শৰে পৰি পুনম্মুখ কুকুৰ আসিল।
দেখিয়া কুমাৰ বৰ্গে বিস্ময় মানিল॥
কাহাৰ কৰ্ম্ম বুলি সবাৰে বিস্ময়।
পঞ্চাধিক শত ভাই বনে বিচাৰয়॥
দেখিল পুৰুষ এক শিবে জটাধাৰী।
কৃষ্ণসাৰ চৰ্ম্ম পিন্ধি অস্ত্ৰ শিক্ষা কৰি।
দ্ৰোণৰ প্ৰতিমা এক আপিছে আগত।
তাকে গুৰু মানি অস্ত্ৰ শিখায় সমস্ত॥
একলব্য চণ্ডালৰ দেখিয়া বিক্ৰম।
সবে বোলে ইহাৰ নোহয় কেৱে সম॥
বিস্ময় লভিয়া সবে গৈল নিজ ঘৰে।
অৰ্জ্জুনে চলিলা দুঃখে দ্ৰোণৰ বাসৰে॥
আদৰে গুৰুৰ পাৱে কৰিয়া প্ৰণতি।
নম্ৰভাৱে ধনঞ্জয় বিনয় বদতি।
অৰ্জ্জুনে বোলয় মোক বুলিলা গোসাঁই।
ধনঞ্জয় তোৰ তুল্য মোৰ শিষ্য নাই॥
তোমাৰ সি বাক্য কেনে ভৈলেক অসত্য।
গুৰু বৃহস্পতি বাক্য মিছা বোলে কৈত।
একলব্য চণ্ডাল সবাতে ভৈলা বৰ।
তোমাৰেসে শিষ্য় গুৰু ধনুৰ্দ্ধৰ দৰ॥
মাটিৰ তোমাৰ মূৰ্ত্তি থাপি আছে বনে।
তাকে গুৰু মানি অস্ত্ৰ শিখয় আপুনে।
মহা ধনুৰ্দ্ধৰ ভৈলা সবাতে উত্তম।
নাহি তুৱা শিষ্য গুৰু একলব্য সম॥
মই তুৱা দাস প্ৰভু অনুগ্ৰহ কৰ।
চণ্ডাল নেহয় যেন মোৰ সমসৰ।
আপুন প্ৰতিজ্ঞা গুৰু কৰ প্ৰতিপাল।
যেন মতে মোৰ সম নহয় চণ্ডাল॥
১৫৩