কল্প বৃক্ষ এৰিয়া মদাৰ আন কিনি।
গুঞ্জ হাৰ বাঞ্ছাকৰ এড়ি চিন্তামণি॥
সাক্ষাততে থৈয়া হৰি তেজি আইলে এথা।
আতি মূঢ় কৰ্ম্ম তো জানিলো সৰ্ব্বথা॥
পাৰ্থে বোলে মুনিবৰ কহিছা সাফল।
বুজাতে নুবুজে মন বৰতো চঞ্চল॥
সৰ্ব্ব পাপ খণ্ডে কৃষ্ণৰ লৈলে এক নাম।
মন পবিত্ৰ হৱে কৰিলে যজ্ঞ কাম॥
তেবে মুনিবৰে কহে অৰ্জ্জুন সাক্ষাতে।
শিলাৰ বৃত্তান্ত কহো শুনা তুমি পাৰ্থে॥
উদ্যান মুনিৰ ভাৰ্য্যা নাম তান চণ্ডী।
আপোন কৰ্ম্ম কৰে তেহে স্বামীৰ বাক্য খণ্ডি॥
স্বামী যেই বাক্য বোলে তাক নাহি ধৰে।
নিজ মনে যেই ধৰে সেই কৰ্ম্ম কৰে॥
যেই কালে সেই চণ্ডী পিতৃ ঘৰে ছিল।
উদ্যানক বৰি নিয়া কন্যা বিহা দিল॥
কন্যা দান দিলা বিপ্ৰ অগ্নি বিদ্যমানে।
চণ্ডী সম্বোধিয়া বাক্য বুলিলা তেখনে॥
স্বামীত কৰিবা ভক্তি থাকিয়ো যতনে।
কদাচিতো নালঙ্ঘিবা স্বামীৰ বচনে॥
চণ্ডী বোলে এই বাক্য ব্যৰ্থে কহ মোকে।
শুনিতে অশক্য কথা চিতে নাহি ঠেকে॥
কদাচিতো নাৰাখিবো বচন তাহাৰ।
বাক্য লেশ কৰিলে ছাৰিবো বাৰেবাৰ॥
সত্যে সত্যে তোমাতে কহিলো এই মজ্জা।
মন মোৰ স্বামীদেৱ মন মোৰ ৰাজা॥
মনে মোৰ যেই লৱে তাহাকে কৰিবো।
যেই বাক্য বলে ভৰ্ত্তা তাকে নধৰিবো॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৭৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি