সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৭৯
অসমীয়া সাহিত্যৰ চানেকি

মধু লোভে তাহাত ভ্ৰমৰ নিৰন্তৰ।
গুঞ্জ গুঞ্জ শব্দ উঠি থাকে মনোহৰ॥
হেন বৃন্দাবনক দেখিয়া দেৱগণ।
আনন্দে নধৰে হিয়া উত্ৰাৱল মন॥

পঞ্চাশত কোটি গোপী সালংকৃতা হুয়া।
সিতো বন ৰাখয় ৰাধাৰ আজ্ঞা লৈয়া॥
দ্বাদশ অধিক এক বিংশতি প্ৰমাণ।
সিতো বৃন্দাবনৰ মধ্যত আছে খান॥

তাতে পঞ্চাশত কোটি গোপৰ নিবাস।
শ্ৰীকৃষ্ণৰ ৰূপে গুণে কয় প্ৰকাশ॥
গোবৰ্দ্ধন গোষ্ঠ সব আছে শাৰী শাৰী।
নৱ তৃণ ভুঞ্জি ৰঙ্গে থাকন্ত উগাৰি॥

হেন বৃন্দাবনক এৰাইয়া দেৱগণে।
গোলোক থানক দেখিলন্ত ৰঙ্গমনে॥
বৰ্ত্তুল আকাৰ কোটি যোজন বিস্তাৰ।
চৌদিশে বেঢ়িয়া আছে ৰত্নৰ প্ৰাকাৰ॥

চাৰি খান দ্বাৰ আছে দেখিতে বিৰিঙ্গ।
ৰত্নৰ কপাট যেন পৰ্বতৰ শৃঙ্গ॥
হেনয় দ্বাৰত অসংখ্যাত গোপগণে।
হতে বেত্ৰ ধৰি আছে সবহিত মনে॥

পঞ্চাশত কোটি ভক্ত গোপ সমস্তৰ।
থানে থানে নিৰ্ম্মি আছে গৃহ মনোহৰ॥
ততোধিক ৰত্নময় গৃহ সংখ্যাত।
কৃষ্ণ ভক্ত পাৰিষদগণ থাকে তাত॥

আৰো ৰাধিকাৰ ভক্ত গোপী সমস্তৰ।
শাৰী শাৰী আছে ৰত্ন গৃহ মনোহৰ॥
তাৰা সমস্তৰ আছে কিঙ্কৰী যতেক।
সি সবৰো গৃহ সাজি আছয় প্ৰত্যেক॥