পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৬
অসমীয়া সাহিত্যৰ চানেকি

শুদ্ধ ভাৱে আশ্ৰয় কৰয় সিতো যাক।
পাৰিয়ে উপেক্ষা সিতো জনে কৰে তাক॥
ইহলোকে অকীৰ্ত্তি পৰতো যমভয়।
কিবা তুমি ইহাক নজান মহাশয়॥

মনস্বীৰ কল্পদ্ৰুমে হোৱয় উপাম।
প্ৰাণ দিয়া অৰ্থীৰ পূৰয় মনস্কাম॥
তোমাৰ আছয় সখা ভৌম মহাবলী।
তাহাতে অধিক সখা লৈলে শতবলী॥

বন্ধুভাৱে থাকি অৰ্দ্ধৰাজ্য নেদা যেৱে।
শতবলীৰেসে জানা ৰাজ্য হৈবে তেৱে॥
দিবিধে বোলয় যি বুলিলা সত্য হই।
তথাপিতো মিত্ৰ দৈত্যেন্দ্ৰত পুছো মই॥

শুন সমলক্ষ কামগামী শীঘ্ৰে চল।
কাম পীঠে আছে মোৰ মিত্ৰ মহাবল॥
মোহোৰ দুৰ্ঘট যত কহিবি নিঃশেষ।
যোগ পথে শীঘ্ৰে অসন্তোক মোৰ দেশ॥

পূৰ্ব্বে প্ৰিয়ব্ৰত ৰাজা মনু তনয়।
সাত দ্বীপ সাত সিন্ধু নিৰ্ম্মিয়া আছয়॥
সাত তনয়ক বান্টি দিলা মহাৰথ।
অষ্ট দিশে আঠ গোটা দিলা যোগ পথ॥

যাহাত চৰিলে নাহি ক্ষুধাতৃষ্ণাচয়।
নাহি আধি ব্যাধি সাগৰকো নেদেখয়॥
যথা যাইতে বাঞ্ছে তাত ঢৰি লোকচয়।
লক্ষেকৰ পথ এক দিবসে পাৱয়॥

সেহি পথে তিনিয়ো লোকৰ প্ৰজাচয়।
আসে যাই চক্ৰবৰ্ত্তী ৰাজাত খাটয়॥
কলিযুগে আৰোহিতে নপাৱে সিপথ।
যাত উঠিলাত মাত্ৰ পাই মনোৰথ॥