এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৬৮
অসমীয়া সাহিত্যৰ চানেকি।
প্ৰথমে স্বৰেখা লাগ পাইলন্ত।
তেহে পৰীক্ষিয়া মায়া কৈলন্ত॥
তাহাকে তৰিয়া গৈলো এড়াই।
মৈনাকে বাট ভেটিলন্ত যাই॥
হঠাতে তাহাঙ্ক প্ৰণাম কৈলোঁ।
পাছে দুয়োহন্তে মৈত্ৰিতি ভৈলো॥
অনন্তৰে আসাৰিকাক মাৰি।
গৈলো মহাবেগে সমুদ্ৰ তৰি॥
সুবেল পৰ্ব্বতে পৰিলো গৈয়া।
পাছে তৈৰ হন্তে বেগে নামিয়া॥
সন্ধ্যা ভৈল দেখি বিৰাগ বেশ।
ধৰি আন গৰে ভৈলো প্ৰবেশ॥
সমস্তে ঘৰ বিচাৰিবে লৈলোঁ।
ৰাৱণ অভ্যন্তৰে পাছে গৈলোঁ॥
ভীতাকাৰে সিতো আছে সুতিয়া।
দিব্য সুন্দৰী আছে আলিঙ্গিয়া॥
মই বোলে ইতো জনক জীৱ।
দুঃখে শোকে মোৰ উড়িল জীৱ॥
কেশ জুখি পাছে মুখ শুঙ্গিয়া।
নুহিকে জানিলোঁ শোক তেজিয়া॥
অনেক বিচাৰি নপায়া লাগ।
বিস্তৰ কান্দিলোঁ মানি অভাগ॥
পাছে সম্পাতিৰ বচন স্মৰি।
আশোক বনে গৈলা ৰঙ্গ কৰি॥
দেখিলো সীতা কিংশপাৰ তলে।
আচন্ত অনেক ৰাক্ষসী মেলে॥
প্ৰভাত হুয়াছে ৰাত্ৰি দেলোঁ।
কিংশপাতে লুকাই ৰহিলোঁ॥