অতি শুক্ল ৰুচিকৰ।
পৰ্বত শৃঙ্গ সম সব উচ্চ তৰ॥

সহস্ৰেক বীৰে বিৰাজিত সভাখান।
তাত কুৰু বীৰগণে বড় শোভামান॥
হেন মন্দিৰত উঠিলন্ত হৃষিকেশ।
তিনি দ্বাৰ অতিক্ৰমি ভৈলন্ত প্ৰবেশ॥

দ্বাৰী গণে নিষেধ কৰিতে নপৰিল।
বিচিত্ৰ আসনে দুৰ্য্যোধনক দেখিল॥
সমীপত শকুনি সৌবল দুঃশাসন।
কৰ্ণকে দেখিলা সমীপতে নাৰায়ণ॥

কৃষ্ণ আসিবাৰ দেখিলন্ত দুৰ্য্যেধন।
মন্ত্ৰী সমে আসন ছড়িলা তেতিক্ষণ॥
গিৰিসিত কৰিয়া উঠিলা ৰাজাচয়।
আগ বাঢ়ি গৈলা সবে পদ কতিপয়॥

[ ২৫৮ ]

জ্ঞান জন্ম বয়সানুসাৰে যথোচিত।
সাদৰিলা কৃষ্ণে তাসম্বাৰ পূৰি চিত॥
পাচে দুৰ্য্যোধনে কৃষ্ণ বসিবাৰ তৰে।
সুবৰ্ণ আসন নাই দিয়াইলা সত্বৰে॥

নানা বিধ আস্তৰণ পাৰি দিলা তাত।
তাতে বসিলন্ত হৰি সবাবে সাক্ষাত॥
সঅৰ্ঘে পূজিলা কেশৱক দুৰ্যোধনে।
সুগন্ধিত জল আনি দিলা নিবেদনে॥

দুৰ্য্যোধনে ৰাজ্য গৃহ অৰ্পিলা কৃষ্ণত।
অনন্তৰে হৰি বসিলন্ত আসনত॥
প্ৰকাশ কৰিলা হৰি আদিত্য সঙ্কাশ।
উপাসিতে ৰৈলা কুৰু বীৰে চতুষ্পাশ॥

ৰাজাগণে অবনতে কৃষ্ণক সাদৰি।
মৌন হুয়া চতুষ্পাশে ৰহিলা আবৰি॥
সেহি সময়ত দুৰ্য্যোধন নৰপতি।
সবাৰে সাক্ষাতে মাধৱত নিগদতি॥

শুনিয়ো কেশৱ আজি আমাসাৰ ঘৰে।
ভুঞ্জিয়োক অন্ন যত্ন কৰিছে৷ সাদৰে॥
শুনি কৃষ্ণে অনুমতি নেদিলাহা তাক।
দেখি দুৰ্য্যোধনে পুনু বুলিলাহ বাক॥

কুৰু বীৰ বিদ্যমানে বোলে মৃদু বাণী।
মুখত মধুৰ হৃদয়ত খুৰ খানি॥
শুনিয়ো গোবিন্দ তুমি সাধুৰ সন্মত।
ধৰ্ম্ম অৰ্থ ব্যৱহাৰ সবাতে পাৰ্গত॥

কৌৰব পাণ্ডব দুয়ো ঘৰৰ বান্ধব।
দুই হানৰো হিত মিত্ৰ সম্বধি কেশব॥
অন্ন পান বস্ত্ৰ শয্যা তোমাৰ নিমিত্তে।
যত্ন কৰি আনিলোহো অকপট চিত্তে॥

[ ২৫৯ ]

কি কাৰণে আক নলৈলাহা যদুৰাই।
ইহাৰ কাৰণ শুনিবাক ইচ্ছা যাই॥
শুনি কৃষ্ণে তাঙ্ক প্ৰতি দিলন্ত উত্তৰ।
গম্ভীৰ বচন যেন গৰ্জ্জে জলধৰ॥

সৰ্ববগুণান্বিত বাক্য পৰম নিৰ্দ্দোষ।
দৃঢ় অভিপ্ৰায় যেন শুনিতে সন্তোষ॥
হেনয় বচন হৰি বুলিলা তথাতে।
আপুনাৰ ভুজক ধৰিয়া নিজ হাতে॥

দূতে অন্ন ভুঞ্জে আৰো লৱে সৎকাৰ।
যদি নিজ কাৰ্য্য সিদ্ধি হৱে আপুনাৰ॥
যি কাজে আসিছে যদি সিজে সিতো কাজ।
মন্ত্ৰী সমে মোক অৰ্চ্চিবাহা মহাৰাজ॥

হেন শুনি দুৰ্য্যোধনে বুলিলন্ত বাণী।
অযোগ্য বচন বুলিলাহা চক্ৰপাণি॥
সিদ্ধি হোক নহোক বা তযু সমিহিত।
তথাপি তোমাক পূজিবাক সমুচিত॥

প্ৰীতিত থাকিয়া পূজো নলবাহা তাক।
কিহেতু আছয় আত নুবুঝো ইহাক॥
তুমি সমে বৈৰ নাহি নাহিকে সমৰ।
তভো কেনে হেন বাক্য বোলা গদাধৰ॥

হেন শুনি হাসি বুলিলন্ত নাৰায়ণ।
শুনিয়োক মহাৰাজ ইহাৰ কাৰণ॥
কাম ক্ৰোধ লোভ অৰ্থ দ্বেষ অনুসৰি।
সনাতন ধৰ্ম্ম চাড়িবোহো কেনেকৰি॥

যাৰ সঙ্গে প্ৰীতি থাকে তাৰ অন্ন খাই।
আপদতো অন্ন ভুঞ্জে খাইবাক নপাই॥
ইতে দুই বিধ অন্ন নহে মহাৰাই।
কেন মতে তযু অন্ন খাইবাক যুৱাই॥

[ ২৬০ ]

পাণ্ডবে তোমাত অন্ন বৰ্ত্তিয়া থাকয়।
সনাতন ধৰ্ম্মক পাণ্ডবে নচাড়য়।
একে ভ্ৰাতৃ তাতে ধৰ্ম্ম আচৰে অশেষ।
হেন সকলক তুমি কৰা সদা দ্বেষ॥

সি সবক কেহ কিছু বলিতে নপাই।
তাহাঙ্ক যি সবে হিংসে হিংসে মোৰ কাই॥
তাসম্বাক অনুবৰ্তে যিতো সাধু জন।
জানিবা মোহোত সিতো লৈলেক শৰণ॥

পাণ্ডব সহিতে মোৰ নাহিকয় ভেদ।
প্ৰীতি অন্ন নোহে এহি কৈলো পৰিছেদ॥
কাম ক্ৰোধ মোহে অন্ধ হুয়া যিতো নৰে।
গুণৱন্ত পুৰুষত বিৰোধ আচৰে॥

কৰে দ্বেষ সিহতক ভাল নেদেখয়।
সেহিতো পুৰুষাধম জানিবা নিশ্চয়॥
গুণৱন্ত জ্ঞাতিক নেদেখে মনে ভাল।
তাৰ গৃহে লক্ষী নথাকয় চিৰকাল॥

মনে ভাল নেদেখৈ অথচ গুণৱন্ত।
তাকো প্ৰিয় বুলি বশ্য কৰে যিতো সন্ত॥
তাৰ শুদ্ধ যশস্যা সকল লোকে গাই।
এতেকে জানিবা ৰাজা মোৰ দোষ নাই॥

এতেকে নখাইবো মই তোমাসাৰ অন্ন।
বিদুৰৰ গৃহে থাকি কৰিবো ভোজন॥
দুৰ্য্যোধন নৃপতিক বুলিয়া হেনয়।
তৈৰ হন্তে উঠিয়া লড়িলা কৃপাময়॥

ধৃতৰাষ্ট্ৰ নৃপতিৰ গৃহৰ বঝাই।
বিহুৰৰ গৃহে চলি গৈলা যদুৰাই॥
লগতে লড়িল দ্ৰোণ ভীষ্ম কৃপবৰ।
বাহিলক নৃপতি আৰো কুৰু নিৰন্তৰ॥

[ ২৬১ ]

বিদুৰৰ গৃহে ৰৈলা দেব চক্ৰপাণি।
কুৰুবীৰ সকলে বুলিলা তাঙ্ক বাণী॥
শুনিয়োক গদাধৰ জগত আধাৰ।
ধন জন গৃহ ৰত্ন সকলে তোমাৰ॥

তোমাত সকলে অৰ্পিলোহো যদুৰাজ।
আজ্ঞা কৰিয়োক প্ৰভু কৰো কোন কাজ॥
কৌৰৱৰ মিনতি দেখিয়া চক্ৰপাণি।
সবাকে সম্বুধি পাছে বুলিলাহা বাণী॥

নিজ ঘৰে যায়ো সবে নলাগয় আন।
ভৈলো তুষ্ট পাইলো পূজা যেহেন বিধান॥
কৌৰব সকল যদি গৈল নিজ ঘৰে।
বিদুৰে কৃষ্ণক পূজিলন্ত আনন্তৰে॥

ভক্তি ভাবে নানা মনোনীত বস্তুচয়।
কৃষ্ণৰ আগত আনি দিলা মহাশয়॥
নানাবিধ শুদ্ধ বহু দিব্য অন্ন পান।
কৃষ্ণৰ আগত দিলা বিদুৰ সুজান॥

সিসব আনন্দে কৃষ্ণে কৰিলা গ্ৰহণ।
মতায়া অনাইলা বেদগৰ্ভী দ্বিজগণ॥
কৰাইলা ভোজন সবাহাৰে তুষি মন।
সবাহাঙ্কে দিলা বহু মূল্য নানা ধন॥

তবে কৃষ্ণে অনুচৰ সকল সহিতে।
ভুঞ্জিলাহা অন্ন পান অতি তুষ্ট চিতে॥
যেন ত্ৰিদশৰ নাথ দেব শচী পতি।
আনন্দে ভুঞ্জয় অন্ন মৰুত সহিতি॥

অন্ন ভুঞ্জি সুস্থ হৈ আছা যদুপতি।
নিশাভাগে বিদুৰ কৃষ্ণত নিগদতি॥
যি কাৰ্য্যে নিশ্চয় কৰি আসিছা গোপাল।
ইহাক মোহোৰ মনে নেদেখোহে॥

[ ২৬২ ]

ধৰ্ম্মে অৰ্থে নাহি ইচ্ছা মন্দ দুৰ্য্যোধন।
নলৱে বৃদ্ধৰ বাক্য পৰম কোপন॥
নমায় নীতি শাস্ত্ৰ মূঢ় অভিমানী।
মিত্ৰ দ্ৰোহী পৰৰ মান্যক কৰে হানি।॥

আপুনাত কৰি বড় নমানে আনক।
ইন্দ্ৰিয়ৰ বশ দড় নাহি অসত্যক॥
সকলে ডৰাই নুসুমৰে উপকাৰ।
তাৰ পৰে আৰ কি আছয় দুৰাচাৰ॥

হেন দুৰ্য্যোধনক বুলিবা হিত বাণী।
অবশ্যে নলৈবে আক জানো চক্ৰপাণি॥
পৃথিবীৰ সৈন্যচয় আনিছে যন্তাই।
আপুনাকে বড় হেন মানে তাক পাই॥

একে কৰ্ণে সবাকে জিনিব হেন মন।
পাণ্ডবৰ সঙ্গে প্ৰীতি হৈব কি কাৰণ॥
ভীষ্ম দ্ৰোণ কৰ্ণ কৃপ দ্ৰোণৰ তনয়।
ইসবক নিতে অৰ্থ পূজে অতিশয়॥

শুনা সভাসদ লোক এড়া আলজাল।
গিলি আসিলেক অজগৰ কালি কাল।
বিষয়ৰ সুখ নীচ যোনিত মিলয়।
ইহাৰ কাৰণে কেনে আয়ু কৰা ব্যয়॥

নৰপতি চড়ামণি শিৱসিংহ নাম।
নামতে সে মনুষ্য বস্তুত দেব কাম॥
গৌৰ কলেবৰ সৰ্ব্বে অঙ্গে সুলক্ষণ।
দেৱ দ্বিজ ধৰ্ম্ম নীতি শাস্ত্ৰ পৰায়ণ॥

মহিষী অম্বিকা অম্বিকাৰ সহোদৰী।
ৰূপে গুণে পুত্ৰে ধৰ্ম্মে নাহি সৰিবৰি॥
শ্যাম কলেবৰ অঙ্গ কমল নয়নী।
গজগতি গামিনী কামিনী শিৰোমণি॥

[ ২৬৩ ]

চমবী চামৰ সহোদৰ কেশ পাশ।
ৰুচিকৰ নীলৰত্ন লতিকা সঙ্কাশ॥
হেন দম্পতিৰ আজ্ঞা ৰত্ন শিৰে ধৰি।
ভণে দ্বিজ ৰমানন্দে বোলা হৰি হৰি॥

[ ২৬৪ ]

মধুনাৰায়ণ।

অগ্নিপুৰাণ

যমৰ ঘৰত জীৱন্তা মনুষ্য।

বৈশম্পায়ন ঋষি জন্মিজয়ত কহিলা।
আৰু এক শঙ্কা ৰাজা সুধিলা তেখনে॥
যমৰাজা ভয়ে পলাই গৈলা কি কাৰণে।
কহিয়োক গুৰু মই শুনু ৰঙ্গ মনে॥
কি কাৰ্য্যে পলাইলা যম এড়ি সিংহাসনে॥

শুনিয়া তেখনে ঋষি কহিবে লাগিলা।
পূৰ্ব্বৰ কথাক পাছে মনত স্মৰিলা॥
যম নৃপতিৰ ভাৰ্য্যা ধূমা মহাদই।
এক দিনা ৰাজাৰ পাশত বসি চাই॥

শুনা মহাৰাজা মই গোচৰক কৰোঁ।
মোহৰ বচন কৰা চৰণত ধৰোঁ॥
তোমাৰ আগত আজি মাগো এক বৰ।
যেবে বাক্য বোলা ঝাণ্টে কৰিয়ো সত্বৰ॥

ইল্পকৰি হাসিলন্ত পাছে যম ৰায়।
সকলে তোমাৰ মোত কহা অভিপ্ৰায়॥
জম্বুদ্বীপ ভৰিয়া আছয় যত প্ৰাণী।
প্ৰবন্ধে ধৰিয়া তাক শাস্তি কিৰো আন॥

[ ২৬৫ ]

কৃষ্ণৰ বচনে দেখা আছো দণ্ডধৰি।
চিত্ৰৰ গুপ্তৰ হাতে কাকত বিচাৰি॥
ধূমাত কহিলা কথা পাছে ৰাজা মাতি।
পাতকী জনক মই কৰো উগ্ৰ শাস্তি॥

মহাদৈয়ে বোলে ৰাজা কথা শুনিয়োক।
জীৱন্তা মনুষ্য আনি দেখায়োক মোক॥
ভাৰ্য্যাৰ বচন ৰাজা এড়াইতে নপাৰি।
কতোক্ষণে মনে গুণি পাইলা সাৰ কৰি॥

তাছিলেক ৰূপাঙ্গদ কৃষ্ণত ভকত।
সন্ত দেখি ৰাজা পাতি থৈলা পৃথিবীত॥
তেন্তে ভাল কৰি মোক জানে পূৰ্ব্ব ধৰি।
তাহান পাশক দূত পাঞ্চো শীঘ্ৰ কৰি॥

কালফুৰা সফুৰাক মাতিয়া আনিলা।
পৃথিবীক যাহ বুলি আদেশ কৰিলা॥
ধৰণী মণ্ডলে আছে ৰূপাঙ্গদ ৰাই।
শীঘ্ৰ বেগে এতিক্ষণে চল তান ঠাই।॥

ধূমা চাহিবাক খোজে জীৱন্তা মনুষ্য।
এতেকে এগোটা লাগে পঠাইবে অবশ্য॥
হেন শুনি কালফুৰা সফুৰা দুজন।
ৰাজাক নমিয়া চলিলেক তেতিক্ষণ॥

নগৰ পশিয়া দুয়ো লাসে লাসে গৈল।
বিকৃত দেখিয়া লোক দুৰতে ভাগিল॥
কতোক্ষণে পাইলা গৈয়া ৰাজাৰ দুৱাৰ।
দুৱৰীক বোলে বাৰ্ত্তা জনায়ো আমাৰ॥

পাঞ্চিলেক যমৰাজা আইলো ইটো ঠাই।
কালফুৰা সফুৰা নামত দুয়ো ভাই॥
দুৱৰী ৰাজৰ আগে কৰি যোৰহাত।
আদেশ নৃপতি বুলি নমিলন্ত মাথ॥

[ ২৬৬ ]

আছে যমদূত দুই দুৱাৰত বসি।
স্বৰূপ কহিলো আমি তযু পাশে আসি॥
দুৱৰীৰ বচন শুনিলা নিৰন্তৰ।
চমক লাগিয়া গৈল সমস্তে সভাৰ॥

পাত্ৰ সমে আলোচনা কৰিলা নৃপতি।
মেলঘৰে পাছে বসিলন্ত সভাপতি॥
দূতক মাতিয়া পাছে পুছিলন্ত কথা।
স্বৰূপ কহিয়ো বাক্য নুবুলিও বৃথা॥

দূতৰ মূৰ্ত্তিক দেখি ডৰে ধাতু যাই।
আনৰ আঁৰত আনে মণ্ডলু ফুৰাই॥
শুনি দূতে পাছে বুলিলন্ত হেন বাণী।
পূৰ্ব্বৰ কথাকে ৰাজা চায়ে মনে গুণি॥

আমি কিছু নেজানো কহিলা ধৰ্ম্মৰাই।
পূৰ্ব্বে দুয়োজন আছিলন্ত এক ঠাই॥
আমাক পঠাইলে শুনা যি কামক লাগি।
জীৱন্তা মনুষ্য এক পঠাইলেক মাগি॥

দূতক থাকিবে লাগি দিলা বসাঘৰ।
কালি দিবোঁ বাক্য বুলিলন্ত নৰেশ্বৰ॥
যাক যাক পাঞ্চে ৰাজা যাইবে যমপুৰ।
ভাৰ্য্যা পুত্ৰ এড়ি সবে পলাৱয় দূৰ॥

কাহাকো পাঞ্চিবে নোৱাৰয় দণ্ডি কৰি।
পোতাশালে অনেক বৎসৰ আছে পৰি॥
তাৰ এক জনে বোলে যাইবো যমৰাজ।
যম নৃপতিত মোৰ কিছু আছে কায॥

লোহাক কাটিয়া তাক কৰিলন্ত আগ।
মাথাত বান্ধিবে খুজিলন্ত এক পাগ॥
যম দ্বাৰা জাঠি খাণ্ডা দিয়ো ঢালখান।
তেবে যাইবে পাৰো যম নৃপতিৰ থান।

[ ২৬৭ ]

হেন শুনি হাসিলেক সকলো সমাজ।
দিবাক লাগয় যাই সঞ্জমণিৰাজ॥
ৰাজা বোলে ভণ্ডাৰিক শীঘ্ৰে দেহ আনি।
দিলেক অনিয়া নৃপতিৰ শুনি বাণী॥

পোতাশালে পৰি আছে পোন্ধৰ বছৰ।
দেখিতে কুবৃত নখ ডাৰি ভোবোকাৰ॥
পাগ বান্ধি অস্ত্ৰ ধৰি নৃপতিৰ আগে।
নমস্কাৰ কৰি বোলে পাঞ্চা যৈকে লাগে॥

যমৰ দূতত কৰি দেখিতে বিকৃত।
তাহাক দেখিয়া সৰ্ব্বলোক ভয় ভীত॥
দূতক সম্বুধি ৰাজা বোলন্ত বচন।
জীয়া মনুষ্যক আনি দিলো এহিজন॥

ধৰ্ম্ম নৃপতিৰ আগে কহিবা কাহিনি।
কাৰ্য্য সিদ্ধি হলে পাছে পুনু দিবা আনি॥
মনুষ্যক পায়া দূতে মেলানি কৰিলা।
যম নৃপতিৰ থানে তিনিয়ো লড়িলা॥

আগে পাছে দূত যাই মাঝত মানুষ।
দূতত পুছন্ত কথা যাইবো কোন দিশ॥
দক্ষিণে যমৰ বাট সঞ্জমণি ৰাজ্য।
দূতে বোলে নিবোঁ সেহি নগৰৰ মাঝ॥

কতো দূৰে গৈয়া দেখিলন্ত বন জুই।
থমকিল মানুষ মনত ডৰ হই॥
সঘনে তাহাত দূত আসে দিনে ৰাতি।
নেপোৰয় হাত ভৰি যাই লীলা গতি॥

গিৰ গিৰ কৰি অগ্নি যাই বেগ ধৰি।
পাতঙ্কীক নেই তাত চেঞ্চা পোড়া কৰি॥
ৰাম ৰাম বুলি তাত বেগ দিয়া গৈল।
নামৰ প্ৰভাৱে অগ্নি পথ ছাড়ি দিল॥

[ ২৬৮ ]

কতো দূৰে যাই দেখে বৰ বালাখান।
অগনিৰ কণিকা উফৰে ঘনে ঘন॥
বিস্ময় দেখিয়া পাছে মনে গুণিলন্ত।
দূতক সম্বুধি হেন কথা পুছিলন্ত॥

অগ্নিময় বালুকাত যাইবোঁ‌ কেন কৰি।
যাহন্তে পোড়য় মোৰ জানো হাত ভৰি॥
ওপৰত আৱাঁ‌ সূতা তলে খুৰধাৰ।
কতো দূৰে দেখে যাই আগে পয়োসাৰ॥

চাৰি পাশে পথ যাই নিহালি নিহালি।
মনত বোলয় পড়ি মৰিবো সমূলি॥
মায়াবলে দূত যাই তাহাব ওপৰে।
ভৰি পিছলিয়া জানো পৰো খুৰধাৰে॥

কৃষ্ণ কৃষ্ণ বুলি তাত বেগ দিয়া গৈল।
হৰিৰ প্ৰভাৱে কিছু বিঘিনি নভৈল॥
এহিমতে পথত যাহন্তে তিনি জন।
ভয়ঙ্কৰ গৰ্ত্ত পাছে পাইল। তেতিক্ষণ॥

একো দিকি পথ নাহি দেখি অন্ধকাৰ।
হুইবাক লাগয় সেহি গৰ্ত্তে পয়োসাৰ॥
নেই পাতকীক তাত তল মুণ্ড কৰি।
তাহাক তৰিলা হৰি নামক সুমৰি॥

নামৰ মহিমা দেখা কিনো বিপৰীত।
সাধু সকলক বিঘ্নি নপাৰে লঙ্ঘিত॥
কতো দূৰে দেখে পাছে বজায়া গৰ্ত্তৰ।
নগৰ নিকটে নদী বহে খৰোতৰ॥

গহীন গম্ভীৰ আতি নাহি তাৰ পাৰ।
দূতে বোলে বৈতৰণী নদী নাম আৰ॥
যাইবে লাগে আমি নদ, নদীক এড়াই।
তেবেসে পাইবোহোঁ‌ ধৰ্ম্ম নৃপতিৰ ঠাই॥

[ ২৬৯ ]

মই কেন মতে আবে আত যাওঁ তৰি।
নিস্তাৰ কৰন্তা নাহি বিনে দেৱ হৰি॥
এহি বুলি মনে গুণি মাধৱক স্মৰি।
নদীত নামিয়া বেগ দিলা শীঘ্ৰ কৰি॥

বিষ্ণুৰ প্ৰভাৱে তাতো ন ভৈলা বিঘিনি।
লীলায়ে তৰিলা সিটো নদী বৈতৰণী॥
কতো দূৰে যাই দেখে নগৰৰ প্ৰজা।
মেল পাতি বসিয়া আছন্ত যম ৰাজা॥

কপালত হাত দিয়া নিৰীক্ষিল যাই।
সিংহাসনে বসি আছে ভৰি ওলমাই॥
মন বোলন্ত নৰে দুই ডৰি গোধা।
হুই নুই যম ৰাজা মনে হোৱে দোধা॥

পাৱত আছয় গোধ দেখিতে বিকট।
শৰীৰৰ কান্তি যেন জ্বলে ফট ফট॥
বিকৃতি আকৃতি নৰে আছে থিৱ হুয়া।
মাথাত আচয় জটা ওলমি পড়িয়া॥

দিলেক আটাস সিটো মাৰি বাৰু চুটি।
জাঠিক উল্লাস সিটো দিলে বাঘ লুটি॥
দেখি মহাভয় ভৈল যম নৃপবড়।
কিসে পাইলে বুলি উঠি দিলেক লৱৰ॥

জীৱন্তা মনুষ্য বুলি দূতে কহিলন্ত।
আগ পাছ নচাই ৰজা ডৰে পলাইলন্ত॥
সবাকো এড়িয়া সিটো দূৰক পলাই।
ধূমা মহাদৈই পাছে গৈলা সেহি ঠাই॥

নগৰৰ লোকে দেখি বিভঙ্গে পলাইলা।
ৰাজাৰ আসনে নৰ মানুষ বসিলা॥
হৰি ভকতক বিঘ্নি লঙ্ঘিতে নাপাৰে।
দণ্ডপাট এড়ি ৰাজা পলাই ফুৰে ডৰে॥

[ ২৭০ ]

হেন জানি মাধৱৰ নামে ৰতি কৰা।
লাজ কায এড়ি ঝাণ্টে ভকতিক ধৰা॥
শুনা কৃষ্ণ কথা জন্ম নকৰিয়ো বৃথা।
হৰিৰ চৰিত্ৰ আত নাহিকে আন্যথা॥

দুৰ্লভ মনুষ্য তনু পাইবা কোন ভাগ্যে।
সত্বৰে সংসাৰ সিন্ধু তৰিবাক লাগে॥
যত দেখা ধন জন সবে বিষ্ণুমায়া।
আকাশত প্ৰকাশে মেঘৰ যেন ছায়া॥

কহে মধুনাৰায়ণে এড়া আন কাম।
পাতক চাৰোক ডাকি বোলা ৰাম ৰাম॥

দুলৰি।

পাছে যমৰাই কতো দূৰে যাই,
 হেটমুণ্ডে ৰহি আছে।
মাথা তুলি চাই, ধূমাক দেখিয়া,
 মাতিবে লাগিলা পাছে॥
হাঁউৰে পাপিষ্ঠি, তোহোৰ নিমিত্তে,
 আগ পাছ নুগুণিলোঁ।
জীৱন্তা মনুষ্য, আনি তোৰ বাক্যে,
 যত লাগে দুঃখ পাইলোঁ॥
বাল্য বৃদ্ধ আনো, লোক সবে কান্দে,
 নগৰ ভৈল উচ্ছন্ন।
তাসম্বাৰ দুঃখ, দেখি আবে মোৰ,
 কিসক নযাই প্ৰাণ॥
মোৰ সিংহাসনে, মানুষ বসিয়া,
 কৰে হুনু আটি মুটি।
তাহাক শুনিয়া, এভো জীৱ আছৈ,
 প্ৰাণ নযাই কেনে ফুটি॥

[ ২৭১ ]

ৰাজাৰ দুঃখক, দেখিয়া ধূমায়ে,
 আগে যুৰি যোৰহাত।
আজ্ঞা কৰা প্ৰভু, সবে মান সাৰো,
 মনুষ্যক মাৰো আত॥
যম ৰাজা বোলে, কৃষ্ণ ভক্ত নৰ,
 পাপী সবে ডৰে কাম্পে।
আছোক মাৰিবে, তাহাৰ সমীপে,
 চাপিবেক কাৰ বাপে॥
পথত বিঘিনি, নাশ কৰি দেখা,
 আসি আছে যম পুৰে।
সঞ্জমনী ৰাজ, ভৈলেক উচ্ছন্ন,
 মই পলাই ফুৰোঁ ডৰে॥
ভালুকৰ গৰ্ত্তে, কুঁহিয়াৰ ৰুইলোঁ,
 কৰিলো বড় অকাৰ্য্য।
ভাৰ্য্যাৰ বচনে, জীৱন্তা মানুষ,
 আনি পাইলোঁ বড় লাজ॥
কোড়ে কাটি মই, গ্ৰহণী চপাইলোঁ।
 কৃষ্ণৰ বাক্য নমানি।
পাতকী লোকৰ ৰাজা পাতি মোক,
 থৈলা প্ৰভু চক্ৰপাণি॥
তোমাৰ সেৱাক, এড়ি পাপী মই,
 দুঃখ পাইলোঁ মন্দমতি।
দৈৱকী কুমাৰ, কৰিয়ো নিস্তাৰ,
 হে কৃষ্ণ যদুপতি॥
যমৰ ভকতি, শুনি স্তুতি নতি,
 কৃপাময় নাৰায়ণ।
বৈকুণ্ঠক এড়ি, গৰুড়ত চড়ি,
 আসিলন্ত তেতিক্ষণ॥

[ ২৭২ ]

মাধৱক পাই, পাছে যম ৰাই,
 কৰিলন্ত নমস্কাৰ।
কৰযোৰ কৰি, চৰণক চাই,
 দণ্ডৱত সাতবাৰ॥৫৯
পাদোদক লই, ভোজন কৰিলা,
 অনেক ভকতি ভাৱে।
কৃতাঞ্জলি কৰি, স্তুতি আৰম্ভিলা,
 মাধৱৰ দুই পাৱে॥
হে কৃষ্ণ প্ৰভু, বৈকুণ্ঠৰ পতি,
 তুমি নিত্য নিৰঞ্জন।
পশিলো শৰণে তোমাৰ চৰণে,
 কৃপা কৰা নাৰায়ণ॥৬০
যম নৃপতিৰ, ভকতিত তুষ্ট,
 ভৈলা প্ৰভু সনাতন।
চাৰি হাত মেলি, আলিঙ্গি ধৰিয়া,
 বুলিলা তাঙ্ক বচন॥
তযু মন সিদ্ধি, হৈবেক নিশ্চয়,
 তোমাত কহিলোঁ আমি।
ভাৰ্য্যা সমে কেনে, মনে দুঃখ কৰা,
 শীঘ্ৰে কৈয়ো মোত তুমি॥ ৬১
পাছে ধৰ্ম্মৰাই, বোলন্ত বিনাই,
 শুনিয়ো জগত স্বামী।
ভূত ভবিষ্যত, আপুনি জানাহা,
 তোমাত কি কৈবোঁ আমি॥
হাসি নাৰায়ণে বুলিলা বচন,
 শুনা তোৰা দুয়ো প্ৰাণী।
কেনে অসন্তোষ, এতিয়া কৰাহাঁ,
 মানুষক ঘৰে আনি॥ ৬২

[ ২৭৩ ]

আজ্ঞা ভঙ্গ দোষ, দেখো যমৰাই,
 বুলিলন্ত চক্ৰপাণি।
মনুষ্যে তোমাক, দিলে অপমান,
 দুঃখ পাইলা মহামানী॥
কিন্তু এক মই, উপায়েক দিও,
 শুনিয়ো আবে নৃপতি।
ভাল ভাল চাই, দূতক পাঞ্চিয়া,
 পঠাই দিয়ো মহামতি॥ ৬৩
জ্ঞানৱন্ত সিটো, জীৱন্তা মনুষ্য,
 আপুনি যাইবেক ফিৰি।
এহি কথা কহি, ৰাজাৰ আগত,
 অন্তৰ্দ্ধান ভৈলা হৰি॥
কৃষ্ণক আগত, নেদেখিয়া ৰাজা,
 মনে মনে গুণিলন্ত।
ভুজঙ্গ দূতক, সম্বুধিয়া ৰাজা,
 শীঘ্ৰ কৰি পঠাইলন্ত॥ ৬৪
শুনৰে ভুজঙ্গ, আমাৰ বচন,
 যাস তয় বেগ ধৰি।
দুৰাচাৰ নৰে, দেখা কেন কৰে,
 চাই থাক মায়া কৰি॥
ৰাজাৰ আদেশে, ভুজঙ্গ আসিয়া,
 দেখিলেক তেতিক্ষণে।
আগে জাঠি পুতি, খাণ্ডা বাৰু ধৰি,
 বসি আছে সিংহাসনে॥ ৬৫
কনা কুজা খোড়া, ভেঙ্গুৰা যতেক,
 নগৰত পাইলা যাই।
ধৰি বান্ধি আনি, মেল ঘৰে ৰাখি,
 থৈয়া আছে এক ঠাই॥

[ ২৭৪ ]

তাসম্বাত কথা, পুছিবে লাগিলা,
 কৈক গৈলা যম ৰাই।
কৈত আছে যম, শীঘ্ৰ মাতি গান,
 আসোক মোহোৰ ঠাই॥ ৬৬
চিত্ৰগুপ্ত দুইক, মাতি আন গৈই,
 এতিক্ষণে মোৰ আগে।
কাকত বিচাৰি, লোকৰ মহলা,
 মোতেসে দিবাক লাগে॥
খাটত বসিয়া, নিৰ্ভয় যে হুয়া,
 বাহু ডাম্ফি মাৰি আছে।
অদভুত দেখি, বিস্ময় স্বৰূপে,
 ভুজঙ্গে মাতিলা পাছে॥ ৬৭
কি কাৰণে অৰা, যমৰ পুৰক,
 মৰিবে তই আসিলি।
মায়া কৰি দূতে, বচন বোলয়,
 নেদেখে তাক সমূলি॥
ক্ৰোধে জাঠি তুলি, টংকালি পাৰয়,
 শুন অৰে কোন জন।
ঘোৰ শূল ধৰি, হৃদয় বিদাৰি,
 মাৰি পেশো এতিক্ষণ॥ ৬৮
গৰ্জ্জন শুনিয়া, ভুজঙ্গ দূতৰ,
 ভয়ে গৰ্ভ গৈল গেলি।
মনুষ্যৰ মহা—  প্ৰভাৱ দেখিয়া,
 দূত গৈল শীঘ্ৰ ঢলি॥
ৰাজাৰ আগত, নমস্কাৰ কৰি,
 ভুজঙ্গে কথা কহিলা।
আকাশী চৰগ, মাথাত পড়িল,
 বিস্ময় মনে থাকিলা॥ ৬৯

[ ২৭৫ ]

কৃষ্ণ ভকতৰ, মহিমা দেখিয়ো,
 যমৰ দেখা বিপত্তি।
শুনা সভাসদ, হুয়া নিশবদ,
 কৃষ্ণত কৰা ভকতি॥
ভাৰ্য্যা পুত্ৰ ধন, সবে অকাৰণ,
 ঐশ্বৰ্য্য সমে বিভূতি।
হৰি বিনে দেৱ, গতি নাহি কেৱ,
 ভজা কৃষ্ণ যদুপতি॥৭০
আমি অল্প জন, কি মতে বুজিবো,
 শ্লোকৰ অৰ্থ গ্ৰহণ।
তথাপিতো গুৰু- পদ শিৰে ধৰি,
 হৰি পাৱে দিয়া মন॥
পৰলোক বিত্ত, মাধৱৰ নাম,
 জানি এড়া আন কাম।
মধু নাৰায়ণে, কহে সৰ্ব্বক্ষণে,
 ডাকি বোলা ৰাম ৰাম॥

পদ।

ভুজঙ্গৰ কথা শুনি মনে দুঃখ পাই।
মনুষ্যে খেদিয়া জানো আসে এহি ঠাই॥
সবাকে সম্বুধি ৰাজা কৰিলা মন্ত্ৰণা।
তাকো বোধ দিবে লাগি পাঞ্চা একজনা॥

চিত্ৰগুপ্ত দুয়ো বোলে ৰাজাৰ আগত।
মনুষ্যক বোধ দিবে হোৱয় যুগুত॥
উপায় মন্ত্ৰণা কৰি তাক নপঠাইলে।
মাৰিবে সবাকো সিটো নথাকিবে ভালে॥

[ ২৭৬ ]

ৰাজাক বুলিলা দূত পাঞ্চা শীঘ্ৰ কৰি।
নিবৰ্ত্তিয়া মনুষ্য যাউক ঘৰে ফিৰি॥
একৈক দিনব দুঃখ সহন নযাই।
কতেক থাকিবো সবে বনত লুকাই॥

বনৰ মাঝত প্ৰজা বড় দুঃখ পাই।
নিৰাহাৰে বিকৃত আকাৰে মৰি যাই॥
দুহান্তৰ বাক্যে ৰাজা পাৱে বড় দুঃখ।
লাজে মাথা তুলি নচাৱয় ফিৰি মুখ॥

পাঞ্চিলেক ৰাজা বিকালক শীঘ্ৰ কৰি।
বোধ দিয়া মনুষ্যক পাঞ্চা নিজ পুৰী॥
তেখনে বিকাল গৈয়া আগে ভৈলা থিৱ।
দেখি মনুষ্যৰ মূৰ্ত্তি উড়ি গৈল জীৱ॥

মৃতকৰ অধিকাৰী যমৰ কিঙ্কৰ।
জীৱন্তা মনুষ্য দেখি কৰে থৰবৰ॥
তই কোন বুলিয়া মনুষ্য ৰিঙ্গ দিল।
পলাইল বিকাল মল মুত্ৰক এড়িল॥

নগৈল মনুষ্য ফিৰি ৰাজা বাৰ্ত্তা পাইলা।
যায়োক বিধতা বুলি ৰাজা আদেশিলা॥
কপোত যানত চড়ি বিধাতাও গৈল।
মনুষ্যৰ আগে গৈয়া থিৱ হুয়া ৰৈল॥

শুনিয়ো মনুষ্য তই মোৰ বোল ধৰ।
যম পুৰ হন্তে যায়ো আপনাৰ ঘৰ॥
বিধতাক দেখিয়া মনুষ্য ৰঙ্গ মন।
ঝাণ্ট কৰি কহ মোত তই কোন জন॥

নাম মোৰ বিধতা জানিবি স্বৰূপত।
মনুষ্যৰ সুখ দুঃখ লেখোঁ কপালত॥
মনুষ্যে বোলয় কপটীয়া দুৰাচাৰ।
লোহাক পিন্ধিলো মই বছৰ পোন্ধৰ॥

[ ২৭৭ ]

ইহাক লিখিলি তই মোহোৰ কপালে।
যাকে চাওঁ তাকে পাইলো আসি আছ ভালে॥
ভয় পায়া বিধতা আসিলা মায়া কৰি।
হেন দেখি যমৰাজা মনে গৈলা ডৰি॥

ৰাজাত কহিলা বিধি সকলে বৃত্তান্ত।
মৌন হুয়া ৰৈলা দুঃখে নোলাৱয় মাত॥
চিত্ৰগুপ্ত দুইক পাছে বুলিলা বচন।
পাছে লেখা কৰা আসি চলিও এখন॥

শান্ত কৰি মনুষ্যক পঠাই দিও যাই।
তেবেসে আসিবা দুয়োজন মোৰ ঠাই॥
ৰাজাৰ আদেশে দুয়ো তেখনে চলিলা।
মনুষ্যৰ পাশক তেখনে গৈয়া পাইলা॥

লাসে লাসে গৈয়া দেখা দিলা তেতিক্ষণে।
মনুষ্যক দেখি মাতে মধুৰ বচনে॥
কেনে বহি আছা আত মনুষ্য আটাই।
নিবৰ্ত্তিয়া যায়ো থাকিবাৰ নযুৱাই॥

নিশ্চয়ে কহিলোঁ ধৰা আমাৰ বচন।
সিংহাসন হন্তে নামি চলিয়ো এখন॥
মনুষ্যে বোলয় দেখা দিল ভাল ভৈল।
ঝাপ দিয়া দুইকো ধৰিবাক খেদি গৈল॥

পলাইল তেখনে পিছে দুইকো নেদেখিল।
ফিৰি আসি সিংহাসনে মনুষ্য বসিল॥
মনুষ্যৰ মহিমা কহিলা স্বৰূপত।
শুনিয়া বিস্ময় ভৈলা ৰাজাৰ মনত॥

কতো বেলি থাকি ৰাজা মনে গুণি পাইলা।
কালক সম্বুধি ৰাজা মাতিবে লাগিলা॥
কাল ৰূপে প্ৰভু তুমি অচিন্ত্য শকতি।
তোমাক পাঞ্চিবে নুহি আমাৰ শকতি॥

[ ২৭৮ ]

তথাপিতো যদি অনুগ্ৰহ আছে মোক।
মনুষ্যৰ পাশে প্ৰভু এখনে চলোক॥
কোমল মধুৰ বাণী বুলিয়া অশেষ।
যেন তেন মতে তাক পঠায়োক দেশ॥

বজাৰ বচনে কাল তেখনে চলিলা।
মনুষ্যৰ আগে কথা কহিতে লাগিলা॥
চিনিয়ো মোহোক আবে কহ স্বৰূপত।
কাল নাম মোৰ জানা জগতে প্ৰখ্যাত॥

মনুষ্য বোলয় ভালে লগ পাইলোঁ তোক।
মিছা সঞ্চা দোষে মাৰি নেস সবে লোক॥
আৰু কিবা চাওঁ তোক ফুৰুহোঁ বিচাৰি।
আপনাৰ দেশে তোক নিয়ো বান্ধি ধৰি॥

গৰ্জ্জন শুনিয়া কাল পলাইল তেখনে।
যমৰাজা দুঃখে বসি আছয় যি স্থানে॥
যত কৃত কথা মানে সকলে কহিল।
শুনি ধৰ্ম্মৰাজা পাছে নিশ্বাস তেজিল॥

বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
কতো বেলি পাইলা গুণি উপায় নিশ্চয়॥
নাহিকে সহায় মোৰ নিদ্ৰাৱলী বিনে।
মনুষ্যৰ থানে আই চলিও এখনে॥

যেহি বৰ লাগে সিটো দিবা সেহি বৰ।
সত্বৰে পঠায়ো তাই আপোনাৰ ঘৰ॥
ৰাজাৰ আদেশে চলি গৈলা নিদ্ৰাৱলী।
মনুষ্যক মাতে বাপু কি কৰস বুলি॥

তই কোন বুলিয়া মনুষ্য মাতিলন্ত।
নিচিনস মোক বুলি চিনাকি দিলন্ত॥
সুখে দুঃখে নিদ্ৰা তোক নেড়োহোঁ সদাই।
নিদ্ৰাৱলী বুলি মোক জানিয়ো আটাই॥

[ ২৭৯ ]

কি কাৰণে তুমি আসি আছা ইটো ঠাই।
ঝাণ্ট কৰি কথা মোত কহিয়ো বুজাই॥
যমপুৰ বুলি আক ত্ৰিজগতে জানে।
জীৱন্তা মনুষ্য কেনে থাকহ ইথানে॥

তামাৰ বচনে তুমি ফিৰি যাহা ঘৰ।
পৃথিবীত ৰাজা হুইবি মই দিলোঁ বৰ॥
হেন শুনি মনুষ্যৰ ৰঙ্গ ভৈলা মন।
পুনু নিদ্ৰাৱলী বোলে মধুৰ বচন॥

শীঘ্ৰ কৰি যাস তই আপোনাৰ পুৰী।
প্ৰণামি মনুষ্য বোলে শুনা মন কৰি॥
নোহো ৰাজবংশী মই হুইবোঁ কেনে ৰাজা।
কোন থানে ৰাজা তুই পালিবোহো প্ৰজা॥

ইটো কথা আমাৰ সংশয় দূৰ কৰা।
তেবে যাইবে পাৰিবোহোঁ ইঠাৱৰ পৰা॥
নিদ্ৰাৱলী বোলে মই কহোঁ স্বৰূপত।
ধন জন ধানে তোক নেড়োক সতত॥

স্বৰ্গ বিনে পৃথিবীৰ যৈত তোৰ মন।
ৰাজা হুয়া থাক তৈতে যাহ এতিক্ষণ॥
প্ৰণামি মনুষ্যে বোলে যাইবো কেন মত।
দুই দূতে আনিলেক আসন্তে পথত॥

যাহা যাহা বুলি মোক বচন বোলস।
নিৰ্গম নজানো মই মোত নাহি দোষ॥
নিদ্ৰাৱলী বোলে বাপ ইকথা থাকোক।
দিলোঁ লগে দূত দুই এখনে যায়োক॥

তেতিক্ষণে কাল বিকালক আদেশিলা।
মনুষ্যক লৈয়া দূত তেখনে চলিলা॥
পথত যাহন্তে দেখে এক গোটা জীৱে।
দূতক সুধিলা কিয় খেৰ বোজা বৱে॥

[ ২৮০ ]

শুনিয়া বচন দূতে কহিবে লাগিল।
পূৰ্ব্বে লোক যুৰে খেৰ কূটা দিয়াছিল॥
প্ৰাণীক দেখিলে মাতে অনে বিস্তুটি।
সি কাৰণে খেৰ বোজা বহে দিনে ৰাতি॥

আৰু দেখিলেক মাথে জুই চৰু লই।
বাটে বাটে বেঢ়াই ফুৰে হাৰাশাস্তি হুই॥
দূতক বোলন্ত কথা কৈয়ো ৰঙ্গ মনে।
মাথে অগ্নিচৰু লৈয়া ফুৰে কি কাৰণে॥

দূতে বদলে অগ্নি থৈয়া নেদিলে আনক।
সি কাৰণে যম ৰাজা বিহিলে পাতক॥
আৰু দেখিলেক মাথে চূণ চৰু লই।
ঘৰে ঘৰে ফুৰে দেখোঁ কেহোঁ নিকিনই॥

দূতে বোলে চূণ থৈয়া নিদিলে আনক।
সিহেতু ভুজয় ইটো উচিত পাতক॥
পুনৰপি উগ্ৰ শাস্তি আছে ইটোবৰ।
হৰি ভকতক দেখি নিন্দিলে বিস্তৰ॥

অল্প অগনিয়ে যেন সমুলি দহয়।
ভক্তক ভজিলে গুছে যাতনাৰ ভয়॥
এহি কথাতেসে নগৰৰ বাজ ভৈলা।
দূতে মনুষ্যক পূৰ্ব্ব পথে নিয়া গৈল॥

পাছে নিদ্ৰাৱলী যাই বুলিলা ৰাজাক।
বোধ দিয়া মনুষ্যক পঠাইলোঁ দেশক॥
গৈলেক মনুষ্য শুনিলেক সৰ্ব্বজন।
পালটিয়া সৰ্ব্বজন আসিলা তেখন॥

নিদ্ৰাৱলী প্ৰসাদত দুৰ্গতি খণ্ডিল।
সিংহাসনে আসি পাছে নৃপতি বসিল॥


[ ২৮১ ]


কৃষ্ণাচাৰ্য্য দ্বিজ।

ভবিষ্য-সংগ্ৰহ।

মহেশ বদতি শুনিয়ো পাৰ্ব্বতী
 কহিবো কথা বিস্তৰ।
পাষণ্ড আচাৰ  সদা প্ৰবৰ্ত্তিব
 কলিত দুৰ্জ্জন নৰ॥
অষ্টশত চাৰি  হাজাৰ বছৰ
 কলিৰ গৈলেক যেবে।
অঙ্কিলাদি যোগ  ভকতি মিলিব
 জানিবা পাৰ্ব্বতী তেবে॥
অঙ্কিলা যোগৰ  চিহ্ণ কিছু কহোঁ
 শুনিয়োক সাৱহিতে।
চণ্ডালৰ পদ  জলক ভুঞ্জিব
 বিশ্বাস কৰিব চিত্তে॥
তান সিদ্ধ অন্ন  কৰিব ভোজন
 চৰণৰ ধুলি লৈব।
এতেক লক্ষণ  অঙ্কিলা ভকতি
 কলিত বিদিত হৈব॥
সম্বলা ভক্তিৰ  কহিবো লক্ষণ
 আবে শুনিয়োক গৌৰী।
দুষ্ট নৰ সবে  ৰহস্য থানক
 আনিবে যুবতী নাৰী॥

[ ২৮২ ]

ভকতেসে তাইক শপত কঢ়ায়া।
 কৰ্ণত কহিবে জ্ঞান।
বুলিবে ভক্তিত ভকতেসে পাই
 মহা বসময় থান॥
ভক্তিত কপট নুযুৱাই মাৱ
 এৰিয়োক আভৰণ।
আমিও তেজিবো শৰীৰৰ বস্ত্ৰ
 নকৰা লজ্জিত মন॥
এহিবুলি স্ত্ৰীক কৰিব বিবস্ত্ৰ
 হাতে আঙ্কোয়ালি ধৰি।
বুলিব পুৰ্ব্বত গকুলত হেন
 বিহাৰ কৰিলা হৰি॥
আৰু বুলিবেক পূৰ্ব্বে তুমি মাৱ
 আছিলা ৰাধিকা ৰাণী।
তোমাৰ গাৱত চিহ্ন সব আছে
 বোলোঁঁ আমি সত্য বাণী॥
গিৰি গোবৰ্দ্ধন। স্তন দুই তেন
 পুৰ্ব্বতে ধৰিলা হৰি।
ইহাৰ ওপৰে হস্তক চৰাইব
 কানাই ৰুপক ধৰি॥
আত দোষ নাই পূৰ্ব্বত কানাই
 গোপীক ক্ৰীড়িলা বনে।
সিদ্ধৰ বেশক সেৱক ধৰিবোঁ
 কহে ভক্ত গুৰুগণে॥
শুনা আৰু মাৱ ভক্তৰ বীৰ্য্যক
 গৰ্ভতে যিজনে ধৰে।
কোটী জনমৰ