পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি

নাৰায়ণ সাৰথি অৰ্জ্জুন ধনুৰ্দ্ধৰ।
বাঢ়িল শৰীৰে বল শত গুণান্তৰ॥
যাৰ নাম স্মৰণে সে আপদ উদ্ধাৰি।
সশৰীৰে তাৰ পক্ষ নাৰায়ণ হৰি॥

অনন্ত ব্ৰহ্মাণ্ড পতি যাহাৰ সহায়।
ত্ৰিভুবনে তাক কিবা কৰিবে অপাই॥
দূৰে থাকি সুধন্বায়ে দেখিয়া শ্ৰীপতি।
হৃদয়ে কৰিলা বহু প্ৰণাম ভকতি॥

অৰ্জ্জুনক প্ৰশংসিয়া সুধন্বায়ে বোলে।
পৰম আনন্দ হৈয়া মন কৌতুহলে॥
মূৰ্ত্তিমন্ত সাৰথি গোবিন্দ তাৰ ৰথে।
অথনে প্ৰতিজ্ঞা কৰ আমাৰে বধিতে॥

পাৰ্থে বোলে তিনি বাণে সংহৰিব তোক।
নহে পুনু নৰকত গতি হৈবে মোক॥
যদি পূৰিতে নৰি মনেৰ বাঞ্ছিত।
সত্য সত্য বাক্য এহি কহিলো নিশ্চিত॥

সুধন্বয়ে বেলে পাৰ্থ এহি সত্য মোৰ।
তিনি বাণে তোমাৰ কাটিবো তিনি শৰ।।
এই ঘোৰ ৰণ মধ্যে গতি হৌক মোৰে।
তিনি বাণ পৰে যদি লৱা চাৰি শৰে॥

এ বুলিয়া সুধন্বা কুপিত হৈল মন।
শত বাণে ভেদিলেক শ্ৰীমধুসূদন॥
তদন্তৰে বায়ু বাণ হানিয়া ধনুত।
আকাশে ভ্ৰমায়া ৰথ পাড়িল ভূমিত॥

অৰ্জ্জুনক বাণ মাৰে চায়া দশোদিশে।
চক্ৰ হেন ফিৰে ৰথ ভূমি নাপৰশে॥
আপুনাৰ ভুজ বলে কৃষ্ণ মহাসন্ত।
দুই হাতে ধৰিয়া ৰাখিতে নাৰে ৰথ॥